জুইয়ে পুৰি সোণ কৰা মহিলাগৰাকী

0

২০০৪-ৰ পৰা ২০০৬ চনৰ ভিতৰত জ্যোতি ধাৱালেৰ তিনিবাৰকৈ গৰ্ভপাত হ’ল।বাধ্য হৈ কৰিব লগা হোৱা এই কৰ্মৰ বাবে লোকলজ্জা আৰু দুখৰ পৰা পৰিত্ৰাণ পাবলৈ তেওঁ তিনিখন বেলেগ বেলেগ হাস্পতালৰ সকলো নথি-পত্ৰ নষ্ট কৰি পেলালে।২০০৬ চনত চতুৰ্থবাৰৰ বাবে এই পৰ্ব চতুৰ্থখন হাস্পতালত যেতিয়া আৰম্ভ হ’ল সেইবাৰ তেওঁ ৰৈ গ’ল।পৰীক্ষাৰ ৰিৰ্প’টত ওলাল- তেওঁ এইচ আই ভি পজিটিভ।

৩৮ বছৰীয়া জ্যোতি ধাৱালে ।এগৰাকী বায়ু সেনা বিয়ষাৰ জীয়েক হিচাপে, তেওঁ এক আড়ম্বৰপূৰ্ণ জীৱন শৈলীৰ মাজতেই ডাঙৰ-দীঘল হৈছিল। কিন্তু বাস্তৱ ছবিখনে ইয়াৰ ঠিক বিপৰীত কথাটোহে কয়।“মই এটা ভংগুৰ পৰিয়ালৰ পৰা আহিছো আৰু মোৰ মাহী আইৰ বাবেই এটা অতি দুখময় অতীত গৰকি আহিছো। তেওঁ মোক কোঠা এটাত আৱদ্ধ কৰি ভোকত ৰাখিছিল। দুপৰীয়াৰ আহাৰ মোৰ বাবে আছিল এক বিলাসিতা।বাহিৰত মোক সহায় কৰিব পৰা কোনোৱেই নাছিল,” জ্যোতিয়ে এইদৰে ক’লে। তেওঁৰ তুলনাত সতীয়া ভনীয়েকে লাভ কৰা মৰমবোৰ দেখি তেওঁৰ নিজৰ জীৱনটো গুৰুত্বহীন যেন লাগিছিল।

মাহী মাকৰ পৰা এনে দুৰ্ৱ্যবহাৰ পাইও কিন্তু দেউতাৰ প্ৰতি জ্যোতিৰ কোনো ক্ষোভ নাছিল। “মই দেউতাৰ প্ৰথম সন্তান।ঘৰখনৰ সেই পৰিৱেশত মোৰ প্ৰতি থকা তেওঁৰ মৰম প্ৰকাশ কৰিব পৰা নাছিল। সেই সকলো কথা ক’ব নোৱাৰি, মাথোঁ অনুভৱহে কৰিব পাৰি।”

জ্যোতিয়ে সৰুৰে পৰা bilateral sensor neural hearing loss ত ভূগি আহিছে।“মই ৮০ ডেচিবেল বা তাৰ ওপৰৰ শব্দহে শুনা পাওঁ।এইটো ৰে’ল ইঞ্জিনৰ উকিটোৰ সমান।মই মানুহৰ মুখ আৰু ওঁঠ দুখনৰ লৰচৰ কৰাৰ ধৰণৰ পৰা তেওঁলোকে কি কথা পাতিছে, ধৰিব পাৰোঁ। নহ’লে মই সম্পূৰ্ণ লিখিত শব্দৰ ওপৰতে নিৰ্ভৰ কৰিব লগীয়া হয়।তদুপৰি মই কিছুমান কথা কওঁতেও অসুবিধা পোৱা হ’লো।মই C,X আৰু S বৰ্ণ তিনিটা উচ্চাৰণ কৰিব নোৱাৰো।এয়া কেৱল মোৰে নহয়, এনেধৰণৰ বিসংগতি থকা লোকৰ কিছুমান বৰ্ণ উচ্চাৰণ কৰা বা আনকি চিনি পোৱাতো সমস্যা থাকে।” জ্যোতিয়ে বৰ্ণালে।

তিনি বছৰ বয়সৰ পৰাই জ্যোতিয়ে এই বিসংগতি লৈ জীয়াই আছে।তেওঁক কোৱা হৈছিল যে, এবাৰ দেউতাকৰ লগত বাইকত উঠি গৈ থাকোতে টায়াৰ এটা ফুটাত বাইকৰ পৰা পৰাৰ পাছৰে পৰা তেওঁ নুশুনা হ’ল।জ্যোতিৰ অৱশ্যে দুৰ্ঘটনাটোৰ কথা মনত নাই।“চিকিৎসকে বাইকৰ পৰা পৰি একেবাৰে নুশুনা হোৱা কথাটো পিছে মুঠেও বিশ্বাস নকৰে। চিকিৎসকৰ মতে এই ধৰণেৰে নুশুনা হ’বলৈ হ’লে সৰুতে নিশ্চয় বৰ বেয়াকৈ শাৰীৰিক উৎপীড়ণ পাব লাগিব,” তেওঁ কয়।

সৰুতে জ্যোতিয়ে দেউতাকৰ দৰে পাইলট হৈ যুঁজাৰু বিমান চলাব বিচাৰিছিল।“মই এখন উৰাজাহাজ চলাব বিচাৰিছিলো, আকাশ চুব খুজিছিলো আৰু আনন্দত নিজকে বুৰাই পেলাব খুজিছিলো। মই ঈগলেও যাবলৈ ভয় কৰা দূৰত্বলৈ যাব বিচাৰিছিলো। TOP GUN নামৰ চিনেমাখন কিমান বাৰ চাইছিলো হিচাপ নাই।ইউনিফৰ্ম পৰিহিত টম ক্ৰুজক চাই চাইও যেন হেপাঁহ নপলাইছিল।কিন্তু মোৰ শাৰিৰীক বাধাগ্ৰস্ততাই এই সপোন চূৰমাৰ কৰি পেলালে।অৱশ্যে তাৰ বাবে মোৰ মনত অকণো অনুশোচনা নাই। যি হয় বা হৈছে সেয়া সদায় ভালৰ বাবেই হৈছে বুলিয়ে মই ভাবোঁ। অন্যাৰ্থত মোৰ এই বাধাগ্ৰস্ততা আশীৰ্ব্বাদ হিচাপে মই মানি লওঁ।”

ইমানদিনে জ্যোতিৰ উৰাৰ সপোনটোহে ভাঙিছিল, কিন্তু তেওঁৰ প্ৰকৃত মাকৰ পুণৰ আবিৰ্ভাৱে জ্যোতিৰ আন সকলো সপোনকে পিছুৱাই লৈ গ’ল।মাকৰ সৈতে পুণৰমিলনৰ অভিজ্ঞতা সুখকৰ নহ’ল।ইয়াতকৈ বেছি তেওঁ আৰু একো নক’লে।জ্যোতি নৱম শ্ৰেণীত থাকোতে মাক পুনৰ তাইৰ ওচৰলৈ আহিছিল, যাৰ ফলত জ্যোতিয়ে পঢ়াত অসুবিধা পালে আৰু একেটা শ্ৰেণীতে ৰৈ গ’ল।পিছত মুক্ত বিদ্যালয়ৰ পৰা পৰীক্ষা দি হাইস্কুলীয়া জীৱনৰ অন্ত পেলালে, কিন্তু কলেজলৈ যোৱা আৰু নহ’ল।

বৈবাহিক জীৱনৰ পাতনিৰে অসুখী জীৱনটো সুখময় কৰাৰ মানসেৰে জ্যোতি বিয়াত বহিল।স্বামীৰ মাজত ইমান বছৰে নোপোৱা,মৰম-ভালপোৱাৰ সন্ধান কৰিলে।জ্যোতিৰ মতে, স্বামীৰ আগমনে তেওঁৰ জীৱনলৈ নতুন প্ৰভাত আনিলে।দিনবোৰ তেতিয়ালৈকে ভালদৰেই পাৰ হৈছিল, যেতিয়া তেওঁ গম পালে, গৰ্ভত সন্তানে স্থিতি লৈছে।প্ৰথম মাতৃ হ’বলৈ পোৱাৰ আনন্দখিনি উপভোগ কৰিবলৈ নৌপাঁওতেই তেওঁ বাধ্য হৈ গৰ্ভপাত কৰালে।তেওঁৰ প্ৰতিবাদখিনিৰো কোনো মূল্য নাথাকিল গিৰিয়েকৰ ওচৰত। ২য় বাৰৰ বাবে যেতিয়া তেওঁ গৰ্ভধাৰণ কৰিলে, সেইবাৰ তেওঁ আনন্দৰ পৰিৱৰ্তে ভয়ত বিতত হ’ল।স্বামীয়ে কিয় কনডম নিপিন্ধে তাকে লৈ প্ৰশ্ন কৰোতে তেওঁ সেইবোৰ ভাল নাপায় বুলি কৈ দায় সাৰে।ইয়াৰ সলনি জ্যোতিয়ে গৰ্ভনিৰোধক বড়িবোৰ লোৱাৰ ফলত শৰীৰত ওলোটা প্ৰতিক্ৰিয়া হ’বলৈ ধৰিলে।“যোনি প্ৰদেশত লোৱা গৰ্ভনিৰোধক ব্যৱস্থাবোৰৰ ওপৰত সম্পূৰ্ণ ভৰষা কৰিব নোৱাৰি।কাৰণ থিকমতে নল’লে ইয়াৰ সফলতাৰ হাৰ ক্ষীণ।এই ব্যৱস্থা লোৱাৰ ১৫ মিনিটলৈ সংগম কৰিব নালাগে, কিন্তু মোৰ স্বামীয়ে এইখিনি সময়ো ৰ’ব নোৱাৰিছিল আৰু জোৰ জবৰদস্তি কৰিছিল।”

জ্যোতিয়ে তেতিয়া জনা নাছিল যদিও এতিয়া ভালদৰে জানে যে, তেওঁ প্ৰকৃততে বৈবাহিক বলাৎকাৰৰ স্বীকাৰ হ’ল।“বলাৎকাৰ,বলাৎকাৰেই। সেয়া বৈবাহিক হওঁক বা নহওঁক। তোমাৰ সন্মতি অবিহনে তোমাৰ শৰীৰৰ ওপৰত জোৰ-জোলোম কৰি সম্পৰ্ক স্থাপন কৰা মানে সেয়া বলাৎকাৰ কৰাই হয়। যেতিয়া পুৰুষ সংগীজনে কনডম পিন্ধিবলৈ অস্বীকাৰ কৰে, তেন্তে মহিলাগৰাকী, লাগিলে তেওঁৰ পত্নীয়েই হওঁক, তেওঁৰো অস্বীকাৰ কৰাৰ সম্পূৰ্ণ অধিকাৰ আছে।কিয় মই তিনিবাৰকৈ গৰ্ভপাত কৰিবলগীয়া হ’ল আৰু শেষত আৱিস্কাৰ কৰিছো নিজকে HIV পজিটিভ ৰূপত? কিয় মই এটা সংশয়পূৰ্ণ জীৱন অতিবাহিত কৰিবলগীয়া হ’ল? মই ইয়াৰ বাবে প্ৰথমে চৰকাৰখনক আৰু পিছত সমাজখনক জগৰীয়া কৰিম। কিয় চৰকাৰে বৈবাহিক বলাৎকাৰক অপৰাধ হিচাপে গণ্য নকৰে? আৰু আমাৰ সমাজখনে সকলো দোষ কেৱল মহিলাগৰাকীকে দিয়ে।

তিনিবাৰকৈ গৰ্ভপাত হৈ যোৱাৰ পিছত জ্যোতি মানসিকভাৱে ভাগি পৰিছিল। তেওঁ আন বেলেগ একো উপায়ো বিচাৰি পোৱা নাছিল।তেওঁৰ নিজৰ ভাষাৰেই কৈছিল,“মই আছিলো একেবাৰে সমৰ্পিত মনৰ।স্বামীৰ ওপৰত বিত্তীয় আৰু আৱেগিকভাৱে সম্পূৰ্ণ নিৰ্ভৰশীল আছিলো। মোক সহায় কৰিব পৰাকৈ ঘৰুৱা হিংসাত্মক আইনখন থকাৰ কথাও মই নাজানিছিলো। যেতিয়া মোক মাৰধৰ কৰি,শাৰিৰীক আতিশয্য চলাই মৃত্যপথলৈ ঠেলি দিয়া হ'ল, তেতিয়াহে আত্মজ্ঞান আৰু আত্মসন্মান কি মই ভালকৈ বুজি পালো।”

HIV পজিটিভ ৰিপ’ৰ্টটো পোৱাৰ সময়ত মই চতুৰ্থবাৰৰ বাবে গৰ্ভধাৰণ কৰিছো। মোৰ শৰীৰত HIV ৰ বীজাণু তিনিবাৰকৈ গৰ্ভপাত কৰোৱাৰ সময়তে কোনো এবাৰ হয়তো তেজৰ জৰিয়তে প্ৰৱেশ কৰিলে। কিন্তু আগৰ তিনিওখন হাস্পতালৰ ৰিপ’ৰ্টবোৰ নষ্ট কৰি পেলোৱাৰ বাবে কোনখন হাস্পতালত প্ৰকৃততে এই ঘটনা হ’বলৈ পালে, সেই কথা উহ্য হৈ ৰোৱাত জ্যোতিয়ে আইনৰ সহায়ো ল’ব নোৱাৰা হ’ল।ইফালে চতুৰ্থবাৰৰ গৰ্ভধাৰণৰ ফলত এটি স্বাস্থ্যবান ল’ৰা সন্তানৰ জন্ম হ’ল।সৌভাগ্যক্ৰমে, সন্তানটোৰ HIV নিগেটিভ ওলাল।সন্তানৰ জন্মৰ পাছতেই স্বামীয়ে তেওঁৰ সৈতে বিবাহ বিচ্ছেদ কৰি ল’ৰাটোক লগতে লৈ গ’ল। বৰ্তমান তেওঁ সন্তানৰ সৈতে সাক্ষাৎ কৰিব পৰাৰ অধিকাৰৰ কাৰণে যুঁজি আছে। জ্যোতিৰ বাবে সেই সময়ছোৱা আছিল জীৱনৰ আটাইতকৈ দুৰ্বিসহ সময়।

HIV পজিটিভ বুলি গম পোৱাৰ পিছত মানসিকভাৱে জৰ্জৰিত হৈ পৰা জ্যোতিয়ে আন এটা চৰম আঘাত পালে, যেতিয়া স্বামীৰ আন এগৰাকী মহিলাৰ সৈতে বিবাহ বহিৰ্ভূত সম্পৰ্ক থকাৰ কথা তেওঁক স্বয়ং স্বামীয়েই জনায় আৰু তেওঁক এৰি থৈ যাব বুলিও কয়।এই কথা জানিব পাৰি তেওঁ আৰ্থিকভাৱে স্বাৱলম্বী হ’বলৈ চাকৰি বিচৰাত লাগিল।তৎস্বত্তেও ক্ৰমে ভাঙিবলৈ ধৰা সংসাৰখন কিবা কৰি ধৰি ৰাখিবলৈ জ্যোতিয়ে চেষ্টা কৰিছিল।কিন্তু এদিন ঘৰৰ বনকৰা তিৰুতাগৰাকীয়ে জ্যোতিক জানিবলৈ দিয়ে যে, তেওঁৰ অনুপস্থিতিত গিৰিয়েকে সেই মহিলাগৰাকীক কেইবাবাৰো ঘৰলৈ আনিছে। তেতিয়াই সকলো শেষ হৈ গৈছে বুলি জ্যোতি পতিয়ন যায়।

নিজৰ ভগ্ন সংসাৰখনৰ কাৰণে জ্যোতিৰ মনত কোনো দুখ নাই। তেওঁৰ দুখ, তেওঁৰ সন্তানটো তেওঁৰ অলক্ষিতেই ডাঙৰ হৈছে আৰু সি নিশ্চয় দেউতাকৰ ২য় পত্নীকে তাৰ মা বুলি ভাবিছে, য’ত নিজ মাতৃৰ সৈতে যোগাযোগ ৰক্ষা কৰাটো অসম্ভৱ ।নিজৰ জীৱনত যি হৈছিল, সেয়া পুত্ৰৰ লগতো হৈ থকাৰ বাবে তেওঁ অত্যন্ত চিন্তিত হৈ থাকে।“বিবাহ বিচ্ছেদৰ চুক্তিত যি কথা লিখা হৈছিল,তাত দুয়ো পক্ষৰ সন্মতি নাছিল।আদালতৰ মতে, বিচাৰকে স্বামী-স্ত্ৰী দুয়োকে মাতি দুয়ো পক্ষৰে কথা শুনিব লাগে, যিটো মোৰ ক্ষেত্ৰত প্ৰযোজ্য নহ’ল। মোক কেতিয়াও আদালতলৈ মতা নহ’ল, আনকি কোনো বিচাৰকৰ ওচৰতো হাজিৰ কৰোৱা নহ’ল। জোৰ-জবৰদস্তি কৰি মোৰ স্বাক্ষৰ লোৱাটোৱেই শেষ কথা হ’ব নোৱাৰে।মই এতিয়া এজন সঠিক অধিবক্তাৰ সন্ধানত আছো যি মোক সহায় কৰিবলৈ আগবাঢ়ি আহিব আৰু মোক ন্যায় দিব পাৰিব,” জ্যোতিয়ে কথাখিনি বৰ প্ৰত্যয়ৰে ক’লে।

জ্যোতিৰ বৰ্তমানৰ স্বামী বিবেক চাৰৱেক জ্যোতিয়ে ইণ্টাৰনেটত চাটিং কৰি থাকোতে লগ পাইছিল। সেই চিনাকি প্ৰথমে বন্ধুত্ব, তাৰ পিছত প্ৰেম আৰু শেষত বিবাহৰ জৰিয়তে স্থায়িত্ব পালে।২০১১ চনত জ্যোতিৰ পিতৃৰ মৃত্যু হয়।মাহী মাকে তেওঁক পিতৃৰ ওচৰকে চাপিবলৈ নিদিলে।নিজৰ বুলিবলৈ একমাত্ৰ পিতৃয়েই যি আছিল, সেইজনো গুচি গ’ল। সেই সময়ত বিবেকে তেওঁৰ ওচৰত উপস্থিত হৈ সাহস দিলে।প্ৰথমে তেওঁলোকৰ এই বিবাহত বিবেকৰ পৰিয়ালৰ সন্মতি নাছিল যদিও পিছত তেওঁলোকে পৰম আগ্ৰহেৰে জ্যোতিক আকোৱালি লয়। জ্যোতিয়ে বিবেকৰ মাজেৰে জীৱনটো পুনৰ নতুনকৈ চাবলৈ শিকিছে।এতিয়া তেওঁ আনৰ পৰা মৰম আশা কৰাতকৈ নিজে যিমান পাৰি বিলাই দিবলৈহে ভালপায়। তেওঁ সদায় এটা সপোন দেখিছিল যে, কেনেকৈ HIV/AIDS ত আক্ৰান্ত সকলৰ বাবে এখন সুন্দৰ পৃথিৱী গঢ়ি তুলিব পাৰে, য’ত হতাশাৰ পৰিৱৰ্তে থাকিব কেৱল আশা।আৰু আজি সেই সপোন বাস্তৱ হৈ পৰিছে।

জ্যোতিয়ে পেছাদাৰী জীৱনতো দোপতদোপে উন্নতি কৰিছে।বৰ্তমান তেওঁ ব্লেক স্বান এণ্টাৰটেইনমেণ্টৰ ক্ৰিয়েটিভ মেনেজাৰ, চচিয়েল মিডিয়া আৰু জনসম্পৰ্ক বিভাগৰ মুৰব্বী পদত আছে, য’ত তেওঁ আৰু তেওঁৰ দলটোৱে দূৰদৰ্শন চেনেলৰ ‘স্ত্ৰী শক্তি’ অনুষ্ঠানটোৰ বাবে মহিলা সবলীকৰণৰ বিষয়ে অনুষ্ঠান কৰে। তেওঁ HIV/AIDS ত আক্ৰান্ত সকলৰ অধিকাৰৰ হকে কাম কৰা এগৰাকী অতি সক্ৰিয় কৰ্মী। বহুতো সংস্থাৰ তেওঁ ব্ৰেণ্ড এম্বেছেদৰ হোৱাৰ উপৰি অনেক বেচৰকাৰী সংগঠনৰ লগতো তেওঁ জড়িত হৈ আছে। শেহতীয়াকৈ ইয়াৰ সৈতে লগ লাগিছে পাকিস্তানৰ বেচৰকাৰী সংগঠন ‘বে’দাৰ’। তদুপৰি তেওঁ চচিয়েল মিডিয়াৰ জৰিয়তে ফেচবুকত মানুহৰ সৈতে মুকলিকৈ কথা পাতে, তেওঁক সোধা বিভিন্ন প্ৰশ্নৰ উত্তৰ দিয়ে লগতে পৰামৰ্শও আগবঢ়ায়।

“সুখ বস্তুটো আচলতে নিজৰ ভিতৰৰ পৰা অহা বস্তু। বাহিৰৰ পৰা কোনেও তোমাক এয়া আনি দিব নোৱাৰে।যদি তুমি সুখী হ’ব খুজিছা, সুখী হোৱা। বাহিৰৰ যিকোনো ঘটনাই যাতে ইয়াক স্পৰ্শ নকৰে, কথাটো মন কৰিবা।” জ্যোতিৰ সৰল স্বীকাৰোক্তি।

মাদাৰ টেৰেছা আৰু ৰাজকুমাৰী ডায়েনাক নিজৰ অনুপ্ৰেৰণা বুলি ভৱা জ্যোতিয়ে কয় যে, তেওঁ মাদাৰ টেৰেছাৰ পৰা বাধাহীন মৰম কৰিবলৈ আৰু ৰাজকুমাৰী ডায়েনাৰ পৰা কেনেকৈ স্বাৰ্থহীন মৰম বিলাই দিব পাৰি সেয়া শিকিছে। নিজৰ জীৱনে দিয়া তীব্ৰ বেদনাক জয় কৰি জ্যোতি ধাৱালেই বৰ্তমান আন বহুতৰে জীৱনত জ্যোতি বিলোৱাত একান্তভাৱে মনোনিৱেশ কৰিছে।

মূলঃ ৰাখী চক্ৰৱৰ্তী

অনুবাদকঃ লীনা শইকীয়া

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

মাতৃৰ কথামতে চিকিৎসক হোৱা পুত্ৰ আজি কৰ্কট ৰোগীৰ জীৱন দাতা

শিশুক বিপথে নিয়াৰ অভিযোগত কাৰাবাস খটা সন্দীপ কৌৰ আজি বহু অনাথ ছোৱালীৰ মাকৰ দায়িত্বত

মডেল মাতৃৰ পৰা মডেল উদ্যোগীলৈ – তাৰা শৰ্মা চলুজাৰ কাহিনী

Related Stories