দুটা সন্তানৰ মাতৃ অৰ্চনা চৰডানা হৈছে ভাৰতৰ প্ৰথম মহিলা“বেছ” জাম্পাৰ

দুটা সন্তানৰ মাতৃ অৰ্চনা চৰডানা হৈছে ভাৰতৰ প্ৰথম মহিলা“বেছ” জাম্পাৰ

Saturday November 07, 2015,

4 min Read

অৰ্চনা চৰডানাৰ জন্ম জম্মুৰ শ্ৰীনগৰত। যদিও কাশ্মীৰৰ উপত্যকাৰ দৰে পাহাৰ-পৰ্বতৰ প্ৰদেশত অৰ্চনাৰ জম্ম, তথাপিও দুঃসাহসিক আৰু আউটড’ৰ খেলৰ প্ৰতি অৰ্চনাৰ আগ্ৰহ জন্মে বহু পাছতহে। আজি ৪০ বছৰ বয়সত অৰ্চনা চৰডানা সম্ভৱত ভাৰতৰ প্ৰথমগৰাকী বিল্ডিং এৰিয়েল স্পেন আৰ্থ চমুকৈ বেছ জাম্পাৰ। দুটা সন্তানৰ মাতৃ তথা ভাৰতীয় নৌ সেনাৰ কমাণ্ডাৰ ৰাজীৱ চৰডানাৰ পত্নী অৰ্চনা এগৰাকী স্কাই ডাইভাৰ আৰু স্কুবা ডাইভিঙৰ ইনস্ট্ৰাকটৰ হোৱাৰ লগতে এগৰাকী পৰ্বতাৰোহীও। বিবাহৰ পাছত তথা মধ্য বয়সত দুঃসাহসিক ক্ৰীড়াৰ সৈতে জড়িত হৈ সফল হোৱা অৰ্চনা চৰডানা হৈছে আঙুলিৰ মূৰত গণিব পৰা ভাৰতীয় মহিলাসকলৰ অন্যতম।

image


দুঃসাহসিক ক্ৰীড়াৰ সৈতে জড়িত হৈ ইয়াক এক নিচালৈ পৰিৱৰ্তিত কৰিবলৈ সক্ষম হোৱা অৰ্চনাই ইয়াৰ বাবেই তেওঁৰ স্বামীৰ পৰা পোৱা উৎসাহক ধন্যবাদ জনাই কয়, “মোৰ প্ৰথম বহিঃ দুঃসাহসিক ক্ৰীড়াৰ আৰম্ভনি ঘটিছিল স্বামীৰ প্ৰেৰণাত ভিজাগত অংশ লোৱা ৪২ কিলোমিটাৰৰ ৱাকাথন ইভেন্টত। আৰু তাৰ পাছতেই দুঃসাহসিক ক্ৰীড়াৰ প্ৰতি মোৰ ধাউতি বৃদ্ধি পাই আৰু এই কথা সম্পূৰ্ণকৈ বুজি পোৱালৈ মই ইতিমধ্যে মোৰ স্বামীৰ সৈতে হিমালয় পৰ্বতত এক দুঃসাহসিক ক্ৰীড়াৰ পাঠ্যক্ৰমত অংশ লৈ আছিলো।”

যথেষ্ঠ পৰিশ্ৰম থকা সত্বেও অৰ্চনাই দুঃসাহসিক ক্ৰীড়া উপভোগ কৰে। তেওঁ কয় যে, দুঃসাহসিক ক্ৰীড়াত প্ৰথমে এক বুজাব নোৱাৰা শিহৰণ থাকে আৰু শেষত এই শিহৰণৰ অভিজ্ঞতাই এক স্মৃতি হৈ ৰয়।

ট্ৰেকিং তথা পৰ্বতাৰোহণৰ তুলনাত ‘বেছ’ জামপিঙৰ নিয়ম বহু বেলেগ। স্কাই ডাইভিঙৰ পৰাই ‘বেছ’ জামপিং খেলৰ সৃষ্টি হৈছে। স্কাই ডাইভিঙত যিদৰে ভূপৃষ্ঠৰ পৰা বহু দূৰত্বত আকাশমাৰ্গৰ পৰা জপিওৱা হয় ঠিক তেনেদৰে ‘বেছ’ জামপিঙত ভূপৃষ্ঠৰ পৰা এই দূৰত্ব বহু কম থাকে। এটা বৈজ্ঞানিক প্ৰতিবেদন অনুসৰি পৃথিৱীৰ সবাতোকৈ ভয়ংকৰ খেলবিধেই হৈছে ‘বেছ’ জামপিং। ইতিমধ্যেই কেইবাখনো দেশত এই খেলবিধ নিষিদ্ধ ঘোষণা কৰা হৈছে। ২০০৭ চনতেই স্কাই ডাইভিং আৰম্ভ কৰা অৰ্চনাই ‘বেছ’ জামপিং আৰম্ভ কৰাৰ আগতে দুশৰো অধিক বাৰ স্কাই ডাইভিং কৰিছিল।

image


স্বামী কমাণ্ডাৰ ৰাজীৱ চৰডানাৰ সৈতে বিশাখাপট্টনমৰ ভিজাগত থকাৰ সময়তে অৰ্চনাই ভাৰতীয় নৌ সেনাৰ শিবিৰত স্কাইডাইভিং শিকি লৈছিল। পৰ্বাতাৰোহণত সিদ্ধহস্ত অৰ্চনা চৰডানাৰ বাবে স্কাই ডাইভিং শিকাত বিশেষ অসুবিধা হোৱা নাছিল। অৱশ্যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ পেৰিছ ভেলীতো অৰ্চনাই স্কাই ডাইভিঙৰ কেবাটাও প্ৰশিক্ষণ সম্পূৰ্ণ কৰে।

ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰত স্কাই ডাইভিং কৰা অৰ্চনা চৰডানাক দুয়ো দেশৰ স্কাই ডাইভিঙৰ অভিজ্ঞতা সম্পৰ্কত সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে, যুক্তৰাষ্ট্ৰত স্কাই ডাইভিঙৰ নিৰাপত্তাৰ দিশটোত তেওঁলোকে অধিক গুৰুত্ব দিয়ে। স্কাই ডাইভিঙৰ পাছত ‘বেছ’ জামপিঙৰ বাবে আমেৰিকাৰ ছল্ট লেক ছিটিলৈ যোৱা অৰ্চনাই কয় যে ‘বেছ’ জামপিঙৰ সময়ত ভূ-পৃষ্ঠৰ পৰা থকা কম উচ্চতাই তেওঁক যথেষ্ঠ ভীতিগ্ৰস্থ কৰি তুলিছিল কিন্তু সেই ভয় আঁতৰ কৰি তেওঁ ‘বেছ’জামপিঙতো পাকৈত হ’ব পাৰিছিল।

অৱশ্যে দুঃসাহসিক ক্ৰীড়াৰ সৈতে জড়িত ব্যক্তিৰ জীৱনত দুৰ্ঘটনাও থাকে। আমেৰিকাৰ এৰিজনাত স্কাই ডাইভিং কৰি থকাৰ সময়ত এবাৰ অৰ্চনাৰ পেৰাচুটটো সঠিকভাৱে কাম কৰা নাছিল আৰু ভূপৃষ্ঠৰ পৰা অতি কম দূৰত্বত ই খোল খাই পৰিছিল। সেই ঘটনাৰ আগমুহূৰ্তত অৰ্চনাই ভাৱিছিল যে তেওঁ আৰু জীয়াই নাথাকিব কিন্তু তেনে একো ঘটনা নঘটিল আৰু দুদিনৰ পাছতেই অৰ্চনাই পুনৰ স্কাই ডাইভিং আৰম্ভ কৰিছিল। আনহাতে মালয়েছিয়াৰ টুইন টাৱাৰত কৰা ‘বেছ’ জামপিঙৰ সময়ত তেওঁ এবাৰ আঘাতপ্ৰাপ্ত হৈছিল। “এই দুৰ্ঘটনাৰ পাছত মই দুদিন খোজ কাঢ়িবলৈ সক্ষম হোৱা নাছিলো । কিন্তু দুদিনৰ ভিতৰতে পুনৰ ‘বেছ’ জামপিঙ কৰিছিলো। ‘বেছ’ জামপিঙৰ সৈতে আঘাটপ্ৰাপ্ত হোৱাৰ সম্ভাৱনা সদায় থাকে, কিন্তু মই কোনা আঘাটৰ সৈতে জড়িত কোনো ধৰণৰ ঋণাত্মক অনুভূতি কঢ়িয়াই ফুৰিব নিবিচাৰো, ” অৰ্চনাৰ মন্তব্য ।

আকাশৰ সৈতে খেলা কৰা পাছত অৰ্চনা আগবাঢ়ি গৈছিল পানীৰ সৈতে খেলা কৰিবলৈ। আৰু তেওঁ শিকি লৈছিল স্কুবা ডাইভিং। পানী তথা সাঁতোৰলৈ ভয় কৰা অৰ্চনা আজি দেশৰ অন্যতম স্কুবা ডাইভিং ইনস্ট্ৰাকটৰ।

স্কুবা ডাইভিং সম্পৰ্কত নিজৰ অভিজ্ঞতা ব্যক্ত কৰিবলৈ গৈ অৰ্চনাই কয় যে পানীক লৈ যথেষ্ট ভয়াৰ্ত মানুহগৰাকীক সাঁতুৰিবলৈ প্ৰেৰণা যোগোৱা মানুহজন আছিল তেওঁৰ স্বামী। আৰু তেওঁৰ স্বামীৰ সাহসতে নিজৰ সন্তানৰ সৈতে সাঁতোৰ শিকা অৰ্চনা আজি এগৰাকী সফল স্কুবা ডাইভাৰ হ’বলৈ সক্ষম হৈছে।

অৰ্চনাৰ মতে পানীৰ তলৰ অভিজ্ঞতা এক বুজাব নোৱাৰা অভিজ্ঞতা। স্কুবা ডাইভিং সম্পৰ্কত অধিক কথা ব্যক্ত কৰি অৰ্ছনাই কব বিচাৰে যে স্কুবা ডাইভিং কৰি থকাৰ সময়ত তেওঁ নিজকে বহুত সুখী অনুভৱ কৰে কিযনো পানীৰ মাজত থকাৰ সময়ত বাধাহীনভাৱে এক নতুন পৃথিৱী বিচাৰি পোৱা যায়। এই আনন্দ আত্মাৰ সৈতে জড়িত। স্কুবা ডাইভিঙৰ পাছত লাভ কৰা অনুভূতিয়ে মনটো যথেষ্ট পৰিমাণে প্ৰশান্ত কৰে বুলি ব্যক্ত কৰে অৰ্চনাই ।

দুঃসাহসিক ক্ৰীড়াই শৰীৰৰ লগতে মনক বহু বেছি শক্তি যোগান ধৰে। এজন ব্যক্তিক আত্মনিৰ্ভৰ হ’বলৈও যথেষ্ট সাহস দিয়ে দুঃসাহসিক তথা বহিঃ ক্ৰীড়াই। অৰ্চনা চৰডানাই কয় “এই ক্ৰীড়াৰ সৈতে জড়িত ব্যক্তিসকলে বুজি পায় যে এই ধৰাতকৈ বিশাল আৰু একো হ’ব নোৱাৰে। যিকোনো জটিল পৰিস্থিতিৰ সৈতে শান্ত হৈ মোকাবিলা কৰিবলৈ দুঃসাহসিক ক্ৰীড়াৰ অৱদান অনস্বীকাৰ্য।”

অৰ্চনা চৰডানাই ভাৱে যে প্ৰতিটো পৰিয়ালে কন্যা সন্তানক তেওঁলোকে বিচৰা কাম কৰিবলৈ উৎসাহ দিব লাগে। বিশেষকৈ যিসকল মহিলাই দুঃসাহসিক ক্ৰীড়াৰ সৈতে জড়িত হ’ব বিচাৰে তেওঁলোকৰ প্ৰতি অৰ্চনাৰ এটাই উপদেশ, “তুমি যি কৰিব বিচাৰিছা সেয়া তুমি কিয় কৰিব বিচাৰিছা বুজি পাব লাগিব আৰু তাৰ পাছত সমগ্ৰ আৱেগ ঢালি সেই কামটোত মনোনিৱেশ কৰিব পাৰিলে সফলতা তোমাৰ হাতৰ মুঠিত।”