বাঁহেৰে সুদৃশ্য ঘৰ নিৰ্মাণ কৰে চিভিল ইঞ্জিনীয়াৰ ইন্দ্ৰানী মুখাৰ্জীয়ে

বাঁহেৰে সুদৃশ্য ঘৰ নিৰ্মাণ কৰে চিভিল ইঞ্জিনীয়াৰ ইন্দ্ৰানী মুখাৰ্জীয়ে

Sunday November 08, 2015,

3 min Read

শিশুকালত তেওঁ উত্তৰ-পূৱ ভাৰতত কটাইছিল সাতবছৰ ।এই সময়খিনিয়েই তেওঁক এই নবীকৰণযোগ্য সাধনৰ প্ৰতি আকৃষ্ট কৰি তুলিবৰ বাবে যথেষ্ট আছিল । এমাহ বয়সতে ত্ৰিপুৰালৈ যাবলগীয়া হোৱা ইন্দ্ৰানীয়ে ONGCৰ কৰ্মৰত দেউতাকৰ চাকৰিসূত্ৰে বিভিন্ন ঠাইলৈ যাবলগীয়া হৈছিল । ত্ৰিপুৰাৰ পিছত তেওঁলোকৰ পৰিয়াল অসমলৈ স্থানান্তৰিত হয় । BAMBOOZ প্ৰতিষ্ঠানৰ মেনেজিং ডাইৰেক্টৰ আৰু সহ-প্ৰতিষ্ঠাপক ইন্দ্ৰানী মুখাৰ্জীয়ে কয় যে- বাঁহৰ হাবিৰ মাজত কটোৱা সেই সময়ছোৱা অতি সমৃদ্ধশালী অভিজ্ঞতাৰ ভাণ্ডাৰ আছিল । এই কোম্পানীটো এক দৃষ্টিভংগীৰ সৈতে আৰম্ভ কৰা হৈছিল- সেইয়া হৈছে ধাৰণীয় উন্নয়্নৰ বাবে এক নবীকৰণযোগ্য সাধনৰ ব্যৱহাৰ । সামগ্ৰী হিচাপে বাঁহৰ ব্যৱহাৰ স্বাভাৱিক আছিল যিহেতু ভাৰতত প্ৰচুৰ পৰিমাণে বাঁহ উপলব্ধ আৰু ই যিকোনো অবয়বক শক্তি প্ৰদান কৰিব পাৰে ।

তেওঁ হৈছে নিজৰ প্ৰজন্মৰ প্ৰথম উদ্যোগী । বাংগালুৰুত থাকি Bambooz নামৰ নিজা ফাৰ্মখনৰ যোগেদি তেওঁ অনেক সংস্থাক বাঁহত বিনিয়োগ কৰিবলৈ অনুৰোধ জনাই আহিছে । বিভিন্ন বহুজাতিক প্ৰতিষ্ঠানত প্ৰায় 13 বছৰ বিভিন্ন স্থানত চাকৰি কৰাৰ পিছত হে চিভিল ইঞ্জিনীয়াৰ গৰাকীয়ে তেখেতৰ বুকুৰ আপোন কিবা এটা কৰিবলৈ ঠিৰাং কৰে- তেওঁৰ সমাজখনক সেউজ আৰু নবীকৰণযোগ্য সমাধান প্ৰদান কৰা ঊদ্দেশ্যেৰে তেওঁ এই কাম আৰম্ভ কৰে ।

image


BAMBOOZ তেওঁ এক সফল বাণিজ্যিক উদ্যোগ হ’ব বুলিয়েই আগ্ৰহেৰে আৰম্ভ কৰিছিল । “ইমান দিনে গতানুগতিক নিৰ্মাণৰ ক্ষেত্ৰখনত কাম কৰাৰ পিছত মোৰ হৃদয়খনে সদায়েই সেউজ আৰু নবীকৰণযোগ্য সমাধান সৃষ্টি কৰিব বিচাৰিছিল- সেয়েহে মই ইয়াৰ আৰম্ভণি কৰি পেলালো,” ইন্দ্ৰানীয়ে কয় ।

আৰম্ভণিৰ ধাৰণা

কম বয়সতে বিয়া হোৱা ইন্দ্ৰানী আৰু তেওঁৰ স্বামী সম্ৰাট সাহাই এই আৰম্ভণিৰ বিষয়ে কোনোপধ্যেই নিজৰ অভিভাৱকক মনাব পৰা নাছিল । বিশেষকৈ তেওঁলোকৰ ওপৰত বিশ্বাস থকাতকৈ দুয়োগৰাকীয়ে নিজৰ নিজৰ স্থায়ী চাকৰি এৰাক লৈহে আপত্তি উঠিছিল । “দুয়োপক্ষৰ অভিভাৱক চৰকাৰী চাকৰিয়াল হোৱাৰ হেতু এনেধৰণৰ ব্যৱসায়ৰ আৰম্ভণিৰ বিষয়ে পাঁচ বছৰ আগলৈকে অজ্ঞ আছিল,” তেওঁ কয় ।

কোনো ফাৰ্মত চাকৰি কৰাৰ তুলনাত নিজে এক ব্যৱসায়ৰ আৰম্ভণি কৰাটো একেবাৰে পৃথক কাম । “উদ্যোক্তা হোৱাটো অতিশয় কঠিন কাম, য’ত এজন ব্যক্তিয়ে প্ৰতিদিনাই নতুন নতুন বাধাৰ সমুখীন হ’বলগীয়া হয় । এই যাত্ৰাত বাচি থাকিবলৈ ব্যক্তিজনৰ ৰিস্ক ল’ব পৰা ক্ষমতা আৰু স্বকীয় চতুৰতাৰ প্ৰয়োজন আছে,” ইন্দ্ৰানীয়ে কয় । যিহেতু কোম্পানীটোৱে বাঁহক নিৰ্মাণৰ সামগ্ৰী হিচাপে ব্যৱহাৰ কৰে যিটো সাধাৰণতে নিৰ্মাণৰ সামগ্ৰী বুলি আদৰি লোৱা দেখা নাযায় ।

মানুহৰ মাজত সজাগতা অনা, ডাঙৰ সংস্থা তথা চৰকাৰী এজেন্সীবোৰক তেওঁলোকৰ ফাৰ্মত বিনিয়োগ কৰোৱাটো এক মহা সমস্যা আছিল।

যিহেতু ইন্দ্ৰানী এগৰাকী মহিলা উদ্যোক্তা আছিল যি তেওঁৰ উদ্যোগৰ সৰ্বেসৰ্বা ৰূপে কাম কৰিবলগীয়া হৈছিল- তেওঁৰ বাবে কামবোৰ অধিক কঠিন হৈ পৰিছিল ।

বাঁহক নিৰ্মাণ-সামগ্ৰীৰ ৰূপত ব্যৱহাৰ কৰাৰ ধাৰণাটো

সৌন্দৰ্যবৰ্দ্ধক হোৱাৰ লগতে বাঁহেৰে নিৰ্মাণ কৰা ভৱনবিলাক এশ বছৰ টিকিব পৰাকৈ মজবুত হয়| ইন্দ্ৰানীৰ মতে “ভূমিকম্পৰ প্ৰাবল্য থকা অঞ্চলত এনেধৰণৰ ঘৰ উপযোগী হয় ।” আজিকালি তেওঁলোকে বাঁহেৰে ৰিজৰ্ট, ছাদৰ কাম, গেজেবু, ক’টেজ, পাৰ্কিং শ্বেড, ৰেষ্টুৰেন্ট আদি নিৰ্মাণ কৰে । তেওঁলোকৰ অধিকাংশ নিৰ্মাণ-কাৰ্যতে বেম্বুছা বেলকোৱা বেম্বু (Bambusa Balcoa Bamboo) ব্যৱহাৰ কৰা হয় । এইবিধ বাঁহ নিৰ্মাণ কাৰ্যৰ বাবে মজবুতীৰ বাবে জনাজাত ।

মজাৰ কথা BAMBOOZ কোম্পানীয়ে গাড়ীৰ বডীৰ বাবে বেম্বু মেট ব’ৰ্ডৰ সূচনা কৰি ইতিমধ্যেই Association of State Road Transport Undertakingsৰ পৰা স্বীকৃতি লাভ কৰি থৈছে । এইবিলাকক বাছৰ মজিয়া, ছীট, পাৰ্টিছন আদিৰ বাবে প্লাইউডৰ বিকল্প হিচাপে ব্যৱহাৰ কৰা হ’ব।


image


ইন্দ্ৰানীৰ আদৰ্শ ব্যক্তিসকল

ইন্দ্ৰানীয়ে নিজৰ মাতৃ আৰু স্বামী বিবেকানন্দক নিজৰ আদৰ্শ বুলি মানি চলে । তেওঁৰ মাকৰ পৰা তেওঁ ধৈৰ্য, সহানুভূতি আৰু আঁৰত থাকি কাম কৰিব পৰা গুণখিনি আয়ত্ব কৰিছে । তেওঁৰ মাতৃয়ে জীয়েক দুগৰাকীৰ বাবে নিজৰ কেৰিয়াৰ বাদ দিছিল ।

স্বামী বিবেকানন্দৰ জীৱন আৰু শিক্ষাই তেওঁৰ জীৱনত অনেক প্ৰভাৱ পেলাইছে আৰু তেওঁক আত্মবিশ্বাস তথা নিয়মানুবৰ্তিতা শিকাইছে ।

image


পতি পত্নী ইজনে আনজনৰ পৰিপূৰক

BAMBOOZ সংস্থাৰ দুয়োগৰাকী প্ৰতিস্থাপক ইন্দ্ৰানী আৰু তেওঁৰ স্বামীয়ে ইজনে আনজনক সুন্দৰ ভাবে পৰিপূৰ্ণ কৰি ৰাখে । ইন্দ্ৰানীয়ে জনায়, “তেওঁ সদায় মোৰ ক্ষমতা আৰু সিদ্ধান্ত ল’বলগীয়া ক্ষমতাত বিশ্বাস ৰাখিছিল । তেওঁৰ সতে কাম কৰিবলৈ পাই আৰু সদায় তেওঁৰ পৰা সমৰ্থন পোৱাটো মোৰ বাবে সুখৰ কথা ।” এওঁলোকৰ পাৰ্টনাৰশ্বিপৰ বিষয়ে উল্লেখ কৰিবলগীয়া যে দুয়ো নিজৰ পুঁজিৰে 2010 চনত BAMBOOZ ৰ পাতনি মেলিছিল ।