শিল্প প্ৰকল্পৰে নাৰী ব্যৱসায় ৰোধৰ চেষ্টা লীনা কেজৰিৱালৰ

মূল- তন্বী ডুবে

0

লীনা কেজৰিৱাল হ’ল এগৰাকী ফটোগ্ৰাফাৰ তথা ইনষ্টলেছন শিল্পী। তেওঁৰ বিশালায়তন ফটোগ্ৰাফিক ইনষ্টলেছনে কলকাতা, দিল্লী, তেহৰান, বাৰ্লিন আৰু ৱেইমাৰৰ দৰে বিশ্বজুৰি বহু মহানগৰীত স্থান লাভ কৰি আহিছে। তেওঁৰ ইনষ্টলেছন বিলাক হ’ল মহানগৰীবোৰৰ সমাজ-ৰাজনৈতিক আৰু অৰ্থনৈতিক অৱস্থাকেন্দ্ৰিক।

লীনা কোমলবয়সীয়া বালিকাসকলৰ সমস্যাসমূহক লৈ কাম কৰি থকা বহু বেচৰকাৰী সংগঠন বা এনজিঅ’ৰ সৈতেও জড়িত। তেওঁ নিজাকৈ বহু প্ৰদৰ্শনীও অনুষ্ঠিত কৰিছে আৰু বহু গ্ৰন্থও তেওঁৰ ফটোগ্ৰাফেৰে প্ৰাণ পাই উঠিছে।

কলকাতা হ’ল লীনাৰ হৃদয়ৰ অতি নিকট এখন চহৰ আৰু এই মহানগৰখন আৰু তাৰ স্বকীয়তাখিনি লীনাই তেওঁৰ কেমেৰাৰ লেন্সত বন্দী কৰিছে। তাৰকাযুক্ত হোটেলৰ পৰা, কিতাপৰ বেটুপাতৰ পৰা প্ৰদৰ্শনীলৈকে সৰ্বত্ৰ লীনাই শিল্পৰ জগতখনত নিজৰ উপস্থিতি সাব্যস্ত কৰিছে। তেওঁ নিজৰ শিল্পীসত্তা বহু গুৰুত্বপূৰ্ণ বিষয়ত ব্যৱহাৰ কৰিছে আৰু কলাক ব্যৱহাৰ কৰিছে এক অতি প্ৰয়োজনীয় সামাজিক বাৰ্তা প্ৰেৰণৰ বাবে। তেওঁৰ শিল্পকৰ্মৰ বিষয়ে হাৰষ্টৰীয়ে কথা পাতিছিল লীনা কেজৰিৱালৰ সৈতে, বিশেষকৈ লীনা বৰ্তমানে ব্যস্ত থকা MISSING কলা প্ৰকল্পৰ বিষয়ে।

হাৰষ্টৰীঃMISSING. প্ৰকল্পটোৰ বিষয়ে আৰু এই প্ৰকল্পৰ দ্বাৰা আপুনি কি কৰিব বিচাৰিছে সেই বিষয়ে আমাক কওকচোন।

লীনা : এম.আই.এছ.এছ.আই.এন.জি. চমুকৈ মিছিং শীৰ্ষক ৰাজহুৱা শিল্প প্ৰকল্পৰ মাধ্যমেৰে পৃথিৱীৰ পৰা অদৃশ্য হৈ পৰা বহু নিযুত ছোৱালীৰ সমস্যাটো তুলি ধৰিব খেজা হৈছে। এই প্ৰচাৰ হ’ল এক কলা আৰু সজাগতামূলক প্ৰচাৰ য’ত দেহ ব্যৱসায় আৰু এই ব্যৱসায়ত হেৰাই যোৱা বহু সৰু সৰু ছোৱালীৰ সমস্যাটোৰ ওপৰত আলোকপাত কৰা এয়া এক শিল্প আৰু সজাগতা অভিযান।

দেহ ব্যৱসায়ৰ জগতখনৰ পৰিসংখ্যাবোৰ অতি ভয়াৱহ আৰু ভাৰতত যৌন শোষণৰ বলি হোৱা নাবালিকাসকলৰ গড় বয়স হ’ল ৯ বছৰৰ পৰা ১২ বছৰৰ ভিতৰত। এই সমস্যাই ইতিমধ্যে আমাৰ লিংগজনিত পৰিসংখ্যাৰ প্ৰভাৱান্বিত কৰিছে আৰু আমি কল্পনা কৰাতকৈ বহু পূৰ্বেই আমাৰ ভৱিষ্যত প্ৰজন্মক বিপদগ্ৰস্ত কৰি তুলিব।

এই প্ৰকল্পত একোখন মহানগৰৰ দৃশ্যমান অঞ্চলত আকাশৰ বিপৰীতে স্থাপন কৰা হয় বিশালকায় ফাইবাৰ গ্লাছ। তাত থাকে কম বয়সীয়া ছোৱালীৰ ছিলুৱেট যিবোৰ আকাশৰ বিপৰীতে দৃশ্যমান হোৱাৰ লগে লগে আকাশত সংস্থাপিত কাট আউটৰ দৰে লাগে। সেই কাট আউটবোৰ সেই কৃষ্ণগহ্বৰৰ যেন দুৱাৰমুখসদৃশ য’ত পৃথিৱীৰ বুকুৰ পৰা হেৰাই যায় নিযুত নিযুত বালিকা।

এনে চিলুৱেট ভাৰতবৰ্ষৰ প্ৰায় ১০ খন মহানগৰত সংস্থাপিত কৰা হৈছে। আৰু আছে এক মিছিং এপ, যিটো এই প্ৰকল্পৰ লগে লগে থাকে। এই এপটোৱে আপোনাক লৈ যায় এখন বাস্তৱৰ অনুৰূপ এনিমেশ্যনৰ পৃথিৱীলৈ যি আপোনাক বিৱৰি কয় সেই ছোৱালীবোৰৰ বিষয়ে। শেষত স্ক্ৰীণত আহে বৰ্তমান স্বাক্ষৰিত হৈ থকা আৱেদনৰ তালিকা, যিখনত আপুনিও স্বাক্ষৰ কৰিব পাৰে যাৰ দ্বাৰা এখন শক্তিশালী আইন প্ৰণয়নৰ ব্যৱস্থা হ’ব পাৰে। আৰু থাকে এখন ওচৰে পাঁজৰে থকা এনজিঅ’ৰ নাম তালিকা যিবোৰৰ সৈতে কোনোৱে যোগাযোগ কৰি সহায় কৰিব পাৰে। ইয়াৰ সৈতে থাকে আন কেতবোৰ লিংক যিবোৰৰ দ্বাৰা সজাগতা বৃদ্ধি বা সমস্যাটোৰ সমাধানৰ সন্ধান কৰিব পৰা যায়।

ভাৰতবৰ্ষত ইণ্ডিয়া আৰ্ট ফেয়াৰত এই প্ৰকল্প উন্মোচন কৰা হৈছিল যাতে অধিকতৰ সঁহাৰি লাভ কৰিব পাৰি। আৰু এই পৰ্যন্ত সঁহাৰি অতি আশাব্যঞ্জক। যিহেতু এইটো এক ৰাজহুৱা শিল্প আৰু সজাগতা অভিযান সেয়ে মই প্ৰথমৰে পৰাই ক্ৰাউদ ফাণ্ডিঙৰ ব্যৱস্থা কৰিছিলো। অদূৰ ভৱিষ্যতে ই এক আন্দোলনৰ ৰূপ পাব কিয়নো সমস্যাটোৱেই এনে এক আন্দোলনৰ দাবীদাৰ।

এইচ এছঃ আমাক আপোনাৰ আৰম্ভণিৰ বছৰবোৰৰ কথা কওকচোন আৰু কিহে আপোনাক ফটোগ্ৰাফী আৰু ইনষ্টলেচনৰ প্ৰতি আকৰ্ষিত কৰিলে?

লীনাঃ মই কলকাতাৰ এক পৰম্পৰাগত মাৰোৱাৰী পৰিয়ালৰ পৰা অহা। মোৰ জীৱনৰ প্ৰথমচোৱা পাৰ হ’ল জয়পুৰৰ এখন আৱাসিক বিদ্যালয় মহাৰাণী গায়ত্ৰী দেৱী গাৰ্লছ পাব্লিক স্কুলত। সেয়া আছিল উচ্ছাকাংক্ষাৰ চিনমোকাম নথকা বেপৰোৱা লক্ষ্যহীন এক জীৱন। তাৰ পিছত মই স্নাতক ডিগ্ৰী গ্ৰহণ কৰিলো।

তাৰ পিছত বিবাহত বহালৈকে ৫ মাজত সম্পূৰ্ণ তিনি বছৰৰ ব্যৱধান। ভগৱানক ধন্যবাদ যে সেই বছৰকেইটাতে মই ফটোগ্ৰাফীৰ বুনিয়াদী শিক্ষা গ্ৰহণ কৰিলো আৰু বিজ্ঞাপন বিষয়ত এক ডিপ্ল’মাও ল’লো। কিন্তু সেয়া আগবঢ়াই নিয়াৰো কোনো উদ্দেশ্য নাছিল।

মই বিয়া হ’লো আন এটা পৰম্পৰাগত পৰিয়াললৈ। মই অনুভৱ কৰো যে বৰ্ডিং স্কুলৰ সেই বেপৰোৱা জীৱন আৰু স্বাধীনতাৰ অভিজ্ঞতাই মোক ৰক্ষণশীল পাৰিবাৰিক জীৱনৰ মাজতো মোৰ সৃষ্টিশীলতাই প্ৰকাশৰ বাট বিচাৰি পালে। মই ভাবো সেয়া এক বুৰবুৰণিৰ দৰেই আছিল যি এদিন নহয় এদিন ওপৰলৈ উঠি আহিলেহেঁতেন।

বিবাহৰ প্ৰথম ৫ বছৰতে মই দুটা সন্তানৰ মাতৃ হ’লো। সিহঁত সৰু হৈ থাকোতেই উপলব্ধি কৰিলো যে আমাৰ মহানগৰীত ভাল পৰ্ট্ৰেইট ষ্টুডিঅ’ৰ অভাৱ। মই মোৰ ব্যক্তিগত জমা টকাৰে কাষতে এটা প্ৰাথমিক পৰ্যায়ৰ ষ্টুডিঅ’ স্থাপন কৰিলো। তাৰ পিছত আৰু মই পিছলৈ ঘূৰি চোৱা নাই। কিছু বাচকবণীয়া গ্ৰাহকেৰে সুকুমাৰ মান সম্পন্ন পট্ৰেইটৰ সুবিধা প্ৰদানেৰে মই মোৰ পেছাদাৰী জীৱন আৰম্ভ কৰিলো।

প্ৰাৰম্ভিক পৰ্যায়ত সেই সৰু ষ্টুডিঅ’টো আৰম্ভ কৰাৰ পূৰ্বে এখন হিন্দী কিতাপৰ বেটুপাতৰ বাবে প্ৰস্তাৱ লাভ কৰিছিলো। ‘কলিকতা ভায়া বাইপাছ’ নামৰ অলকা চেৰাউগীৰ সেই গ্ৰন্থখনে সেই বছৰ সাহিত্য অকাডেমী বঁটাও লাভ কৰিছিল। সেই গ্ৰন্থখনৰ বেটুপাতত ঠাই পোৱা মহানগৰখনৰ দীৰ্ঘকালীন ইতিহাসসমৃদ্ধ ফটোগ্ৰাফবিলাকে উষ্ণ সঁহাৰি আৰু উচ্চ প্ৰশংসা লাভ কৰিছিল। এই প্ৰকল্পটোৰ কামত মই মহানগৰখনৰ অৰঙে দৰঙে ঘূৰিবলৈ বাধ্য কৰিছিল আৰু সি মোক নতুন অভিজ্ঞতাৰ সোৱাদ দিলে। মই সেই কামটোকে আগবঢ়াই নিলো আৰু যি মোৰ প্ৰথমখন প্ৰদৰ্শনী সম্ভৱ কৰি তুলিলে। ফ্ৰান্সত শৈল্পিক বাসস্থান দিলে আৰু মোৰ বহুল সমাদৃত আৰু বিক্ৰী হোৱা গ্ৰন্থ ‘কলকাতা : ৰিপ’জেজিং দ্য চিটি’ৰো জন্ম দিলে।

এইচ এছঃ ফটোগ্ৰাফীলৈ আপোনাক কিহে টানি আনিলে?

লীনাঃ শিল্পীসত্তা এটা মোৰ আছিলেই আৰু কলেজীয়া শিক্ষাৰ পিছত ঘৰত তৈলচিত্ৰ আঁকিছিলো। মোৰ দাদাহঁতৰ কেমেৰাবোৰ দেখিছিলো কিন্তু সেইবোৰ স্পৰ্শ বা তাৰে কিবা কৰাৰ কথা আছিল কল্পনাতীত। তাৰ পিছত মোৰ ভাইটিয়ে যেতিয়া এবাৰ এক স্কুলীয়া ভ্ৰমণত যাওঁতে এটা কেমেৰা লৈ আহিল তেতিয়া মই নিজকে ক’লো - যদি সিয়েই মই কিয় নোৱাৰিম। আৰু তাৰ কেমেৰাটোৰেই মই ফটোগ্ৰাফীৰ অ-আ-ক-খ শিকিলো।

এইচ এলঃ ফটোগ্ৰাফী কিদৰে আপোনাৰ এক সম্প্ৰসাৰিত সত্তা হৈ পৰিল?

লীনাঃ মই প্ৰথমবাৰলৈ আমাৰ মহানগৰখনত থকা এক ৰেড লাইট এলেকাত প্ৰৱেশ কৰিছিলো তেতিয়া মই যি দেখিছিলো সি মোক বিস্ময় বিমুগ্ধ কৰি তুলিছিল। মোৰ কেমেৰাটো স্বতস্ফূৰ্তভাৱে হৈ পৰিছিল মোৰ সত্তাৰ সম্প্ৰসাৰণ। মোৰ মহানগৰীখন পুনৰাৱিষ্কাৰৰ কলাত্মক অভিব্যক্তিত কেমেৰাটোৱে হৈ পৰিছিল এক অৱলম্বন। মোৰ অনুভৱ প্ৰকাশৰ ক্ষেত্ৰত সহায়ক হৈছিল মোৰ কেমেৰাটো, মই চকুৰে দেখা ডিটেলছবোৰ ধৰি যি ধৰি ৰাখিছিল, ধৰি ৰাখিছিল সেই ৰংবোৰ যিবোৰ মই দেখিছিলো আৰু আনক দেখুৱাব খুজিছিলো। সকলো সময়তে যি মোৰ সহচৰ আছিল মই যি কৰিবলৈ কওঁ তাকে কৰিবৰ বাবে সি আছিল সদাসষ্টম।

MISSINGৰ বাবেও মই যিবোৰ চিলুৱেট কেমেৰাত বন্দী কৰিছিলো সেইবোৰো আছিল মই সেই স্পৰ্শকাতৰ অঞ্চলবোৰত প্ৰত্যক্ষ কৰা অল্পবয়সীয়া বালিকা।

এইচ এছঃ এই পৰ্যন্ত আপুনি সন্মুখীন হোৱা বৃহৎ প্ৰত্যাহ্বানটো কি আৰু আপুনি কিদৰে সেই প্ৰত্যাহ্বান নেওচিলে?

লীনাঃ শিল্পৰ পৃথিৱীখনত বাহিৰৰ পৰা গৈ প্ৰৱেশ কৰাটোৱেই আছিল মোৰ বাবে সৰ্ববৃহৎ প্ৰত্যাহ্বান। কিন্তু এটা সময়ত এটা খোজ দি মোৰ গতিৰ ধাৰাবাহিকতা ৰক্ষা কৰি মই আগুৱাই গৈ থাকিলো শিল্পীৰ পৃথিৱীৰ বাহিৰে-ভিতৰে।

এইচ এছঃ কিহে আপোনাক অনুপ্ৰাণিত কৰি ৰাখিছে?

লীনাঃ কিবা এক নতুন সৃষ্টি কৰাৰ আনন্দই। একোটা নতুন কাহিনী কৈ আৰু অভিব্যক্তিৰ শ্ৰেষ্ঠ প্ৰকাশৰ বাবে নতুন সম্পৰীক্ষাৰ সুযোগেৰে এইখন এক ৰোমাঞ্চকৰ পৃথিৱী।

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

এনেধৰণৰ আৰু কাহিনী

নিশিতা মন্ত্ৰী : ব্যক্তিগত দূৰ্ভাৱনাক একাশৰীয়া কৰি প্ৰগতিৰ পথত আগুৱাই যোৱা এগৰাকী মহিলা

হেপীনেছ বক্সড : এগৰাকী যুৱ উদ্যোগীৰ উদ্যম আৰু লাভৰ এক সৃষ্টিশীল উদ্যোগ

গৃহিণীৰ পৰা জাহাজৰ নিৰ্মাতা আৰু ৰেষ্টুৰাঁ ব্যৱসায়ী : অঞ্জলী বৰাৰ কাহিনী