বিশ্ব ৰেকৰ্ড গঢ়িবলৈ সাজু হৈজে মনজিৎ দিহিঙীয়া

বিশ্ব ৰেকৰ্ড গঢ়িবলৈ সাজু হৈজে মনজিৎ দিহিঙীয়া

Friday September 15, 2017,

1 min Read

শুদা ভৰিৰে দৌৰি বিশ্ব ৰেকৰ্ড কৰিবলৈ প্ৰস্তুত হৈছে অসম আৰক্ষীৰ কনিষ্টবল মনজিৎ দিহিঙীয়া । একেৰাহে ২৫ ঘন্টা ধৰি শুদা ভৰিৰে দৌৰি ২০০ কিলোমিটাৰ পথ অতিক্ৰম কৰি বিশ্ব অভিলেখ কৰাৰ প্ৰস্তুতি চলাইছে দ্বাদশ অসম আৰক্ষী বেটেলিয়নৰ কনিষ্টবলজনে । ইয়াৰ পূৰ্বে মনজিতে আন কেইবাটাও অভিলেখ গঢ়ি থৈছে । ইয়াৰ অন্যতম হৈছে হেণ্ডেলত নধৰাকৈ চাইকেল চলাই যোৱা, বাঁহী, ঢোল আদি বাদ্য বজাই চাইকেল চলাই যোৱা আদি । 

ডিচেম্বৰ মাহৰ ১৯ তাৰিখে গহপুৰৰপৰা জীয়াভৰলীলৈ আৰু পুনৰ জীয়াভৰলীৰপৰা গহপুৰলৈ দৌৰি এই অভিলেখ পূৰণ কৰিব । ইতিমধ্যে একেৰাহে ২৪ ঘন্টা শুদা ভৰিৰে দৌৰি বিশ্ব অভিলেখ গঢ়ি থৈছে অসম আৰক্ষীৰ আন এজন কনিষ্টবল যোৰহাটৰ অভিজিৎ বৰুৱাই ।

image


উল্লেখযোগ্য যে মনজিৎ দিহিঙীয়া জামুগুৰিহাটৰ কুসুমটোলাস্থিত দ্বাদশ অসম আৰক্ষী বাহিনীৰ চউনীত কৰ্মৰত । আৰক্ষী বিভাগৰ অনুমতিক্ৰমে তেওঁ বিগত কেইবামাহো ধৰি ইয়াৰ বাবে প্ৰস্তুতি চলাই আহিছে । ইতিমধ্যে তেওঁ ছটকৈ ৰেকৰ্ড গঢ়িছে । 

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কেতবোৰ কাহিনী

শ্যামকানু মহন্ত : অসম আৰু উত্তৰ-পূবক ৰাষ্ট্ৰীয় স্তৰত ডাঙি ধৰিবলৈ অহৰহ চেষ্টা চলাই অহা এজন উদ্যমী

বিনিয়োগকাৰীক আপোনাৰ ব্যৱসায়ৰ প্ৰতি কিদৰে আকৰ্ষিত কৰাব 

বি এছ এফৰ ইতিহাসৰ প্ৰথম মহিলা বিষয়া তনুশ্ৰী পাৰিক