জীৱনৰ প্ৰথম লক্ষ্যত উজুটি খাই হতাশ নোহোৱা কোটিপতি ব্যৱসায়ী সৌম্যা গুপ্তা

জীৱনৰ প্ৰথম লক্ষ্যত উজুটি খাই হতাশ নোহোৱা কোটিপতি ব্যৱসায়ী সৌম্যা গুপ্তা

Sunday February 14, 2016,

6 min Read

জীৱনত কেতিয়াবা এনে কিছুমান সময় আহে যেতিয়া ভাৱ হয় যেন জীৱনটো কৰবাত থমকি ৰ'ল।আগবাঢ়ি যোৱাৰ বাটবোৰ যেন ৰুদ্ধ হৈ পৰে।সন্মুখত কেৱল অন্ধকাৰে আৱৰি থকাৰ দৰে লাগে।আৰু মনলৈ হতাশা আহি পৰে।কিন্তু এই হতাশাৰ পাৰ ভাঙি মনলৈ পুনৰ উদ্যম আনি জীৱনত আগবাঢ়ি যাব পাৰে সেইসকল ব্যক্তিয়ে যি ব্যক্তি প্ৰৱল ইচ্ছা শক্তিৰ অধিকাৰী।নিজৰ সক্ষমতাৰ ওপৰত যাৰ সম্পূৰ্ণ বিশ্বাস থাকে।মানুহৰ জীৱনলৈ এনে সময় যিকোনো বয়সত, যিকোনো কাৰণত আহিব পাৰে।

সৌম্যা গুপ্তা নামৰ যুৱতী গৰাকীৰ জীৱনলৈ এনে পৰিস্থিতি আহিছিল এনে সময়ত, যি সময়ত সকলোৱে জীৱনত কেৰিয়াৰ গঢ়াৰ চেষ্টা কৰে।যিখিনি সময়ক জীৱনৰ 'টাৰ্ণি পইন্ট' বুলি কোৱা হয় সেই পইন্টতে উজুটি খাইছিল সৌম্যা গুপ্তাই।জীৱনত এটা ৰঙীন সপোন লৈ আগবাঢ়ি যাওঁতেই সেই সপোন ভাঙি পৰিছিল।সন্মুখত অন্ধকাৰৰ বাহিৰে একো দেখা নাছিল সৌম্যাই।

image


মুম্বাই নিবাসী সৌম্যা গুপ্তাই বিজ্ঞানত উচ্চতৰ মাধ্যমিক পাছ কৰাৰ পিছত আমেৰিকালৈ গৈছিল aviation পঢ়িবলৈ।তেওঁৰ সপোন আছিল পাইলট হোৱা।যিসময়ত সৌম্যাই এনে এটা সিদ্ধান্ত লৈছিল, সেই সময়ত খুব কম সংখ্যক ছোৱালীহে এনে বিষয়ৰ প্ৰতি আগ্ৰহী আছিল।কিন্তু সৌম্যাই সদায় সোঁতৰ বিপৰীতে যোৱাৰ সাহস কৰিছিল।কিন্তু দুখৰ বিষয় ২০০৮ চনত পাইলটৰ কেৰিয়াৰত আহি পৰা প্ৰত্যাহ্বানে এয়াৰলাইনত প্ৰভাৱ পেলাইছিল।উপায়হীন হৈ পঢ়া আধাতে সামৰি সৌম্যা ঘৰলৈ ঘূৰিব লগা হল।ইতিমধ্যে তেওঁৰ পঢ়াত পঞ্চাশ লাখ টকা খৰচ হৈছিল।

'মই এবছৰ ধৰি ঘৰতে থাকিলো আৰু বিভিন্ন এয়াৰলাইনছৰ চাকৰিৰ বাবে এপ্লাই কৰিছিলো।কিন্তু কাৰো পৰা উত্তৰ পোৱা নাছিলো।মই হতাশাত ভুগিছিলো এই কথা চিন্তা কৰি সমাজে মোৰ কথা বা কি ভাবিছে।বহুতে নিশ্চয় ভাবিছে মই পঢ়া পাছ কৰিব নোৱাৰি ঘূৰি আহিলো।মই কোনো কামৰ বাবে উপযুক্ত ছোৱালী নহয়..ইত্যাদি...ইত্যাদি।'

অৱশেষত সৌম্যাৰ নীৰৱতা ভংগ কৰিলে তেওঁৰ পিতৃ-মাতৃয়ে।তেওঁলোকে সৌম্যাক ক'লে যে সৌম্যাই এতিয়া এটা চাকৰি বিচৰা উচিত কিয়নো সদায় তেওঁলোকে সৌম্যাৰ পকেট খৰচ বহন কৰিব নোৱাৰে।কিন্তু আন এখন ক্ষেত্ৰত চাকৰি পোৱাটো ইমান সহজ নাছিল।যিহেতু তেওঁ প্ৰফেশ্যনেল পাইলট হোৱাৰ পূৰ্বেই শিক্ষা এৰি আহিব লগা হৈছিল,গতিকে কাগজে পত্ৰই তেওঁৰ শিক্ষাগত অৰ্হতা H.S. পাছ।দ্বাদশ শ্ৰেণী উত্তীৰ্ণ এগৰাকীক কোনেও ভাল চাকৰি দিব নিবিচাৰে।'মই ইতিমধ্যে বিশ বছৰত ভৰি দিছিলো।গতিকে মোৰ নিজা খৰচৰ বাবে পইচাৰ প্ৰয়োজন হৈছিল।'

সৌম্যাই এটা কল চেন্টাৰত চাকৰি পালে য'ত তেওঁ বিশ হাজাৰ টকা দৰমহা পাইছিল।'জইন কৰাৰ প্ৰথম দিনাই মোৰ ভাৱ হৈছিল যে মই সদায় এই চাকৰি কৰিব নোৱাৰিম।মই বিচৰা কাম এইটো নহয়।মই আঠ মাহ সেই চাকৰি কৰি কিছু টকা জমা কৰিছিলো।কাৰণ মই ইয়াৰ পৰা অব্যাহতি পোৱাৰ কথা চিন্তা কৰি আছিলো।'

image


সেই দিনটো খুব সোনকালে আহিছিল যিদিনা কামৰ পৰা অহাৰ পিছত তেওঁক হতাশাই আৱৰি ধৰিছিল।আবেগিক হৈ সৌম্যাই কান্দি পেলাইছিল।'মোক এনে অৱস্থাত দেখি মায়ে মই কৰি ভালপোৱা এটা কাম বিচাৰিবলৈ কলে।তেতিয়া মোৰ মনলৈ কেৱল কাপোৰৰ কথা আহিছিল।মই মাক কৈছিলো যে মই অলপ কাপোৰ কিনি ঘৰত প্ৰদৰ্শন কৰিব বিচাৰো।সদায় আগবঢ়োৱাৰ দৰে মায়ে মোৰ সিদ্ধান্তত সমৰ্থন আগবঢ়াইছিল।আৰু মোক -কৈছিল তেন্তে ব'লা আমি আৰম্ভ কৰোঁ।'

'সৌভাগ্যক্ৰমে মই মোৰ কৰ্মক্ষেত্ৰ সলনি কৰিব পাৰিলো।ইয়াৰ লগতে পঞ্চাশ লাখ টকা উপাৰ্জনৰ যোগ্যতা থকা কেৰিয়াৰ দলিয়াই পেলালো।মোৰ পিতৃ-মাতৃয়ে মোক উৎসাহ দি কৈছিল যে মই জীৱনত বহু আগবাঢ়ি যাব পাৰিম।মই যি কামেই কৰোঁ মই সুখী হোৱাটো তেওঁলোকে কামনা কৰিছিল।কিন্তু লগতে এই কথা স্পষ্ট কৰি দিছিল যে মোৰ ব্যৱসায়ত আৰ্থিকভাৱে মোক সহায় কৰিব নোৱাৰিব।সেয়ে মই প্ৰথমে বেছি উচ্চাকাংক্ষী নহৈ সাধাৰণভাৱে আৰম্ভ কৰাৰ কথা চিন্তা কৰিলো।'

তেওঁলোক প্ৰথমে এজন কাপোৰ ব্যৱসায়ীৰ কাষ চাপিছিল যি উচ্চ মানৰ ফেশ্বন ব্ৰেণ্ড যেনে- Roberto Cavalli, Jean Paul Gautier আদিৰ এক্সপৰ্ট ব্যৱসায় কৰে।'মই মাত্ৰ ত্ৰিশ যোৰ কাপোৰ কিনিব পাৰিলো।তাৰ পাছত মোৰ মুম্বাইত থকা সকলো বন্ধু-বান্ধৱীক মেছেজ কৰি সৰুকৈ আয়োজন কৰা ঘৰুৱা প্ৰদৰ্শনীলৈ নিমন্ত্ৰণ কৰিলো।আশ্চৰ্যজনক ভাবে ব্ৰেণ্ডৰ নাম শুনি প্ৰদৰ্শনী আয়োজনৰ এদিনৰ আগতেই ঘৰত লোকৰ সমাগম ঘটিল।সকলোৱে পছন্দৰ কাপোৰযোৰ কিনাত উঠি-পৰি লাগিল।প্ৰদৰ্শনৰ এদিনৰ আগতেই সকলো কাপোৰ বিক্ৰী হৈ গ'ল।'

পৰৱৰ্তী সময়ত ৪৫ যোৰ,৬০ যোৰ,৮০ যোৰ, এনেকৈ সৌম্যাই ব্যৱসায় প্ৰসাৰ কৰি গ'ল।'লাহে লাহে মোৰ বিশ্বাস হ'ল যে মই কিবা এটা কৰিব পাৰিছো।ব্যৱসায়ত পুঁজি বিনিয়োগ কৰাৰ কথা চিন্তা কৰিলো।মই মোৰ ব্যৱসায়ত চিনাকি আনিবলৈ আৰু মোৰ এই কেৰিয়াৰক আগুৱাই নিবলৈ Fashion & You ৰ দৰে পৰ্টেলৰ কথা চিন্তা কৰিলো।কিন্তু মোৰ হাতত এটা ভাল কেমেৰা নাছিল।মই যাতে টকা সাঁচিব পাৰো তাৰবাবে বেছি সামাজিক অনুষ্ঠান, ফ্ৰেণ্ডছ পাৰ্টি আদিলৈ যোৱা বাদ দিলো।কাৰণ মোৰ বাবে তেতিয়া এটা এটা টকা বহু মূল্যবান আছিল।'

সৌম্যাই এগৰাকী ফটোগ্ৰাফাৰ বান্ধৱীক লগ কৰিলে যি পৰ্টফলিঅ' শ্বুটিঙৰ বাবে ইচ্ছুক আছিল।তেওঁ প্ৰতিটো শ্বুটৰ বাবে ষ্টুডিঅ'ৰ খৰচ আৰু কাপোৰৰ যোগান ধৰাৰ দায়িত্ব ল'লে।কিন্ত এতিয়া আহিল মডেলৰ সমস্যা।কিয়নো প্ৰফেশ্বনেল মডেল ল'বলৈ দুয়ো গৰাকীৰে সামৰ্থ্য নাছিল।এই সমস্যাৰ সমাধান উলিয়াবলৈ সৌম্যাই তেওঁৰ বায়েকৰ বান্ধৱী এগৰাকীক লগ ধৰিলে।তেওঁ বিনা পইচাত তেওঁলোকৰ শ্বুটিঙৰ মডেল হবলৈ সন্মতি জনালে।

এনেদৰে শ্বুট কৰা ফটো সমূহ তেওঁ 'ফেশ্বন এণ্ড ইউ' লৈ পঠিয়ালে।তেওঁলোকে সৌম্যাৰ কাপোৰৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰিলে।

'কিন্তু আৰু এক প্ৰত্যাহ্বান আমাৰ বাবে ৰৈ আছিল।আমাক এটা প্ৰফেশ্যনেল ফটো শ্বুট কৰাৰ প্ৰস্তাব আগবঢ়ালে Fashion & You এ।যাৰ বাবে বহু খৰচ কৰিব লগীয়া হয়।আমি মূলধনৰ কথা চিন্তা কৰি আকৌ ৰৈ গ'লো।কিন্তু সমস্যা য'ত আছে তাত সমাধানৰ পথো আছে।আমি কলেজীয়া ছাত্ৰী সকলক মডেল হিচাপে লোৱাৰ কথা ভাবিলো।মা আৰু মই 'মিথিবাই কলেজ'ৰ বাহিৰত ৰৈ ছাত্ৰী সকলক শ্বুটৰ বাবে পতিয়ন নিয়াবলৈ চেষ্টা কৰিলো।অৱশেষত বহু ছাত্ৰী মান্তি হৈছিল।আমি তেওঁলোকক শ্বুটৰ বিনিময়ত দুযোৰকৈ কাপোৰ দিছিলো।'

image


পুঁজি গোটাবলৈ তেওঁলোকক তিনি মাহ সময় লাগিছিল।'মোৰ বয়স তেতিয়া ২১ বছৰ হোৱাৰ বাবে বেংকত ঋণ পোৱাৰ পৰা বঞ্চিত হৈছিলো।তথাপি এইচ.ডি.এফ.চি.বেংকৰ ঋণ বিচাৰি মই বহু সময় অবাবত খৰচ কৰিলো।২৩ বছৰ নোহোৱালৈকে বেংকে ঋণ প্ৰদান নকৰে।'

অৱশেষত তেওঁলোকে তেওঁলোকৰ ব্ৰেণ্ড Ten on Ten ৰ বাবে ছাত্ৰী সকলক লৈ ফটো শ্বুট কৰিলে।এই ফটো শ্বুটৰ দ্বাৰা 'ফেশ্বন এণ্ড ইউ' অতি প্ৰভাৱিত হৈ তেওঁলোকৰ সকলো কাপোৰ কিনিব বিছাৰিলে।প্ৰথম ৬০ যোৰ কাপোৰৰ পৰা বৰ্তমান ছয় লাখ টকাৰ কাপোৰলৈকে প্ৰতি বছৰে তেওঁলোকৰ ১৫০ শতাংশ কাপোৰৰ বিক্ৰী বাঢ়িল। ISO চাৰ্টিফিকেশ্বনেৰে বৰ্তমান মুম্বাই চিটিৰ মাজ মজিয়াত Ten on Ten ৰ পাঁচ হাজাৰ স্কুৱেৰ ফুটৰ সুবৃৎ অফিচৰ পৰিচালন সঞ্চালক সৌম্যা গুপ্তাই সগৌৰবে কয়-'প্ৰতি মাহে ১-১.২৫ কোটি আয়ৰ লগতে বছৰি ১০-১৫ কোটি আয় কৰিবলৈ সক্ষম হৈছো।'

কেৱল সেয়ে নহয় ২০১৫ চনৰ Woman Entrepreneur of the year এৱাৰ্ড লাভ কৰে সৌম্যা গুপ্তাই।সফলতাৰ এই পৰ্যায়ত উপনীত হৈ পিছে সৌম্যা গুপ্তাই অতীতৰ সংগ্ৰামৰ কথা পাহৰি যোৱা নাই।তেওঁ কয়-'মানুহে সদায় আপোনাৰ বিফলতাবোৰ আঙুলিয়াই আপোনাক সৰু কৰিবলৈ চেষ্টা কৰিব।মই প্ৰথমে দেখা সপোনটো কিয় সফল নহ'ল সেই কথা লৈহে মানুহে প্ৰশ্ন কৰে।এতিয়া মই জীৱনৰ পৰা শিকিছো যে কাকো আমনি কৰিবলৈ সুবিধা নিদিব।আপোনাৰ আগ্ৰহ আৰু সুখক প্ৰথম স্থান দিয়ক।কাপোৰ আৰু ফেশ্বন মোৰ আগ্ৰহৰ বিষয়।মই কাম কৰি ভাল পাওঁ, মই প্ৰত্যাহ্বান ল'বলৈ ভাল পাওঁ।আৰু মই মোৰ প্ৰতি দিনৰ কাম মই আনন্দৰে কৰোঁ।পৃথিৱীখনে আপোনাক তললৈ টানিবলৈ চেষ্টা কৰিব।সেইবুলি আপুনি নিজক পৰি যাবলৈ নিদিব।তেওঁলোক আপোনাক লৈ আগ্ৰহী নহয়, আপোনাৰ দোষবোৰ চাব বিচাৰে।আপোনাৰ যদি এটা সপোন আছে,তেন্তে আগবাঢ়ি যাওক।'


মূল:বিঞ্জল শ্বাহ

অনুবাদ:পূবালী ভাগৱতী


এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক


অন্যান্য কেতবোৰ কাহিনী

উন্নত মান, গ্ৰাহকৰ সন্তুষ্টিয়েই শক্তি অসমৰ ফাৰ্নিচাৰৰ ব্ৰেণ্ড 'কেনক্ৰাফট'ৰ

আৱৰ্জনা বোটলা শিশুসকলক শিক্ষাদানত ব্ৰতী বাৰাণসীৰ এজন ব্যক্তি

এসময়ৰ টমবয় ছোৱালীজনী আজি জনপ্ৰিয় ফেশ্যন ব্লগাৰ

দৰিদ্ৰ শ্ৰমিকৰ পৰা আমেৰিকান প্ৰযুক্তি কোম্পানীৰ মুখ্য কাৰ্যবাহী হোৱা এগৰাকী অসাধাৰণ নাৰীৰ অদম্য সাহসৰ কাহিনী