অসুস্থ অৱস্থাতে চাকৰি হেৰুউৱা এজন অভিযন্তাই বহুতকে দিলে সংস্থাপন

1

প্ৰায়ে এটা কথা কোৱা হয় যে শক্তিশালী মানুহ তেওঁহে হয় যিয়ে আটাইতকৈয়ো কঠিন সময়তো নিজকে ভাঙি পৰিবলৈ নিদিয়ে। তেওঁ প্ৰতিকুল সময়তো নিজকে চম্ভালি লব জানে আৰু সেই প্ৰতিকুলতাৰ পৰা নিজকে বাহিৰলৈ উলিয়াই আনিবলৈ অহৰহ প্ৰচেষ্টা চলাই থাকে। আপুনি নিজেই চিন্তা কৰক, যিটো সময়ত আপোনাক এটা চাকৰিৰ বৰ প্ৰয়োজন, সেই সময়তেই যদি আপোনাক চাকৰিৰ পৰা বাহিৰ কৰি দিয়া হয়, আপোনাৰ কেনেকুৱা লাগিব। কিন্তু আপুনি যদি ধৈৰ্য্য সহকাৰে পৰিস্থিতিৰ সৈতে সাহসেৰে মোকাবিলা কৰে তেনেহলে পৰিণাম নিশ্চয় ভালেই ওলাব। এইটো কাহিনী সেইজন লোকৰ, যাক নিজৰ বাওঁভৰিত হোৱা এটা অসুখৰ বাবে তেওঁৰ ভাল চাকৰিটো এৰিবলৈ বাধ্য কৰোৱা হৈছিল। শৰীৰত ৰোগে আক্ৰান্ত কৰা আৰু সেই বেয়া সময়ত চাকৰি হেৰুওৱাটো কিমান ডাঙৰ আঘাত হব চিন্তা কৰক। কিন্তু হিমাংশু কালিয়া আছিল বেলেগ ধাতুৰে গঢ়া মানুহ। তেওঁ সেইবাবেই এইসকলো প্ৰতিকুলতাকো নেওচি এনেকুৱা এক কাম আৰম্ভ কৰিলে যে তেওঁ আজি আন দহজনৰ বাবে আদৰ্শস্বৰূপ হৈ পৰিছে। কেৱল ইমানেই নহয়, তেওঁ আজি আদিবাসীসকলক সংস্থাপনৰো ব্যৱস্থা কৰি দিবলৈ সক্ষম হৈছে। এয়া তেওঁৰেই কষ্টৰ ফচল যে আজি উত্তৰ প্ৰদেশৰ বহৰাইচৰ কতৰ্ণিয়া ঘাটক উত্তৰ প্ৰদেশ চৰকাৰে পৰ্যটনক্ষেত্ৰ হিচাপে গঢ়ি তুলিবলৈ হিমাংশু কালিয়াই প্ৰস্তুত কৰি তোলা ৰ'ড মেপখনক স্বীকৃতি প্ৰদান কৰিছে।

 

উত্তৰ প্ৰদেশৰ বহৰাইচত বাস কৰা হিমাংশু কালিয়া মূলতঃ এজন ছফ্টৱেৰ ইঞ্জিনিয়াৰ। তেওঁ ২০০৭চনত ভোপালৰ পৰা নিজৰ বি-টেক শিক্ষা সমাপ্ত কৰিছিল। তাৰ পিছত প্ৰায় ৪বছৰ তেওঁ নইডাৰ এখন ফাৰ্মত চাকৰি কৰিছিল। সেই সময়ছোৱাতে তেওঁৰ ভৰিত ৰোগে দেখা দিয়াত অস্ত্ৰোপচাৰ কৰিবলগীয়াত পৰে। চাৰ্জাৰীৰ পিছত ৬মাহলৈ তেওঁ বিচনাতে থাকিব লগীয়া হৈছিল। সেই বাবেই তেওঁ । যিটো কোম্পানীত চাকৰি কৰিছিল সেই কোম্পানীটোৱে তেওঁক পদত্যাগ কৰিবলৈ বাধ্য কৰিলে। কিন্তু কোৱা হয় যে বাট কেতিয়াও বন্ধ হৈ নাযায়। সমস্যাৰ মাজতে সমাধান লুকাই থাকে। ভৰিৰ অসুখ ভাল হোৱাৰ পিছত তেওঁ গুড়গাৱৰ এটা কোম্পানীত কিছুদিন কাম কৰিছিল। তাৰ পিছত এমবিএ কৰিবলৈ তেওঁ জামছেদপুৰৰ এক্সএলআইআইলৈ গুচি যায়।

 

হিমাংশুৱে য়'ৰ ষ্ট'ৰীক কয় যে,

"হঠাত মোৰ দেউতা ঢুকাল আৰু মই মোৰ গৃহ চহৰ বহৰাইচলৈ উভটি আহিলো। ইয়াত মই মোৰ পৰিয়ালৰ ট্ৰান্সপ'ৰ্টৰ ব্যৱসায়টো চোৱাচিতা কৰিব ধৰিলো । কিন্তু মই কিবা এটা বেলেগ কৰিব বিচাৰি আছিলো। মোৰ মন মগজুত মোৰ মেন্টৰ তথা এক্সএলএইএই জামছেদপুৰৰ অন্ট্ৰ'প্ৰিনিঅ'ৰশ্বিপ ডেভেলপমেন্ট ছেলছৰ অধ্যক্ষ প্ৰৱল চাৰৰ কথা এটা সদায়েই আছিল যে কিবা এটা নিজাকৈ কৰিব লাগে। কিন্তু কি কৰিম ভাবি পোৱা নাছিলো। এদিন মই বহৰাইচৰ কটৰ্ণিয়া ঘাটত নদীৰ তীৰত খোজ কাঢ়ি আছিলো। ইয়াৰ প্ৰকৃতিৰ সৌন্দৰ্যই মোৰ মন আকৰ্শিত কৰিছিল। মই নৈৰ পাৰত জংঘলৰ মাজত মাটি আৰু বাঁহেৰে নিৰ্মিত পঁজাঘৰবোৰ দেখিলো। তেতিয়াই মই ভাবিলো ইয়াত ইক'-ট্যুৰিজিম বৃদ্ধি কৰিলে কেনেকুৱা হ'ব বাৰু। "


২০১২চনত যেতিয়া তেওঁ ইয়াৰ ওপৰত কাম কৰিবলৈ আৰম্ভ কৰিলে, প্ৰথম সমস্যা আহিল ভূমিৰ। কিয়নো, এই কামটোৰ বাবে ভূমিৰ প্ৰয়োজন। এই সংক্ৰান্তত তেওঁ ৰাজ্য চৰকাৰ, বন বিভাগ আৰু নাবাৰ্ডৰ আগত কেইবাটাও প্ৰেজেন্টেশ্বন দিলে। হিমাংশুৰ মতে ইমানৰ পিছতো তেওঁ না ভূমি লাভ কৰিলে, না কোনো ধৰণৰ আৰ্থিক সহায়। তাৰ পিছত তেওঁ ১বছৰ ভৱানিপুৰ গাৱত গৈ থাকিল। অৱশেষত তেওঁ স্থানীয় লোকসকলৰ সহায়ত ভূমি লাভ কৰিবলৈ সক্ষম হ'ল। প্ৰথম বছৰত তেওঁ সেই ভূমিত এটাই পঁজাঘৰ সাজি উলিয়ালে। আৰম্ভণীতে তেওঁৰ ওচৰলৈ কমকৈ পৰ্যটক আহিছিল। লাহে লাহে তেওঁৰ কামৰ সম্প্ৰসাৰণ হ'বলৈ আৰম্ভ কৰিলে আৰু আজি কেৱল দেশীয়েই নহয়, বিদেশী পৰ্যটকো ইয়ালৈ আহে।


হিমাংশুৰ মতে,

“বহৰাইচত থাৰু জনজাতীৰ লোক বাস কৰে। এই জনজাতীৰ সোকসকল আজিও প্ৰকৃতিৰ একেবাৰে নিকট। আজিও তেওঁলোকে নিজৰ বাসগৃহসমুহ পৰম্পৰাগতভাবে সাজি উলিয়ায়। তদুপৰে তেওঁলোকে বাঁহেৰে বহুত ধুনীয়া ধুনীয়া সামগ্ৰী সাজে। সেই সামগ্ৰীসমুহ ইয়ালৈ অহা পৰ্যটকে বৰ পছন্দ কৰে।”

হিমাংশুৱে নিজৰ পৰ্যটকসকলক গ্ৰামীণ আৰু প্ৰাকৃতিক পৰিবেশৰ মাজত ৰাখে, যাতে তেওঁলোকে তাৰ আনন্দ লবলৈ সক্ষম হয়। তেওঁ পৰ্যটকসকলক জংঘললৈ ফুৰাবলৈ লৈ গৈ থাৰু জনজাতীৰ লোকসকলৰ সৈতে চিনাকী কৰাই দিয়ে। ইয়াত তেওঁ পৰ্যটকসকলক থাৰুসকলৰ নৃত্য আৰু দৈনন্দিন জীৱনধাৰণ প্ৰনালী দেখুৱায়। থাৰু সকলৰ লৰা-ছোৱালীবোৰে পৰ্যটকৰ আলপৈচান ধৰে। পৰ্যটকসকলক থাৰু সকলৰ ৰহৰ দাইল ,চৌকাত সেকা ৰুটি, ছবজি আদিৰে আপ্যায়ন কৰা হয়।পৰ্যটকসকলে থাৰুসকলে বাঁহেৰে সাজি উলিওৱা পৰম্পাৰাগত সা-সামগ্ৰীসমুহৰ ক্ৰয় কৰি লৈ আনে।

হিমাংশুৰ ইক' ট্যুৰিজমৰ ফলত ভবানীপুৰৰ উপৰিও আম্বা, বাৰ্দিয়া, বিছানপুৰ আৰু ফকিৰপুৰ আদি গাৱৰ লোক সকলক প্ৰত্যক্ষ আৰু পৰোক্ষ ৰূপত সংস্থাপন প্ৰাপ্তি হৈছে। হিমাংশুৰ মতে ইয়াত বাস কৰা লোকসকলৰ কিছুমানে গাইডৰ কাম কৰে আৰু আন কিছুমানে নিজৰ গাড়ীৰে পৰ্যটকসকলক এঠাইৰ পৰা আন এঠাইলৈ লৈ যায়। তাৰ উপৰিও পৰ্যটকসকলে মহিলা আৰু শিশুৱে নিৰ্মাণ কৰা সামগ্ৰী সমুহ ক্ৰয় কৰে। এতিয়া তদুপৰি আশে পাশে কিছুমান দোকানো গঢ়ি উঠিছে। হিমাংশুৰ নিজৰেই ৭জন কৰ্মচাৰী আছে আৰু প্ৰায় ১০টা পৰিয়াল প্ৰত্যক্ষভাবে এই কামটোৰ সৈতে জড়িত হৈ আছে।


হিমাংশুৱে নিজৰ কামৰ ক্ষেত্ৰত লাভ কৰা প্ৰত্যাহ্বান সম্পৰ্কত কয় যে প্ৰতি বছৰে এই অঞ্চলটোত বানপানী হয় আৰু তেওঁলোকে সাজি উলিওৱা মাটি আৰু বাঁহৰ পঁজাসমুহ উটুৱাই লৈ যায়। ফলত প্ৰতিবছৰে নতুনকৈ ঘৰ সাজিব লগীয়া হয়। হিমাংশুৰ কষ্টৰ ফলতেই এই কাম সম্ভৱ হৈ উঠিছে যে বন বিভাগে অঞ্চলটোত পৰ্যটন উদ্যোগটোক বৃদ্ধি কৰিবৰ বাবে ৰাজ্য চৰকাৰক এক প্ৰস্তাৱ প্ৰদান কৰিছিল আৰু চৰকাৰে সেই আঁচনিত মঞ্জুৰী প্ৰদান কৰিছে। ভৱিষ্যত পৰিকল্পনা সম্পৰ্কত হিমাংশুৱে কয় যে অতি শীঘ্ৰে তেওঁ তেওঁৰ কাম খাজুৰাহোলৈ বিস্তাৰিত কৰাৰ পৰিকল্পনা কৰিছে। 

মূলঃ হৰিশ

অনুবাদঃপ্ৰাঞ্জল শৰ্মা

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

দিল্লীৰ পথৰ দাঁতিত চাহ বিক্ৰী কৰা লক্ষ্মণ ৰাও এজন প্ৰসিদ্ধ সাহিত্যিক

ছিলিকন ভেলীৰ ২৫ হাজাৰ ডলাৰৰ লোভনীয় কাম এৰি ভেড়া পালনত ব্যস্ত এজন পেছাদাৰী

মুক-বধিৰ কৰ্মচাৰীৰে চলোৱা, মুম্বাইৰ এখন আগশাৰীৰ ৰেষ্টোৰাঁ

এজন শিক্ষক যি ছাত্ৰক শিকাবলৈ সাঁতুৰি পাৰ হয়, আৰু আজিলৈ ছুটী লোৱা নাই.....



Related Stories