'ভাল' যেন লগা 'বেয়া' ষ্টাৰ্ট-আপ পৰিকল্পনাৰ পৰা কেনেকৈ বাচিব পাৰি

'ভাল' যেন লগা 'বেয়া' ষ্টাৰ্ট-আপ পৰিকল্পনাৰ পৰা কেনেকৈ বাচিব পাৰি

Tuesday December 01, 2015,

5 min Read

ষ্টাৰ্ট-আপৰ ভূতে লম্ভিছে নেকি আপোনাক? এটা ব্যৱসায় আৰম্ভ কৰি শীঘ্ৰেই ধনী হোৱাৰ সপোনে আপোনাৰ টোপনি হৰিছে নেকি? এটা নতুন আইডিয়া আপোনাৰ মনলৈ আহিছে যিটোৰ জৰিয়তে এটা ষ্টাৰ্ট-আপ কোম্পানী খুলি আপুনি সেইটো বিস্তাৰ কৰিব আৰু তাৰ পাছত বিক্ৰী কৰি গোটেই জীৱন আৰামত কটাব পাৰিব। অৱশ্যে এয়া মাথো প্ৰাথমিক স্তৰৰ চিন্তা আৰু এয়া কৰাতো তেনেই সহজ। কিন্তু আচল কথা হৈছে ব্যৱসায়টো ডাঙৰ কৰা। আৰু এই কঠিন পৰিক্ৰমা আৰম্ভ হয় এটা শুদ্ধ পৰিকল্পনাৰ জৰিয়তে।

আপুনি এটা ষ্টাৰ্ট-আপৰ পৰিকল্পনা বা বুদ্ধি কেনেকৈ মনলৈ আনিব ? সেয়া জানিবলৈ আপুনি পঢ়িব লাগিব পল গ্ৰাহামৰ চিন্তা উদ্ৰেককাৰী প্ৰৱন্ধ, যি প্ৰৱন্ধত তেওঁ আলোচনা কৰিছে ডাঙৰ আৰু কাৰ্যকৰী চিন্তাৰ ধৰণবোৰ। তেওঁ লগতে আলোচনা কৰিছে দেখাত যথেষ্ট কাৰ্যকৰী যেন লগা ছিটকম ষ্টাৰ্ট-আপ আইডিয়াবোৰৰ কথা।

image


এতিয়া কথা হ’ল যে ছিটকম ষ্টাৰ্ট-আপ আইডিয়া কি? এয়া হ’ল এনে এক আইডিয়া যিটো দেখাত কামত অহা যেন লাগিব আৰু ইয়াৰ যুক্তিও থাকিব কিন্তু সঁচা অৰ্থত এয়া এক অচল পৰিকল্পনাত পৰিণত হ’ব।

image


এয়া দেখাত যথেষ্ট ফলপ্ৰসু। কিয়নো যথেষ্ট ফসপ্ৰসু যেন লগা এই পৰিকল্পনাটোৰ বিষয়ে যদি আপুনি ক্ৰেতাৰ মনৰ বাৰ্তা লয় তেতিয়াওঁ তেওঁলোকে এই ষ্টাৰ্ট-আপৰ আইডয়াটো আদৰণি জনাব। আৰু এয়াই হৈছে অতি ভয়ানক কথা। কিয়নো ক্ৰেতাৰ উৎসাহে আপোনাক ব্যৱসায়টো আৰম্ভ কৰিবলৈ উদগনি দিব। কিন্তু প্ৰকৃতাৰ্থত ইয়াৰ বজাৰ সঁচাকৈ নাই।

পলে এই সম্পৰ্কত কুকুৰ পোহা আৰু চোৱাচিতা কৰা এটা ছছিয়েল নেটৱৰ্কিংৰ উদাহৰণ দিছে। আপুনি হয়তো পৰিকল্পনা কৰিব পাৰে যে আপোনাৰ মোৰ যিদৰে পোহনীয়া কুকুৰ আছে আমি সিহতৰ ফটো এই নেটৱৰ্কিং ছাইটটোত আপলড কৰিব পাৰিম, যাৰ নাম হয়তো হব পেটলাইফ ডট কম। অপুনি হয়তো ভাৱিব যে আৰু অতি উৎসাহেৰে ৰৈ থাকিব যে আপোনাৰ এই কামক আদৰিবলৈ বহু লোক ৰৈ থাকিব।

মই মোৰ এই আইডিয়াটো ট্ৰিছী আইআইএমত দিয়া এটা ভাষণত কৈছিলো আৰু সকলোৱে এইটো ভাল বুলি কৈছিল আৰু পছন্দ কৰিছিল। কিন্তু এইটো কিয় বেয়া তাৰ দুটা পৰ্যায় আছিল।

(১) মানুহে আপোনাৰ আইডিয়াটো ভাল বুলি কলেই এয়া নুবুজায় যে তেওঁলোকে সেইটো ব্যৱহাৰ কৰিব। কিয়নো মই মই হয়তো ৩০ টা ভিন্ন ৱেবচাইট পছন্দ কৰিব পাৰো কিন্তু সেয়া প্ৰতিদিনে খুলি চাব নোৱাৰোঁ। মোৰ সময়ৰ অভাৱ। গতিকে মই সময় উলিয়াই যিটো ৱেবছাইট বেছি সময়ৰ বাবেই দিনটোত ব্যৱহাৰ কৰিম সেইটো হৈছে ফেচবুক।

(২) আপুনি যদি প্ৰতিদিনে ১০০ জন লোকৰ সৈতে কথা পাতিছে আৰু তেওঁলোকৰ কোনোৱে কাৰোবাক জানে যিয়ে এই ৱেবছাইটটো ব্যৱহাৰ কৰিছে তেন্তে আপোনাৰ ১০০জন গ্ৰাহক আছে যি প্ৰকৃতাৰ্থত শূণ্য গ্ৰাহকৰ সমতুল্য।

ছিটকম আইডিয়াসমূহ চিনাক্ত কৰা

নিজক বচোৱা

গতিকে আপুনি কেনেকৈ ছিটকম আইডিয়া আৰু প্ৰকৃত আইডিয়াৰ ধৰণ চিনাক্ত কৰিব? আপুনি কেনেকৈ বুজি পাব যে আপুনি যি ভাৱিছে সেয়া পৰৱৰ্তী সময়ত এটা বিশেষ সফল ষ্টাৰ্ট আপ আইডিয়া হব বা আপুনি নভৱাকৈ এটা ফ্লপ আইডিয়াত পৰিণত হব।

ইয়াৰ সহজ আৰু চুটি উত্তৰ হৈছে আপুনি চেষ্টা কৰক। আপুনি তাৰ কাৰ্যকৰীতা বা মেক্সিমাম ভেলু প্ৰাইছ চমুকৈ এমভিপি পৰীক্ষা কৰক। যদি ইয়াৰ সফল ৰুপায়ণ আপুনি প্ৰত্যক্ষ কৰিছে তেন্তে আপোনাক অভিনন্দন। আৰু যদি নাই কৰা তেন্তে সেয়া নিশ্চিতভাৱে এটা ছিটকম আইডিয়া ।

(১) এটা ভিটামিন কিন্তু পেইনকিলাৰ নহয়

পেটলাইফ ডট কম এই পৰ্যায়ৰ ৱেৱচাইটত পৰে। এয়া ঠিক ভিটামিন কেপচুলটোৰ দৰে। মানুহক ইয়াৰ অতীৱ প্ৰয়োজন নাই কিন্তু ইয়াক তেওঁলোকে মাথো বিচাৰে। গতিকে এনে এটা চিন্তাক আগবঢ়াই নিয়াতো বুধিয়কৰ কাম নহয়।

(২) গম্ভীৰ সমস্য সমাধানত গুৰুত্ব দিয়ক

সমস্যা সমাধানত গুৰুত্ব দিয়াটোৱেই সকলো নহয়। যদি আপুনি সমাধান কৰিব বিচৰা সমস্যাটো ক্ৰেতাৰ প্ৰধান ৩টা সমস্যাৰ অন্যতম নহয় তেন্তে আপুনি এতিয়াই সেইটোৰ বিষয়ে চিন্তা কৰা বাদ দিয়ক।

মই এবাৰ কোম্পানীৰ শীৰ্ষ বিষয়া সকলৰ সহায়ক হোৱাকৈ ব্যৱসায়িক চুক্তিসমূহ সূচাৰুৰুপে পৰিচালনা কৰিবপৰাকৈ এটা এপ্ নিৰ্মাণ কৰিম বুলি ভাৱিছিলো কিন্তু মই দেখিলো যে তেওঁলোকৰ বাবে ব্যৱসায়িক চুক্তিসমূহ মাইক্ৰছফট এক্সেলতেই ব্যৱহাৰ কৰি থকাতো যথেষ্ট সহায়ক কিয়নো ব্যৱসায়িক চুক্তিৰ জৰিয়তে গঢ লৈ উঠা ব্যৱসায়িক সম্পৰ্ক পৰিচালনা কৰি থকাতো তেওঁলোকৰ বাবে বেছি গুৰুত্বপুৰ্ণ।

(৩) ক্ৰেতাই উপলব্ধি নকৰা সমস্যাৰ সমাধান কৰিবলৈ চেষ্টা কৰা

কিছুমান সমস্যা এজন ক্ৰেতাই বুজি নুঠিব পাৰে আৰু তেনে এটা সমস্যা সমাধান কৰিবলৈ বিচৰাটো হৈছে এটা ষ্টাৰ্ট-আপৰ আৰম্ভণীৰ কাৰক।

কিন্তু মই ভাৱো সেইটোও ফলপ্ৰসু হব নোৱাৰে। কিয়নো এজন ক্ৰেতাই নিজৰ সমস্যাৰ সমাধান সূত্ৰ বিচাৰি উলিয়াৱ নোৱাৰিলেও আপুনি তেওঁলোকৰ সহায়ক হোৱাকৈ প্ৰস্তুত কৰা প্ৰডাক্টটো তেওঁলোকে গ্ৰহণ নকৰিবও পাৰে।

আচল প্ৰশ্নটো হল আপুনি গ্ৰাহকক সমস্যাটোৰ বিষয়ে বুজাবলৈ কিয় সময় নষ্ট কৰিব?

(৪) এনে এটা প্ৰডাক্ট যিয়ে সকলোৰে সমস্যাৰ সমাধান কৰে নতুবা 'মাইক্ৰছফট অফিচ' প্ৰডাক্ট

মই মাইক্ৰছফট অফিচ ব্যৱহাৰ কৰি ভাল পাওঁ। ই সচাকৈ সহায়ক। ঠিক তেনেদৰে গুগলো। আপোনাৰ যিয়েই সমস্যা নাথাকক কিয়, গুগল, এক্সেল বা পাৱাৰ পইন্টে আপোনাক সহায় কৰিব।

এইবোৰ উৎকৃষ্ট প্ৰডাক্ট, কিন্তু আপুনি ষ্টাৰ্ট আপ হিচাপে যদি এনে এটা প্ৰডাক্ট উলিয়াব বিচাৰে যিটোৱে সকলো সমস্যা এবাৰতেই সমাধান কৰে তেন্ত এয়া সটাকৈয়ে অবিশ্বাস্য হব।

প্ৰথমতে এয়া সম্ভৱ নহয় যে আপোনাৰ প্ৰডাক্টটো সকলোৱে বিচাৰিব। আৰু দ্বিতীয় কথাটো হ'ল যে সকলোকে সন্তুষ্ট কৰিবলৈ গৈ প্ৰস্তুত কৰা প্ৰডাক্টটোৱে সঁচা অৰ্থত সকলোকে সুখী কৰিব নোৱাৰিবও পাৰে। এয়া আপুনি মনত ৰখা উচিত।

(৫) ইউবাৰ ফৰ এক্স

এটা আইডিয়া প্ৰথম পৰ্যায়ত সফল যেন লাগিলেও সকলোৱে সেইটো অনুকৰণ কৰিলে একে ফলাফল নাপাবও পাৰে। যিদৰে ৯০ৰ দশকত এক্স মানেই ইন্টাৰনেট আছিল, ২০০০ত ৱাই মানে ছচিয়েল নেচৱৰ্কি ছাইট হৈছেগৈ।

পৰিবহনৰ ক্ষেত্ৰত সঁচাকৈ উবেৰ এপ্ যথেষ্ট সফল হৈছে কিন্ত এইটোৱে এয়া নবুজায় যেন এয়া সকলো ক্ষেত্ৰতেই সফল হব পাৰে। কিয়নো উবেৰৰ প্ৰতিষ্ঠাতাই ইয়াক সেই ক্ষেত্ৰতেই ব্যৱহাৰ কৰিছে যি ঠাইত ইয়াৰ সফল ৰুপায়ণ হব পৰা থল আছিল। কিন্তু ইয়াৰ অনুকৰণ কেতিয়াও সফল নহয়।

মই এই ৫টা কাৰকৰ জৰিয়তে ষ্টাৰ্ট-আপৰ বেয়া আইডিয়া এটাৰ পৰা কিদৰে নিজকে বচাব পাৰি সেই সম্পৰ্কে আলোচনা কৰিলো। অৱশ্যে মই ইয়াত যি উল্লেখ কৰিলো সেয়া এশ শতাংশই শুদ্ধ বুলি মই কবলৈ নাযাও। কিন্তু যিদৰে এটা বান্দৰে হাতত কলম তুলি ললে এখন মহাকাব্য ৰচনা হব বুলি আমি আশা কৰিব নোৱোৰোঁ ঠিক তেনেদৰে সকলো নতুন ষ্টাৰ্ট-আপৰ চিন্তাই যে এক সফল ব্যৱসায়িক সূত্ৰ হৈ পৰিব নোৱাৰে সেয়াও আমি বুজি পোৱাটো ভাল।

লেখক- জিতামিত্ৰ টটাচাৰী

অনুবাদ- শোণিত কুমাৰ গোস্বামী