জানি লওক ষ্টাৰ্টআপ চলোৱাৰ নীতি-নিয়ম

জানি লওক ষ্টাৰ্টআপ চলোৱাৰ নীতি-নিয়ম

Saturday March 05, 2016,

3 min Read

ষ্টাৰ্টআপ ইণ্ডিয়া ঘোষণা কৰাৰ পিছত পৰিস্থিতি সলনি হৈছে। ষ্টাৰ্টআপ সংস্থাসমূহক খেলিবলৈ সুযোগ দিয়া হ’ব বুলি জনোৱাৰ পিছতে ভাৰতীয় ষ্টাৰ্টআপ ইক’ছিষ্টেম ইতিহাসত নতুন পৃষ্ঠাৰ সংযোজন হ’ল। জোৱাৰ উঠিছে ষ্টাৰ্টআপ সংস্থাৰ। প্ৰতিদিনে কাঠফুলাৰ দৰে গঢ়ি উঠিছে নতুন নতুন ষ্টাৰ্টআপ। এই সময়ত ষ্টাৰ্টআপ ব্যৱসায়ৰ প্ৰতিষ্ঠাতা তথা সংস্থাৰ মুৰব্বী হিচাপে আপুনি নিশ্চিতভাৱেই প্ৰশংসাৰ পাত্ৰ। কিন্তু আপুনি যি ব্যৱসায় আৰম্ভ কৰিছে তাৰ বাবে যিসকল আপোনাৰ অধীনত কৰ্মৰত তেওঁলোকৰ প্ৰতিও আপোনাৰ বহু পৰিমাণে দায়িত্ব আছে। ষ্টাৰ্টআপ প্ৰতিষ্ঠান এটা আৰম্ভ কৰাৰ পূৰ্বে জানি লওক সঠিকভাৱে পৰিচালনা কৰাৰ ৰীতি-নীতি।


image


১) Company Incorporated Certificate:

কোম্পানীৰ পঞ্জীভুক্ত কাৰ্যালয়ৰ বাহিৰৰ ব’ৰ্ডত Company Incorporated Certificateৰ লগতে নিম্নলিখিত তথ্যসমূহ আঁৰি দিয়া উচিত:

ক) কোম্পানীৰ নাম

খ) কোম্পানীৰ পঞ্জীভুক্ত কাৰ্যালয়ৰ ঠিকনা

গ) কৰ্প’ৰেট আইডেনটিটী নম্বৰ

ঘ) টেলিফোন নম্বৰ আৰু ইমেইল।

ঙ) ৱেবছাইট এড্ৰেছ আৰু ফেক্স নম্বৰ (যদি থাকে)

উপৰোউক্ত সকলো তথ্য কোম্পানীৰ আটাইবোৰ চিঠি, লেটাৰহেড, মেইল, ইনভইছ আদি সকলোতে থাকিব লাগে। কোম্পানী আইন, ২০১৩ৰ নিয়ম অনুসৰি সকলো নথিত CIN দিয়াটো বাধ্যতামূলক। কোনো ভুল হ’লে দৈনিক ১০০০ টকা হিচাপে ১,০০,০০০ টকা পৰ্যন্ত জৰিমনা কোম্পানীয়ে ভৰিবলগীয়া হ’ব পাৰে। ত্ৰুটীপূৰ্ণ কাম কৰা বিষয়াও জৰিমনাৰ সন্মুখীন হ’ব পাৰে।

২) হিচাপ পৰীক্ষক নিয়োগ

অজ্ঞানতাৰ বাবে ষ্টাৰ্টআপবোৰে এটা বৰ ডাঙৰ ভুল কৰে। কোম্পানী আইন, ২০১৩ৰ ১৩৯(৬) ধাৰা অনুসৰি চৰকাৰী সংস্থাৰ বাহিৰে যিকোনো বেচৰকাৰী প্ৰতিষ্ঠান গঠনৰ ৩০ দিনৰ ভিতৰতে ব’ৰ্ড মিটিঙত প্ৰথম হিচাপ পৰীক্ষক নিয়োগ কৰিব লাগে। সঞ্চালকসকলে হিচাপ পৰীক্ষক নিয়োগ কৰাত অসমৰ্থ হ’লে ৯০ দিনৰ ভিতৰত সাধাৰণ সভাৰ আয়োজন কৰি সংস্থাৰ সদস্যসকলে হিচাপ পৰীক্ষক নিয়োগ কৰিব। আপোনাৰ কাম আৰু সহজ হৈ পৰে যদিহে আপুনি কৰ্মৰত এজন চাৰ্টাৰ্ড একাউণ্টেণ্ট নিয়োগ কৰে, যাৰ হাতত তেওঁৰ কামৰ প্ৰমাণপত্ৰ আছে। সেই ক্ষেত্ৰত কৰ্পৰেট এফেয়াৰ্ছ মন্ত্ৰণালয়ৰ ৱেবছাইটত ADT-1 প্ৰপত্ৰ পূৰণ কৰি জমা দিয়া দৰকাৰ। নিয়ম সঠিকভাৱে পালন কৰা নহ’লে কোম্পানী আইন, ২০১৩ৰ ১৪৭ধাৰা অনুসৰি ২৫ হাজাৰ টকাৰপৰা পাঁচ লাখ টকা পৰ্যন্ত জৰিমনা ভৰিব লাগিব প্ৰতিষ্ঠানটোৱে। ভুল কাম কৰা বিষয়াই ১০ হাজাৰ টকাৰ পৰা ১ লাখ টকা পৰ্যন্ত জৰিমনা ভৰিব লাগিব পাৰে অথবা এবছৰ পৰ্যন্ত কাৰাবাস খাটিব লাগিব পাৰে। কৰ্তৃপক্ষই অতি কঠোৰ মনোভাব পোষণ নকৰিলেও ষ্টাৰ্টআপসমূহে নীতি-নিয়মবোৰ সঠিকভাৱে পালন কৰা উচিত।

৩) PAN আৰু TAN

যিহেতু কোম্পানীৰ সুকীয়া আইনী পৰিচিতি থাকে, সেইবাবে আয়কৰ বিভাগত কোম্পানীৰ যথাযথ পঞ্জীয়নৰ বাবে কোম্পানীৰ নিজা PAN আৰু TAN থকাটো অৱশ্যেই প্ৰয়োজনীয়।

৪) শ্বেয়াৰ চাৰ্টিফিকেট

কোম্পানী গঠনৰ দুমাহৰ ভিতৰত কোম্পানী আইন, ২০১৩ৰ নিয়ম মানি Memorandum of Association (MOA)ৰ প্ৰতিজন উপভোক্তাৰ মাজত শ্বেয়াৰ চাৰ্টিফিকেট বিতৰণ কৰিব লাগে। MOAৰ লিখিত চুক্তি অনুসৰি প্ৰতিজন উপভোক্তাই চান্দাৰ টকা কোম্পানীৰ বেংকৰ একাউণ্টত চেক অথবা নেট বেংকিঙৰ মাধ্যমেৰে জমা দিব। সংস্থাসমূহলৈ উপদেশ হিচাপে আমি ক’ব খোজো, প্ৰথমতে MOA, Article of Association (AOA) আৰু Certificate of Incorporationৰে কোম্পানীৰ নিজস্ব বেংক একাউণ্ট খোলাৰ পিছত উপভোক্তাৰ চেক জমা কৰক। গতিকে কাৰেণ্ট একাউণ্ট খোলাৰ পিছত প্ৰথম কাম হ’ব উপভোক্তাৰ চেক জমা দিয়া।

৫) বিধিবদ্ধ চৰকাৰী নথিপত্ৰ

কোম্পানী নিৰ্মাণ হোৱাৰ পিছৰেপৰা সংস্থাই নিৰ্দিষ্ট বিধিবদ্ধ ৰূপত চৰকাৰী নথিপত্ৰ সংৰক্ষণ কৰি চলিব লাগে। এয়া মাথোঁ প্ৰয়োজনেই নহয়, এনেদৰে কামৰ বিধিবদ্ধ হিচাপ ৰখাও সহজ হৈ পৰে।

এয়া হৈছে এটা ষ্টাৰ্টআপ প্ৰতিষ্ঠানক মসৃণভাৱে সাফল্যৰ পথত আগুৱাই নিয়াৰ কিছুমান প্ৰাথমিক নিয়ম। আৰু বহুতো বাধ্যতামূলক ৰীতি-নীতি আছে যি নিয়ম মানি সময়মতে নজৰ নিদিলে ষ্টাৰ্টআপ প্ৰতিষ্ঠানৰ প্ৰতিষ্ঠাতা হিচাপে আপুনি সমস্যাৰ সন্মুখীন হ’ব পাৰে।

অনুবাদঃ ৰুবুল দাস

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কেতবোৰ কাহিনী

বেঞ্জামিন ফ্ৰেংকলিনৰ কৰ্মকুশলতাৰ এক গোপন মন্ত্ৰ উদ্যমীসকলৰ বাবে 

সুস্থ সমাজৰ বাবে মাতৃৰ সুস্থতাৰ বাণী বিলাইছে 'Fitness Mom' দলি কাকতিয়ে

বিদ্যালয়ৰ মূখ নেদেখা ৰবি ৰায়ে কাঠৰ বিকল্পৰে কৰিছে পৰিবেশ সংৰক্ষণ

দেশী-বিদেশী কম্পেনিৰ বাবে যুৱক-যুৱতী সকলক প্ৰস্তুত কৰিছে মডেলছ দিল্লী ডট কমে