মুক-বধিৰ কৰ্মচাৰীৰে চলোৱা, মুম্বাইৰ এখন আগশাৰীৰ ৰেষ্টোৰাঁ

0

আপুনি কেতিয়াবা এনেকুৱা কোনো ৰেষ্টোৰাঁলৈ গৈছেনে যত আপুনি আপোনাৰ অৰ্ডাৰটো মুখেৰে কৈ নহয়, সাংকেতিক ভাষাৰে দিব আৰু ৱেইটাৰজনেও আপোনাৰ সংকেত বুজি আপোনাত তুৰন্তে সেৱা আগবঢ়াব। এনেকুৱা এক প্ৰচেষ্টাৰেই আগ বাঢ়িছে মুম্বাইৰ প্ৰশান্ত ঈশ্বৰ আৰু অনুজ গোয়েলে। এওঁলোকে বহুবছৰ বিদেশত কটোৱাৰ পিছত নিজৰ ব্যৱসায়ত এনেকুৱা লোকক নিয়োজিত কৰিলে, যিসকল মুক-বধিৰ কিন্তু সাধাৰণ লোকতকৈ বেছি ভালকৈ বুজিবলৈ সক্ষম। তেওঁলোকে খুব ধুনীয়াকৈ কাম কৰিব পাৰে আৰু সকলোতকৈ ভাল কথাটো হল কামৰ হেঁচাৰ পিছতো তেওঁলোকৰ মুখত এটা মিচিকিয়া হাঁহি সদায়েই থাকে। মুম্বাইৰ হিৰান্দানী গাৰ্ডেনস্থিত ‘মিৰ্চ এণ্ড মাইম’ হয়তো দেশৰ একমাত্ৰ ৰেষ্টোৰাঁ যত কাম কৰা প্ৰতিগৰাকী পুৰুষ আৰু মহিলা মুক-বধিৰ।


অসহায় সকলৰ বাবে কিবা এটা কৰাটোৱেই হৈছে মুম্বাইৰ প্ৰশান্ত ঈশ্বৰ আৰু অনুজ গোয়েলক নিজৰ দেশলৈ পুনৰ ওভতাই অনাৰ মূল কাৰণ। দুয়োৱে বেলেগ বেলেগ সময়ত ইংলণ্ডৰ হেনৰী বিজনেছ স্কুলৰ পৰা এমবিএ ডিগ্ৰী গ্ৰহণ কৰিছিল। অনুজে বাণিজ্য আৰু ব্যৱস্থাপনা বিভাগত আৰু প্ৰশান্তই ২০০৮চনত হোটেল আৰু ৰেষ্টোৰাঁৰ ব্যৱস্থাপনা বিষয়ত এমবিএ কৰিছিল। এমবিএৰ পিছত অনুজ আফ্ৰিকালৈ গুছি গৈছিল আৰু প্ৰশান্ত লণ্ডনতে থাকি গৈছিল। শিক্ষা সাং কৰি প্ৰশান্তই নিজৰ ব্যৱসায়ৰ কথা ভাবি ২০১১চনত পাৰ্ক গ্ৰুপ অৱ হোটেলৰ এমডিৰ সৈতে ভাৰতলৈ উভটি আহিল। ভাৰতত তেওঁ কেইবাখনো হোটেলৰ সৈতে কাম কৰিলে আৰু কিছু দিনৰ পিছত তেওঁ অনুভৱ কৰিলে যে তেওঁ নিজৰ উদ্দেশ্যৰ পৰা বিচলিত হৈছে।

প্ৰশান্তই য়'ৰ ষ্ট'ৰীক জানিবলৈ দিয়ে,

"সেই সময়ত মই ভাবিবলৈ আৰম্ভ কৰিলে যে এয়া মই কি কৰিবলৈ ধৰিছো? মোৰ উদ্দেশ্য আছিল নিজৰ ব্যৱসায় আৰম্ভ কৰা। অথচ মই আনৰ বাবে কাম কৰিবলৈ ধৰিছো। তাৰ পিছত মই কনচাল্টেন্সী আৰু হোটেলৰ আঁচনি প্ৰস্তুত কৰাত লাগিলো।”

প্ৰশান্তৰ মতে সেই সময়ছোৱাত লিংকডইনৰ জৰিয়তে তেওঁ অনুজৰ সৈতে চিনাকী হল আৰু তেৱো নিজৰ ব্যৱসায় আৰম্ভ কৰাৰ কথা ভাবি আছিল। লগ পোৱাৰ পিছত কথা বতৰাৰ মাজতে আমি আলোচনা কৰিলো যে এমবিএৰ শিক্ষাৰ সময়ত নৈতিকতাৰ পাঠো পঢ়োৱা হৈছিল। যত শিকোৱা হৈছিল যে যিকোনো ব্যৱসায় কৰাৰ লগতে সমাজৰ হিতৰ কথাও মনত ৰখা উচিত। দুয়োৰে ভাল লগা আন এক কথা আছিল যে ক্ষমতা আৰু কৌশলতকৈ বেছি নিজৰ কামৰ প্ৰতি দায়বদ্ধতা আৰু সততা ৰখাটোও প্ৰয়োজন।

সেই সময়ছোৱাতে প্ৰশান্ত আৰু অনুজ শীশিৰ গোয়েল আৰু ৰাজশেখৰ ৰেড্ডিৰ সৈতে চিনাকী হয়। এই দুয়োগৰাকীয়ে ইতিপূৰ্বৰে পৰা মুম্বাইত ইণ্ডিয়া বাইট নামৰ এক সফল কোম্পানী চলাই আছিল। তেওঁলোকে ফেচবুকত টৰন্তোৰ এখন চাইন ৰেষ্টোৰাঁ দেখিলে আৰু সেইধৰণৰে এখন ৰেষ্টোৰাঁ মুম্বাইতো খোলাৰ প্ৰস্তাৱ এওলোকৰ আগত ৰাখিলে।

প্ৰশান্ত আৰু অনুজৰ মতে তেওঁলোকে এই চিন্তাটো পচণ্ড কৰিলে কাৰণ প্ৰশান্তই নিজৰ ২১বছৰীয়া কেৰিয়াৰত ভাৰত আৰু ব্ৰিটেইনত ১৭ৰ পৰ ১৮থন ৰেষ্টোৰাঁ খুলিছিল আৰু সফলো হৈছিল। কিন্তু মুক-বধিৰৰ সৈতে কাম কৰাৰ কোনো অভিজ্ঞতা নাছিল।

প্ৰশান্ত আৰু অনুজে এই কামটো আৰম্ভ কৰাৰ আগতে মুক-বধিৰ লোকসকলৰ পিতৃ-মাতৃক সাক্ষাত কৰি তেওঁলোকক বুজাইছিল যে তেওঁলোকৰ সন্তানেও ভালকৈ কাম কৰিব পাৰিব।

প্ৰশান্তই কয়,

“মই আৰু অনুজে ভাবিলো যে আমি যদি আমাৰ ব্যৱসায়ত এনেকুৱা লোকক নিয়োদিত কৰিব লাগে তেনেহলে আমিও সাংকেতিক ভাষা শিকি লব লাগিব। তাৰ পিছত আমি চাইন লেংগুৱেজ শিকিলো আৰু মুক বধিল লৰা-ছোৱালীসকলৰ সৈতে কথা পাতি বুজি উঠিলো যে তেওঁলোকেও কাম কৰিবলৈ সক্ষম। কথা বতৰাৰ মাজতে আমি আৰু এটা কথা গম পালো যে এনেকুৱা মুক-বধিৰ লৰা-ছোৱালীবোৰ আন সাধাৰণ লৰা-ছোৱালীতকৈ বেছি চোকা আৰু পৰিশ্ৰমী।”

প্ৰশান্ত আৰু অনুজে ইয়াৰ পিছত নিজৰ ৰেষ্টোৰাঁখনৰ কথা ভাবিবলৈ আৰম্ভ কৰিলে আৰু এই লৰা-ছোৱালীবোৰক প্ৰশিক্ষন দিয়া আৰম্ভ কৰিলে। তেওঁলোকৰ বাবে ৮সপ্তাহৰ এক বিশেষ সূচী প্ৰস্তুত কৰা হ'ল। সেই প্ৰশিক্ষন সূচীক চাৰিটা ভাগত বিভক্ত কৰা হ'ল। প্ৰথম ভাগত তেওঁলোকক শিকোৱা হ'ল জীৱন কিদৰে চলে আৰু কিদৰে কাম-কাজ কৰা হয়। কাৰণ তেওঁলোকৰ সৰহসংখ্যকে কেতিয়াও কামেই কৰি পোৱা নাছিল। দ্বিতীয় ভাগত তেওঁলোকক এটা চাকৰিৰ প্ৰয়োজন সম্পৰ্কত বুজোৱা হ'ল। তৃতীয় ভাগত সাধাৰণ ইংৰাজীৰ জ্ঞান দিয়া হ'ল। চতুৰ্থ তথা অন্তিম ভাগত তেওঁলোকক হস্পিতালিটিৰ প্ৰশিক্ষন দিয়া হল। তাৰ পিছতে ‘মিৰ্চ এণ্ড মাইম’ক প্ৰশান্ত আৰু অনুজে কেৱল নিজৰ আত্মীয় স্বজনৰ বাবে মুকলি কৰিলে আৰু তেওঁলোকৰ বাবে বিনামুলীয়া খাদ্যৰ ব্যৱস্থা কৰিলে । সেইখিনি সময়ত চাৰ্ভিছৰ সকলো কাম এই ৱেইটাৰসকলে চোৱাচিতা কৰিছিল। আত্মীয়-স্বজনৰ পৰা পোৱা ভাল প্ৰতিক্ৰিয়াৰ পিছত ২০১৫চনত তেওঁলোকে ৰেষ্টোৰাঁখন সাধাৰণ লোকৰ বাবে মুকলি কৰি দিলে।

প্ৰশান্তই কয়-

“এইসকল মুক-বধিৰে সাধাৰণ ৱেইটাৰৰ তুলনতা ইমানেই ভাল কাম কৰিবলৈ সক্ষম হ'ল যে আৰম্ভণীৰ ৬মাহৰ ভিতৰতেই জোমাটোৰ ‘হায়েষ্ট ৰেটেড ৰেষ্টোৰাঁ ইন মুম্বাইৰ’ খিতাপ লাভ কৰিবলৈ সক্ষম হ'লো। য'ত ৮০০ ৰিভ্যুৰ লগতে আমি ৪.৯ ৰেটিং লাভ কৰিলো।”

নিজৰ ৰেষ্টোৰাঁত কাম কৰা মুক-বধিৰ ৱেইটৰাসকলৰ প্ৰশংসা কৰি প্ৰশান্তই কয় যে তেওঁলোকে নিজৰ কামক লৈ অত্যন্ত সজাগ হৈ থাকে আৰু আতিথ্যৰ সকলো গুণেই তেওঁলোকৰ মাজত মজুত আছে। যেনে ধৰক তেওঁলোকে সদায়েই মিচিকিয়াই হাঁহি থাকে, দ্বিতীয়তে তেওঁলোক তেওঁলোকৰ কামটোক লৈ সচেষ্ট কাৰণ তেওঁলোকে শুনা নাপায় আৰু তৃতীয়তে তেওঁলোকে আন লোকৰ অনুভুতিক বুজিব পাৰে। এজন গ্ৰাহকক আৰু কি লাগে, যেতিয়া এজন ৱেইটাৰে মিচিকিয়া হাঁহিৰে তেওঁলোকৰ মনৰ অনুভৱক বুজি লৈ তেওঁলোকক সেৱা প্ৰদান কৰিব। এই ৰেষ্টোৰাঁখনত ২৪গৰাকী মহিলা আৰু পুৰুষ ৱেইটাৰ আছে। তেওঁলোকৰ গড় বয়স ২২ৰ পৰা ৩৫ৰ ভিতৰত এই ৰেষ্টোৰাঁখনত একেলগে ৯০গৰাকী লোকে বহিব পৰা সুবিধা আছে।

প্ৰশান্তৰ মতে ৰেষ্টোৰাঁ ব্যৱসায়ত প্ৰায় ৬০ শতাংশ লোকে কাম এৰি গুছি যায়। কিন্তু তেওঁলোকৰ সেই সংখ্যা মাত্ৰ ২ৰ পৰা ৩। কাৰণ এইসকল লোকে বেলেগৰ ওপৰত সোনকালে ভৰষা নকৰে আৰু এবাৰ যদি আপোনাক বিশ্বাসত লৈ লয়, তেনেহলে আপোনাক আৰু নেৰে। সেইবাবেই তেওঁলোকক ৩৫ শতাংশ অধিক দৰমহা প্ৰদান কৰা হয়। তেওঁলোকে তেওঁলোকৰ চাৰ্ভিচ ষ্টাফক একোটা টি-চাৰ্ট প্ৰদান কৰিছে যত পিঠিৰ ফালে লিখা আছে “আই ন চাইন লেংগুৱেজ, হোৱাট ইজ য়'ৰ চুপাৰপাৱাৰ”। ইয়াৰ উদ্দেশ্য এটায়েই যে কোনো লোকেই যাতে তেওঁলোকক দয়াৰ দৃষ্টিৰে নাচায়। কাৰণ তেওঁলোকো সাধাৰাণ লোকৰ দৰেই। প্ৰশান্তৰ মতে “বাস্তৱত আমিহে বিকলাংগ কাৰণ আমি শুনিব আৰু ক'ব পাৰোঁ। এওঁলোকে যদি আমাক বুৰ্বক বনাব বিচাৰে তেনেহলে অনায়াসে পাৰে। আমি গমেই নাপাম।” নিশা দহ বজালৈ কাম কৰা মহিলা ৱেইটাৰক তেওঁলোকে নিজ নিজ ঘৰত থৈ অহাৰ ব্যৱস্থা কৰে আৰু পুৰুষ ৱেইটাৰসকলক সমীপৱৰ্তী বাছ বা ৰেল ষ্টেশ্বনত থৈ আহে।

ইয়াৰ উপৰিও তেওঁলোকে কৈছে যে তেওঁলোকৰ তাত কাম কৰা যিকোনো কৰ্মচাৰীয়েই, লাগিলে ৰান্ধনীয়েই হওঁক বা ৱেইটাৰেই হওঁক, যিসকলে এক বছৰ সম্পূৰ্ণ কৰিছে তেওঁলোকক কোম্পানীৰ শ্বেয়াৰ প্ৰদান কৰিব। যিটো তেওঁলোকে তিনি বছৰৰ পিছত ত্যাগ কৰিব পাৰিব। কোম্পানীত মুঠ ৯০ শতাংশ বিনিয়োগ প্ৰশান্ত, অনুজ, শীশীৰ আৰু ৰেড্ডীয়ে কৰিছে। বাকী ১০শতাংশ তেওঁলোকে বন্ধুসকলৰ পৰা লৈছে। প্ৰশান্ত আৰু অনুজ হৈছে কোম্পানীৰ সহ-প্ৰতিস্থাপক আৰু শীশীৰ আৰু ৰেড্ডী হৈছে এঞ্জেল বিনিয়োগকাৰী। ভৱিষ্যত পৰিকল্পনা সন্দৰ্ভত প্ৰশান্তই কয় যে তেওঁলোকে অহা ৩ৰ পৰা ৫বছৰৰ ভিতৰত দেশৰ ভিতৰত ১৮খন আৰু ডুৱাই, ছিংগাপুৰ আৰু লণ্ডনত একোখনকৈ এইধৰণৰ ৰেষ্টোৰাঁ খুলিব। যত তেওঁলোকৰ চাৰ্ভিছ ষ্টাফ হব মুক-বধিৰ। ইয়াৰ জৰিয়তে মুঠ ৬০০ মুক-বধিৰ লোকে সংস্থাপন লাভ কৰিব। এই সপোন বাস্তৱ কৰিবলৈ তেওঁলোকক আৰু অধিক বিনিয়োগৰ প্ৰয়োজন হব আৰু তাৰ বাবে তেওঁলোকে বিভিন্ন কোম্পানীৰ সৈতে কথা বতৰা অব্যাহত ৰাখিছে। 

মূলঃহৰিশ

অনুবাদঃ প্ৰাঞ্জল শৰ্মা

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

গৱেষণা ক্ষেত্ৰখনত অসমৰ ছাত্ৰ-ছাত্ৰীৰ বাবে প্ৰচুৰ সম্ভাৱনা কঢ়িয়াই আনিছে এডুপেকডে

প্ৰাৰম্ভিক উদ্যোগীসকললৈ ২০ টা বিনামূলীয়া আহিলা

জুইয়ে পুৰি সোণ কৰা মহিলাগৰাকী

যাদুৰ দেশৰ এজন যাদুকৰ বিক্ৰম তালুকদাৰ


 

Related Stories