টাইমপাছৰ বাবে আৰম্ভ কৰা কাম বৰ্তমান কোটি টকাৰ ব্যৱসায়: ফেশ্বন প্ৰেমীসকলৰ বিশেষ পচন্দ ‘বেগিট’

টাইমপাছৰ বাবে আৰম্ভ কৰা কাম বৰ্তমান কোটি টকাৰ ব্যৱসায়: ফেশ্বন প্ৰেমীসকলৰ বিশেষ পচন্দ ‘বেগিট’

Tuesday January 19, 2016,

4 min Read

প্ৰায় ৩১ বছৰ পূৰ্বে এজনী কলেজীয়া ছাত্ৰীয়ে টাইম পাছ কৰিবলৈ বেগ নিৰ্মাণ কৰি বেচিবলৈ লৈছিল আৰু বৰ্তমান সেই ছোৱালীজনী আৰু তাইৰ ব্ৰেণ্ড এক ষ্টাইল ষ্টেটমেণ্টলৈ পৰিণত হৈছে।সেই ছোৱালীজনীয়ে হৈছে নীনা লেখি আৰু বৰ্তমান তেওঁৰ ‘বেগিট’ সৰ্বত্ৰ জনপ্ৰিয় এক ব্ৰেণ্ড।

মুম্বাইৰ এক অৱস্থাপন্ন পৰিয়ালত জন্মগ্ৰহণ কৰা নীনা শৈশৱৰ পৰাই বেপৰোৱা প্ৰকৃতিৰ আছিল যদিও পঢ়া-শুনাতো সমানেই আগৰণুৱা আছিল। নীনাই কমাৰ্চিয়েল আৰ্টৰ মাধ্যমত নিজৰ ভৱিষ্যত গঢ়িবলৈ বিচাৰিছিল আৰু সেইবাবে তেওঁ মুম্বাইৰ বিখ্যাত ছফিয়া পলিটেকনিকত দুটাকৈ পাঠ্যক্ৰমত নামভৰ্তি কৰে।দুয়োটা পাঠ্যক্ৰমৰ শ্ৰেণীৰ মাজৰ সময়খিনিৰ সদব্যৱহাৰ কৰি তেওঁ ‘শ্যাম আহুজা’ৰ ডিজাইনাৰ শ্ব’ৰুমত চাকৰি কৰিবলৈ আৰম্ভ কৰে ইয়াতে তেওঁ বেগ নিৰ্মাণ কৰি বিক্ৰী কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

image


“মই মাত্ৰ ‘অলপ উপাৰ্জন কৰক আৰু অলপ শিকক’ মূলমন্ত্ৰেৰে চাকৰি কৰিবলৈ আৰম্ভ কৰিছিলো।এই সময়তে মই বিবেচনা কৰিছিলো যে যিদৰে আমাৰ টি-চাৰ্টসমূহত কিবাকিবি লিখা থাকে সেইদৰে লিখনি থকা ষ্টাইলিছ বেগ নিৰ্মাণ কৰিলে কেনে হয়? মই মাইকেল জেকচনৰ ডাঙৰ অনুগামী আৰু সেইবাবে তেওঁৰ অমৰ গীত ‘বীট ইট’ৰ পৰা প্ৰভাৱিত হৈ ইয়াৰ নাম ঠিক কৰিলো ‘বেগিট’ আৰু এনেদৰে মোৰ ব্যৱসায়িক জীৱন আৰম্ভ হ’ল।” নীনাই কয়।

নীনাই এজন লিফটমেন আৰু জীপ মেৰামতি কৰা ব্যক্তিৰ সহায়ত কেনভাছৰ বেগ প্ৰস্তুত কৰিবলৈ লয়।এই বেগসমূহ বিক্ৰীৰ বাবে ৰাখিবলৈ তেওঁ নিজৰ ষ্ট'ৰৰ মালিকৰ অনুমতি আদায় কৰে।এনেসময়তে নীনাই নিজৰ বান্ধৱীৰ ভাতৃ মনোজৰ সৈতে চিনাকী হোৱাৰ সুযোগ লাভ কৰে।মনোজে কাপোৰৰ প্ৰদৰ্শনী আৰু বিপোমমেলাৰ আয়োজন কৰিছিল।নীনাই নিৰ্মাণ কৰা বেগ তেওঁৰ খুব পচন্দ হয় আৰু তেওঁ নিজৰ সামগ্ৰীৰ সৈতে নীনাৰ বেগসমূহো বিক্ৰী কৰিবলৈ লয়।নীনাই জনোৱা মতে সেইসময়ত একোটা বেগ নিৰ্মাণৰ বাবে তেওঁৰ খৰছ হৈছিল প্ৰায় ২৫টকা আৰু এইবোৰ তেওঁ ৬০টকাকৈ বিক্ৰী কৰিছিল।

নীনাই নিৰ্মাণ কৰা বেগবোৰ লাহে লাহে মানুহে পচন্দ কৰিবলৈ লোৱাত প্ৰতিমাহে তেওঁৰ বিক্ৰী বাঢ়ি গৈ আছিল।এইসময়তে তেওঁ টেক্সটাইল ডিজাইনিঙৰ বঁটাও লাভ কৰে আৰু তেওঁৰ উৎসাহ দুগুনে বৃদ্ধি পায়।“এই কাম কৰি মই মজা পাবলৈ লৈছিলো আৰু কামো ভালদৰে আগবাঢ়িছিল।যুৱচাম আৰু ফেশ্বন প্ৰেমীসকলে মোৰ বেগ পচন্দ কৰিবলৈ লৈছিল।তিনিবছৰৰ ভিতৰত মোৰ বেগৰ বিক্ৰী দহগুণ বাঢ়ি গৈছিল আৰু মই প্ৰতিমাহে ৩০০তকৈও অধিক বেগ বিক্ৰী কৰিবলৈ সক্ষম হৈছিলো।”নীনাই কয়।

ইয়াৰ পিছতে নীনাই নিজৰ কামত নতুন পৰীক্ষা-নিৰীক্ষা কৰিবলৈও আৰম্ভ কৰে।তেওঁ চামৰাৰ বেগ প্ৰস্তুত কৰিবলৈ লৈছিল কিন্তু দুৰ্গন্ধৰ বাবে তেওঁ মৃত জীৱ-জন্তুৰ চাল ব্যৱহাৰ নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।পৰৱৰ্তী সময়ত তেওঁ চিন্থেটিক লেডাৰৰ সৈতে কাম কৰিবলৈ লয় আৰু কম সময়ৰ ভিতৰত চিন্থেটিক লেডাৰত প্ৰকৃত লেডাৰৰ চিকমিকনি আনিবলৈ সফল হয়।নীনাই জনায় যে চিন্থেটিক লেডাৰৰ লাভজনক দিশটো হৈছে সাধাৰণ শ্ৰেণীৰ গ্ৰাহকৰ বাবে এইসমূহ কম খৰছত নিৰ্মাণ কৰি বিক্ৰী কৰিব পৰা যায়।

১৯৮৯ চনলৈকে ‘বেগিটে’ পূৰ্ণৰূপত ব্যৱসায়িক ৰুপ গ্ৰহণ কৰিছিল।এইসময়চোৱাতে নীনা আৰু মনোজ দুয়োটা পৰিয়ালৰ সন্মতিত বিবাহপাশত আৱদ্ধ হৈছিল।বিয়াৰ পিছতে নীনাই ব্যৱসায়ত অধিক গুৰুত্ব দিবলৈ লয় আৰু কম সময়ৰ ভিতৰত নিজৰ ভাতৃৰ সৈতে কেপ কৰ্নাৰত এখন দোকান ক্ৰয় কৰি প্ৰথমখন ৰিটেইল আউটলেট ‘আইএনএক্সএছ’ আৰম্ভ কৰে আৰু ফেশ্বন প্ৰেমীসকলৰ মাজত এই আউটলেট চকুৰ পচাৰতে জনপ্ৰিয় হৈ পৰে।

image


“এই ষ্ট'ৰত আমি নিজে প্ৰস্তুত কৰা সকলো সামগ্ৰী ৰাখিবলৈ আৰম্ভ কৰিছিলো।আমাৰ বেগবোৰ সস্তা আৰু ভাল মানৰ হোৱাৰ লগতে ব্যৱহাৰ উপযোগীও আছিল। সময়ৰ সৈতে আমাৰ বেগবোৰ শ্ব’পাৰ ষ্টপ আৰু পেণ্টালুনৰ লগতে লাইফ ষ্টাইলতো বিক্ৰী হ’বলৈ ধৰে।ইয়াৰপৰা আমি যথেষ্ট জনপ্ৰিয় হৈ পৰোঁ।২০০৬-০৭চনত আমাৰ টাৰ্ণঅভাৰ আছিল প্ৰায় ৭ কোটি টকা।” উৎফুল্লিত নীনাই কয়।

ইয়াৰোপৰি নীনাই মন কৰিছিল যে বজাৰত ম’বাইল ফোনৰ চাহিদা ক্ৰমাৎ বৃদ্ধি পাইছিল আৰু বেছিভাগ মানুহে ম’বাইল ফোন ব্যৱহাৰ কৰিবলৈ লৈছিল।তেতিয়াই তেওঁৰ মনত ডিজাইনাৰ ম’বাইল পাউচ নিৰ্মাণ কৰাৰ চিন্তা আহে।তদুপৰি নীনাই লাহে লাহে বেল্ট,ৱালেট আদি আন আন সামগ্ৰীও নিৰ্মাণ কৰিবলৈ আৰম্ভ কৰে।এইসমূহৰ বিক্ৰীয়ে তেওঁৰ ব্যৱসায়ত বৃহৎ টাৰ্ণঅভাৰ সংযোজন কৰিছে।

‘বেগিট’ৰ ব্যৱসায়ক নীনাই ক্ৰমাৎ আগুৱাই নিছে আৰু বৰ্তমান দেশ প্ৰায়বোৰ ডাঙৰ চহৰতে তেওঁ ফ্ৰেন্সাইজি আছে।‘বেগিট’ত বৰ্তমান কমেও ২০০ জন কৰ্মচাৰী আৰু ৫৫০জন কাৰিকৰৰ এক বৃহৎ কৰ্মশক্তি আছে।বৰ্তমান প্ৰতিবছৰে ‘বেগিট’য়ে ৫লাখতকৈও অধিক বস্তু নিৰ্মাণ কৰে ইয়াৰ বাৰ্ষিক টাৰ্ণঅভাৰ ৪০কোটি টকাতকৈও অধিক।

নীনাই জনোৱা মতে কলেজৰ দিনত তেওঁ এই কাম মনৰ আনন্দৰ বাবে কৰিছিল আৰু বৰ্তমানো তেওঁ এই কাম সম্পূৰ্ণ উপভোগ কৰে।“এই কামৰ লাভ-লোকচানক লৈ মুৰ নঘমাওঁ কেৱল এই কাম কৰি মই আনন্দিত।”নীনাই কয়।

মূল-নিশান্ত গোৱেল

অনুবাদ-তুলিকা দেৱী

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

'ভাল' যেন লগা 'বেয়া' ষ্টাৰ্ট-আপ পৰিকল্পনাৰ পৰা কেনেকৈ বাচিব পাৰি

মাইকেল জেকচনৰ নৃত্যশৈলীৰে ট্ৰেফিক নিয়ন্ত্ৰণ কৰা এজন ‘দবং’ আৰক্ষী

‘আঞ্জা-আচাৰত লেটি লৈ থকা এই ভাৰতীয়টোক পিটি পিটি ফাঁচী দিব লাগে’: ই-মেইল উদ্ভাৱক শিৱ আয়াদুৰাইৰ বিৰুদ্ধে বৰ্ণবাদী আক্ৰোশৰ কাহিনী