ৰোগীৰ মৃত্যুৱে 'ট্ৰেফিক মেন'ত পৰিণত কৰিলে এজন চিকিৎসকক

ৰোগীৰ মৃত্যুৱে 'ট্ৰেফিক মেন'ত পৰিণত কৰিলে এজন চিকিৎসকক

Sunday October 30, 2016,

4 min Read

বিভিন্ন সমস্যা সম্পৰ্কত আমি সকলোৱে নিজৰ আপত্তি দৰ্শাও আৰু চৰকাৰ অথবা আন কাৰোবাক সমালোচনা কৰি সেই কথা পাহৰি যাওঁ । কিন্তু নিজৰ দায়িতব সিমানতে পাহৰি নগৈ সমস্যা সমূহৰ সমাধান বিচৰা এচাম লোক আছে । আনৰ সমস্যা দেখি সহানুভূতি প্ৰদৰ্শন কৰাতকৈ সেই সমস্যাক নিৰ্মূল কৰাত ব্ৰতী হৈ পৰে এচাম লোক । তেনে এজন লোক হৈছে নইডাৰ কৃষ্ণ কুমাৰ যাদৱ যি বিগত ছবছৰ ধৰি নিজৰ লোকচান কৰিও জনাসাধাৰণ সেৱাত ব্ৰতী হৈ আহিছে । ট্ৰেফিক ছিগনেলত অসূবিধাত পৰা লোকসকলক দেখি তেওঁ সেইসকলৰ সমস্যা সমাধানৰ উদ্দেশ্যেৰ হৈ পৰিল এজন 'ট্ৰেফিক মেন' ।

উত্তৰ প্ৰদেশৰ মউ জিলাৰ ৰতনপুৰা গাৱঁৰ আয়ুৰ্বেদিক চিকিৎসক ড° বিজয় যাদৱ ২০০৫ চনত মউৰপৰা নইডালৈ আহিছিল চাকৰিৰ সন্ধানত । তেতিয়াৰেপৰা মাক-দেউতাক, পত্নী আৰু দুটা সন্তানৰ সৈতে তেওঁ নইডাতে বাস কৰি আহিছে । ইয়াতেই আছে তেওঁৰ এখন ক্লিনিক । এই ক্লিনিকত থাকে ৰোগীৰ ভিৰ । বহু দূৰ-দূৰণিৰপৰা তেওঁৰ ওচৰলৈ চিকিৎসাৰ বাবে ৰোগী আহে । তেওঁ বিশ্বাস কৰে যে ভাল মানুহৰপৰাই সমাজ আৰু ৰাষ্ট্ৰৰ নিৰ্মাণ হয় ।


২০১১ চনৰ ২৯ অক্টোবৰত ড° যাদৱ আনদিনাৰ দৰে ৰাতিপুৱা ঘৰৰপৰা ক্লিনিকলৈ ওলাই গৈছিল । বাটত সেইদিনা আছিল প্ৰচণ্ড যান-জঁট । এই যান-জঁটত আবদ্ধ হৈ আছিল এখন এম্বুলেন্স আৰু তাত থকা ৰোগীজনে মৃত্যু যন্ত্ৰণাত চটফটাই আছিল । প্ৰায় এঘণ্টামান আবদ্ধ হৈ থকাৰ পাছত তেওঁ গম পালে যে সেইদিনা ট্ৰেফিক চিগনেলৰ লাইট বোয়া হৈ আছিল কাৰণে এনেধৰণৰ যান-জঁট হৈছিল । সেই পৰিস্থিতিৰপৰা ওলাই আহিও ড° যাদৱে সেই ৰোগীজনৰ কথা পাহৰা নাছিল । সেইদিনা ৰাতিও তেওঁৰ মনলৈ বাৰে বাৰে আহি আছিল সেই ৰোগীজনৰ মূখখন । পিছদিনা বাতৰি কাকতত তেওঁ পঢ়িবলৈ পালে যান-জঁটত আবদ্ধ হৈ মৃত্যুবৰণ কৰা এজন ৰোগীৰ কথা । এইজন সেই ৰোগীজনেই আছিল । এই বাতৰিটো পঢ়াৰ পাছত তেওঁ থিৰেৰে থাকিব নোৱাৰিলে । তেওঁ ভাবিববলৈ ধৰিলে ইয়াৰ বাবে কোন জগৰীয়া । ড° যাদৱৰ ভাষাত- 

"মোক এক ধৰণৰ অপৰাধবোধে আগুৰি ধৰিলে । মই এজন চিকিৎসক হৈও ৰোগীজনৰ বাবে একো কৰিব নোৱাৰিলো । পিছদিনা মোক যেন মোৰ ভৰি দুখনে সেই ঠাইলৈ টানি লৈ গ'ল । সেইদিনা তাত এজন ট্ৰেফিক কৰ্মীও উপস্থিত আছিল । বোধহয় প্ৰশাসনে ৰোগীজনৰ মৃত্যুৰ পাছত সেই পদক্ষেপ লৈছিল । মই সেই ট্ৰেফিক কৰ্মীজনৰ সহোযোগী হৈ পৰিলো ।" 

image


তেওঁ সেই ট্ৰেফিক কৰ্মীজনক সহায় কৰিবলৈ ধৰিলে । এইদৰেই আৰম্ভ হ'ল এক পৰম্পৰা । পিছলৈ তেওঁ এটা সুহুৰি আৰু এটা লাউডস্পীকাৰো কিনি ল'লে যাতে কামটো সুকলমে কৰিব পৰা যায় আৰু কোনো ৰোগী এইদৰে মৰিব লগীয়া নহয় ।

যোৱা ছবছৰ ধৰি ড° যাদৱে এই কাম কৰি আহিছে । তেওঁৰ ঘৰৰ ওৰতে দুটা ব্যস্ত চাৰিআলি আছে । ছেক্টৰ ১২-২২ আৰু ছেক্টৰ ৫৫-৫৬ । এই দুয়োটা চাৰিআলিত তেওঁ পুৱা ৮ বজাৰপৰা ১০ বজালৈ যান-বাহন নিয়ন্ত্ৰণ কৰে । পথ সুৰক্ষা সম্পৰ্কীয় সজাগতামূলক শ্ল'গান লিখা এপ্ৰন পৰিধান কৰি ট্ৰেফিক নিয়ন্ত্ৰণ কৰা ড° যাদৱ 'ট্ৰেফিক মেন' নামেৰ পৰিচিত হৈ পৰিছে । 

কেৱল ঘৰৰ কাষৰ ট্ৰেফিকেই নহয় যিকোনো ঠাইতে তেওঁ যানজঁট দেখিলেই সক্ৰিয় হৈ পৰে । তেওঁৰ হাতত থকা সুহুৰি আৰু লাউড স্পীকাৰ হাতত লৈ তেওঁ যান-বাহন নিয়ন্ত্ৰণত ব্যস্ত হৈ পৰে । তেওঁ বাটে-পথে, নিজৰ ক্লিনিকত আনকি ঘৰতো পথ সুৰক্ষা সম্পৰ্কীয় প্ৰচাৰ পত্ৰ বিতৰণ কৰে । 

image


"মানুহৰ মাজত সজাগতা অনা দৰকাৰী । অন্যথা ট্ৰেফিক নিয়ন্ত্ৰণৰ সকলো চৰকাৰী প্ৰয়াস বৃথা । মই আগলৈ স্কুল কলেজৰ ছাত্ৰ-ছাত্ৰীৰ মাজত পথ সুৰক্ষা সম্পৰ্কে সজাগতা অভিযান চলাম ।" তেওঁ কয় ।

ড° যাদৱৰ এই প্ৰচেষ্টাৰ যান-বাহন বিভাগেও শলাগ লয় । কেইবাটাও সামজিক অনুষ্ঠানে তেওঁক সম্বৰ্ধনা জনাইছে । আৰম্ভণীতে তেওঁৰ পৰিয়াল এই কামৰ বিৰোধী আছিল । কিন্তু বৰ্তমান তেওঁলোকে তেওঁক সমৰ্থন কৰে । ড° যাদৱে কয়,

"কিছুমান মানুহে মোক সমালোচনাও কৰে । কিন্তু মই সেইবোৰত গুৰুত্ব নিদিও । এই কাম কৰি মই সন্তুষ্টি লাভ কৰোঁ আৰু কোনো সমালোচনাই মোক বাধা দিব নোৱাৰে । অৱশ্যে মহানগৰীত সমালোচকতকৈ মোৰ সমৰ্থকৰ সংখ্যা বেছি আৰু তেওঁলোকে মোক সদায় উৎসাহ দিয়ে ।"

মূল- হুছেইন তাবিশ্ব

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

মুক-বধিৰ কৰ্মচাৰীৰে চলোৱা, মুম্বাইৰ এখন আগশাৰীৰ ৰেষ্টোৰাঁ

গৱেষণা ক্ষেত্ৰখনত অসমৰ ছাত্ৰ-ছাত্ৰীৰ বাবে প্ৰচুৰ সম্ভাৱনা কঢ়িয়াই আনিছে এডুপেকডে

জুইয়ে পুৰি সোণ কৰা মহিলাগৰাকী

প্ৰাৰম্ভিক উদ্যোগীসকললৈ ২০ টা বিনামূলীয়া আহিলা