নাৰীৰ পশ্চাদপদৰ বাবে দায়ী নাৰী নিজেইঃ অনিশা সিং

নাৰীৰ পশ্চাদপদৰ বাবে দায়ী নাৰী নিজেইঃ অনিশা সিং

Saturday April 02, 2016,

6 min Read

২০০৯ চনত স্থাপন হোৱা মাইদল হ’ল এখন মাৰ্চেন্ট মাৰ্কেটিং প্লেটফৰ্ম। এই প্লেটফৰ্ম খনে ব্যৱসায় সমুহক বিশেষকৈ সেৱা আগবঢ়োৱা ব্যৱসায় সমূহক নিজৰ উপভোক্তা বিচাৰি উলিওৱাত সহায় কৰে। মাইদল কম্পানীটোৰ প্ৰতিষ্ঠাপক অনিশা সিং। অনিশা সিঙে আৰম্ভ কৰা এইটো দ্বিতীয় ব্যৱসায় যদিও ভাৰতত আৰম্ভ কৰা প্ৰথম ব্যৱসায়।

দিল্লীৰ এটা যৌথ পৰিয়ালত জন্ম অনিশাৰ। অনিশাৰ দেউতাকে ভাৰতীয় সেনা বাহিনীত কাম কৰাৰ বিপৰীতে মাক আছিল এগৰাকী দন্ত চিকিৎসক। যৌথ পৰিয়ালৰ বহু কেইটা ল’ৰা-ছোৱালীৰ মাজত ডাঙৰ হোৱা অনিশাৰ সেই দিনবোৰ বৰ্ডিং স্কুলত ডাঙৰ হোৱাৰ দৰেই আছিল। অনিশাই মাৰ্কিন যুক্তৰাষ্ট্ৰত পঢ়া শুনা কৰাৰ পিছত নতুন ধাৰণাৰে ব্যৱসায় কৰিবলৈ ওলাই অহা মহিলা উদ্যোগী সকলক বিশেষকৈ মুলধন গোটোৱাত সহায় কৰা কোম্পানী ক্লিন্টন এডমিনিষ্ট্ৰেশ্বনৰ হৈ কাম কৰে।

অনিশাই নিজৰ জীৱনৰ লগতে মহিলা উদ্যোগীসকলে কেনেধৰণৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব লগীয়া হয় সেই বিষয়ে ক’লে হাৰষ্ট’ৰীৰে হোৱা কথোপকথনত।

হাৰষ্ট’ৰী: আপুনি আপোনাৰ বিষয়ে কওক, কিবা ঘটনা, আপোনাৰ জীৱনৰ কিবা অভিজ্ঞতা, যিটোৱে আপোনাৰ জীৱন গঢ়াত সহায় কৰিলে।

অনিশা: মই গ্ৰেজুৱেশ্বন আৰু এমবিএ কৰিলো যুক্তৰাষ্ট্ৰত। ৱাশ্বিংটন ডিচি, বষ্টন আৰু নিউয়ৰ্কত প্ৰায় ১২ বছৰ থাকিলো। কাম কৰিছিলো ক্লিন্টন এডমিনিষ্ট্ৰেশ্বনৰ হৈ। কোম্পানীটোৱে নতুন ধাৰণাৰে ব্যৱসায় কৰিবলৈ ওলাই অহা মহিলা উদ্যোগী সকলক বিশেষকৈ মুলধন গোটোৱাত সহায় কৰে। তেতিয়া আমেৰিকাত ডিজিটেল স্পেচৰ পূৰ্ণোদ্যমে উন্নতি হৈছে। তাকে দেখি মই এটা কোম্পানী আৰম্ভ কৰিলো। মোৰ কোম্পানীটোৱে আন কোম্পানীবোৰক ডিজিটেল কন্টেন্ট যোগান ধৰে। যেতিয়া এই কোম্পানীটোত মই পুৰা সময় নিদিলেও হোৱা হ’ল, মই নতুন ধাৰণাৰে কিবা এটা কৰাৰ কথা চিন্তা কৰিলো। ২০০৯ চনত আৰম্ভ কৰিলো মাইদল। আৰম্ভণিৰে পৰা মাইদলে ভাল কাম কৰি আহিছে।

image


পঢ়ি থকা সময়ত মই এইটোৱেই কৰিম বুলি একো ভবা নাছিলো। মোক পঢ়ুওৱা এজন অধ্যাপকৰ মোৰ ওপৰত খুব আস্থা আছিল, তেওঁ বিশ্বাস কৰিছিল মই বহু কিবাকিবি কৰিব পাৰিম। তেৱেঁই মোক বহু উদ্যোগীৰ সৈতে চিনাকী কৰি দিছিল আৰু এমবিএ কৰিবলৈ জোৰ দিছিল। তেওঁৰ উৎসাহ আৰু মোৰ ওপৰত ৰখা আস্থাই আজি মোক এগৰাকী উদ্যোগী কৰি গঢ়ি তুলিলে। মই ‘ডিচি’ৰ জুলী হাৰ্ডন নামৰ এটা কোম্পানীত ইনটাৰ্ন হিচাপে কাম কৰিছিলো। প্ৰায় ৪০০ কৰ্মচাৰীৰ কোম্পানীটো আছিল এগৰাকী মহিলাৰ। সেই গৰাকী মহিলা উদ্যোগীক দেখি মোৰো তেনে হোৱাৰ বাসনা জাগিল।

হাৰষ্ট’ৰী: মাইদল কেনেকৈ আৰম্ভ হ’ল? আৰু ‘দল’ (সংস্কৃত) ধাৰণাটো কেনেকৈ মনলৈ আহিল?

অনিশা: মই সচৰাচৰ ব্যৱহাৰ নোহোৱা শব্দ এটা বিচাৰি আছিলো। মোৰ প্ৰথম কোম্পানীটোৰ নাম আছিল কিনিছ। মাইদল নামটো আহিল সংস্কৃত শব্দ ‘দল’ৰ পৰা। দল এটা গোট বা সমূহক বুজোৱা শব্দ, সহজকৈ মাইদল, মোৰদল। বহুকেইজনে একেলগে বহি উপভোক্তাক সহযোগিতা আগবঢ়াওঁ, সেইবাবে মাইদল।

মই নতুন কিবা এটা বিচাৰি থাকোতেই দেখিলো একেলগে বহু কেইজন আহি বজাৰ কৰিলে ৰেহাই দিয়া চীনা ব্যৱসায়িক বুদ্ধিটো। একেটা মডেল আমেৰিকাটো আৰম্ভ হোৱা দেখিলো। মই ভাৰতত আৰম্ভ কৰি চোৱাৰ কথা ভাবিলো, তেতিয়ালৈকে ভাৰতত সেইটো আৰম্ভ হোৱা নাই।

হাৰষ্ট’ৰী: এইটো আপোনাৰ প্ৰথম উদ্যোগ নহয়। উদ্যোগী হিচাপে সন্মুখীন হব লগীয়া সাধাৰণ প্ৰত্যাহ্বান সমূহ কি কি?

অনিশা: উদ্যোগী হিছাপে, মই জানো প্ৰত্যেকটো ব্যৱসায়তে শ্বেয়াৰৰ উঠা-নমা থাকেই। ভাল দিন আহে, বেয়া দিনো আহে। কিন্তু কোনো কামেই অথলে নাযায়, সম্ভৱত আন কামতকে এজন উদ্যোগী হলেহে আপুনি নিজক ভালকৈ জানিব পাৰে। আমাৰ বাবে মানুহ গোটোৱা আৰু তেওঁলোকক সৈমান কৰোৱাটোৱেই আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান আছিল।

সাধাৰণতে মানুহে কয়, মহিলা উদ্যোগী হোৱাটো বৰ কঠিন। মই কওঁ নহয়। তুমি যদি প্ৰয়োজনীয় কথা কোৱা মানুহে শুনিবই, তেতিয়াই তোমাৰ সফলতা আহিব। সৌভাগ্যবশত মই উদ্যোগীসকলৰ বহু সুবিধা দেখিছো। প্ৰতিদিনে উদ্যোগীসকলক সহযোগিতা আগবঢ়োৱা ছিষ্টেমটোৰ উন্নতি ঘটি আহিছে। এতিয়া উদ্যোগী সকলক নতুন নতুন বুদ্ধি পৰামৰ্শ দিবলৈ বিভিন্ন নেটৱৰ্ক, ফৰাম বা ছাপৰ্ট ছিষ্টেম আছে।

image


হাৰষ্ট’ৰী: কিহে আপোনাক উদ্যমী কৰি তোলে? আপোনাৰ শক্তিৰ উৎসটো কি?

অনিশা: মোৰ ছোৱালী দুজনী। এজনী চাৰি বছৰীয়া আৰু আনজনী ছমহীয়া। ইহঁত দুজনীয়েই মোৰ বাবে সকলো অৰ্থবহ কৰি তুলিছে। মই মোৰ বেষ্টফ্ৰেণ্ডৰ সৈতে বিয়া হবলৈ পোৱাটো আছিল সৌভাগ্য। মোৰ মা-দেউতা, শহুৰ শাহুৰ লগতে মোৰ স্বামীয়েই মোৰ শক্তিৰ উৎস। সকলোৱে মোক প্ৰতিটো খোজতে উৎসাহ যোগায়।

হাৰষ্ট’ৰী: ভাৰত আৰু আমেৰিকা উভয়তে মহিলা উদ্যোগী সন্মুখীন হোৱা সমস্যা সমূহ কি? তাৰ প্ৰত্যাহ্বান আৰু ইয়াৰ প্ৰত্যাহ্বান সমূহ একে নে পৃথক ?

অনিশা: যদিও বৈসাদৃশ্য আছে, উভয়তে কিন্তু বহু সাদৃশ্যও আছে, পৃথিৱীৰ সকলোতে সকলো সময়তে নাৰীয়ে সাধাৰণতে নিজকে দ্বিতীয় পচণ্ডতে ৰাখে। মই ভাবো ই এটা নাৰীৰ সহজাত প্ৰবৃত্তি। আমেৰিকাত নাৰীৰ এই চৰিত্ৰ ভাৰততকৈ কিছু পৰিমাণে হয়তো সলনি হৈছে, কাৰণ তাৰ নাৰীয়ে কিছু আগতীয়াকৈ স্বাধীন হোৱাৰ এটা পৰিবেশ তাত আগতীয়াকৈ গঢ়ি উঠিছিল। কিন্তু এতিয়া মই ভাৰততো নাৰীৰ সফলতাৰ বহু গৌৰবোজ্বল কাহিনী শুনিছো। আমি এতিয়া নাৰীৰ ওপৰত অধিক গুৰুত্ব দিয়া উচিত। অধিক ‘হাৰষ্ট’ৰী’ত গুৰুত্ব দিয়া উচিত যাতে এনে সফলতাৰ কাহিনীৰ পৰা নাৰীয়ে প্ৰেৰণা লাভ কৰিব পাৰে। এতিয়া বহু নাৰীও অন্য মহিলা উদ্যোগীক সহায় কৰিবলৈ আগবাঢ়ি আহিছে। গঢ়ি উঠিছে উদ্যোগীৰ মাজত নেটৱৰ্ক। এই পৰিবৰ্তন আমি ভাৰততো দেখিছো কিন্তু সেয়া আৰু বৃদ্ধি পাব লাগিব। বহু মহিলাই অন্য মহিলাক সহায় কৰিবলৈ, পৰামৰ্শ দিবলৈ আহবাঢ়ি আহিব লাগিব, প্ৰেৰণা দিব লাগিব যাতে নাৰীয়ে দ্বিতীয় পচণ্ডৰ কথা বাদ দি চিন্তা কৰিব পাৰে।

হাৰষ্ট’ৰী: আপোনাৰ মতে এগৰাকী মহিলা উদ্যোগীয়ে নিজে বিচৰা ধৰণে আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত কিহে বাধা দি ৰাখে?

অনিশা: বহু উচ্ছাকাংক্ষী মহিলাৰ সৈতে দীৰ্ঘদিন ধৰি কৰা আলোচনা বন্ধুৰ সৈতে কথাবতৰা আৰু মোৰ নিজৰ অভিজ্ঞতাই মোক উপলদ্ধি কৰাইছে নাৰীৰ উত্থানত বাধাৰ প্ৰাচীৰ হৈ ঠিয় দিয়ে সদায় নাৰীয়েই। এইটো যদিও মোৰ ব্যক্তিগত মন্তব্য, কিন্তু প্ৰত্যেক গৰাকী মহিলাৰ ক্ষেত্ৰত কথা একেটাই।

আমি কথা কবলৈ সংকোচ কৰোঁ, আমি সন্দেহী, বহু কথা ধাৰণা এটা কৰিয়েই থৈ দিওঁ; আমি যদি এই বোৰ বাদ দিব পাৰোঁ, বিশ্বই বহু মহিলা উদ্যোগী লাভ কৰিব। আৰু মই বিশ্বাস কৰোঁ, যি সকল মহিলা উদ্যোগী ইতিমধ্যে সফল হৈছে, অন্য উদ্যোগী হব বিচৰা মহিলাক উৎসাহ যোগোৱাটো তেওঁলোকৰ দ্বায়িত্ব হোৱা উচিত।

আমি আমাৰ মাজতে শক্তিশালী নেটৱৰ্ক গঢ়ি তুলিবলৈও নিবিচাৰোঁ। ইয়াৰ পৰিবৰ্তে পুৰুষৰ কিন্তু তেওলোকৰ মাজত শক্তিশালী নেটৱৰ্ক থাকে, যিটোৰ পৰা বহু সুবিধা পোৱা যায়। মই এটা কথা খুব বেয়া পাও যে- আমি প্ৰতিযোগী বুলিয়ে হওক, সংকোচতে হওক তেনে এটা নেটৱৰ্ক গঢ়ি তুলিবলৈ সদায়ে পিছ পৰি থাকো। কিন্তু মই অনুভব কৰোঁ আমিও যদি তেনে এটা নেটৱৰ্ক গঢ়ি তুলিব পাৰিলো হেতেন ই সচাঁকৈয়ে আমাৰ বহু কামত আহিল হেতেন।

হাৰষ্ট’ৰী: পঢ়ুৱৈ সকলৰ বাবে কিবা উপদেশ ?

অনিশা: ভাৰতৰ মহিলা সকল বহু ক্ষেত্ৰত পুৰুষতকৈ অধিক কষ্টসহিষ্ণু। বাস্তবিকতে তুমি কোন, তুমি কি কৰিছা, সেইটো ডাঙৰ কথা নহয়, ডাঙৰ কথা তুমি কিমান ডাঙৰ চিন্তা কৰিছা। সেয়াই প্ৰকৃততে কৃতিত্ব পাবৰ যোগ্য। তুমি নিজৰ পিঠিত নিজে ঢকিয়াই নিজকে উৎসাহ দিয়া। কাৰণ সেয়া তোমাৰ প্ৰাপ্য। আমি কেতিয়াও আমাক প্ৰাপ্য কৃতিত্ব নিদিও। লগতে মহিলা সকলে নিজৰ মনৰ ভাব প্ৰকাশ কৰাৰ প্ৰয়োজন। শুনাত বৰ বুদ্ধিমানৰ কথা যেন নালাগিবও পাৰে, কথা নাই। আমি যদি বুদ্ধিদীপ্ত কথা প্ৰকাশ কৰিবলৈ সঠিক সময়লৈ সদায় বাট চাই থাকো, তেন্তে সেই সময়টো আন কোনো আত্মবিশ্বাসী মানুহে কাঢ়ি লৈ যাব। আৰু তেৱেই সকলোৰে চকুত পৰিব। মোৰ ৩৫০ জন কৰ্মচাৰীৰ দলটোত বহু কেইগৰাকী মহিলা আছে যিয়ে প্ৰথমে নিজে আগবাঢ়ি গৈ চিনাকী দিয়ে (যিটো সাধাৰণতে ল’ৰাই কৰে)। মই জানো তেওঁলোক আগলৈ বহুদূৰ আগবাঢ়ি যাব আৰু মই তেওঁলোক আগবাঢ়ি যোৱাটোৱেই চাব বিচাৰোঁ।

হাৰষ্ট’ৰী: ভৱিষ্যত পৰিকল্পনা ?

অনিশা: প্ৰতিজন ভাৰতীয়ই বজাৰ কৰিবলৈকে হওক, ভ্ৰমণ কৰিবলৈকে হওক বা যি কোনো ক্ষেত্ৰতে প্ৰথমে মাইদলৰ কাষ চাপক। মাইদলৰ সেৱা বৰ্তমান ১৯৬ খন চহৰত উপলব্ধ আৰু ১ লাখ ব্যৱসায়গোষ্ঠীৰ সৈতে আমাৰ সম্পৰ্ক। বৰ্তমান মাৰ্কেটি ইণ্ড্ৰাষ্ট্ৰীটোত অনলাইন কুপন আৰু ৰেহাইৰ বাবে এটা খুব ভাল সময়। এই সুযোগৰ সৎ ব্যৱহাৰ কৰাৰ বাবে বিভিন্ন নতুন কৌশল লোৱাৰ ক্ষেত্ৰত কাম কৰি আছো।

মূলঃ তনৱী ডুবে

অনুবাদঃ মুকুন্দ মাধৱ নেওগ

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কেতবোৰ কাহিনী 

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

এক ৰাজনৈতিক ষ্টাৰ্টআপৰ কাহিনী

কোনো NSA, CIAই আপোনাৰ মেইলত আৰু চকু ৰাখিব নোৱাৰিব

অৰ্কিডৰ প্ৰতি থকা দুৰ্বাৰ প্ৰেমে ক্ষণজিৎ গগৈক দিলে আন্তৰ্জাতিক খ্যাতি

গ্ৰাম্যাঞ্চলত বহুতৰে জীৱন 'মধুময়' কৰিছে লীলা চৰণ দত্তই