সাত পুৰুষ ধৰি এটা কলাক ধৰি ৰখা এটা পৰিয়াল

সাত পুৰুষ ধৰি এটা কলাক ধৰি ৰখা এটা পৰিয়াল

Friday March 25, 2016,

3 min Read

পৃথিৱীৰ প্ৰত্যেকটো জাতিৰ ভাষা- সংস্কৃতি বিকাশ তথা উত্তৰণৰ ক্ষেত্ৰত একো একোজন ব্যক্তিৰ হাত থাকে । ঠিক সেইদৰে, আমাৰ অসমীয়া জাতিটো উত্তৰণৰ ক্ষেত্ৰত অনবদ্য অৱদান আগবঢ়োৱা ব্যক্তিৰ ভিতৰত মহাপুৰুষ দুজনা অন্যতম । মহাপুৰুষ দুজনাৰ আদৰ্শ শিৰোগত কৰি সত্ৰ সংস্কৃতি পীঠস্থান মাজুলীত মুখাশিল্পৰ ঐতিহ্য তথা পৰম্পৰা আজিও জীয়াই ৰখা ব্যক্তি সকলৰ অন্যতম উদাহৰণ হ’ল কোষ কান্ত দেৱ গোস্বামী আৰু তেখেতৰ পৰিয়াল ।

image



উল্লেখযোগ্য যে কোষ কান্ত দেৱ গোস্বামীৰ পৰিয়ালত এই কুটীৰ শিল্পটোৰ চৰ্চা আৰু আধুনিক কৌশল প্ৰয়োগ কৰি ন ৰূপ দিয়া কাৰ্য্য বংশানুক্ৰমে আজিও চলি আহিছে । যাৰ ফলশ্ৰুতিত চামগুৰি সত্ৰৰ মুখাই এক সুকীয়া পৰিচয় লাভ কৰিবলৈ সক্ষম হৈছে । ইতিমধ্যে বিদেশটো যথেষ্ট সমাদৃত হৈছে । সম্প্ৰতি কোষ কান্ত দেৱ গোস্বামীয়ে বাদ্ধৰ্ক্যজনিত কাৰণত মুখাশিল্পৰ লগত ওতঃপ্ৰোত ভাবে জড়িত হৈ থাকিব পৰা নাই যদিও তেখেতৰ পৰিয়ালবৰ্গই সেই গৌৱৰময় ধাৰা আজিও অব্যাহত ৰাখিছে।

মুখা শিল্প প্ৰসাৰৰ বিষয়ে তেখেতৰ পুত্ৰ প্ৰদীপ গোস্বামীয়ে এনেদৰে কয়- 'এই মুখা শিল্পৰ ব্যৱসায়টো পৰম্পৰাগত ভাবে আমাৰ পৰিয়াল চলি আহিছে । আতাই (দেউতাই) শিক্ষাকতা কৰিছিল । কিন্তু তাৰ সমান্তৰাল ভাবে মুখা নিৰ্মাণৰ কামত ব্ৰতী আছিল। সেয়েহে অসম চৰকাৰৰ ফালৰ পৰা অসমৰ বিভিন্ন জিলাত আমি তৈয়াৰ কৰা মুখা প্ৰদৰ্শন তথা কৰ্মশালা কৰাৰ সুযোগ লাভ কৰিছিল । ভাৰতৰ ৬ খন ৰাজ্য অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মনিপুৰ, মিজোৰাম, হিমাচল প্ৰদেশক বাদ দি সকলোতে মুখা শিল্প প্ৰদৰ্শন তথা কৰ্মশালা অনুষ্ঠিত কৰা কাৰ্ষ্যই মুখা শিল্প প্ৰসাৰৰ ক্ষেত্ৰত বহুখিনি সহায় কৰিলে ।'

image


মুখা সমূহ সম্পৰ্ণ থলুৱা সা- সামগ্ৰী ব্যৱহাৰ কৰি বনোৱা হয়। সেই সামগ্ৰীসমূহৰ ভিতৰত গোৱৰ মাটি, বাঁহৰ ফ্ৰেম, কুমাৰ মাটি, কটন কাপোৰ, ৰং আদিবোৰ অন্যতম । কোমল জাতি বাহৰে প্ৰথমে মুখাৰ ফ্ৰেম বনাই লোৱা হয়। তাৰ পিছত কটন কাপোৰত কুমাৰ মাটি (ৰঙচুৱা মাটি) মিহলি কৰি গোৱৰ মাটিৰে অকৃতি দিয়া হয় আৰু পুনৰ কুমাৰ মাটিৰে প্ৰলেপ দি শুকোৱা পিছত ৰং দিয়া হয় । ৰঙৰ ক্ষেত্ৰত অইলকে আদি কৰি বহুতো ৰং ব্যৱহাৰ কৰা হয়। 

image


উল্লেখযোগ্য এই মুখা সমুহ নাটকত, ভাওনাত, ৰাসত চৰিত্ৰত লগত সংগতি ৰাখি বনোৱা হয় আৰু ঘৰ সজোৱা সামগ্ৰী হিচাপে ব্যৱহৃত হোৱাৰ লগতে বিভিন্ন প্ৰদৰ্শনীত প্ৰদৰ্শিত হয় । চামগুৰি সত্ৰৰ মুখা সমুহৰ তিনিটা প্ৰকাৰ আছে । সেইকেইটা হ’ল বৰমুখা অথবা চৌমুখা, লতকৰী বা লোটোকাই মুখা আৰু মুখ মুখা । ইয়াৰে বৰ মুখা কোনো বিশেষ চৰিত্ৰৰ বাবে সমগ্ৰ দেহাৱায়ৱ দেখুউৱাই প্ৰস্তুত কৰি তোলা হয় । আনহাতে লতকৰী অথবা লোটোকাই মুখা বিভিন্ন জীৱ জন্তুক কেন্দ্ৰ কৰি বনোৱা হয় আৰু মুখ মুখা সমূহ অসুৰৰ চৰিত্ৰ সমূহ ৰূপায়ণৰ অৰ্থে তৈয়াৰ কৰা হয় । উল্লেখযোগ্য যে এই মুখমুখা সমূহ এক কৌশল অৱলম্বন কৰি বনোৱা হয় । মুখমুখা সমূহে চৰিত্ৰ অনুসৰি হঁহা, চকু টিপিওৱা আদিবোৰ কাৰ্য্য সম্পাদিত কৰে।

পৰম্পৰাগত ভাবে চলি অহা শিল্পক জীয়াই ৰাখিবলৈ আৰু নৱপ্ৰজন্মৰ মাজত জনপ্ৰিয়তাৰ অনাৰ বাবে সংগীত নাটক অকাডেমীৰ অধীনত ২০০৩ চনত চামগুৰিত মুখা নিৰ্মাণ কেন্দ্ৰ স্থাপিত হৈছে । ইতিমধে, নিৰ্মাণ কেন্দ্ৰটোৰ জৰিয়তে বহুতে প্ৰশিক্ষণ গ্ৰহণ কৰিবলৈ সক্ষম হৈছে । মুখা নিৰ্মাণ কেন্দ্ৰটো পৰিদৰ্শনৰ অৰ্থে বিভিন্ন দেশৰ পৰ্যটকৰ সমাগম হয় । বৰ্ত্তমান ইজৰাইলৰ ২ জন শিল্পীয়ে মুখা নিৰ্মাণৰ প্ৰশিক্ষণ গ্ৰহণ কৰি আছে । নিৰ্মাণ কেন্দ্ৰৰ প্ৰশিক্ষক প্ৰদীপ গোস্বামীয়ে মুখা নিৰ্মাণৰ সময়ৰ বিষয়ে এনেদৰে কয়….

image


মুখা আকাৰ প্ৰকাৰৰ লগত সময় ৰ্নিধাৰিত হয় । তথাপিও ডাঙৰ মুখা সাজিবলৈ এমাহৰ প্ৰয়োজন হয় । ভবিষ্যতলৈ মুখাৰ সংগ্ৰাহলয় কৰাৰ পৰিকল্পনা হাতত আছে ইয়াৰ উপৰিও বিভিন্ন ঠাইত মুখা ৰ্নিমাণৰ কৰ্মশালা কৰাৰ পৰিকল্পনা আছে। চামগুৰি সত্ৰৰ মুখা নৱপ্ৰাণ দিয়া তথা আগুৱাই লৈ যোৱাৰ বাবে কোষ কান্ত দেৱ গোস্বামীক ২০০৩ চনত সংগীত নাটক একাডেমীৰ ফালৰ স্বীকৃতি লাভ কৰে আৰু ২০১৩ চনত প্ৰনৱ বৰুৱা বঁটা লাভ কৰিবলৈ সক্ষম হয়। 

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কেতবোৰ কাহিনী

উদ্যমিতাৰে বহু লোকৰ জীৱন পোহৰোৱা এগৰাকী সাহসী মহিলা চয়নিকা ৰাজখোৱা

সুখৰ উৎস বিচাৰি লওঁক

অসমৰ শিক্ষা জগতলৈ অভিনৱ অৱদান শান্তনু আৰু উৎপলাৰ GOOD WORDS

'সভ্যতা আহে আৰু যায়, জীয়াই থাকে নাটক'- নাটকেৰে বিশ্বক আপোন কৰা ড° কেৰেন লিবমেন