গৌতম গোস্বামীয়ে onlineguwahati.com যোগে আগবঢ়াইছে তথ্যপ্ৰযুক্তিৰ অনলাইন প্ৰশিক্ষণ

গৌতম গোস্বামীয়ে onlineguwahati.com যোগে আগবঢ়াইছে তথ্যপ্ৰযুক্তিৰ অনলাইন প্ৰশিক্ষণ

Tuesday June 14, 2016,

2 min Read

‘অসমত প্ৰতিভাৰ কোনো অভাৱ নাই কিন্তু বাহিৰৰ পৃথিৱীখনত ঘটি থকা প্ৰযুক্তিগত পৰিৱৰ্তনবোৰৰ তথ্য অসম আহি পাওঁতে দেৰি লাগে বাবে অসমৰ প্ৰতিভাশালী যুৱক-যুৱতীসকল কিছুমান সুবিধাৰপৰা বঞ্চিত হৈ ৰয় । মই এই পৰিস্থিতিটো সলনি কৰিবলৈ বিচাৰোঁ । এনেধৰণৰ তথ্যসমূহে আমাৰ অৰ্থনীতিৰ চালিকা শক্তিৰ কাম কৰিব পাৰে । কিয়নো ইয়াৰ সহায়ত আমাৰ উঠি অহা প্ৰজন্মই অকল চাকৰিমূখী নহৈ বিভিন্ন ব্যৱসায় আৰম্ভ কৰিব পাৰে।‘ এইদৰে কয় গৌতম গোস্বামীয়ে । পৰিস্থিতিক দোষাৰোপ কৰি দায়িত্ব সামৰাৰ সলনি পৰিস্থিতি সলনি কৰিবলৈ বিচৰা এজন ব্যক্তি গৌতম গোস্বামী। বহুবছৰ ধৰি দেশে বিদেশে কেইবাটাও বহুজাতিক প্ৰতিষ্ঠানৰ লগত জড়িত হৈ থাকি আৰামৰ জীৱন কটাই থকা স্বত্বেও স্বদেশ আৰু স্বজাতিৰ প্ৰতি টানে নতুন কিবা এটা কৰিবলৈ উদগণি যোগোৱা এজন উদ্যমী ।

onlineguwahati.com নামৰ পৰ্টেলটোৰ যোগেদি গোস্বামীয়ে অসমৰ যুৱক-যুৱতীসকলক তথ্য প্ৰযুক্তিৰ শেহতীয়া কৌশল সন্দৰ্ভত প্ৰশিক্ষণ প্ৰদান কৰে । দেশে বিদেশে প্ৰায় ১৬ বছৰজোৰা কৰ্ম অভিজ্ঞতাৰে পুষ্ট গোস্বামী ১৯৯৯ চনৰপৰা অসমৰ বাহিৰত আইবিএমকে ধৰি বিভিন্ন প্ৰতিষ্ঠানত কাম কৰিছে । 'অসমৰ বাহিৰত লাভ কৰা সমস্ত সা-সুবিধা মই অসমৰ যুৱক-যুৱতীসকলৰ ওচৰলৈ লৈ আনিব খোজোঁ,' তেওঁ কয় ।

মূলতঃ ভাৰতৰ তথ্য প্ৰযুক্তি ৰাজধানী বাংগালুৰুৰপৰা পৰিচালনা হোৱা onlineguwahati.comৰ কাৰ্যালয় গুৱাহাটীকে ধৰি অন্যান্য ঠাইত আছে। মূলতঃ ই-কমাৰ্চ ভিত্তিক প্ৰযুক্তিৰ অনলাইন প্ৰশিক্ষণৰ লগতে তথ্য প্ৰযুক্তি সম্পৰ্কীয় সেৱাও আগবঢ়ায় ।

'অসমত ই-কমাৰ্চ ভিত্তিক ব্যৱসায়ৰ প্ৰচুৰ সম্ভাৱনা আছে । অসমৰ চাহ, পাট-মুগা আদি সা-সামগ্ৰীৰ যথেষ্ট চাহিদা আছে আৰু এইবোৰক লৈয়েই আমাৰ ইয়াত ই-কমাৰ্চ ভিত্তিক উদ্যোগ গঢ়ি তুলিব পাৰি ।' এইদৰে কয় গৌতম গোস্বামীয়ে ।

অসমৰ বাহিৰতে বহুবছৰ কটালেও অসমৰ প্ৰতি টান এতিয়াও অত্যন্ত প্ৰৱল গৌতম গোস্বামীৰ মনত। 'যেতিয়া অসমক কেৱল সন্ত্ৰাসবাদীৰ দেশ বুলি কোনোবাই কয় তেতিয়া অসমৰ কথা বহিৰত প্ৰচাৰ কৰিবলৈ আৰু অসমৰ সম্ভাৱনীয়তা পৃথিৱীৰ আগত প্ৰমাণ কৰি দেখুৱাবলৈ ইচ্ছা অধিক প্ৰৱল হৈ উঠে মোৰ মনত ।' এয়া গোস্বামীৰ ভাষ্য । আৰু এই প্ৰৱল ইচ্ছাই তেওঁক আগবঢ়াই নি আছে নিজৰ লক্ষ্যত । 

'মোৰ লক্ষ্য কেৱল ভাল চাকৰি পাবৰ বাবে উপযুক্ত প্ৰশিক্ষণ প্ৰদান নহয় বৰঞ্চ উদ্যমী গঢ়াত সহায় কৰা প্ৰশিক্ষণ দিয়াটোহে।' এইদৰে মন্তব্য কৰে গৌতম গোস্বামীয়ে ।

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কেতবোৰ কাহিনী

অসমীয়া বস্ত্ৰক বিশ্বৰ বজাৰলৈ নিয়া e-bozar.com

বিদ্যলয়লৈ যাব নোৱাৰা ল'ৰা-ছোৱালীৰ ঘৰতে বিদ্যালয়ৰ ব্যৱস্থা-বীণা চেট্টী লস্কৰীৰ ড'ৰষ্টেপ স্কুল

আনে নোযোৱা পথেৰে ভ্ৰমণ কৰা ড° সঞ্জয় অগ্ৰৱাল

স্বপ্নভঙ্গই জন্ম দিছিল বিশ্ব অভিলেখৰ স্বপ্নৰ: অভিজিৎ বৰুৱা