মহিলাৰ স্বাস্থ্যৰ বাবে এজন পুৰুষৰ বিচিত্ৰ সংগ্ৰাম

2

তামিলনাডুৰ কোইম্বটুৰ চহৰৰ পৰা সমীপৱৰ্তী পাপনায়কপুদুৰ গাঁৱৰপৰা আৰম্ভ হৈছিল এই কাহিনী। অৰুণাচলম নামৰ এজন বয়নশিল্পী আৰু তেওঁৰ পত্নী বনিতাৰ পুত্ৰ অৰুণাচলম মুৰুগানন্থমৰ জন্ম হৈছিল এই গাঁৱতেই । মুৰুগানন্থমৰ আজোককাকৰ ২৪ জন আৰু ককাকৰ ৬ জন সন্তান আছিল । তেওঁৰ পিতৃ আছিল এই ৬ টা সন্তানৰ তৃতীয় । সেইদৰে মাতৃ বনিতাও আছিল এটা ডাঙৰ পৰিয়ালৰ ২৩ টা সন্তানৰ ভিতৰত চতুৰ্থ ।

এক বিশাল যৌথ পৰিয়ালত ডাঙৰ-দীঘল হৈছিল মুৰুগানন্থম । তেওঁলোকৰ অন্যান্য আত্মীয়সকলো আশে পাশে থাকিছিল । তেওঁৰ মাতৃয়ে বিচাৰিছিল যে তেওঁৰ প্ৰথম সন্তানটো ছোৱালী হওক । কিন্তু জন্ম হৈছিল মুৰুগানন্থমৰ যাক সকলোৱে মৰমতে মতিছিল মুৰুগা নামেৰে ।

যিহেতু মাতৃ বনিতাই প্ৰথম সন্তানটো ছোৱালী হোৱা বিচাৰিছিল সেয়েহে মুৰুগাক ছোৱালীৰ দৰেই ডাঙৰ কৰিছিল । মৰুগানান্থমে কয়, ‘মোক ছোৱালীৰ দৰে সজাই পৰাই ৰখা হৈছিল । আনকি স্কুললৈও তেনেকৈয়ে গৈছিলো । সহপাঠীসকলে মোক জোকাইছিল কিন্তু সেয়া মোৰ অভ্যাসত পৰিণত হৈ গেছিল ।‘

মুৰুগা যিখন চৰকাৰী স্কুললৈ গৈছিল সেই স্কুলখনৰ চাৰিবেৰ নাছিল । প্ৰকৃতিৰ মুক্ত পৰিবেশৰ মাজত শিক্ষা লাভ কৰাৰ অভিজ্ঞতাৰ বিষয়ে কয়, 'মই চাৰিবেৰৰ মাজত থাকি পঢ়া-শুনা কৰা নাছিলো । ৯০ শতাংশ শিক্ষা মই প্ৰকৃতিৰপৰা লৈছো আৰু ১০শতাংশ শিক্ষকৰপৰা ।'

চেট্টিয়াৰ জাতিৰ পৰিয়ালত জন্ম হোৱা মুৰুগাৰ বন্ধুবোৰ আচিল পশুপালক, কচাই আৰু মুচি পৰিয়ালৰ শিশু। তেওঁ কয়, 'মই জানিব খুজিছিলো কিদৰে এটা পশুপালক শিশুৱে ২০০-৩০০ পশু একেলগে চম্ভালিছিল । মই তেওঁলোকৰ লগত গৰু-ছাগলী চৰাইছিলো। কচাই আৰু মুচিৰ লৰাৰ লগত খেলা-ধূলা কৰি যেতিয়া ঘৰলৈ আহিছিলো তেতিয়া মায়ে মোৰ গাত কলহেৰে পানী ঢালিহে ঘৰ সোমাবলৈ দিছিল ।'

এনেকুৱাও নহয় যে তেওঁ অকল নিজৰ সমবয়সীয়া শিশুৰ লগতহে খেলা-ধূলা কৰিছিল । তেওঁৰ পিতৃয়ে তাঁতশালত কৰা কামত তেওঁ সহায় কৰিছিল । তেওঁৰ পিতৃ এজন ভাল শিল্পী আছিল আৰু প্ৰতি পোন্ধৰ দিনত তেওঁ সকলোবোৰ আৰ্হি সলনি কৰিছিল । পিতৃৰ কামে যথেষ্ট প্ৰভাৱিত কৰিছিল তেওঁক । পিছে হাইস্কুলত থকা অৱস্থাতে তেওঁৰ পিতৃ বিয়োগ ঘটে । এক পথ দুৰ্ঘটনাত তেওঁৰ পিতৃৰ মৃত্যু হোৱাৰ পাছত পৰিয়ালটোৰ তিনিটি শিশুৰ দায়িত্ব মাকে অকলে ল'বলগীয়া হয় আৰু তেওঁ আনৰ খেতিপথাৰত কাম কৰিবলৈ আৰম্ভ কৰে । দিনজোৰা পৰিশ্ৰমৰ অন্তত তেওঁ মাত্ৰ ১০-১৫ টকা পাইছিল । কিন্তু তেওঁৰ সপোন আছিল নিজৰ সন্তান কেইটাক ডাঙৰ মানুহ কৰাৰ ।

মুৰুগানন্থমে কয়, 'তামিল চিনেমা চাই চাই মায়ে ভাবিছিল যে চিনেমাৰ দৰেই জীৱনটো সহজ হ'ব। তেওঁ ভাবিছিল মোক তেওঁ পুলিচ বিষয়া, মোৰ ডাঙৰ ভণ্টিক উকীল আৰু সৰু ভণ্টিক কালেক্টৰ বনাব । তেওঁ নাজানিছিল যে জীৱনটো ইমান সহজ নহয়।'

ঘৰ চলাবলৈ মাকে দিনে নিশাই কষ্ট কৰা দেখি মুৰুগানন্থমে নিজেই এটা ডাঙৰ সিদ্ধান্ত লৈ পেলালে । তেওঁ সিদ্ধান্ত ল'লে যে তেওঁ আৰু স্কুললৈ নাযায় বৰঞ্চ মাকক কামত সহায় কৰিব । দশম শ্ৰেণীতে শিক্ষা সামৰিলে মুৰুগাই । ইয়াৰ পাছতে ফটকা বিক্ৰীৰপৰা মুৰ্ত্তি বেচালৈকে বহুতো কামত ধৰিলে তেওঁ। এনেকৈয়ে এদিন এখন ৱেল্ডিং ৱৰ্কশ্বপত কামতো সোমাল মুৰুগা । বয়সত সৰু হোৱা বাবে তেওঁক ৱেল্ডিঙৰ কাম কৰিবলৈ নিদি আন কৰ্মীসকলৰ বাবে বিড়ি-চিগাৰেট আৰু চাহ অনাৰ কাম দিয়া হ'ল । কিন্তু সোনকালে ৱেল্ডিঙৰ কামো শিকি পেলালে তেওঁ ।

ৱেল্ডিঙৰ কামৰ লগতে আন এটা কামো কৰিবলগীয়া হ'ল তেওঁ। কামৰ শেষত ৱৰ্কশ্বপৰ মদাহী মালিকক নলাৰ পৰা তুলি নি ঘৰত থোৱাৰ কামটো তেওঁৰ ভাগত পৰিল । বিৰাট বপুৰ মালিকজনক সদায় এইদৰে ঘৰত থৈ আমনি লগাত এদিন তেওঁ চাকৰি এৰি দিয়াৰ সিদ্ধান্ত ল'লে । এই কথা শুনি ৱৰ্কশ্বপৰ মালিক কিছু বিব্ৰত হ'ল কাৰণ মুৰুগাৰ প্ৰতি তেওঁৰ কৃতজ্ঞতাবোধো আছিল । তেওঁ মুৰুগাক ক'লে - তুমি কেনিও যাব নালাগে । তুমি এই ৱৰ্কশ্বপখনৰ মালিক হৈ যোৱা । এই কথা শুনি আচৰিত হ'ল মুৰুগা । তেওঁ ভাবিলে মালিকে চাগৈ নিচাতে এই কথা কৈছে । পিছে মালিকে যে সজ্ঞানে এই কথা কৈছে সেয়া বুজিবলৈ বেছি সময় নালাগিল । কিন্তু তেওঁ মালিকক ক'লে যে সেই ৱৰ্কশ্বপ কিনাৰ সামৰ্থ্য তেওঁৰ নাই । মালিকৰ উপদেশ অনুসৰিয়েই তেওঁ এজন মহাজনৰপৰা ধাৰ লৈ অৱশেষত ৱৰ্কশ্বপখন কিনিলে আৰু কৰ্মচাৰীৰপৰা মালিকত পৰিণত হ'ল । এয়া আছিল তেওঁকৃৰ জীৱনৰ এক অন্যতম গুৰুত্বপূৰ্ণ পদক্ষেপ ।

মালিক হৈয়েই তেওঁ ৱৰ্কশ্বপখন চাফ-চিকুণ কৰিলে আৰু দেৱী লক্ষ্মীৰ নামেৰে ইয়াৰ নাম ৰাখিলে । তেওঁ কয়, 'মই বৰ সূখী অনুভৱ কৰিছিলে কাৰণ মই ৰুটিন মাফিক কাম বেয়া পাইছিলো । '

সকলো কথা বেলেগকৈ চিন্তা কৰি ভাল পোৱা মুৰুগাই এইবাৰ কিছুমান নতুন কাম কৰিলে । তেওঁ গ্ৰীলবোৰত নতুন নতুন আৰ্হি প্ৰয়োগ কৰিবলৈ ধৰিলে । তেওঁ কয়, 'বেছিভাগ ৱেল্ডাৰে মদ খাইছিল । মদৰ নিচাতো তেওঁলোকে কিছুমান আৰ্হি বনাইছিল যিবোৰ অতি সহজ আছিল । যেনে- বৰ্গ, বৃত্ত আদি । মই মোৰ ভণ্টিহঁতে বনোৱা আল্পনা দেখিছিলো । মই সেই আৰ্হিবোৰ ব্যৱহাৰ কৰিবলৈ ধৰিলো ।'

নতুন ধৰণৰ আৰ্হিবোৰ অতি কম সময়ত জনপ্ৰিয় হৈ পৰিল । তামিলনাডুৰ বিভিন্ন ঠাইৰপৰা তেওঁলৈ অৰ্ডাৰ আহিবলৈ ধৰিলে আৰু ব্যৱসায় দিনক দিনে বাঢ়ি যাবলৈ ধৰিলে । যিহেতু ইতিমধ্যে তেওঁ ব্যৱসায়ত প্ৰতিষ্ঠিত হৈ পৰিছিল আৰু বিয়াৰ বয়সো হৈছিল গতিকে তেওঁৰ কাৰণে মাকে ছোৱালী চোৱা আৰম্ভ কৰিলে । ১৯৯৮ত তেওঁ শান্তি নামৰ যুৱতীৰ সৈতে বিবাহ পাশত আৱদ্ধ হ'ল ।

বিয়াৰ পাছতে তেওঁ নৱবিবাহিতা পত্নীক 'ইম্প্ৰেছ' কৰিবলৈ ইটো সিটো চেষ্টা আৰম্ভ কৰিলে । অৱশ্যে সংযুক্ত পৰিয়ালত থকাৰ বাবে পত্নীক লগ পোৱাটো ইমান সহজ নাছিল । তেনেতে এদিন এটা ঘটনা ঘটিল যাৰ ফলত মুৰুগাৰ জীৱনেই সলনি হৈ গ'ল আৰ ভাৰতৰ লাখ লাখ মহিলাৰ জীৱনত ইয়াৰ প্ৰভাৱ পৰিল ।

মুৰুগানন্থমে এদিন দেখিলে যে তেওঁৰ পত্নীয়ে কিবা এটা তেওঁৰপৰা লুকুৱাইছে । তেওঁ যেতিয়া বস্তুটো চাব খুজিলে তেতিয়া পত্নী খং কৰি আঁতৰি গ'ল । এই কথাই তেওঁৰ কৌতুহল আৰু বঢ়াই তুলিলে আৰু তেওঁ বস্তুটো চাবলৈ নেৰ নেপেৰা দি লাগিল। অৱশেষত তেওঁ আৱিষ্কাৰ কৰিলে যে সেই বস্তুটো আছিল তেজ লগা এডোখৰ কাপোৰ । প্ৰথমতে তেওঁ একো বুজি নাপালেও পিছত তেওঁৰ মনত পৰিল যে তেওঁৰ ভনীয়েকহঁতেও তেনেকুৱা কাপোৰ কেতিয়াবা গা-ধোৱা ঘৰত এৰি আহিছিল । তেওঁ বুজিলে যে এয়া মহেকীয়া ঋতুস্ৰাৱৰ সময়ত তেওংলোকে ব্যৱহাৰ কৰা কাপোৰ । পত্নীয়ে ব্যৱহাৰ কৰা কাপোৰৰ টুকুৰাটো দেখি ভাৱ হল যে এই কাপোৰ ব্যৱহাৰ কৰাটো অস্বাস্থ্যকৰ । তেওঁ পত্নীক উপদেশ দিলে চাফা বস্তু প্ৰয়োগ কৰিবলৈ । তেওঁ কয়,

'মই সেইসময়ত সেই বস্তুবিধৰ নামো নাজনিছিলো। ইয়াক যে ছেনিটেৰী পেড বুলি কয় সেই কথা মই শুনা নাছিলো । কিন্তু বস্তুটো সম্পৰ্কে মোৰ অলপ অস্পষ্ট ধাৰণা এটা আছিল গতিকে মই বস্তুবিধৰ নাম নাজানিলেও পত্নীক বুজাই ক'লো সেই বস্তুবিধ ব্যৱহাৰ কৰিবলৈ ।'

কিন্তু উত্তৰত তেওঁ যি কথা ক'লে সেই কথা শুনি আচৰিত হৈ গ'ল মুৰুগানন্থম। তেওঁৰ পত্নীয়ে তেওঁক ক'লে যে তেওঁ আৰু মুৰুগাৰ ভনীয়েক সকলে যদি সেই বস্তুবিধ ব্যৱহাৰ কৰে তেনেহলে ঘৰলৈ গাখীৰ অনা বন্ধ হৈ যাব । মুৰুগানন্থমে বুজি নাপালে এই বস্তুবিধৰ সৈতে গাখীৰৰ কি সম্পৰ্ক ।

তেওঁ ভাবিলে যে যদি এই বস্তুবিধ কিনি তেওঁ পত্নীক উপহাৰ দিয়ে তেন্তে তেওঁ আনন্দিত হ'ব । এই ভাবি তেওঁ এখন ঔষধৰ দোকানলৈ গল আৰু বস্তুবিধ বিচাৰিলে । দোকানখনৰ মহিলা বিক্ৰেতা গৰাকীৰ আচৰণ দেখি তেওঁ আচৰিত হৈ পৰিল । তেওঁ কয়, মহিলা গৰাকীয়ে বস্তুবিধ কাগজেৰে বান্ধি এনেকুৱা এটা ভঙ্গীৰে দিলে যেন কিবা নিষিদ্ধ বস্তুহে তেওঁ মোৰ হাতত তুলি দিছে । মহিলা গৰাকীৰ এই আচৰণ দেখি তেওঁ আৰু কৌতুহলী হৈ পৰিল । তেওঁ লগে লগে পেকেটতো খুলি বস্তুবিধনো কি বুজিবলৈ যত্ন কৰিলে । এই বস্তুবিধ কেনেকৈ বনায় সেই কথা বুজিবলৈ তেওঁৰ ইচ্ছা হ'ল ।

মৰুগানান্থনে কয়, 'বস্তুবিধ দেখি মই গম পালো সেয়া তুলা আৰু লগতে বস্তুৰ ওজন সম্পৰ্কীয় মোৰ অভিজ্ঞতাৰে মই বস্তুবিধ হাতত লৈ গম পালো যে ইযাৰ ওজন ১০ গ্ৰামৰ বেছি নহয় । ১৯৯০ চনত দহ গ্ৰাম তুলাৰ ওজন আছিল ১০ পইছা । মই আচৰিত হ'লো যে দহ পইছাৰ তুলা ৬টকাত বিক্ৰী কৰা হৈছে । এনেধৰণৰ লাভ মই কোতিয়াও দেখা নাছিলো । '

এই কথাই মুৰুগানন্থমৰ মনত আৰু বহু কথাৰ জন্ম দিলে । তেওঁ ভাবিলে যে এই বস্তুবিধ নিজেই বনাই যদি পত্নীক উপহাৰ দিয়া যায় তেন্তে তেওঁ আনন্দিত হব আৰু লগতে ইমান দামী বস্তুবিধ ইমান সস্তাতে বনাই দিয়াৰ কাৰণে পত্নীয়ে তেওঁক প্ৰশংসা কৰিব ।

কথা মতেই কাম । বজাৰৰপৰা শ্ৰেষ্ঠ মানৰ তুলা কিনি আনি তাক নিজহাতে কাটি আঠ ইন্সি দীঘল এখন পেড বনালে মুৰুগানন্থমে । এই কাম কৰি সফল অনুভৱ কৰিলে তেওঁ । তেওঁ ভাবিলে অতি সহজেই তেওঁ ছেনিটেৰী পেড বনাবলৈ সক্ষম হ'ল আৰু এতিয়া তেওঁৰ পত্নী যথেষ্ট আনন্দিত হ'ব । তেওঁ এই পেড নি পত্নীক উপহাৰ দিলে আৰু ইয়াক ব্যৱহাৰ কৰি তাৰ ওপৰত মন্তব্য দিবলৈ ক'লে । তেওঁ ভাবিছিল দুই এদিনতে তেওঁৰ পত্নীয়ে তেওঁক ক'ব এই পেড ব্যৱহাৰ কৰি তেওঁ কেনে পালে। কিন্তু কেইবাদিনো ধৰি কোনো প্ৰতিক্ৰিয়া নেদেখি তেওঁ এদিন অধৈৰ্য হৈ পত্নীক এই বিষয়ে সোধাত পত্নীয়ে তেওঁক ধৈৰ্য ধৰিবলৈ ক'লে আৰু ক'লে যে মাহেকীয়া ঋতুস্ৰাৱ প্ৰতি দুই এদিনত নহয় । তেওঁ প্ৰথমবাৰৰ কাৰণে গম পালে যে মহিলাৰ মাহেকীয়া ঋতুস্ৰাৱ প্ৰতিদিনে অথবা প্ৰতি দুই এদিনত নহয় ।

তেওঁ তেওঁৰ পত্নীৰপৰা এই কথাও গম পালে যে গাঁৱৰ বেছিভাগ মহিলাই মাহেকীয়া ঋতুস্ৰাৱৰ সময়ত কাপোৰ, বালি, ছাই, গছ পাত আদি বস্তু ব্যৱহাৰ কৰে । এই অস্বাস্থ্যকৰ ব্যৱস্থাৰ কথা শুনি তেওঁ আচৰিত হল ।

আনহাতে ঋতুস্ৰাৱ কেতিয়া হয় সেই কথা বুজিবলৈ নিজৈববীয়াকৈ চেষ্টা চলাই মুৰুগানন্থমে গাঁৱৰ মন্দিৰৰ বাহিৰত মহিলাসকলক পৰ্যবেক্ষণ কৰিবলৈ ধৰিলে । এদিন শুকুৰবাৰে তেওঁ দেখিলে যে একাংশ মহিলা মন্দিৰৰ বাহিৰত ৰৈ আছে আৰু তেওঁলোক ভিতৰ সোমোৱা নাই । তেওঁ জানিছিল যে মহিলাসকলে এই সময়ত মন্দিৰত প্ৰৱেশ নকৰে । এইবাৰ তেওঁ এইটো কথাই বুজিলে যে মহিলাসকলৰ ঋতুস্ৰাৱ প্ৰতি শুকুৰবাৰে হয় । এই 'আৱিষ্কাৰ'ৰ কথা তেওঁ অতি উৎসাহেৰে পত্নীক ক'লেগৈ । কিন্তু এই কথাা শুনি পত্নীৰ খংহে উঠিল আৰু তেওঁক কলে যে ঋতুস্ৰাৱ প্ৰতি শুকুৰবাৰে নহয় প্ৰতি মাহে হয় ।

লাহে লাহে বিষয়টোৰ সম্পৰ্কত মুৰুগানন্থমৰ জ্ঞান বাঢ়িবলৈ ধৰিলে । লগে লগে জিজ্ঞাসাও । তেনে সময়তে এদিন তেওঁৰ পত্নীয়ে তেওঁ বনোৱা ছেনিটেৰী পেড সম্পৰ্কে নিজৰ মন্তব্য দিলে আৰু এই মন্তব্য শুনি তেওঁ অতি হতাশ হ'ল । শান্তিয়ে তেওঁক ক'লে, 'এইটো খুবেই বেয়া আৰু বিপজ্জনক । ইয়াতকৈ বৰং কাপোৰৰ টুকুৰাই ভাল ।' এই কথা শুনাৰ লগে লগে তেওঁৰ উদ্ভাৱনৰ সকলো উৎসাহ মাটিত মিলি গ'ল । এই হতাশাই তেওঁক কেইবাদিনো গ্ৰস্ত কৰি ৰাখিলে যদিও অতি সোনকালে এই হতাশা জাৰি জোঁকাৰি তেওঁ প্ৰস্তুত হ'ল অধিক পৰীক্ষা নিৰীক্ষা চলাবলৈ । তেওঁ সিদ্ধান্ত ল'লে যে যিকোনো উপায়েৰে তেওঁ পেড বনাইহে এৰিব ।

আৰম্ভ হল নতুন পৰীক্ষা -নিৰীক্ষা । বেলেগ বেলেগ মানৰ তুলা ব্যৱহাৰ কৰি তেওঁ পেড বনাবলৈ ধৰিলে কিন্তু সমস্যা হ'ল এইবোৰ ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত । তেওঁৰ পত্নীয়ে ইতিমধ্যে এইবোৰ ব্যৱহাৰ নকৰে বুলি স্পষ্ট কৰি দিছিল । আন মহিলাক এই পৰীক্ষাত অংশগ্ৰহণ কৰিবলৈ কোৱা মানে ভয়ংকৰ পৰিস্থিতিক আমন্ত্ৰণ জনোৱা । বহু চিন্তা চৰ্চাৰ অন্তত তেওঁ সিদ্ধান্ত ল'লে নিজৰ দুগৰাকী ভনীয়েকৰ সহায় লোৱাৰ । কিন্তু তাৰপৰা লাভ একো নহ'ল । তেওঁলোকে এইবোৰ ব্যৱহাৰ কৰিলে ঠিকেই কিন্তু এইবোৰৰ গুণগত মান সম্পৰ্কে কোনো কথা কবলৈ তেওঁলোকৰ লজ্জাবোধে তেওঁলোকক বাধা দিলে । আনকি ঘৰত দেৱী দেৱতাৰ ছৱি থকাৰ বাবেই তেওঁলোকে এই সম্পৰ্কে কথা কোৱাটোকো পাপ বুলি গণ্য কৰিছিল । অৱশেষত এদিন তেওঁলোকে মুৰুগানন্থমক ক'লে যে এই পৰীক্ষা বন্ধ নকৰিলে তেওঁলোকে সকলো কথা মাকক কৈ দিব । উপায় নাপাই এই পৰীক্ষা বন্ধ কৰিবলগীয়া হ'ল তেওঁ ।

এইবাৰ মুৰুগানন্থমৰ মনলৈ ভাৱ আহিল যে যদি মেডিকেল কলেজৰ ছাত্ৰীসকলক এই পৰীক্ষাত অংশগ্ৰহণ কৰাব পাৰি তেনেহলে নিশ্চয় কামত আহিব । মানৱ শৰীৰ সম্পৰ্কে কথা পাতিবলৈ মেডিকেল কলেজৰ ছাত্ৰী এগৰাকীয়ে লজ্জাবোধ নকৰিব বুলি তেওঁ ভাবিছিল । কিন্তু তেওঁ আচৰিত হ'ল যেতিয়া ছেনিটেৰী পেডৰ নাম শুনাৰ লগে লগে ছোৱালীবেৰ লাজত আঁতৰি গুছি গ'ল ।

মুৰুগানন্থমে কয়, 'মোৰ ভাৱ হ'ল মেডিকেল পঢ়া এই ছোৱালীবোৰতকৈ অশিক্ষিত গাঁৱলীয়া মহিলাবোৰেই ভাল । মই খুৱ হতাশ হ'লো মই এই ছোৱালীবোৰৰ কল্যাণৰ বাবে কাম কৰি আছিলো অথচ মোক সহায় কৰিবলৈ এজনী ছোৱালীও মান্তি হোৱা নাছিল ।'

কিন্তু জেদী স্বভাৱৰ মুৰুগানন্থমে সিদ্ধান্ত লৈছিল যে তেওঁ এই কাম কৰিহে এৰিব । সেয়েহে এইবাৰ এক অদ্ভুত কাম কৰিবলৈ সাজু হ'ল তেওঁ । হয়তো আজিলৈকে পৃথিৱীত এনে চিন্তা কাৰো মনলৈ অহা নাই ।

মহিলা সহায়কাৰীৰ অভাৱত মুৰুগানন্থমে সিদ্ধান্ত ললে যে তেওঁ নিজে এই ছেনিটেৰী পেডবোৰ পৰীক্ষা কৰিব । ইয়াৰ বাবে এক কৃত্ৰিম গৰ্ভাশয় সৃষ্টি কৰি মহিলাৰ মাহেকীয়া ৰক্তস্ৰাৱৰ দৰে পৰিস্থিতি নিজৰ শৰীৰতে সৃষ্টি কৰিবলৈ আৰম্ভ কৰিলে তেওঁ। ফুটবলৰ টিউবত সৰু সৰু ফুটা কৰি তেওঁ এটা কৃত্ৰিম গৰ্ভাশয় বনালে । কচাইখানাৰপৰা তেজ সংগ্ৰহ কৰি এই কৃত্ৰিম গৰ্ভাশয়ত ভৰাই সেইটো নিজৰ শৰীৰত সংলগ্ন কৰি ল'লে আৰু তাৰ ওপৰত ছেনিটেৰী পেড এখন পিন্ধি ল'লে । এই অৱস্থাতে তেওঁ খোজকঢ়া, বহা, দৌৰা, চাইকেল চলোৱা আদি বিভিন্ন কাৰ্যকলাপেৰে মহিলাসকলে ঋতুস্ৰাৱৰ সময়ত কেনেকুৱা অসুবিধাৰ সন্মূখিন হয় আৰু সেই সমস্যা তেওঁ বনোৱা পেডে সমাধান কৰে নে নকৰে সেই কথা বুজিবলৈ চেষ্টা কৰিলে । এই পৰীক্ষাৰ অন্তত দেখা গ'ল যে তেওঁৰ পেডবোৰে কাম কৰিব পৰা নাই । এইবাৰ আকৌ মেডিকেল কলেজৰ ছোৱালীবোৰৰ সহায়ত নতুন ধৰণেৰে পৰীক্ষা চলোৱাৰ সিদ্ধান্ত ল'লে তেওঁ ।

এইবাৰ তেওঁ সহায় ল'লে কিছুমান ফিডবেক ফৰ্মৰ । এই ফৰ্মবোৰ তেওঁ তেওঁ বনোৱা পেডৰ সৈতে কিছুমান ছোৱালীক দিবলৈ ধৰিলে । বজাৰত উপলব্ধ পেডৰ সৈতে এইবোৰৰ তুলনাত্মক অধ্যয়নৰ চেষ্টাও কৰিলে তেওঁ । আনকি ছোৱালীবোৰে ব্যৱহাৰ কৰা ছেনিটেৰী পেডো সংগ্ৰহ কৰিবলৈ ধৰিলে । কিন্তু তেওঁ সোনকালেই বুজি উঠিল যে ফৰ্মবোৰ পূৰণ কৰিবৰ সময়ত অন্যমনষ্ক হৈ কাম কৰিছে ছোৱালীবোৰে ।

তেওঁ এই গোটেই প্ৰক্ৰিয়াটো পুনৰ আৰম্ভ কৰিবলৈ চেষ্টা চলালে কিন্তু এনে সময়তে মেডিকেল কলেজৰ ছোৱালীবোৰৰ লগত 'হলি গলি কৰা' বুলি খং কৰি তেওঁৰ পত্নী ঘৰ এৰি গুছি গ'ল । আনকি তেওঁলৈ বিবাহ বিচ্ছেদৰ জাননীও পঠালে ।

পিছে পত্নীয়ে ঘৰ এৰি যোৱাৰ বাবে পৰীক্ষা চলাবলৈ সুবিধাহে হ'ল মুৰুগানন্থনৰ । তেওঁ কয়, 'ঘৰত মই নিজৰ গৱেষণাত অধিক মনোযোগ দিব পাৰিলেো। কাম দ্ৰুত গতিত আগবাঢ়িবলৈ ধৰিলে । ' এইবোৰৰ মাজতে তেওঁ আৱিষ্কাৰ কৰিলে এটা ডাঙৰ তথ্য । বিদেশী প্ৰতিষ্ঠানবোৰে ছেনিটেৰী পেডত ব্যৱহাৰ কৰা কপাহ আছিল অন্য এক ধৰণৰ কপাহ । ইয়াৰ আগতে এই পদাৰ্থবিধনো কি সেয়া জানিবলৈ তেওঁ বিভিন্ন কোম্পানীলৈ চিঠি লিখিছিল যদিও কোনেও তাৰ উত্তৰ নিদিয়া দেখি তেওঁ এইবোৰ আই আই টি মাদ্ৰাজৰ পৰীক্ষাগাৰলৈ পঠাই জানিব পাৰিলে যে সেইবোৰ চেলুল'জ ফাইবাৰ । পাইন কাঠৰ মণ্ডৰপৰা এইবোৰ বনোৱা হৈছিল ।

এই আৱিষ্কাৰক লৈ উৎসাহী হৈ পৰোঁতেই ঘটিল আন এক ঘটনা । এদিন হঠাৎ তেওঁৰ মাতৃয়ে আৱিষ্কাৰ কৰিলে যে তেওঁৰ পুত্ৰ মুৰুগাই মহিলাই ইতিমধ্যে ব্যৱহাৰ কৰা ছেনিটেৰী পেড লৈ কিবা কৰি আছে । তেওঁৰ ধাৰণা হ'ল কোনোবাই মুৰুগাৰ ওপৰত যাদু-মন্ত্ৰ কৰিছে যাৰ ফলত তেওংৰ পুত্ৰ পাগল হৈ গৈছে । পুত্ৰক বলিয়া আখ্যা দি তেওঁ ঘৰ এৰি গুছি গ'ল ।

ইতিমধ্যে গাঁৱৰ বহুতেই সন্দেহ কৰিছিল যে মুৰুগানন্থনৰ বহু মহিলাৰ সৈতে অবৈধ সম্পৰ্ক আছে কাৰণ তেওঁক তেওঁলোকে বিভিন্ন মহিলাৰ সৈতে কথা বতৰা পাতি থকা দেখিছিল । প্ৰায়ে তেজ লগা কাপোৰ ধুই থকা দেখি একাংশই ভাবিবলৈ ধৰিছিল যে তেওঁ বহু মহিলাৰ সৈতে সম্পৰ্ক ৰখাৰ ফলত যৌনৰোগত আক্ৰান্ত হৈছে । পৰৱৰ্তী সময়ত তেওঁ মহিলাই ব্যৱহাৰ কৰা ছেনিটেৰী পেডক লৈ পৰীক্ষা নিৰীক্ষা চলাই থকাৰ কথা পোহৰলৈ অহাত এয়া একধৰণৰ যৌন বিকৃতি বুলিও বহুতে ভাবিছিল। অৱশেষত মাকে তেওঁক পাগল আখ্যা দিয়াত গাঁৱৰ মানুহে যেন সুবিধাই পালে । পঞ্চায়তে সিদ্ধান্ত ল'লে যে তেওঁক শিকলিৰে বান্ধি নিম গছত ওলোটাই ওলোমাই ৰখা হ'ব আৰু যদিহে ভূত নপলায় তেনেহলে তেওঁক গাঁৱৰপৰা বহিষ্কাৰ কৰা হ'ব । এই ঘটনাৰ ফলত গাঁও এৰি পলাবলৈ বাধ্য হ'ল তেওঁ ।

কিন্তু ইমানতো থমকি নৰ'ল তেওঁ । তেওঁ ইতিমধ্যে বুজি উঠিছিল কি কি সামগ্ৰীৰে ছেনিটেৰী পেড বনোৱা হয় । অনুসন্ধান কৰি তেওঁ যেতিয়া গম পালে যে এই পেড বনোৱা কামত ব্যৱহাৰ কৰা যন্ত্ৰ চাৰে তিনি কোটি টকা মূল্যৰ তেতিয়া তেওঁ সিদ্ধান্ত ল'লে এই মেচিন নিজে বনোৱাৰ ।

এয়া আছিল জীৱনৰ কঠিনতম সময় । বন্ধু বান্ধৱ, পত্নী, আনকি মাকেও তেওঁৰ সঙ্গ ত্যাগ কৰিছিল । হাতত তেওঁৰ এটা ফুটা কড়িও নাছিল । কোনোমতে ৱেল্ডিঙৰ এটা কাম যোগাৰ কৰি কেইজনমান মালবাহক বনুৱাৰ সৈতে এটা সৰু কোঠাত থাকিবলৈ ল'লে । এই কোঠাটোত পাঁচজন মানুহ একেলগে মজিয়াত শুব নোৱাৰিছিল । তেওঁৰ ভাষাত, 'মই সদায়েই দেৱালত ভেজা দি শুব লাগিছিল । ফলত পাছলৈ মোৰ ভাৰ্টিগ বেমাৰ হৈছিল ।'

সকলো হেৰুৱায়ো নিজৰ গৱেষণাৰ কামত লাগি থাকিল মুৰুগানন্থন । ৱেল্ডিঙৰ কাম কৰি যি পইচা পায় সেয়া মেচিন বনোৱাক কামত ব্যয় কৰে । দিনে ৰাতিয়ে এই কামত ব্যস্ত থাকি আনকি দাঢ়ি কাটিবলৈও সময় নাছিল তেওঁৰ ।

অৱশেষত আঠ বছৰজোৰা চেষ্টাৰ অন্তত তেওঁ এটা মেচিন নিৰ্মাণত সফল হল আৰু আই আই টি চেন্নাইৰ এক প্ৰতিযোগিতাত এই মেচিন প্ৰদৰ্শন কৰি তেওঁ পুৰষ্কাৰ লাভ কৰাৰ লগতে বিভিন্নজনৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হ'ল । তদানীন্তন ৰাষ্ট্ৰপতি প্ৰতিভা পাটিলৰ হাতৰপৰা তেওঁ এই পুৰষ্কাৰ গ্ৰহণ কৰিলে ।

বিশ্বজুৰি চৰ্চালৈ আহিল মুৰুগানন্থন । বি বি চি, চি এন এন, অল জজীৰা আদি সংবাদ মাধ্যমে তেওঁক প্ৰশংসাৰে বুৰাই পেলালে । এইবাৰ নিজৰ আৱিষ্কাৰক দেশৰ মহিলাসকলৰ কাষলৈ লৈ যাবলৈ তেওঁ জয়শ্ৰী ইণ্ডাষ্ট্ৰীজৰ প্ৰতিষ্ঠা কৰিলে আৰু সস্তীয়া ছেনিটেৰী পেড বনোৱা মেচিন উৎপাদন কৰিবলৈ ধৰিলে ।

প্ৰথমতে এই পেড তেওঁ নিজেই বনাই বিক্ৰীৰ কাম হাতত লৈছিল যদিও সঠিক বিপণনৰ অভাৱত আৰু সস্তীয়া বস্তু বেয়া হ'ব বুলি বহুতেই ভৱাৰ ফলত ইয়াৰ ব্যৱসায় ভাল নহ'ল । সেয়েহে সকলোবোৰ পেড তেওঁ পত্নীক ব্যৱহাৰ কৰিবলৈ দি দিলে । তেওঁৰ পত্নীয়ে এই পেডবোৰ চুবুৰীয়া বহু মহিলাক বিক্ৰী কৰা দেখি তেওঁৰ মনলৈ আহিল ব্যৱসায়ৰ এটা নতুন মডেল । তেওঁ পেড বনোৱা মেচিন কেৱল মহিলাক বিক্ৰী কৰাৰ সিদ্ধান্ত ল'লে যাতে এইবোৰ কিনিবলৈ কোনো মহিলাই সংকোচ নকৰে ।

এই ব্যৱসায়ৰপৰা হোৱা সকলো লাভৰ ধন তেওঁ ব্যয় কৰে মহিলাসকলৰ কল্যাণৰ বাবে কাম কৰা প্ৰতিষ্ঠান সমূহত । তেওঁৰ মতে তেওঁল লক্ষ্য কোটি টকাৰ ব্যৱসায় স্থাপন কৰা নহয় বৰং দেশৰ সকলো মহিলাকে সস্তাতে পেড উপলব্ধ কৰোৱা ।

মুৰুগানন্থনৰ এই আৱিষ্কাৰৰ ফলত ভাৰতৰ লগতে আন দেশৰো মহিলা সকলৰ স্বাস্থ্যৰ ক্ষেত্ৰত ব্যাপক প্ৰভাৱ পৰিছে । সস্তাতে ছেনিটেৰী নেপকিন ব্যৱহাৰ কৰিব পৰাৰ ফলত বহু দৰিদ্ৰ মহিলা উপকৃত হৈছে । আনকি মহিলাসকলৰ ঋতুকালীন স্বাস্থ্যৰ ক্ষেত্ৰত সজাগতা বৃদ্ধিৰ ক্ষেত্ৰতো ই সহায় কৰিছে ।

ভাৰতৰ প্ৰতিখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ লগতে ১৯ খন দেশত এই মেচিন ব্যৱহাৰ হৈছে । তেওঁক বৰ্তমান বিশ্বই চিনি পায় এজন উদ্ভাৱক তথা সমাজকৰ্মীৰূপে । আই আই টি, আই আই এম আদি আগশাৰীৰ প্ৰতিষ্ঠানত তেওঁ বক্তৃতা দিয়ে । ইতিমধ্যে পদ্মশ্ৰী সন্মানেৰে সন্মানিত হৈছে তেওঁ ।

মুৰুগানন্থনৰ সপোন- দেশৰ কোনো মহিলায়েই যাতে ছেনিটেৰী নেপকিনৰপৰা বঞ্চিত হৈ ৰ'বলগীয়া নহয় । ইতিমধ্যে উত্তৰ প্ৰদেশত চৰকাৰৰ সহযোগত এক বিশেষ আঁচনি চলোৱা মুৰুগানন্থমে অন্যান্য স্থানলৈও এই অভিযান সম্প্ৰসাৰিত কৰাৰ আঁচনি লৈছে । লগতে এই মেচিনবোৰৰ সহায়ত দহ লাখ মহিলাক কৰ্মসংস্থাপন দিয়াৰো লক্ষ্য মুৰুগানন্থনৰ ।

অল্লেখযোগ্য যে এসময়ত তেওঁক এৰি যোৱা তেওঁৰ পত্নী, মাতৃ আৰু বন্ধু বান্ধৱ আজি আকৌ তেওঁৰ কাষত । মাতৃৰ মতে দশম শ্ৰেণীলৈ পঢ়া মুৰুগাই যদি ইমান সফলতা লাভ কৰিছে তেনেহলে তেওঁ আৰু পঢ়িলে আৰু সফলতা লাভ কৰিলেহেতেন । এসময়ত বিকৃত মানসিকতাৰ পুৰুষ আখ্যা দিয়া তেওঁৰ পত্নী আজি তেওঁক লৈ গৌৰবান্বিত । পাপনায়কপুডুৰ এতিয়া এখন গাঁও নহয় বৰঞ্চ এক উপ-নগৰীয় এলেকা । মুৰুগানন্থনৰ সৈতে কৰা ব্যৱহাৰৰ বাবে গাওঁবাসী আজি লজ্জিত আৰু অনুতপ্ত ।

অনুবাদ- ঋদ্ধীশ চক্ৰৱৰ্তী

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কেতবোৰ কাহিনী

'পৰৱৰ্তী আইনষ্টাইন' চব্ৰিনা পেষ্টাৰস্কিয়ে ১৪ বছৰ বয়সতে উৰাইছিল নিজে সজা বিমান

বেঞ্জামিন ফ্ৰেংকলিনৰ কৰ্মকুশলতাৰ এক গোপন মন্ত্ৰ উদ্যমীসকলৰ বাবে

১০ অনুৰ্দ্ধ CEO 'হেক কিং' ৰুবেন

গৌতম গোস্বামীয়ে onlineguwahati.com যোগে আগবঢ়াইছে তথ্যপ্ৰযুক্তিৰ অনলাইন প্ৰশিক্ষণ

Dr Arvind Yadav is Managing Editor (Indian Languages) in YourStory. He is a prolific writer and television editor. He is an avid traveler and also a crusader for freedom of press. In last 19 years he has travelled across India and covered important political and social activities. From 1999 to 2014 he has covered all assembly and Parliamentary elections in South India. Apart from double Masters Degree he did his doctorate in Modern Hindi criticism. He is also armed with PG Diploma in Media Laws and Psychological Counseling . Dr Yadav has work experience from AajTak/Headlines Today, IBN 7 to TV9 news network. He was instrumental in establishing India’s first end to end HD news channel – Sakshi TV.

Related Stories