ছটাকৈ বান্ধ নিৰ্মাণ,পুখুৰী আৰু খাল খান্দি অৰণ্য ৰক্ষাৰে সেউজ বিপ্লৱৰ সূচনা কৰা চিমন অৰাম

ছটাকৈ বান্ধ নিৰ্মাণ,পুখুৰী আৰু খাল খান্দি অৰণ্য ৰক্ষাৰে সেউজ বিপ্লৱৰ সূচনা কৰা চিমন অৰাম

Friday January 22, 2016,

3 min Read

পৃথিৱীত এনে কিছুমান মানুহ থাকে যি কেৱল নিজৰ বাবে জীয়াই নাথাকে।তেওঁলোক যেন একোজন দেৱদূতৰ দৰে এই পৃথিৱীত জন্ম গ্ৰহণ কৰে।ব্যক্তিগত কোনো স্বাৰ্থ নোহোৱাকৈ আজীৱন সমাজৰ মঙ্গলৰ বাবে কাম কৰি যায়।বিনিময়ত তেওঁলোকে কেতিয়াও সন্মান বা স্বীকৃতি দাবী নকৰে।তেওঁলোকে আদৰ্শ দাঙি ধৰে যে জীৱনত মহান কাম কৰিবলৈ বিশ্ববিদ্যালয়ৰ বহু ডিগ্ৰী বা সম্পত্তিশালী হোৱাৰ প্ৰয়োজন নাই।মহৎ কাম কৰিবলৈ শক্তিশালী আদৰ্শ আৰু আত্মবিশ্বাসৰ হে প্ৰয়োজন।

তেনে এজন সমাজ বিপ্লৱী হ'ল চিমন অৰাম।তেওঁক সেউজ বিপ্লৱী বুলি ক'লেও হয়তো ভুল কোৱা নহ'ব।৮১ বছৰীয়া চিমন অৰামৰ জীৱনৰ উদ্দেশ্য - গছ-গছনিৰে পৃথিৱীখন সেউজীয়া কৰি তোলা।তেওঁ আজীৱন প্ৰকৃতিৰ সুৰক্ষাৰে মানৱ জাতিৰ কল্যানৰ বাবে কাম কৰি আহিছে।জীৱনত কেতিয়াও বিদ্যালয়ৰ মুখ নেদেখা চিমনে হৃদয়ঙ্গম কৰে যে প্ৰকৃতিক ৰক্ষা নকৰিলে মানৱ জাতিৰ ধ্বংস নিশ্চিত।ঝাড়খণ্ডৰ ৰাঁচীৰ কিছুমান অঞ্চলত অবৈধভাৱে গছ-গছনি কাটি বনাঞ্চল ধ্বংস কৰাৰ বাবে সেই অঞ্চলৰ লোকসকলে খৰাঙৰ বাবে খেতি-বাতি কৰিব নোৱাৰা অৱস্থাত পৰিছিল।খেতিয়ক সকলে কৃষিত উৎপাদন নাপাই আৰ্থিক দুৰৱস্থাৰ সন্মুখীন হৈছিল।অঞ্চলবোৰত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল।এই লোকসকলক সংকটৰ গৰাহৰ পৰা উদ্ধাৰ কৰিবলৈ দেৱদূতৰ দৰে আগবাঢ়ি আহিছিল চিমন অৰাম।এজোপা এজোপা কৈ অজস্ৰ গছ নিজহাতে ৰুই গৈছিল।নিজেই আপডাল কৰিছিল।সময়ে বাগৰ সলাবলৈ বেছি দিন নালাগিল।একোখন অৰণ্যৰ সৃষ্টিৰে অঞ্চলটোত সূচনা হৈছিল সেউজ বিপ্লৱৰ।খৰাঙৰ সলনি সেউজ প্ৰকৃতি ঠন ধৰি উঠিছিল।অঞ্চলটোৰ লোকসকলৰ বাবে দেৱদূত স্বৰূপ চিমন অৰাম হৈ পৰিল 'ৰাজা চাহেব' নাইবা 'চিমন ৰাজা'।

image


নাগপুৰৰ বিশ্বপ্ৰসিদ্ধ মালভূমিৰ কথা বহুতে শুনিছে।কিন্তু এই কথা বহু কম মানুহেই জানে যে সেই অঞ্চলত যেতিয়া মাফিয়াই প্ৰভাৱ বিস্তাৰ কৰি গছ-গছনি কাটি শেষ কৰিব খুজিছিল তেতিয়া চিমন অৰামে এই ধ্বংস যজ্ঞৰ প্ৰতিবাদ কৰি বৃক্ষ ৰোপনেৰে পুনৰ সেই অৰণ্যৰ প্ৰাণ ঘূৰাই আনিছিল।এই বয়সতো চিমন অৰামে ৫১ খন গাঁৱৰ গাঁওবাসীক লগত লৈ নিজ নিজ অঞ্চলৰ অৰণ্য ৰক্ষাৰ কাম কৰি আহিছে।সেইসকল গাঁওবাসীৰ বাবে চিমন অৰাম ভগৱান স্বৰূপ।উল্লেখ্য যে, অৰণ্য ধ্বংসৰ বিৰোধিতা কৰাৰ বাবে চিমন অৰাম জেললৈও যাব লগা হৈছিল।এই সন্দৰ্ভত চিমন অৰামে য়'ৰ ষ্ট'ৰীক কয়-'অৰণ্যক বচোৱাৰ বাবে মই সংকল্প গ্ৰহণ কৰিছিলো যে পৰিস্থিতি যিয়েই নহওঁক, এজোপা গছো মই কাটিবলৈ নিদিওঁ।গছ-গছনি ৰক্ষাৰ অভিযানৰ বাবে মোৰ বিৰুদ্ধে গোচৰ তৰি জেললৈ পঠিওৱা হৈছিল।কিন্তু এই কথাবোৰে মোৰ সংকল্পত কোনো প্ৰভাৱ পেলাব নোৱাৰিলে।গাঁওবাসীৰ সহযোগত মই এনে নিয়ম কৰিলো যে কোনোবাই যদি এজোপা গছ কাটে তেন্তে তেওঁ তাৰ ঠাইত দহজোপা গছ ৰুব লাগিব।'

পঞ্চাশ বছৰ ধৰি বিভিন্ন অঞ্চলৰ উন্নতি আৰু সেউজ বিপ্লৱৰ বাবে কাম কৰি অহা চিমন অৰামৰ খ্যাতি চাৰিওফালে বিয়পি পৰিল।পৃথিৱীৰ আগশাৰীৰ কেমব্ৰিজৰ দৰে বিশ্ববিদ্যালয়ৰ ছাত্ৰই তেওঁলোকৰ গৱেষণাৰ বিষয় হিচাপে বাছি লৈছে চিমন অৰাম আৰু তেওঁৰ সেউজ বিপ্লৱক।ছাৰাহ জাভেইট নামৰ ছাত্ৰজনে তেওঁৰ গৱেষণা পত্ৰত চিমনৰ পৰিবেশ সংৰক্ষণ আৰু অৰণ্য ৰক্ষা কাৰ্যৰ বিষয়ে বিস্তাৰিত বৰ্ণনা কৰিছে।

শুনিবলৈ আচৰিত যেন লাগিলেও এয়া সঁচা যে পোন্ধৰ বছৰ ধৰি খৰাঙৰ বাবে মৰুভূমি সদৃশ গাঁৱত চিমন অৰামৰ প্ৰচেষ্টাত এতিয়া কৃষকে বছৰেকত দুটাকৈ খেতি কৰে।এই সন্দৰ্ভত চিমনৰ এজন গাঁওবাসী বন্ধুৱে মন্তব্য কৰে-'এই অঞ্চললৈ চৰকাৰী বিষয়া আহি কৃষিৰ উন্নতিৰ বাবে বান্ধ আৰু খাল তৈয়াৰৰ প্ৰতিশ্ৰুতি দি গুছি যায়।কিন্তু এই ক্ষেত্ৰতো চিমনে চৰকাৰী সাহাৰ্যলৈ অপেক্ষা নকৰি গাঁওবাসীৰ প্ৰচেষ্টাত এতিয়ালৈকে ছটা বান্ধ,পাঁচটা পুখুৰী আৰু বহু খাল তৈয়াৰ কৰিছে।'

image


'যেতিয়া মই বান্ধ আৰু খাল খন্দাৰ কাম আৰম্ভ কৰিলো তেতিয়া বহু সমস্যা আহি পৰিছিল,বান্ধ নিৰ্মাণৰ দ্বাৰা পানীৰ সঠিক ব্যৱহাৰ যাতে হয় তাৰবাবে মই গোটেই অঞ্চলটো ঘূৰি ইয়াৰ সমাধান উলিয়াইছিলো।মই অনুমান কৰিছিলো যে যদি বান্ধটো ৪৫ ফুট ওখ আৰু দহ ফুট গভীৰতালৈ হয়,তেন্তে ই বৰষুণৰ পানীও সংৰক্ষন কৰিব পাৰিব।'

এই মডেল আগত ৰাখি চিমন অৰামে তৈয়াৰ কৰা বান্ধে অঞ্চলবাসীক অৰ্থনৈতিক দিশতো স্বাৱলম্বী কৰি তুলিছে।

প্ৰকৃতি সংৰক্ষণৰ ক্ষেত্ৰত চিমন অৰামৰ প্ৰচেষ্টাৰ বাবে তেওঁ বিভিন্ন সন্মানেৰে সন্মানিত হৈছে।আমেৰিকান মডেল অৱ ষ্ট্ৰেকিঙ ২০০২ সন্মানৰ বাবে নিৰ্বাচিত হোৱাৰ লগতে আমেৰিকাৰ বায়গ্ৰাফিক ইনষ্টিটিউটে তেওঁৰ কৰ্মক প্ৰশংসা কৰে।আনহাতে ২০০৮ চনত ঝাড়খণ্ড চৰকাৰে প্ৰতিষ্ঠা দিৱসত তেওঁক সন্মানিত কৰাৰ লগতে বিভিন্ন সন্মানেৰে তেওঁ সন্মানিত হৈছে।



মূল: ৰুবী সিঙ

অনুবাদ: পূবালী ভাগৱতী

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

4G ডিভাইচ শ্বিপমেন্টৰ বৰ্ধিত পৰিসংখ্যাই ইন্টাৰনেট ষ্টাৰ্ট-আপসমূহক কিমান লাভান্বিত কৰিব?

'ভাল' যেন লগা 'বেয়া' ষ্টাৰ্ট-আপ পৰিকল্পনাৰ পৰা কেনেকৈ বাচিব পাৰি

মাইকেল জেকচনৰ নৃত্যশৈলীৰে ট্ৰেফিক নিয়ন্ত্ৰণ কৰা এজন ‘দবং’ আৰক্ষী