মোৰ ষ্টাৰ্ট আপটো বিফল হোৱা সেই এটা বছৰৰ বাবে মই কিয় অনুতপ্ত নহওঁ!

মোৰ ষ্টাৰ্ট আপটো বিফল হোৱা সেই এটা বছৰৰ বাবে মই কিয় অনুতপ্ত নহওঁ!

Saturday March 05, 2016,

4 min Read

২০১৪চনত মই মুম্বাই কেইগৰাকীমান যুৱক-যুৱতীৰ লগতে এগৰাকী উদ্যোগীক লগ পাইছিলো, যিয়ে ভাৰতীয় উদ্যোগশীলতাৰ জগতখনত এক প্ৰভাৱশালী কৰ্ম কৰাত গুৰুত্ব আৰোপ কৰিছিল। আমি বিভিন্ন প্ৰকল্পৰ সহায়েৰে এটা ষ্টাৰ্ট আপ সেৱা কোম্পানী স্থাপন কৰাত গুৰুত্ব প্ৰদান কৰিছিলো। মই আগ্ৰহী হৈ পৰিছিলো। মই আছিলো ডেকা আৰু উদ্যমী। মই সদায়েই এনেকুৱা কিব এটা কৰিব বিচাৰিছিলো যিটোৱে কেৱল মোৰেই নহয়, সমগ্ৰ ব্যৱস্থাটোৰেই উন্নয়ন সাধন কৰিব পাৰে।


image


মই নিযুক্ত হলো আৰু আনৰ নিযুক্তি আৰম্ভ কৰি দিলো। আমি ৩০ দিনৰ ভিতৰত ৫গকাৰী নতুন কৰ্মচাৰীক নিযুক্তি দিলো আৰু মুম্বাইত এটা কাৰ্যালয় ভাৰালৈ ললো। সকলোখিনি থিকে থাকে চলি আছিল। প্ৰথম তিনি মাহত আমাৰ ১৫জনীয়া এটা কৰ্মচাৰীৰ দল আছিল কিন্তু আমি বজাৰখনত প্ৰভাৱ পেলাব পৰা কোনো এটা স্থানতেই উপনিত হবলৈ সক্ষম হোৱা নাছিলো। আমি উদ্যোগশীলতাৰ জ্বলন্ত বিষয়টোৰ ওপৰত কেইটামান অনুস্থান আয়োজনত গুৰুত্ব প্ৰদান কৰিছিলো। সেই কৰ্মই মুম্বাইবাসীৰ মাজত আমাৰ পৰিচয় এটা কৰাই দিছিল । ততস্বত্বেও আপোনাৰ যদি এটা সুসংহত কৰ্মসূচী নাথাকে তেনেহলে সকলো পৰিশ্ৰম আৰু সময় অপচয় হয়।

গতিকে বিফলতাৰ কাৰণ বিশ্লেষণ কৰাৰ পূৰ্বে কাহিনীটোত আমি কি শিকিলো তাকেই কওঁ।

প্ৰথম পাঠঃ এটা সময়ত এটা চিন্তাত গুৰুত্ব

প্ৰথম চাৰি মাহত আমাৰ ইতিমধ্যে চাৰিটা কাম চলি আছিল। আমি অধিক উপাৰ্জনৰ কথা ভাবি সকলোতে কাম কৰিছিলো,কিন্তু প্ৰকৃততে ই আমাক কোনো এটাৰে নিকতলৈ নিব পৰা নাছিল। আমি আচলতে এটা কামো শেষলৈ সম্পূৰ্ণ কৰিব পৰা নাছিলো।

দ্বিতীয় পাঠঃ স্থিৰ নিযুক্তি

হয়, আপোনাৰ বিৰাট ডাঙৰ কাম এটাত সহায় হোৱাকৈ যিমান বেছি মানুহেই নিযুক্তি নিদিয়ক কিয় ,সমস্যাটো আচলতে ইমানো গুৰুতৰ হৈ নপৰে। আপুনি আপোনাৰ বৰ্তমানৰ কৰ্মচাৰীখিনিৰ কৰ্মক্ষমতা বৃদ্ধিত গুৰুত্ব প্ৰদান কৰিব পাৰে। নতুন মানুহ নিযুক্তি প্ৰদান কৰাৰ আগত ভাবি লওঁক যে আপোনাৰ ব্যৱসায়ৰ উন্নতি হৈ আছেনে নাই। তেনেকুৱা নকৰিলে আপুনি বিফলতাৰ দিশে যোৱাৰ সম্ভাৱনা থাকিব । এই কথা আমি কৰ কঠিন পথেৰে শিকিলো।

তৃতীয় পাঠঃ কৰ্ম সংস্কৃতি

যিকোনো এটা ষ্টাৰ্ট আপতেই যদি কৰ্ম সংস্কৃতি নাথাকে তেনেহলে ই ইতিমধ্যেই বিফলতাৰ বাটৰ পথিক। আমি সহ প্ৰতিস্থাপকৰ মাজৰ সংঘাত , বিপদৰ সময়ত কৰ্মচাৰীৰ ওপৰত ভৰষা কৰা আদি বিভিন্ন কাৰণত বিভিন্ন সমস্যাৰ সমুখিন হৈছিলো। এটা ষ্টাৰ্ট আপত কাম কৰি থকা সময়ত চিন্তা কৰিব লগীয়া শেষ কথাটো হল অফিচৰ ভিতৰৰ ৰাজনীতি। এটা কথা নিশ্চিত কৰা উচিত যে ব্যৱসায়ৰ ভেটিটো সহ প্ৰতিস্থাতা আৰু কৰ্মচাৰীৰ মাজত থকা বিশ্বাসৰ ওপৰত গঢ়ি তোলা হৈছে।

চতুৰ্থ পাঠঃ আপুনি কৰ্মক্ষেত্ৰলৈ সদায়েই ওলাই যাব লাগিব

আমি এটা বৰ ডাঙৰ ভুল কৰিছিলো যে আমি ষ্টাৰ্ট আপটোৰ ব্যৱস্থাপনাৰ ক্ষেত্ৰতে বহু সময় নষ্ট কৰিছিলো। কিন্তু আমি বজাৰখনলৈ ওলাই গৈ নিজেই কিছু বিপনন আৰু বিক্ৰীৰ ব্যৱস্থা কৰিব লাগিছিল। সেই কামেই দীৰ্ঘ দিনলৈ এটা ষ্টাৰ্ট আপক চলাই থাকে। কৰ্মচাৰীৰ দলটোৰ ষ্টাৰ্ট আপটোৰ লক্ষ্য উদ্দেশ্য সম্পৰ্কত আৰু সেই লক্ষ্যত কিদৰে উপনিত হব পৰা যাব ,সেই কথা সম্পৰ্কত সম্যক ধাৰণা থকা উচিত। সদায়েই ষ্টাৰ্ট আপ চলোৱাৰ বাবে বাণিজ্যৰ ক্ষেত্ৰখনত থাকিব লাগে,যত গ্ৰাহক আছলতে থাকে।

পঞ্চম পাঠঃ সকলো কামেই সংজ্ঞা মতেই চলে, কিন্তু দুৰ্ভাগ্যবসতঃ প্ৰকৃত বজাৰত নচলে

“সংজ্ঞাত সংজ্ঞা আৰু অনুশীলনৰ মাজত একো পাৰ্থক্য নাই ,কিন্তু অনুশীলনত সংজ্ঞা আৰু অনুশীলনৰ পাৰ্থক্য আছে। ”

সকলো ষ্টাৰ্ট আপেই কামটো চলাই নিয়াৰ ক্ষেত্ৰত কিছুমান অনুমান লগায়। কিন্তু আটাইতকৈ বেয়া কথা হল কিছুমান অনুমান বাস্তৱৰ একেবাৰে কাষলৈও নাযায়। গতিকে প্ৰতিক্ৰিয়াৰ ওপৰত গুৰুত্ব প্ৰদান কৰা উচিত। বজাৰখনৰ পৰিস্থিতিটো বুজি লওঁক আৰু তাৰ ওপৰত ষ্টাৰ্ট আপ কৰক। আন কোনো কথাৰ ভিত্তিত নহয়।

ষষ্ঠ পাঠঃ অৰ্থনৈতিক ভেটি

সৰহ সংখ্যক ষ্টাৰ্ট আপেই পালন কৰা নিয়মটো হৈছে প্ৰথম ৬মাহৰ বাবে আৰ্থিক ভেটিটো ৰখাটো। কাৰণ প্ৰথমগৰাকী গ্ৰাহক লাভ কৰোতে বহু সময় লাগি যায়। সেই বাবেই প্ৰথম ৬মাহ বা এবছৰলৈ আৰ্থিক দিশত মজবুট হৈ থকাটো দৰকাৰ। সমুখত বেয়া দিনো আহিব পাৰে,গতিকে আগে ভাগে সাজু হৈ থকাটো ভাল।

সপ্তম পাঠঃ সকলো কাম আইনমতে কৰক

আজিকালি আপোনাতকৈ বুদ্ধিমান আৰু কোনো নাইনে ? আছে। এবছৰমান আগলৈকে এই কাম ইমান সহজ নাছিল। আমি সহ প্ৰতিস্থাতাৰ মাজৰ কিছুমান সংঘাতৰ বাবে সমস্যাত পৰিছিলো আৰু অৱশেষত কোম্পানীটো ধ্বংস হৈছিল।

উপসংহাৰঃ

সকলো ষ্টাৰ্ট আপৰে ভাল ,বেয়া আৰু অতিকৈ বেয়া দিন আহে। কিন্তু সেই দিনকেইটা মোৰ জীৱনৰ আটাইতকৈ ভাল দিন আছিল। কাৰণ মই বহু কথায়ে শিকিছিলো আৰু কাৰ্যত ৰূপায়িত কৰিবলৈ সক্ষম হৈছিলো। উদ্যোগীসকলে প্ৰায়েই শোধে, কিয় আৰু অলপ চেষ্টা নকৰা আৰু কিছুদিন কামটো জীয়াই ৰখাৰ বাবে। এইটো এটা যুক্তিসংগত প্ৰশ্ন যদিও এইটো নিৰ্ভৰ কৰে ষ্টাৰ্ট আপটোৰ কোনটো স্তৰত আছে আৰু ইয়াৰ স্থায়িত্ব কিমান,সেই কথাৰ ওপৰত। যদি আপুনি আপোনাৰ কৰ্মচাৰীৰ দলটোৰ সন্দৰ্ভত নিশ্চিত আৰু আপোনাৰ সেৱা বা সামগ্ৰীসমুহৰ মৌলিকতাৰ সন্দৰ্ভত আত্মবিশ্বাসী তেনেহলে আপুনি ষ্টাৰ্ট আপটো আপোনাৰ ইচ্ছা মতে আগবঢ়াই নি থাকিব পাৰে । আমাৰ ক্ষেত্ৰত সেইটো কাৰণ নাছিল। আমাৰ কোম্পানীটো সম্পূৰ্ণৰূপত বন্ধ কৰিবলৈ আমাক প্ৰায় এবছৰৰ প্ৰয়োজন হৈছিল। কিন্তু সদায়েই ভাল ষ্টাৰ্ট আপ কৰিবলৈ আগবঢ়ি যাম। আমি গৈ থাকিম। সংগ্ৰাম চলি থাকিব। 

মূলঃচিৰাগ দোদিয়া

অনুবাদঃ প্ৰাঞ্জল শৰ্মা

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

জানি লওক ষ্টাৰ্টআপ চলোৱাৰ নীতি-নিয়ম

ছেণ্ড এনিমেশ্বনেৰে দিগন্ত মাধৱ গোস্বামীৰ বিশ্বমুখী যাত্ৰা

বেঞ্জামিন ফ্ৰেংকলিনৰ কৰ্মকুশলতাৰ এক গোপন মন্ত্ৰ উদ্যমীসকলৰ বাবে 

দেশী-বিদেশী কম্পেনিৰ বাবে যুৱক-যুৱতী সকলক প্ৰস্তুত কৰিছে মডেলছ দিল্লী ডট কমে