ভাৰতীয় ৰেলৰ বাবে উন্নত আৰু স্বাস্থ্যকৰ শৌচাগাৰৰ আৰ্হি প্ৰস্তুত কৰিছে এজন ছাত্ৰই
Monday June 20, 2016,
2 min Read
ভাৰতীয় ৰেলৰ বাবে এক বিশেষ ধৰণৰ শৌচাগাৰ সাজি উলিয়াইছে মনিপাল বিশ্ববিদ্যালয়ৰ এজন ছাত্ৰই । লক্ষ্ণৌৰ ৰিচাৰ্ছ, ডিজাইন এণ্ড ষ্টেণ্ডাৰ্ডছ অৰ্গেনাইজেছনে আয়োজন কৰা এক প্ৰতিযোগিতাত দ্বিতীয় পুৰষ্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে বিনোদ এন্টনী টমাছ নামৰ ছাত্ৰজন । এই প্ৰতিযোগিতা আয়োজন কৰা হৈছিল ৰেলগাড়ীৰ বাবে গোন্ধহীন আৰু পানী প্ৰয়োগ কৰিব নলগীয়া শৌচাগাৰ নিৰ্মাণৰ বাবে ।
এই আৰ্হিৰ শৌচালয় সমূহত ৰেলপথৰ ওপৰত মলত্যাগৰ যি অস্বাস্থ্যকৰ ব্যৱস্থা চলি আহিছে সেই ব্যৱস্থাৰ পৰা পৰিত্ৰাণ পোৱা যাব ।
মনিপাল বিশ্ববিদ্যালয়ে জাৰি এক প্ৰেছ বিজ্ঞপ্তিত কোৱা হৈছে যে এই নতুত ব্যৱস্থাত বৰ্জনীয় পদাৰ্থমসূহ কনভেয়াৰ বেল্টৰ যোগেদি এটা বৃহদাকাৰ টেংকিত জমা কৰা হ'ব । পৰৱৰ্তী পৰ্যায়ত বিশেষ প্ৰযুক্তিৰে তাক ধ্বংস কৰি পেলোৱা হ'ব ।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ স্বচ্ছ ভাৰত অভিযানৰ লগত সংগতি ৰাখি এই প্ৰতিযেগিতাৰ আয়োজন কৰা হৈছিল । বহুতো প্ৰতিযোগীৰ মাজৰপৰা পাঁচজনক চুড়ান্ত পৰ্যায়লৈ নিৰ্বাচিত কৰা হৈছিল ।
চুড়ান্ত প্ৰতিযোগীসকলে নিজ নিজ প্ৰকল্প সমূহ বিচাৰকমণ্ডলীৰ সন্মূখত প্ৰদৰ্শন কৰে । বিচাৰক আছিল ৰেল বিভগৰ বিশেষজ্ঞ, উদ্যোগজগতৰ প্ৰতিনিধি আৰু গৱেষক । বিনোদৰ আৰ্হিটোক দ্বিতীয় পুৰষ্কাৰৰ বাবে উপযুক্ত ঘোষণা কৰা হয় । তেওঁ ৭৫০০০ টকা লাভ কৰিব । দ্বিতীয় স্থান যুটীয়াভাৱে তেওঁ আন এজন ডিজাইনাৰ ৰাহুল গাৰ্গ আৰু তেওঁৰ দলৰ সদস্য সৌৰভ হংসৰ সৈতে লাভ কৰিছে ।
এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক
অন্যান্য কেতবোৰ কাহিনী
ৰঙেৰে নতুন পৃথিৱী গঢ়িব খোজা আন্তঃৰাষ্ট্ৰীয় সন্মানপ্ৰাপ্ত শিল্পী নিৰুপম কোঁৱৰ
ৰেষ্টোৰাঁৰ পাকঘৰৰ মজিয়াত শোৱা শিশুটি আজি 'ইডলী কিং' : পি.ৰাজাগোপালৰ ছাৰাৱানা ভৱন
এগৰাকী চেম্পিয়ন সৃষ্টিৰ কাহিনী-হ্ৰদ নগৰীৰ কন্যাৰ সমুদ্ৰ জয়