সংসদত মাজনিশা অনুষ্ঠিত অধিৱেশনত জিএছটি প্ৰৱৰ্তন

সংসদত মাজনিশা অনুষ্ঠিত অধিৱেশনত জিএছটি প্ৰৱৰ্তন

Saturday July 01, 2017,

2 min Read

সংসদৰ চেণ্ট্ৰেল হলত মাজনিশা অনুষ্ঠিত অধিৱেশনত সামগ্ৰী আৰু সেৱা কৰ প্ৰৱৰ্তন কৰা হ'ল । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাষ্ট্ৰপতি শ্ৰীপ্ৰণৱ মুখাৰ্জীয়ে বুটাম টিপি আনুষ্ঠানিকভাৱে জিএছটি ব্যৱস্থা মুকলি কৰে৷ অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে কয় যে দেশৰ ভৱিষ্যত সলনিৰ ক্ষেত্ৰত আজিৰ দিনটো টাৰ্ণি পইণ্ট হিচাপে পৰিগণিত হ’ব৷ চেণ্ট্ৰেল হ’লে ভাৰতৰ স্বাধীনতা আৰু সংবিধান গৃহীত হোৱাৰ দৰে দেশৰ বহু ঐতিহাসিক মুহূৰ্তৰ সাক্ষী হৈ ৰৈছে বুলি তেওঁ উল্লেখ কৰে ৷

image


চাণক্যৰ উদ্ধৃতি দি তেওঁ কয় যে কঠোৰ পৰিশ্ৰমে সকলো বাধা অতিক্ৰম কৰি অতি জটিল লক্ষ্যত উপনীত হোৱাত সহায় কৰিছে। তেওঁ কয়, "চৰ্দাৰ পেটেলে যিদৰে দেশৰ ৰাজনৈতিক একতাৰ বাবে অহোপুৰুষাৰ্থ কৰিছিল, জিএছটিয়ে অৰ্থনৈতিক একতা সুনিশ্চিত কৰিব।" আয়কৰক বিখ্যাত বিজ্ঞানী আইনষ্টাইনে পৃথিৱীৰ আটাইতকৈ দুৰ্বোধ্য বিষয় আখ্যা দিয়া কথাটো সুঁৱৰি তেওঁ কয় যে জিএছটিয়ে এক-ৰাষ্ট্ৰ এক-কৰ ব্যৱস্থা সুনিশ্চিত কৰিব। জিএছটিয়ে বহু সময় আৰু ধন ৰাহি কৰিব। তেওঁ লগতে কয় যে ৰাজ্যসমূহৰ সীমা পাৰ হোৱাৰ সময়ত আগৰ দৰে সময় নালাগিব আৰু তাৰ ফলত ইন্ধন ৰাহি হোৱাৰ লগতে পৰিৱেশতো যোগাত্মক প্ৰভাৱ পৰিব। জিএছটিয়ে এক সহজ, অধিক স্বচ্ছ তথা আধুনিক কৰ প্ৰশাসনৰ দিশেৰে বাট বুলিবলৈ সহায় কৰি দুৰ্নীতি নিৰ্মূলত সহায় কৰিব বুলি তেওঁ দাবী কৰে । তেওঁ জিএছটিক ‘Good and Simple Tax’ অৰ্থাৎ ‘ভাল আৰু সহজ কৰ’ আখ্যা দিয়ে ।

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

১ টকা মূলধনেৰে আৰম্ভ হৈছিল অগৰৱাল পেকাৰ্ছ এণ্ড মুভাৰ্ছৰ ৪৫০ কোটি টকীয়া ব্যৱসায় 

মণিপুৰৰ ৬৩ বছৰীয়া পটশ্বাংবাম দেবকান্তই ১৬৫ বিধ ধানৰ খেতিৰে লাভ কৰিছে দেশজোৰা প্ৰসিদ্ধি

এ পি জে আব্দুল কালামৰ এসময়ৰ গাড়ীচালক এতিয়া ইতিহাসৰ অধ্যাপক