ষ্টাৰ্টআপৰ বাবে ডিজিটেল মাৰ্কেটিং

ষ্টাৰ্টআপৰ বাবে ডিজিটেল মাৰ্কেটিং

Saturday February 13, 2016,

4 min Read

ষ্টাৰ্টআপৰ আটাইতকৈ ভাল লগা কথাটো হল – নিজৰ প্ৰকল্প এটা নিজেই আৰম্ভ কৰাটো । তাৰপিছৰ পৰ্যায়ত কেইটামান ডাঙৰ প্ৰশ্ন হল – ষ্টাৰ্টআপটো কেনেকৈ বহু লোকৰ ওচৰলৈ লৈ যাব পাৰি , আপোনাৰ ব্যৱসায়টোক কেনেকৈ সঠিক দিশসহ গতি দিব পাৰি, কেনেকৈ তাক সফল কৰি তুলিব পাৰি ,কেনেকৈ নিচেই সামান্য বাজেটেৰে নিজৰ সপোনবোৰ দিঠকত পৰিণত কৰিব পাৰি ?

আহকছোন, এটা বুনিয়াদী প্ৰশ্নেৰেই আৰম্ভ কৰোঁ - ষ্টাৰ্টআপক কিয় মাৰ্কেটিঙৰ প্ৰয়োজন ?

ষ্টাৰ্টআপে তেওঁলোকৰ ব্যৱহাৰকাৰীসকলৰ অৰ্থাত উপভোক্তাসকলৰ বহু সমস্যা সমাধান কৰে আৰু সঠিক উপভোক্তাসকলৰ সৈতে সংযোগ স্থাপন কৰাটোৱেই হল একোটা পৰ্যায়লৈকে ব্যক্তিগতভাৱে কৰা মাৰ্কেটিং । তাৰোপৰি সঠিক উপভোক্তাসকলৰ সৈতে সংযোগ স্থাপন কৰাটোৱেই হ'ল প্ৰয়োজনসাপেক্ষ বৃহৎ পৰ্যায়ৰ মাৰ্কেটিং । তেওঁলোকে নিজেই নিজৰ ব্ৰেণ্ড একোটাৰ পৰিচয় গঢ়ি তুলিব লাগিব । বৰ্ত্তমানৰ দ্ৰুতগতিৰ এই বিশ্বত লেহেমীয়া গতি অৱধাৰিতভাবে ষ্টাৰ্টআপৰ বাবে হানিকাৰক ।

আৰম্ভণীৰ বাবে ডিজিটেল মাৰ্কেটিং--

image


পৰম্পৰাগত মাৰ্কেটিংৰ পৰিৱৰ্তে ডিজিটেল মাৰ্কেটিং কিয় ?

ডিজিটেল মাৰ্কেটিঙত এসোপামান ধন খৰচ নোহোৱাকৈয়ো আপুনি আপোনাৰ উপভোক্তাৰ আধাৰ গঢ়ি তোলাৰ অনেক জৈৱিক পদ্ধতি (organic means) আছে । এনে মাৰ্কেটিঙৰ ক্ষেত্ৰত প্ৰবেশত বিধি-পথালি দিয়া বাধা আৰু স্তৰ নিচেই কম । তেনেই কম আয়াসতে আৰু সঠিক লক্ষ্য-নিৰ্দিষ্ট ৰুপত বহু কাম কৰিব পাৰি , অথচ অপচয়ৰ পৰিমানো তেনেই সামান্য ।

ষ্টাৰ্টআপ হিচাবে আপোনাক ডিজিটেল মাৰ্কেটিঙে কেনেদৰে সহায় কৰিব পাৰে ?

ডিজিটেল মাৰ্কেটিঙে সচেতনতা বৃদ্ধি কৰাৰ লগতে আপোনাৰ কোম্পানী আৰু কেন্দ্ৰটোৰ স্থিতিও স্থিৰ কৰে । ডিজিটেল মাৰ্কেটিঙে যাতায়তৰ প্ৰবাহটোক গতি প্ৰদান কৰে আৰু পোনতে একাংশ গ্ৰাহকক আকৰ্ষিত কৰে । এই ধৰণৰ মাৰ্কেটিঙে লীডবোৰৰ উপৰি অনলাইন চেলবোৰ চলাই নিয়ে।

বাজেটৰ বাধাবোৰ মনত ৰাখি ষ্টাৰ্টআপক এনে কেতবোৰ কৌশল আৰু সঁজুলিৰ প্ৰযোজন, যিবোৰ তেওঁলোকে অতি কম খৰচতে ব্যৱহাৰ কৰিব পাৰে । আহক, আমি তেনে কেতবোৰ সঁজুলি বিচাৰি উলিয়াওঁ আৰু সেইবোৰ কেনেদৰে ব্যৱহাৰ কৰিব পাৰি সেয়া জানি লওঁ ।

এছ ই অ ( চাৰ্চ ইঞ্জিন অপ্টিমাইজেশ্ব্যন )--- ই ব্যয় ফলপ্ৰশূ আৰু দীৰ্ঘকালীনভাবে যথেষ্ট ফলদায়ক । এইবিধ সঁজুলিয়ে দৃষ্টিগোচৰতা বৃদ্ধিৰ উপৰি ৱেবচাইটটোৰ জৈৱিক (Organic) প্ৰবাহ বঢ়ায় । ইয়াৰ জৰিয়তে বিনামূলীয়া ব্ৰেণ্ডিং কৰিব পাৰি আৰু বৃদ্ধি পায় আস্থা আৰু বিশ্বাসো । এই সঁজুলিবিধৰ আন এক ডাঙৰ সুবিধা হল, ই আপোনাৰ ব্যৱসায়টো ২৪x৭ খোলা ৰাখে ।

এতিয়া এছ অ ই – ফ্ৰেইণ্ডলি কৰি তোলাৰ বাবে কি কৰা উচিত ?

আপোনাৰ ছাইটটো মোবাইল ফ্ৰেইণ্ডলি আৰু সুৰক্ষিত কৰি ৰাখক, বিশেষকৈ ই যদিহে ই-কমাৰ্চ ৱেবছাইট হয় । কেউটা পেজে সঠিক ভাৱে কাম কৰি আছেনে নাই , মন কৰক । । যথাযথ টেগ, হেডাৰ, বৰ্ণনা ব্যৱহাৰ কৰক । পেজবোৰ দ্ৰুততাৰে যাতে ৰি-লড হয় তাৰবাবে উপযোগী কৰি তোলক অৰ্থাত অপটিমাইজ কৰক । ছাইটটোত ভাল ভাল সমলৰ সমাবেশ ঘটাওক আৰু অনলাইনৰ জনসম্পৰ্ক ৰক্ষাত মনোনিবেশ কৰক । আপুনি আপোনাৰ ছাইটটো এনেদৰে প্ৰস্তত কৰক যাতে উপভোক্তাসকলে কথাবোৰ স্বতঃস্ফূৰ্তভাবে ইজনে সিজনক শ্বেয়াৰ কৰে ।

কনটেন্ট মাৰ্কেটিং – - ই অধিক প্ৰবাহ তথা লীড উৎপন্ন কৰে আৰু ব্ৰেণ্ডটোৰ সম্পৰ্কত সচেতনতা বৃদ্ধি কৰে । তাৰোপৰি ই বৰ্ত্তমান আৰু ভৱিষ্যতে ক্লায়েন্ট হোৱাৰ সম্ভাৱনা থকা ব্যক্তিসকলৰ মাজত সুহৃদ সম্পৰ্ক গঢ়ি তোলে ।

কনটেন্ট মাৰ্কেটিঙৰ ক`ত গুৰুত্ব দিব লাগে ?

নিয়মিতভাবে সুন্দৰ আৰু প্ৰাসংগিক সমল প্ৰকাশ কৰি থাকক । বিক্ৰী কৰাৰ একক কৌশল তৈয়াৰ কৰক । ব্লগ খোলক । তাত বিভিন্ন ধৰণৰ কাহিনী কওক আৰু বিভিন্ন প্ৰকাশৰ সহায় লৈ আপোনাৰ সমল প্ৰকাশ কৰক । তাৰোপৰি উপভোক্তাসকলৰ কাহিনীবোৰ সোঁৱৰাই থাকক ।

ছ`চিয়েল মিডিয়াৰ মাৰ্কেটিং – - ই ব্যয় ফলপ্ৰসূ আৰু ভাব প্ৰকাশৰ এখন প্লেটফৰ্ম । তাৰোপৰি ই বৰ্ত্তমান আৰু ভৱিষ্যতৰ গ্ৰাহকসকলৰ সৈতে সংযোগ স্থাপনৰ এক স্থল ।আপোনাৰ ব্যৱসায়ৰ সুবিধা অনুযায়ী আপোনাৰ বাবে এখন প্লেটফৰ্ম বাচি লওঁক- ফেচবুক, টুইটাৰ, লিংকড্ইন, গুগল প্লাছ, পিন্টাৰেষ্ট আৰু ইনস্টাগ্ৰাম ।

আপুনি এই প্লেটফৰ্মসমূহত কি কৰিব ?

চিন্তা কৰক, এজন ব্যক্তিয়ে কিয় আপোনাৰ কমিউনিটীটোৰ অংশীদাৰ হবলৈ খুজিব অথবা ফ’ল` কৰিব বিচাৰিব ? ( মোৰবাবে ইয়াত কিনো আছে ?) প্লেটফৰ্মখনত প্ৰথমে কেইটামান সমল প্ৰকাশ কৰক । তাৰপিছত উপভোক্তা সকলক চলাবলৈ দিয়ক, পৰ্যবেক্ষণ কৰি থাকক । তদুপৰি গ্ৰুপছ/ প্ৰশ্ন আৰু উত্তৰ/ কথা- বতৰা অৰ্থাৎ chat ফলদায়ক ৰুপত ব্যৱহাৰ কৰক ।

ই- মেইল মাৰ্কেটিং -- ই এক সৰল আৰু ব্যয় ফলপ্ৰশূ, ব্যক্তিগত, কাষ্টমাইজেবল আৰু উচ্চ আৰঅআইৰ সৈতে পৰিমাপযোগ্য । ইয়াৰ জৰিয়তে যিকোনো সংখ্যাৰ উপভোক্তাৰ সৈতে যোগাযোগ কৰিব পাৰে । টুইটাৰ বা ফেছবুক লগ লগালে যিমান ব্যৱহাৰকাৰী থাকে, ই- মেইলৰ তাৰ তিনিগুণ হব ।

কেনেকৈ ই- মেইল মাৰ্কেটিং কৰা উচিত ?

ছাৰ্ভিচ প্ৰ`ভাইডাৰ এজন বিচাৰি লব । ডু ইট য়`ৰছেল্ফ প্লেটফৰ্মবোৰ সাধাৰণতে ভাল । উদাহৰণস্বৰুপে কনছেন্ট কনটেক, মেইলচিম্প, ৱেবাৰ, এমেজন এছইঅ । কেলেণ্ডাৰ এখন তৈয়াৰ কৰক । গুৰুত্বপূৰ্ণ কথাতো হল - অনবৰতে বিক্ৰীৰ মনোভাৱ লৈ নাথাকিব । আপোনাৰ বেচিভাগ ই-মেইলেই হোৱা উচিত ফ্ৰী-ছাৰ্ভিচ সম্পৰ্কত ।

গ্ৰ`থ হেকিং----ই এক সুলভ মূল্যৰ আৰু পৰম্পৰাগত মাৰ্কেটিঙৰ উদ্ভাৱনী গুণসম্পন্ন বিকল্প ।

পিছে আৰম্ভণী কেনেদৰে হোৱা উচিত ?

পোনতে বিনামূলীয়াকৈ কিবা এটা অ`ফাৰ কৰক , ৰেফাৰেল প্ৰ`গাম এটা ছেটআপ কৰক । নিজা স্বকীয়তা বজাই ৰাখক । আপোনাৰ প্ৰডাক্টটো যাতে ভাইৰেল হৈ পৰে, তাৰ বাবে নিশ্চিতভাৱে এক উপাদান থকা উচিত ।

মূল লিখক – অমিতাভ বাৰ্মা

অনুবাদ – মনীষা তালুকদাৰ সন্দিকৈ


এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক


অন্যান্য কেতবোৰ কাহিনী

ব্যৱসায় আৰম্ভ কৰাৰ বাবে বিনিয়োগৰ প্ৰয়োজন নাই

ষ্টাৰ্টআপ আৰম্ভ কৰিব খুজিছে নেকি ? এই এঘাৰটা ভুল নকৰিব

‘আমি ভাল টীমতহে বিনিয়োগ কৰোঁ’ বুলি Venture Capitalists (VC)সকলে আচলতে কি বুজায়?

গ্ৰাহকক অসন্তুষ্ট নকৰাটোৱেই গ্ৰাহক ধৰি ৰখাৰ উপায়