মানসিক অসুস্থতাৰ আন্ধাৰ ফালি সহস্ৰজনক মুকলিলৈ অনাৰ স্বপ্ন YOURDOSTৰ

মানসিক অসুস্থতাৰ আন্ধাৰ ফালি সহস্ৰজনক মুকলিলৈ অনাৰ স্বপ্ন YOURDOSTৰ

Sunday November 29, 2015,

4 min Read

“মই আই আই টি গুৱাহাটীত পঢ়ি থকাৰ সময়ত মোৰ হোষ্টেলৰ বান্ধৱী এজনীয়ে আত্মহত্যা কৰিছিল।নিজৰ নিযুক্তিক লৈ তাই শংকাত ভুগিছিল।আমি তাইৰ মনৰ কথা অনুধাৱন কৰিব পৰাহেতেন এনে অঘটন নঘটে।আমাৰ কেম্পাছত মনোৰোগ বিশেষজ্ঞ আৰু পৰামৰ্শদাতা থকাৰ পিছতো ছাত্ৰ-ছাত্ৰীসকলে তেওঁলোকৰ সহায় নলৈছিল।” মনৰ ভাৱ এনেদৰে ব্যক্ত কৰে YOURDOST ৰ প্ৰতিষ্ঠাতা ৰিচা সিঙে।

এই জটিল বিষয়ক লৈ কাম কৰিবলৈ যাওঁতে ৰিচাই লক্ষ্য কৰিছিল যে তেওঁৰ আশে-পাশে থকা বহু মানুহেই ব্যক্তিগত সম্পৰ্ক অথবা কামৰ হেঁচাক লৈ মানসিকভাৱে অৱসাদগ্ৰস্ত।কিন্তু সমাজলৈ ভয় কৰি তেওঁলোকে নিজৰ সমস্যা মুকলিকৈ প্ৰকাশ কৰিব পৰা নাছিল। ৰিচাৰ মতে প্ৰযুক্তিৰ বলত আজিৰ পৃথিৱীত চকুৰ পচাৰত সংযোগ স্থাপন হোৱাৰ পিছতো আমি বহুত অকলশৰীয়া হৈ ৰৈছো। এই ধাৰণাৰে ৰিচাই তেওঁৰ কেইগৰাকীমান বন্ধুৰ সহযোগত আৰম্ভ কৰিলে মানসিক সুস্বাস্থ্যৰ এক মঞ্চ ‘YOURDOST’।ইয়াৰ জৰিয়তে এজন ব্যক্তিয়ে মনোৰোগ বিশেষজ্ঞ, মনোচিকিৎসক অথবা প্ৰশিক্ষকৰ পৰা বিভিন্ন দিহা-পৰামৰ্শ গ্ৰহণ কৰিব পাৰে।

পুনিত মনুজাৰ সৈতে একেলগে ৰিচা সিঙে এই ধাৰণাক এক ব্যৱসায়িক ভিত্তি প্ৰদান কৰাৰ চেষ্টা চলায়।মনোবিজ্ঞানৰ আনুষ্ঠানিক শিক্ষা নথকাত প্ৰথম অৱস্থাত তেওঁলোকে কিছু অসুবিধাৰো সন্মুখীন হৈছিল।সেই সময়ত তেওঁলোকে বিভিন্ন সংগৃহীত টোকা আৰু মনোৰোগ বিশেষজ্ঞই তেওঁলোকৰ আগত কৰা মন্তব্য ব্লগত পষ্ট কৰিছিল।ইয়াৰ বাবে প্ৰয়োজনীয় মঞ্চৰ প্ৰযুক্তি তৈয়াৰ কৰাত ৰিচাৰ বন্ধু সত্যজিতে তেওঁক সহায় কৰিছিল।কিন্তু সেই সময়ত তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাহিৰত থকাত বিভিন্ন সমস্যাৰ সৃষ্টি হৈছিল।সেই সময়তে ৰিচাই লগ পায় প্ৰভাকৰ ৱৰ্মাক আৰু কম সময়ৰ ভিতৰত তেওঁ মুখ্য কাৰিকৰী বিষয়াৰূপে YOURDOSTত যোগদান কৰে।“আমি কষ্টা ক’ফিত বহি আছিলো আৰু মই যেতিয়া এই প্ৰসংগ উত্থাপন কৰিলো তেওঁ একমিনিটো সময় নষ্ট নকৰাকৈ আমাৰ কাম আগুৱাই নিবলৈ সন্মত হয়। তেতিয়াৰে পৰা সকলো সমস্যা সুন্দৰকৈ সমাধা হৈ আছে।” ৰিচাই জনায়।


image


মূল দিশসমূহঃ

ক) সুস্থ ব্যক্তিগত সম্পৰ্ক গঢ়ি তোলা।

খ) কৰ্মজীৱনত উৎপাদনক্ষম আৰু সন্তোষজনক পৰিৱেশৰ ভাৰসাম্যৰ সৃষ্টি কৰা।

গ)লক্ষ্যত উপনীত হ’বলৈ আমাৰ দৃষ্টি কেন্দ্ৰীভূত কৰা।

ঘ)আত্মবিশ্বাস বঢ়াই তোলা।

ঙ)ব্যক্তিগত,সামাজিক আৰু আত্মীয় সম্পৰ্ক এই সকলো দিশৰ যিকোনো হেঁচা সহ্য কৰিব পৰাকৈ সক্ষম কৰি তোলা।

YOURDOSTয়ে তাৎক্ষণিকভাৱে ইয়াৰ ব্যৱহাৰকাৰীক নিজৰ সমস্যা অনলাইন ব্যক্ত কৰাৰ সুযোগ প্ৰদান কৰে। সমাধান দিবলৈ ইয়াত আছে কমেও ৭৫জন বিশেষজ্ঞৰ এটা দল।এই ব্যৱস্থাৰ এক অন্যতম সুবিধা হৈছে ইয়াৰ দ্বাৰা ব্যৱহাৰকাৰীৰ পৰিচয় সম্পূৰ্ণ গোপনে ৰখা হয়।

ৰিচাই ইয়াৰ দ্বাৰা আমাৰ দেশত মানসিক সমস্যাক লৈ থকা ভ্ৰান্ত ধাৰণা দূৰ কৰিব বিচাৰে। লগতে তেওঁ মানুহৰ আৱেগিক আৰু মানসিক সুস্বাস্থ্যৰ বাবে প্ৰযুক্তিৰ সহায়ত দেশ-বিদেশৰ বিশেষজ্ঞৰ সমাধান সহজলভ্য কৰি তুলিব খোজে।

“অতি আচৰিত কথা যে মানসিক ৰোগী শব্দটো পগলা অথবা উন্মাদ অৰ্থত ব্যৱহাৰ কৰা হয়।যাৰ বাবে মানসিক পৰামৰ্শ বিচৰাটো আমাৰ সমাজত অশূচি জ্ঞান কৰা হয়।পৰামৰ্শ বিচাৰি যোৱা মানেই আপোনাক দুৰ্বল বুলি গণ্য কৰা হয়।বেছিভাগ সময়তে আমি সমস্যাবোৰ নিজৰ মাজতে লুকুৱাই ৰাখো কাৰণ আমি নিজৰ দুৰ্বলতা মানি ল’বলৈ টান পাঁও,” ৰিচাই কয়।

ৰিচাৰ মতে অজ্ঞানতা আৰু দূৰত্বৰ সমস্যাক প্ৰযুক্তিয়ে হেলাৰঙে সমাধান কৰিব পাৰে। ভাৰতৰ মানসিক স্বাস্থ্যৰ উন্নতিৰ দিশত বহুতো কৰণীয় এতিয়াও বাকী।পৰামৰ্শ প্ৰদান কৰা আলোচনাসমূহত এজন ব্যক্তিক ঔষধ খাবলৈ দিয়াতকৈ পৰিস্থিতি উন্নত কৰিবলৈ সহায় কৰা হয়।

“বৰ্তমান মানসিক স্বাস্থ্যৰ প্ৰতি চেলিব্ৰেটিৰ পৰা বিনিয়োগকৰ্তালৈকে সকলোৱে যেনেদৰে গুৰুত্ব প্ৰদান কৰে আমি ভাবো যে আমি মানসিক স্বাস্থ্য উদ্যোগৰ এক নতুন প্ৰান্তত উপনীত হৈছো,” ৰিচাৰ যুক্তি।

২০১৪ চনৰ ডিচেম্বৰ মাহত YOURDOST আৰম্ভ হোৱাৰ পৰা এতিয়ালৈ ইয়াৰ ব্যৱহাৰকাৰীৰ সংখ্যা ৭০,০০০ জনলৈ বৃদ্ধি পাইছে।প্ৰতিমাহে ইয়াৰ ব্যৱহাৰকাৰীৰ বৃদ্ধিৰ হাৰ ৪০ শতাংশকৈ বাঢ়িবলৈ ধৰিছে।বৰ্তমান ১০,০০০ পঞ্জীয়নকৃত ব্যৱহাৰকাৰী থকা এই সেৱাত দৈনিক ৭৫জন বিশেষজ্ঞই ৩০০বাৰকৈ ব্যক্তিবিশেষ মত বিনিময়ত অংশ লয়।

“প্ৰথম অৱস্থাত আমাৰ কিছু নাটনি হৈছিল। এতিয়া আমি এঞ্জেল ৰাউণ্ডত প্ৰায় ২.৫ কোটি টকা অৰ্জন কৰো।এই সমগ্ৰ ধাৰণাৰ সুকীয়া প্ৰকৃতিৰ বাবে আমি প্ৰতিষ্ঠিত উদ্যোগী যেনে ফনীন্দ্ৰ শৰ্মা (ৰেডবাছ প্ৰতিষ্ঠাপক), অপৰামেয় ৰাধাকৃষ্ণ(টেক্সী ফৰ ছিউৰৰ প্ৰতিষ্ঠাপক), আনীশ ৰেড্ডী(কেপিলাৰী প্ৰতিষ্ঠাতা)ক ব্যৱসায়লৈ আকৰ্ষণ কৰাৰ লগতে সঞ্জয় আনন্দৰাম(ছীডফাণ্ড),ভেংক কৃষ্ণণ(এনইউভেনচাৰছ) আদি স্পনছৰ গোটাবলৈ সক্ষম হৈছো।” ৰিচাই লগতে জনায়।

মানসিক স্বাস্থ্যসেৱা বৰ্তমানেও অতি চালুকীয়া পৰ্যায়ত আছে আৰু অতি শেহতীয়াকৈহে বিভিন্ন ষ্টাৰ্টআপ গোটে এই দিশলৈ মন মেলা দেখা যায়।বৰ্তমান YOURDOSTয়ে ব্যক্তিভিত্তিক পৰামৰ্শ প্ৰদান কৰে আৰু শীঘ্ৰেই তেওঁলোকে ক'ৰ্পৰেট ক্ষেত্ৰৰো পৰামৰ্শৰ ব্যৱস্থা কৰিবলৈ আগ্ৰহী।

ভাৰতীয় বজাৰক লক্ষ্য কৰি তেওঁলোকে সম্পূৰ্ণ ব্যৱসায় দখল কৰিব খোজে। ব্যক্তিগতই হওক অথবা জীৱিকাভিত্তিকয়েই হওক বা শিক্ষাগতই হওক মানুহৰ কল্যাণৰ সকলো সমাধান সূত্ৰৰ একমাত্ৰ কেন্দ্ৰ হোৱাটো তেওঁলোকৰ লক্ষ্য।“সংগৃহীত পূঁজিয়ে আমাৰ প্ৰয়াসৰ মাপ-কাঁঠি নিৰ্ধাৰণ কৰিব আৰু আমি ইয়াত নিযুক্তি দিয়া বিশেষজ্ঞৰ বৃহৎ দলে সমগ্ৰ দেশ সামৰি ল’ব।” ৰিচাই এনেদৰে কয়।

তথ্যই কি কয়?

বিশ্ব স্বাস্থ্য সংস্থাৰ মতে ভাৰত হৈছে পৃথিৱীৰ ভিতৰতে বৃহৎ সংখ্যক অৱসাদগ্ৰস্ত লোকৰ বাসস্থান।২০১০ চনৰ বিশ্ব স্বাস্থ্য সংস্থাৰ জৰীপত উল্লেখ কৰা মতে ভাৰতত ১৫-৩৫ বছৰ বয়সৰ লোকৰ মৃত্যুৰ তৃতীয় বৃহৎ কাৰণ হৈছে আত্মহত্যা।বিশ্বৰ আত্মহ্ত্যা কৰা লোকৰ ৩২ শতাংশই ভাৰতৰ।

এনেধৰণৰ গুৰুতৰ বিষয়ত সজাগতা সৃষ্টি কৰিবলৈ বৰ্তমান দ্য হোৱাইট স্বান ফাউণ্ডেচন, লাইভ লাভ ফাউণ্ডেচন আৰু হেল্থ এমিণ্ডচৰ দৰে বিভিন্ন ধৰণৰ সংগঠন আগুৱাই আহিছে আৰু মানসিক ৰোগৰ ক্ষেত্ৰত থকা বিপৰীত দৃষ্টিভংগী দূৰ কৰাৰ প্ৰয়াস অব্যাহত ৰাখিছে।

মূলঃসিন্ধু কাশ্যপ

অনুবাদঃতুলিকা দেৱী

হলীউডৰ সুন্দৰ শৰীৰৰ পৰা ভাৰতীয় মাতৃলৈকে; ৰেমোনা ব্ৰেগাঞ্জাৰ ফিটনেছ মন্ত্ৰ আটাইৰে বাবে ফলদায়ক

“পৰৱৰ্তী ডাঙৰ ঢৌ হৈছে ভাৰতৰ স্থানীয় ভাষাত কম্পিউটিং”- ছাহিল কিনি

মনীষা ৰায়সিংহানীঃ প্ৰযুক্তিৰে উচ্চ শিখৰত