এজন শিক্ষক যি ছাত্ৰক শিকাবলৈ সাঁতুৰি পাৰ হয়, আৰু আজিলৈ ছুটী লোৱা নাই.....

0

শিশুৰ শিক্ষা আটাইতকৈ জৰুৰী। এইক্ষেত্ৰত দুজনৰ ভূমিকা আটাইতকৈ গুৰুত্বপূৰ্ণ। ইয়াৰে এক হ’ল মাতৃ-পিতৃ, যিয়ে সন্তানক পঢ়া-শুনা কৰিবলৈ উৎসাহ দিয়ে, আৰু আনজন হ’ল শিক্ষক যিয়ে ছাত্ৰ-ছাত্ৰীৰ মনত অধ্যয়নস্পৃহা জগাই তোলে। দুয়োৰে কাৰোবাৰ চেষ্টাৰ অভাৱ হ’লে শিশুৰ ভৱিষ্যত দুৰ্বল হ’ব। কেৰালাৰ মাল্লাপুৰমৰ পডিজহুমাৰিৰ মুছলিম নিম্ন প্ৰাথমিক বিদ্যালয়ৰ গণিতৰ শিক্ষক আব্দুল মালিক (৪২)সেই প্ৰেৰণাৰ নাম।যোৱা ২০টা বছৰে তেওঁ স্কুললৈ সাঁতুৰি অহা-যোৱা কৰিছে। তেওঁ ৰাস্তাৰেও আহিব পাৰে। কিন্ত ২৪ কিলোমিটাৰ পথযাত্ৰাৰ সময় ৰাহি কৰিবলৈ তেওঁ সাঁতুৰিয়েই প্ৰতিদিনে বিদ্যালয়লৈ অহা-যোৱা কৰে। আটাইতকৈ ডাঙৰ কথাটো হ’ল অজিলৈ তেওঁ এদিনো ছুটী লোৱা নাই।

সাঁতুৰি গ’লে তেওঁৰ আটাইতকৈ ডাঙৰ সুবিধাটো হয় স্কুল পাবলৈ তিনিখনকৈ বাছ সলনি কৰিব নালাগে আৰু বহু মূল্যৱান সময় ৰাহি হয়। ‘নিউ ইণ্ডিয়ান এক্সপ্ৰেছ’- কাকতত প্ৰদান কৰা এক সাক্ষাতকাৰত তেওঁ ক’লে- ‘প্ৰথম বছৰ মই পথেৰেই অহা-যোৱা কৰিলো।এজন সহকৰ্মীৰ পৰামৰ্শ মতে নদী সাঁতুৰি পাৰ হৈ অহা-যোৱা কৰিবলৈ আৰম্ভ কৰিলো।মোৰ স্কুলখন পানীয়ে তিনিফালৰ পৰা ঘেৰি আছে। গাড়ী-মটৰত যোৱাতকৈ সাঁতুৰি যোৱাটো বেছি সুবিধাজনক হয়।’

সাঁতুৰি নৈ পাৰ হওঁতে কাপোৰ আৰু কিতাপ-কাগজ নিতিতিবলৈ এটা প্লাষ্টিকৰ বেগ লৈ যায়। নদী পাৰ হৈ, তিতা কাপোৰ সলাই, শুকান কাপোৰ পিন্ধি তেওঁ স্কুললৈ যায়।

ইয়াৰ উপৰিও আব্দুল এজন পৰিৱেশপ্ৰেমী।বিগত কেইটামান বছৰত নদীত বৃদ্ধি পোৱা আৱৰ্জনা আৰু প্ৰদূষণে তেওঁক গভীৰভাৱে ব্যথিত কৰে।তেওঁ প্ৰায়েই ছাত্ৰ-ছাত্ৰীসকলক সাঁতুৰিবলৈ নিয়ে আৰু ছাত্ৰ-ছাত্ৰী সকলে এই শিক্ষকজনক ভীষণ ভাল পায়। তেওঁলোকে নদীৰ পাৰৰ পৰা প্লাষ্টিক, আবৰ্জনা আদি পৰিস্কাৰ কৰে। আব্দুলে কয়, ‘আমাৰ নদীসমূহ প্ৰদূষণৰ পৰা ৰক্ষা কৰিব লাগিব কাৰণ প্ৰকৃতি ধৰিত্ৰীৰ প্ৰতি ভগৱানৰ এক অমূল্য উপহাৰ।’

উৎসঃ থিংক চেঞ্জ ইণ্ডিয়া।

হিন্দী অনুবাদঃ নিশান্চ গোৱেল।

অসমীয়া অনুবাদঃ লুইত পাঠক।

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

মাতৃৰ কথামতে চিকিৎসক হোৱা পুত্ৰ আজি কৰ্কট ৰোগীৰ জীৱন দাতা

শিশুক বিপথে নিয়াৰ অভিযোগত কাৰাবাস খটা সন্দীপ কৌৰ আজি বহু অনাথ ছোৱালীৰ মাকৰ দায়িত্বত

মডেল মাতৃৰ পৰা মডেল উদ্যোগীলৈ – তাৰা শৰ্মা চলুজাৰ কাহিনী