অগৰৱাল পেকাৰ্ছ এণ্ড মুভাৰ্ছৰ ৪৫০ কোটি টকাৰ ব্যৱসায়ৰ কাহিনী

সিন্ধু কাশ্যপ

0

১৯৮৭ চনত ভাৰতীয় বায়ু সেনাৰ চাকৰি বাদ দিয়াৰ সময়ত ৰমেশ অগৰৱালৰ হাতত আছিল মাত্ৰ এটকা কাৰণ তেওঁ ইতিমধ্যে নিজৰ সকলো ধন দান দি দিছিল । সেই সময়তে তেওঁৰ এজন সহকৰ্মী সুভাষ গুপ্তাই তেওঁক উপদেশ দিছিল এটা পেকাৰ্ছ এণ্ড মুভাৰ্ছ সেৱা আৰম্ভ কৰাৰ । 

ছেকেন্দ্ৰাবাদত মাহে ২৫০ টকাত এটা কাৰ্যালয় ভাড়ালৈ লৈ অগৰৱাল পেকাৰ্ছ এণ্ড মুভাৰ্ছ আৰম্ভ হৈছিল । বায়ুসেনাৰ ট্ৰাক ব্যৱহাৰ কৰি বায়ুসেনাৰ বাবে কাম কৰিবলৈ আৰম্ভ কৰি এই কোম্পানীটোৱে ৩০ বছৰত ভাৰতৰ ইমূৰপৰা সিমূৰলৈ ৮২০০০-৮৩০০০ ঘৰ সলনি কৰাৰ কাম কৰিছে ।

বৰ্তমান ৫০০০ কৰ্মচাৰীৰে অগৰৱাল পেকাৰ্ছ এণ্ড মুভাৰ্ছৰ ১০৩ টা শাখা দেশজুৰি আছে । প্ৰতিষ্ঠানটোৰ ১০০০ খন ট্ৰাক নিজাকৈ থকাৰ উপৰিও ১০০০ খনতকৈ অধিক ট্ৰাক ই ভাড়াত লয় আৰু ইয়াৰ ২০০০ টা লকাৰ আছে ( এই সংখ্যা ১০,০০০ লৈ অচিৰেই বৃদ্ধি পোৱাৰ সম্ভাৱনা ). বৰ্তমান ইয়াৰ বাৰ্ষিক ৰাজহ ৪৫০ কোটি টকা ।

ভাৰতীয়া বয়ুসেনাৰ বিষয়া হিচাপে ৫৪ বছৰীয়া ৰমেশে জানিছিল বাৰে বাৰে বাসস্থান সলনি কৰাৰ অসুবিধাবোৰ কি কি । সেয়েহে যেতিয়া ৰাজেশে তেওঁক পৰামৰ্শ দিলে তেতিয়াই তেওঁ তাৰ ওপৰত কাম কৰা আৰম্ভ কৰি দিলে । 

তেওঁ কয়,

মই কথাটো ভবি চালো আৰু যুক্তিসঙ্গত যেন লাগিল । মই জানিছিলো ইয়াত কেইবাটাও দিশ জড়িত আছে । আৰম্ভণীতে মই বায়ুসেনাৰ বিষয়াসকলক এই সেৱা প্ৰদান কৰিবলৈ আৰম্ভ কৰিলো ।

শুণ্য পুঁজিৰে আৰম্ভ কৰা এই ব্যৱসায়টোৰ প্ৰধান প্ৰত্যাহ্বান আছিল বায়ুসেনা চাউনীত এই সেৱা সম্পৰ্কে প্ৰচাৰ কৰা । ভাতৃ ৰাজেন্দ্ৰ অগৰৱাল সহায়ত তেওঁ কিছুমান কেলেণ্ডাৰ ছপা কৰিবলৈ প্ৰস্তুত হ'ল যিবোৰত তেওঁ তেওঁৰ নম্বৰ ছপা থাকিব আৰু সেইবোৰ বিতৰণ কৰা হ'ব । কিন্তু ইয়াৰ বাবে প্ৰয়োজন আছিল ৪০০০ হাজাৰ টকাৰ । বন্ধু বিজয় কুমাৰৰ মাতৃয়ে তেওঁক সেই টকা যোগান দিবলৈ প্ৰস্তাৱ দিয়ে কিন্তু তাৰ বিনিময়ত বিজয় কুমাৰক ব্যৱসায়টোৰ মূল অংশীদাৰ হিচাপে অন্তৰ্ভূক্ত কৰাৰ চৰ্ত ৰাখে । অৱশ্যে পিছলৈ বিজয়ে ব্যৱসায় বাদ দি ৰাজনীতিত প্ৰৱেশ কৰে ।

ব্যৱসায়টো আৰম্ভ কৰাৰ সময়ত লোৱা কাৰ্যালয়টো বাকীত লোৱা হৈছিল আৰু ইয়াৰ ভাৰা প্ৰথম চাৰিটা কামৰ পইছাৰে আদায় দিয়া হয় । এই কামত সৰ্বমূঠ ৮০০০ টকা লাভ হৈছিল আৰু তাৰে বিজয় কুমাৰৰ মাতৃক ৪০০০ টকা ঘূৰাই দিয়াৰ পাছত বাকীখিনি টকা ব্যৱসায়টোত বিনিয়োগ কৰাৰ সিদ্ধান্ত লোৱা হয় ।

অগৰৱাল পেকাৰ্ছ এণ্ড মুভাৰ্ছ আৰম্ভ কৰাৰ সময়ত আজিৰ দৰে ম'বাইল এপ বা আন প্ৰযুক্তি নাছিল । আজি দেশত বহুকেইটা আগশাৰীৰ এনে প্ৰতিষ্ঠান আছে আৰু এইবোৰে বিভিন্ন উন্নত প্ৰযুক্তি ব্যৱহাৰ কৰে । কিন্তু অগৰৱাল পেকাৰ্ছ এণ্ড মুভাৰ্ছ আজিও দেশৰ আগশাৰীৰ প্ৰতিষ্ঠান । ৰমেশে কয় যে তেওঁৰ প্ৰতিষ্ঠানটোক যিটো কথাই পৃথক কৰি ৰাখিছে সেইটো হৈছে আৱেগিক । তেওঁ কয় -

এটা ঘৰ সলনি কৰাটো মাত্ৰ কিছুমান বয়-বস্ত ইফাল সিফাল কৰাই নহয় । অথবা ইয়াত অকল খৰচৰ প্ৰশ্নটোৱেই নাথাকে । এজন মানুহে বা এটা পৰিয়ালে এই বস্তুবোৰৰ সৈতে তেওঁলোকৰ স্মৃতিবোৰো কঢ়িয়াই নিয়ে । এজন মানুহৰ ঘৰত এটা ৩০ বছৰ পুৰণি বিকল ৰেডিঅ' থাকিব পাৰে যাৰ মূল্য শুণ্য । কিন্তু মানুহজনৰ বাবে ই এটা মূল্যবান বস্তু আৰু এই বস্তুটোক সন্মান দি তাক পেকিং কৰাটো দৰকাৰী ।

ৰমেশে কয় যে প্ৰযুক্তি যিমানেই উন্নত নহওক কিয় এই কামটো কৰাৰ সময়ত কৰ্মীসকলৰ মাজত আবেগ আৰু সংবেদনশীলতা থাকিবই লাগিব । 

ৰমেশ বিশ্বাস কৰে যে প্ৰথম ১০ জন মানুহ বিচাৰি উলিওৱাটো টান কাম যি প্ৰতিষ্ঠানটোৰ সংস্কৃতিক গঢ় দিব । তাৰ পাছত বাকী মানুহবোৰ বিচাৰি উলিওৱাটো সহজ হৈ যায় । সেই কাৰণে তেওঁ প্ৰথম ১০ জন মানুহ নিজৰ বন্ধু-বান্ধৱ, সহকৰ্মী আৰু তেওঁৰ গাৱঁৰ মানুহৰ মাজৰপৰা বিচাৰি উলিয়াইছিল ।

প্ৰতিষ্ঠানটোৰ প্ৰথমখন ট্ৰাক চোলমণ্ডলম ফাইনান্সৰ সহায়েৰে কিনিছিল । তেওঁলোকে অগৰৱাল পেকাৰ্ছ এণ্ড মুভাৰ্ছক প্ৰস্তাৱ দিছিল আন এটা পক্ষই ক্ৰয় কৰা অথচ ধন আদায় দিব নোৱৰা এই ট্ৰাকখন কিনিবলৈ । ১৯৯৩ চনত জি ই কেপিটেলে তেওঁলোকক সহায় কৰিছিল অধিক সংখ্যক ট্ৰাক কিনিবলৈ আৰু লাহে লাহে তেওঁলোকৰ ট্ৰাকৰ সংখ্যা বাঢ়ি আহিবলৈ ধৰিলে।

অগৰৱালে ব্যৱসায় আৰম্ভ কৰাৰ সময়ত বজাৰত কেৱল মুকলি ট্ৰাকহে পোৱা গৈছিল । শ্ৰমিক সকলে ট্ৰাকখনৰ এপৰত উঠি কাপোৰ আৰু ৰচীৰে বান্ধিব লাগিছিল । ই সিমান কাৰ্যকৰী নাছিল আৰু যিমানেই চেষ্টা কৰা নহওক কিয় বস্তুবোৰ লৰচৰ হৈছিল । 

এই সমস্যাৰ সমাধান কৰিবৰ বাবে ৰমেশে সিদ্ধান্ত লৈছিল যে তেওঁ নিজে তীখাৰ ঢাকনি থকা ট্ৰাক নিৰ্মাণ কৰি ল'ব । ১৯৯৪ চনত ৰমেশে এজন বন্ধুৰ সৈতে লগ হৈ তেওঁৰ ট্ৰাকৰ বাবে তীখাৰ ঢাকনি নিৰ্মাণ কৰিলে । এই কামটোৱে লজিষ্টিকছৰ ব্যৱসায়ৰ বৈপ্লবিক পৰিৱৰ্তন আনিলে । 

তেওঁলোকে এইটো কথাও লক্ষ্য কৰিলে যে বস্তু অনা-নিয়াত ব্যৱহাৰ কৰা কাঠৰ বাকছবোৰত গজাল মৰাৰ সময়ত বস্তুবোৰ নষ্ট হয় । গতিকে তেওঁলোকে ভিতৰত ১৮ মিঃমিঃ কুহিলা থকা বিশেষ কিছুমান বাকচ নিৰ্মাণ কৰি ল'লে । ইয়াৰ লগে লগে এই কামত হোৱা ব্যয়ৰ পৰিমাণো কমি গ'ল ।

৭২ টকীয়া কাৰ্টনৰ সলনি তেওঁলোকে ৩৮ টকীয়া বেগ ব্যৱহাৰ কৰিবলৈ ধৰিলে আৰু কৰুগেটেড শ্বীটৰ সলনি স্থিতিস্থাপক কুহিলাৰ শ্বীট ব্যৱহাৰ কৰা হ'ল । ইয়াৰ ফলত প্ৰতিখন শ্বীটত ৭ টকাৰ সলনি ২.৫ টকা খৰচ হ'বলৈ ধৰিলে । 

বহু গ্ৰাহক এনে আছিল যি বিচাৰিছিল সম্পূৰ্ণ একচেতিয়াকৈ একোখন ট্ৰাক অথচ তেওঁলোকৰ হাতত সিমান ধন নাছিল বা তেওঁলোকৰ বস্তুৰ পৰিমাণ ট্ৰাকখনৰ আধাও নাছিল । এই সমস্যাৰ সমাধানৰ বাবে ট্ৰাকিং কিউব বা লকাৰৰ ব্যৱস্থা কৰা হ'ল।

এই লকাৰবোৰ প্ৰতিজন গ্ৰাহকৰ প্ৰয়োজন অনুসৰি যোগান ধৰা হয় । এই লকাৰবোৰৰ ছাবি বস্তুৰ মালিকৰ হাতত থাকে আৰু তেওঁৰ বাহিৰে আনক সেই লকাৰ খুলিবলৈ দিয়া নহয় । 

এই লকাৰবোৰেৰে অগৰৱাল পেকাৰ্ছ এণ্ড মুভাৰ্ছে এতিয়া খাদ্য সামগ্ৰী আৰু ঔষধৰ পৰিবহণতো মনোযোগ দিয়াৰ সিদ্ধান্ত লৈছে । 

"প্ৰতিদিনে খাদ্য আৰু ঔষধৰ ১০ শতাংশ পৰিবহণৰ সময়ত নষ্ট হয় । ছাবোন, ধূপ াৰু বিস্কুত যদি একেলগে লৈ যোৱা হয় তেনেহলে ই বিপজ্জনক । মই বেলেগ বেলেগ সামগ্ৰীৰ বাবে ১০,০০০ বাকচ বনোৱাৰ লক্ষ্য লৈছো আৰু পাছলৈ এই সংখ্যা ১ লাখলৈ বঢ়োৱা হ'ব ।" ৰমেশে কয় ।

ৰমেশে কয়, "যেতিয়া আমি ব্যৱসায় আৰম্ভ কৰিছিলো তোতিয়া আমাৰ দিনটোৰ কাম পুৱা ৪ বজাত আৰম্ভ হৈছিল আৰু আমি ১৮ ঘন্টা কাম কৰিছিলো । এই ১৮ ঘন্টাত আমি ২০০০ বাকচ পেকিং কৰিছিলো ।  অৱশ্যে আজি সকলোবোৰ সলনি হৈছে । এজন মানুহৰ এটা প্ৰতিষ্ঠানৰপৰা এতিয়া আমি এটা গোটত পৰিণত হৈছো ।"

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

জেট এয়াৰৱেজৰ প্ৰতিষ্ঠাতা নৰেশ গোয়েলে ষ্ট্ৰীটলাইটৰ পোহৰত পঢ়িছিল

আইছিছৰ যৌন দাসী নাদিয়া মুৰাদ এতিয়া ৰাষ্ট্ৰসংঘৰ প্ৰতিনিধি

মদ আৰু ড্ৰাগছৰ কৱলৰপৰা ওলাই অহা নিলপৰ্ণা আজি সফল বডি বিল্ডাৰ

আইছিছৰ যৌন দাসী নাদিয়া মুৰাদ এতিয়া ৰাষ্ট্ৰসংঘৰ প্ৰতিনিধি

Related Stories