মডেল মাতৃৰ পৰা মডেল উদ্যোগীলৈ – তাৰা শৰ্মা চলুজাৰ কাহিনী

মডেল মাতৃৰ পৰা মডেল উদ্যোগীলৈ – তাৰা শৰ্মা চলুজাৰ কাহিনী

Friday November 27, 2015,

5 min Read

“অতীতলৈ ভুমুকি মাৰি যদি চাও, মোৰ মাতৃত্বই মোক এগৰাকী সকলো কাম কৰিবলৈ সক্ষম মহিলালৈ উন্নিত কৰিলে। কাইলৈৰ বাবে মই আজিয়েই সাজু। মোৰ ভিতৰত এক সৌম্যতা আৰু স্থিৰতা আহিছে,যিয়ে মোক নিৰ্ধাৰিত সময়ত কাম এটা সম্পন্ন কৰিবলৈ সক্ষমতা প্ৰদান কৰে। যদি কেইবছৰমান আগৰ কথা কওঁ,তেনেহ’লে সমগ্ৰ কামটোৰ চাপে মোক জুৰুলা কৰিলেহেতেন।” হাইদৰাবাদৰ এখন ৰেষ্টোৰাঁৰ চাদত বহি এই মন্তব্য কৰিলে শান্ত সমাহিত ধীৰ-স্থিৰ তাৰা শৰ্মা চলুজাই। তাৰা এগৰাকী মডেল,অভিনেত্ৰী আৰু বৰ্তমান এগৰাকী উদ্যোগী মহিলা,যিয়ে নিজৰ এটা টিভি শ্ব’ চলায়।

“প্ৰতিজনৰ নিজত্ব” দৰ্শনত বিশ্বাসী তাৰাৰ মতে প্ৰত্যেকৰে জীৱনৰ নীতি নিয়ম ভিন্ন।

“Mompreneurs’ আৰু entrepreneursৰ মাজত পাৰ্থক্য আছে। মোৰ মতে, আনুপাতিক হাৰৰ বৃদ্ধিয়েই শেষ কথা নহয়। বৰ্তমান মই এগৰাকী Mompreneurs’ আৰু entrepreneurs হিচাপে দুয়োটাৰ মাজতে এক ভাৰষাম্য ৰক্ষা কৰি চলিছো। অনাগত সময়ত হয়তো পৰিবৰ্তন আহিব। কিন্তু ব্যক্তিগতভাবে বৰ্তমান এই অনুভৱটো ভাল লগা। ,” তাৰাই কয়।


image


তাৰা আছিল যথেষ্ট অধ্যয়ন পিপাসূ। বিদ্যালয়ত সদায়েই প্ৰথম হৈছিল তাৰা। এসময়ত ইটালীৰ এড্ৰিয়াটিকত এটা জলপানি লাভ কৰি পঢ়িবলৈ গৈছিল তাৰা। সেই সময়ৰ অভিজ্ঞতা সূঁৱৰি তাৰাই কয় যে ৭৫খন ভিন্ন ৰাষ্ট্ৰৰ ছাত্ৰ-ছাত্ৰীৰ সৈতে একেলগে পঢ়িবৰ সময়ত তেওঁ ভিন্ন সাংস্কৃতিক বিনিময় আৰু বুজাবুজিৰ আদিপাঠ লাভ কৰিছিল। এগৰাকী অৰ্ধ ইংৰাজ অৰ্ধ ভাৰতীয় তাৰাই বিশ্বাস কৰে যে বাহিৰলৈ গৈ নিজৰ কাম নিজে কৰিলেহে বুজিব পাৰি এজন বিশ্ব নাগৰিক হোৱাৰ অৰ্থ। পৰৱৰ্তী সময়ত তাৰাই মেনেজমেন্টত বিএছচি ডিগ্ৰী গ্ৰহণ কৰিবলৈ লণ্ডন স্কুল অৱ ইকনমিকছলৈ যায়। শিক্ষাৰ অন্তত, তাৰাই Citibankত ইন্টাৰ্ণ হিচাপে যোগদান কৰে আৰু Accentureত কাম কৰে। “মই নিজকে সদায় চ্যুট পৰিহিত আৰু কৰ্প'ৰেটত চাকৰি কৰা ৰূপতে দেখি আহিছিলো। সেই সময়ত ইয়াৰ উৰ্ধত মই নিজকে বিচাৰি চোৱা নাছিলো।,” তেওঁ লগতে কয়।নিজৰ ইন্টাৰ্ণশ্বিপৰ অন্তত তাৰাই সিদ্ধান্ত লয় যে তেওঁ ডেউকা মেলি উৰিব আৰু সেইবাবেই বিশ্ব ভ্ৰমণ কৰিলে তাৰাই। তাৰা সম্পূৰ্ণৰূপে অধ্যয়নশীল আৰু কৰ্প'ৰেট জগতৰ বাসিন্দা হোৱাৰ বিপৰীতে তাৰাৰ পিতৃ প্ৰতাপ শৰ্মা আছিল এগৰাকী লিখক তথা নাট্যকাৰ। ফলস্বৰূপে তাৰাই নিজকে মডেলিঙ,অভিনয় আৰু অন্যান্য সৃষ্টিশীল কৰ্মৰ সৈতে জড়িত কৰাত অসুবিধা হোৱা নাছিল।“মই পঢ়াশুনা বা কৰ্প'ৰেট জগতখন আচলতে অৰ্থনৈতিক নিৰাপত্তাৰ বাবেই বাচি লৈছিলো বুলি অনুভৱ হয়। মোৰ দেউতা আছিল এগৰাকী ফ্ৰিলান্সাৰ আৰু তেওঁ বিভিন্ন ধৰণৰ কাম কৰিছিল। সেইবাবেই মই ভাবিছিলো যে কৰ্প'ৰেট জগতখনে এইক্ষেত্ৰত মোক এক নিৰাপত্তা প্ৰদান কৰিব। ,” তাৰাই কয়। তথাপিও তাৰাই অনুভৱ কৰিছিল যে তেওঁৰ মনটো সদায় অভিনয় জগতখনলৈ ধাপলি মেলিব খোজে। Accentureত দুই বছৰ চাকৰি কৰাৰ পিছত তাৰাই অভিনয় আৰু মডেলিঙ জগতত খোজ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে। তাৰাৰ সেই সময়ৰ মডেলিঙ এছাইনমেন্ট সমুহে তাৰলৈ লৈ আহিছিল বিভিন্ন চিনেমাৰ প্ৰস্তাৱ। কিন্তু চিনেমা জগতখন আছিল কিছু পৃথক আৰু সংঘবদ্ধ। লগে লগেই তাৰাই এখন বেলেগ জগতত কাম কৰিবলৈ ললে, যিখন জগতত কামৰ বাবে কোনো নিৰ্দিষ্ট সময় নিৰ্ধাৰিত নাথাকে, কিন্তু তাৰাই এই কামটোক উপভোগ কৰিবলৈ ধৰিলে। “ কেইখনমান চিনেমাই ভাল ফলাফল দেখুৱালে, কেইখনমানে সাধাৰণ আৰু কেইখনমানে বেয়া, কিন্তু সেই কথা মই সহজভাবেই ললো। ,” তাৰাই কয়।

কিন্তু আছল সত্যটো হল, তাৰাই প্ৰথমটো সন্তানৰ জন্মৰ পিছত কোনো ধৰণৰ কামৰ প্ৰস্তাৱ নোপোৱা হৈ আহিল।

“দেউতাই মোক প্ৰায়েই কৈছিল যে যদি তুমি কৰিব বিচৰা কিবা কাম নাই, তেনেহলে তাক সৃষ্টি কৰি লোৱা। নিজকে পুনৰ আৱিস্কাৰ কৰাতো অতি প্ৰয়োজন। ,” তাৰাই কয়। তাৰাই অনুভৱ কৰিলে যে তেওঁ মাতৃত্বৰ সুখ বিচাৰে। “যেতিয়ালৈকে আপুনি এগৰাকী মাতৃ নহয়, তেতিয়ালৈকে আপুনি গম নাপাব আপুনি কেনেকুৱা মাতৃ । মই হ'ব বিচাৰিছিলো হাতে কামে এগৰাকী মাতৃ। তাৰ বাবেই মই আৰম্ভ কৰিলো মোৰ নিজৰ শ্ব',” তাৰাই লগতে কয়।

তেতিয়ালৈকে তেওঁ দেখিছিল টক শ্ব’, ৰন্ধন প্ৰকৰণৰ শ্ব’, কমেডী শ্ব’ আৰু অন্যান্য বহুতো টিভি শ্ব’। তেওঁ কিন্তু এনেকুৱা এটা শ্ব' দেখা নাছিল যিটো আছিল মাতৃত্ব আৰু অভিভাৱকত্বৰ ওপৰত। যেতিয়া আপুনি এগৰাকী মাতৃ হব তেতিয়া মানুহে আপোনাক বিভিন্ন ধৰণে শংকিত কৰি তুলিব মাতৃত্বৰ সন্দৰ্ভত। কিন্তু প্ৰকৃত সত্য সেয়া নহয়। এনেকৈয়ে বিভিন্ন বন্ধুবৰ্গৰ পৰামৰ্শ গ্ৰহণ কৰি তাৰাই তেওঁৰ শ্বটো এটা বিজ্ঞাপন ভিত্তিক শ্ব’ কৰি তুলিবলৈ সিদ্ধান্ত ললে। তাৰাৰ স্বামী ৰূপক চলুজাই পৰামৰ্শ দিলে যে তাৰাৰ শ্ব’টো কেৱল টিভিতে সীমাবদ্ধ নহৈ এটা multi-platform শ্ব’ কৰা হওঁক । ফলশ্ৰুতিত তাৰাৰ শ্ব’টো তেওঁৰ ব্লগৰ লগতে অন্যান্য মাধ্যমতো উপলব্ধ হল। “আমি সফলতা লাভ কৰিবলৈ আৰম্ভ কৰিলো। শ্ব’টোৰ দ্বিতীয় সংস্কৰণত আমি Coloursত Johnson’sৰ স্পন্সৰশ্বিপ লাভ কৰিলো। তৃতীয় সংস্কৰণত আমি ইয়াক ইংৰাজী কৰিবলৈ সক্ষম হলো আৰু topical parentingক মূল বিষয় হিচাপে ললো। ,” তাৰাই কয়। বৰ্তমানৰ শ্ব’টোৰ formatটো celebrity আৰু non-celebrity তথা feature শিতানত ভাগ কৰা হৈছে। শিশুৰ যতন আৰু শিশুৰ বিশেষ প্ৰয়োজনৰ সন্দৰ্ভত আমাৰ শ্ব’ত আলোচনা কৰা হয়।

“ যেতিয়া মই তাৰকাসকলক শ্ব’টোত আহিবলৈ আমন্ত্ৰণ জনাও, কোনেও নিজৰ সন্তান সন্দৰ্ভত কথা পাতিবলৈ আগ্ৰহ প্ৰকাশ নকৰে। কিন্তু এতিয়া মই কাজল, মেৰি কম ,শিল্পা চেট্টী আদিৰ লগতে আন বহুতৰে সহাৰি লাভ কৰিবলৈ সক্ষম হৈছো। ইয়াৰ বাবে মই সুখী। মই ভাবো মা হোৱাৰ পিছত আগেয়ে নভবা নিচিন্তা বহুতো পৰিবৰ্তন জীৱনলৈ আহে। মই ইয়াক উদযাপন কৰো আৰু মোৰ মাতৃত্বই মোৰ কেৰিয়াৰক বেছিহে উজলাই তুলিছে।,” তাৰাৰ মন্তব্য।


image


তেওঁৰ শ্ব’ত কংকনা সেন শৰ্মাই কৰা মন্তব্যৰ উদ্ধৃতি দি তাৰাই কয় যে মাতৃত্বই তেওঁক সলনি কৰা নাই, বৰং তেওঁৰ জীৱন আৰু ব্যক্তিত্বক দৃঢতা আৰু গভীৰতা প্ৰদান হে কৰিছে। “ মাতৃত্বই মোক মোৰ জীৱনৰ প্ৰাধান্যৰ সঠিক জ্ঞান দিছে। লগতে জীৱনৰ উদ্দেশ্য আৰু নিৰাপত্তাৰ দিশটোৰ গভীৰ উপলব্ধি প্ৰদান কৰিছে ।,” তাৰাই কয়।

মূল--সীন্ধু কাশ্যপ

অনুবাদ--প্ৰাঞ্জল শৰ্মা

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

মাজুলীৰ ভীমকলেৰে ইন্দুকল্পৰ শিশুখাদ্যৰ ব্ৰেণ্ড ‘ভীম ভিটা’

শিশুক বিপথে নিয়াৰ অভিযোগত কাৰাবাস খটা সন্দীপ কৌৰ আজি বহু অনাথ ছোৱালীৰ মাকৰ দায়িত্বত

গ্ৰাহকেহে প্ৰতিষ্ঠা কৰে এটা ব্ৰেণ্ড, ব্যৱসায়ীয়ে নহয়: JB'sৰ প্ৰতিষ্ঠাতা গোপাল জালান