ৰঙেৰে নতুন পৃথিৱী গঢ়িব খোজা আন্তঃৰাষ্ট্ৰীয় সন্মানপ্ৰাপ্ত শিল্পী নিৰুপম কোঁৱৰ

ৰঙেৰে নতুন পৃথিৱী গঢ়িব খোজা আন্তঃৰাষ্ট্ৰীয় সন্মানপ্ৰাপ্ত শিল্পী নিৰুপম কোঁৱৰ

Saturday June 18, 2016,

6 min Read

এটি শিশুৰ মন আৰু মগজুত ৰঙ আৰু ৰেখাই এনেকুৱা যাদুকৰী প্ৰভাৱ পেলালে যে সি ছবি অঁকাৰ প্ৰেমত পৰিল । দিনে নিশাই কেৱল এটা কথাই তাৰ মনত ঘুৰি থকা হ'ল আৰু সেয়া হ'ল ছবি । আনকি স্কুলৰ শিক্ষকে পঢ়ুৱাই থকাৰ সময়ত কিতাপে পত্ৰই ছবি অঁকাত ব্যস্ত থাকিবলৈ ল'লে শিশুটিয়ে । এই ছবিবোৰৰ কিতাপৰ বা পঢ়াৰ সৈতে কোনো সম্পৰ্ক নাছিল । শিশুটিয়ে কেৱল তাৰ যি মন যায় আঁকি গৈছিল । এই ছবিবোৰ ইমানেই ধুনীয়া আছিল যে তেওঁ পিতৃ মাতৃয়েও কেতিয়াও তেওঁখ বাধা দিয়া নাছিল । 

এদিন কিতাপৰ দোকানত ভাৰতৰ বিখ্যাত চিত্ৰকৰ মিলিণ্ড মলিকৰ এখন কিতাপত তেওঁৰ চকু পৰিল । এই কিতাপখন পঢ়াৰ পাছত আৰু ইয়াৰ ছবিবোৰ দেখাৰ পাছত তেওঁৰ মনলৈ এটা নতুন উদ্যম আহিল । ৱাটাৰ কালাৰেৰে ছবি অঁকাৰ ইচ্ছাই এইবাৰ তেওঁৰ মনত খেলা কৰিবলৈ ধৰিলে । আন শিশুৱে ডাক্টৰ ইঞ্জিনীয়াৰ হোৱাৰ সপোন দেখাৰ সময়ত এই শিশুটিয়ে সপোন দেখিছিল ৰঙেৰে খেলা কৰাৰ । ডাঙৰ হৈ গৈ থকাৰ লগে লগে তেওঁৰ হাতখনো অধিক নিপুণ হৈ গৈ থাকিল । কম বয়সতে ৱাটাৰ কালাৰেৰে অঁকা ছবিবোৰে দেশ বিদেশৰ বহুতৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ ধৰিলে । আনকি যিজন মিলিণ্ড মলিকৰ ছবি দেখি এদিন শিশুটি ৱাটাৰ কালাৰৰ প্ৰতি আকৃষ্ট হৈছিল সেই মিলিণ্ড মলিকো এদিন তেওঁৰ ছবিৰ প্ৰশংসক হৈ পৰিল । এই শিশু শিল্পীজন এতিয়া ডাঙৰ হ'ল । যুৱ চিত্ৰশিল্পী হিচাপে যথেষ্ট নাম কৰা এইজন শিল্পীয়ে এতিয়া মবাইল ফোন গেম্সৰ পৃথিৱীখনত নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰিছে । 

যিজন শিল্পীৰ কথা আমি কৈছো তেওঁ হৈছে ভাৰতৰ এজন প্ৰতিভাশালী চিত্ৰকৰ নিৰুপম কোঁৱৰ যাৰ জীৱনৰ কেনভাছখন বিশাল । এই কেনভাছত তেওঁ আকিব খোজে এনে কিছুমান ছবি যিবোৰ কালজয়ী আৰু বিশ্বজনীন । তেওঁ ৱাটাৰ কালাৰেৰে অঁকা ছবিৰ ভাৰতীয়কৰণ কৰি এক শুকীয়া শৈলী প্ৰস্তুত কৰিবলৈ বিচাৰে । আলভাৰ' কাষ্টাগ্ৰেটৰ দৰে মহান কালজয়ী চিত্ৰকৰ হ'বলৈ বিচাৰে তেওঁ। 

চতুৰ্থ শ্ৰেণীত থকাৰ পৰাই ছবি আঁকিবলৈ আৰম্ভ কৰিথিল নিৰুপমে । নাহৰকটীয়া মডেল ইংলিছ স্কুলত পঢ়ি থকাৰ সময়ত তেওঁৰ মন শ্ৰেণীকোঠাৰ সলনি বহীৰ শেষ পৃষ্ঠাটোতহে থাকিছিল য'ত তেওঁ নিজ ইচ্ছাৰে ছবি আঁকি থাকিছিল । প্ৰথমে তেওঁ যি মন যায় তাকে আঁকিছিল যদিও পিছলৈ প্ৰাকৃতিক দৃশ্যসমূহ আঁকিবলৈ ধৰিলে । পিছলৈ তেওঁৰ পৰিয়ালটোৱে গুৱাহাটীত থিতাপি লোৱাৰ পাছত তেওঁ গুৱাহাটীৰ আশে পাশে থকা পাহাৰ, প্ৰকৃতিক সৌন্দৰ্য্য আৰু ব্ৰহ্মপুত্ৰৰ বিশালতাক নিজৰ ছবিত স্থান দিবলৈ ধৰিলে । যেতিয়া তেওঁৰ পিতৃ মাতৃয়ে তেওঁৰ এই ছবিবোৰ দেখিলে তেওঁলোক আচৰিত হৈ গ'ল আৰু পুত্ৰৰ অসাধাৰণ প্ৰতিভাক তেওঁলোকে চিনি পালে । তেওঁলোকে যেতিয়া গম পালে যে তেওঁলোকৰ ল'ৰাৰ মন পঢ়া-শুনাতকৈ ছবি অঁকাতহে বেছি তেতিয়া তেওঁলোকে কিন্তু কোনো আপত্তি নকৰি তেওঁক উৎসাহ দিবলৈ ধৰিলে । তেওঁক আন কিছুমান অভিভাৱকৰ দৰে ডাক্টৰ বা ইঞ্জিনীয়াৰ হ'বলৈ জোৰ কৰাৰ সলনি তেওঁৰ প্ৰতিভা বিকশিত কৰাত মনোযোগ দিলে । তেওঁক এখন আৰ্ট স্কুলত নামভৰ্তি কৰাই দিয়া হ'ল আৰু সপ্তাহত এদিন এই আৰ্ট স্কুললৈ গৈ তেওঁ ছবি অঁকাৰ সুক্ষ্ম কথাবোৰ শিকিবলৈ ধৰিলে । 

চতুৰ্থ শ্ৰেণীত নিৰুপমে যিমানবোৰ ছবি অঁকা প্ৰতিযোগিতাত যোগদান কৰিছিল সকলোবোৰতে প্ৰথম পুৰষ্কাৰ লাভ কৰিছিল । ষষ্ঠ শ্ৰণীত থাকোঁতেই ভাৰত চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা আৰু প্ৰশিক্ষণ কেন্দ্ৰ চিচিআৰটিৰপৰা ছবছৰীয়া এক বৃত্তি লাভ কৰে নিৰুপমে । 

স্কুলীয়া দিনৰপৰাই কিতাপ পঢ়াৰো চখ আছিল নিৰুপমৰ । অৱশ্যে পাঠ্যপুথিৰ সলনি ছবিৰ কিতাপেহে বেছিকৈ আকৃষ্ট কৰিছিল তেওঁক । সেইসময়তেই এদিন তেওঁ কিতাপৰ দোকানত দেখিলে মিলিণ্ড মলিকৰ কিতাপখন । ই তেওঁৰ জীৱন সলনি কৰি দিলে । তেওঁ ইমানেই প্ৰভাৱিত হ'ল যে তেওঁ ৱাটাৰ কালাৰেৰে ছবি অঁকাৰ সিদ্ধান্ত লৈ পেলালে । 

আনকি আৰ্ট স্কুলত যেতিয়া শিক্ষকে তেওঁক পেষ্টেল কালাৰছ আনিবলৈ ক'লে তেওঁ ৱাটাৰ কালাৰ লৈ আহিল । শিক্ষকে তেওঁক বুজাবলৈ চেষ্টা কৰিলে যে ৱাটাৰ কালাৰৰ কাম সহজ নহয় । তেওঁ কিন্তু নিজৰ মতত অলৰ হৈ থাকিল । ইয়াৰ পাছত তেওঁ ৱাটাৰ কালাৰেৰে ছবি আঁকিবলৈ আৰম্ভ কৰিলে আৰু এই ছবিবোৰে সকলোৰে মন জয় কৰিলে । ৱাটাৰ কালাৰৰ সৈতে তেওঁৰ সম্পৰ্ক আজিও অব্যহত আছে ।

স্কুলীয়া শিক্ষা শেষ কৰি তেওঁ আৰ্টছ কলেজত নামভৰ্তি কৰিলে । ইয়াৰ পাছত তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ত পাঁচবছৰীয়া ফাইন আৰ্টৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তি কৰিলে । অচিৰেই নিজৰ সকলোবোৰ শিক্ষকৰো মন মুহিবলৈ সক্ষম হ'ল নিৰুপম । মাত্ৰ ওঠৰ বছৰ বয়সতে তেওঁ প্ৰথমখন একক চিত্ৰ প্ৰদৰ্শনী পাতিবলৈ সক্ষম হ'ল আৰু এই প্ৰদৰ্শনীয়ে সংবাদ মাধ্যমতো চৰ্চা লাভ কৰিলে । অচিৰেই নিৰুপমক মনুহে চিনি পাবলৈ আৰম্ভ কৰিলে । 

প্ৰথম প্ৰদৰ্শনীৰ কথা সুঁৱৰি নিৰুপমে কয়, 'মোৰ এখন ছবি আমাৰ আৰ্ট কলেজৰ অধ্যক্ষ জেবিন ঘোষে ইমানেই ভাল পালে যে তেওঁ সেই ছবিখন কিনি লৈ গ'ল । সহপাঠীৰপৰা আৰম্ভ কৰি জ্যেষ্ঠজনলৈকে বহুতেই আহিল প্ৰদৰ্শনী চাবলৈ আৰু তেওঁলোকৰ প্ৰশংসাই মোক উৎসাহিত কৰিলে । সেই অনুভৱ মই শব্দৰে বুজাব নোৱাৰোঁ ।'

কলেজত থকা দিনতেই নিৰুপমে এখন আলোচনা চক্ৰত লগ পালে যোশী মাৰ্ক প্ৰেমনাথক । এয়া আছিল এক টাৰ্ণিং পইন্ট । মাৰ্কে তেওঁক বাঙ্গালুৰুত সেইসময়ত আৰম্ভ হোৱা গেমিং পাঠ্যক্ৰমৰ কথা ক'লে । সেই সময়ত গেমিং আৰু এনিমেছনৰ ক্ষেত্ৰখনত প্ৰতিভাশালী শিল্পীৰ সন্ধান চলি আছিল । সময় নষ্ট নকৰি নিৰুপমে এই পাঠ্যক্ৰমত যোগদান কৰিলে আৰু গেমিং আৰু এনিমেছনৰ কলা কৌশল শিকিবলৈ আৰম্ভ কৰিলে ।

নিজৰ প্ৰতিভাৰ বলত লাহে লাহে খ্যাতি লাভ কৰিবলৈ আৰম্ভ কৰিছিল নিৰুপমে । ২০১০ চনৰ জুনত টেকনিকালাৰত প্ৰথমটো চাকৰি অতি সহজেই লাভ কৰিবলৈ সক্ষম হ'ল । তাত ডেৰ বছৰ চাকৰি কৰাৰ পাছত তেওঁ ধ্ৰুৱ ইনফ'টেকত সোমায় আৰু দুবছৰ তিনি মাহ কাম কৰে। ইয়াতো তেওঁৰ কাম খুব প্ৰশংসিত হৈছিল ।

কিন্তু এই সময়তে তেওঁ অনুভৱ কৰিলে যে এনিমেছনৰ কাম কৰি থাকিলে কেনভাছত ছবি অঁকাৰ সময় নোলায় । গতিকে তেওঁ এনেকুৱা এটা কাম বিচাৰিলে যাতে কেনভাছত ছবি আঁকিবলৈ সময় উলিয়াব পাৰে । ধ্ৰুৱ ইনফটেকৰ পিছত তেওঁ জেনট্ৰিক্স ষ্টুডিঅ'ত কৰ্মজীৱন আৰম্ভ কৰিলে । 

এনেতে পুনৰ তেওঁক মাৰ্কে উপদেশ দিলে মুনফ্ৰগ নামৰ প্ৰতিষ্ঠানটোত যোগ দিবলৈ । মাৰ্কৰ ওপৰত থকা আস্থাৰ বাবেই তেওঁ মুনফ্ৰগত যোগদান কৰে ২০১৪ চনৰ ছেপ্টেম্বৰত । নিৰুপমৰ মতে, 'মুনফ্ৰগ মোৰ বাবে সঠিক ঠাই । ইয়াত কাম কৰি মই নিজকে বিকশিত কৰিব পাৰিছো । ইয়াত যথেষ্ট প্ৰতিভাশালী লোক আছে আৰু মই তেওঁলোকৰ লগত কাম কৰি সুখী । মই ইয়াত বহুত কথা শিকিছো।' 

আটাইটকৈ গুৰুত্বপূৰ্ণ কথা যে নিৰুপমে নিজৰ প্ৰথম প্ৰেম, ৱাটাৰ কালাৰেৰে ছবি অঁকাৰ বাবে সময় উলিয়াব পাৰিছে । ইতিমধ্যে কেইবাটাও আন্তঃৰাষ্ট্ৰীয় পুৰষ্কাৰো জয় কৰিছে নিৰুপমে । 

প্ৰথম আন্তঃৰাষ্ট্ৰীয় পুৰষ্কাৰ লাভৰ কাহিনীটোও অত্যন্ত আমোদজনক । ফেচবুকৰ এজন বন্ধুৱে তেওঁক ক'লে যে এখন আন্তৰাষ্ট্ৰীয় পেইন্টিং প্ৰতিযোগিতা হৈছে আৰু এই প্ৰতিযোগিতাত তেওঁ যোগদান কৰা উচিত। এই বন্ধুজনৰ উপদেশমৰ্মে তেওঁ এই প্ৰতিযেগিতাত যোগদান কৰিলে । প্ৰতিযোগিতাত তেওঁ ষষ্ঠ স্থান লাভ কৰিলে আৰু তেওঁ ইস্তানবুললৈ নিমন্ত্ৰ লাভ কৰিলে । কিন্তু পাছপৰ্ট নথকাৰ বাবে তেওঁ যাব ইস্তানবুললৈ যাব নোৱাৰিলে । অৱশ্যে এই প্ৰতিযোগিতাই তেওঁক আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰখনত খোজ পেলোৱাত সহায় কৰিলে । 

এই প্ৰতিযোগিতাৰ পাছতেই তেওঁলৈ বিদেশৰ বহু ঠাইৰপৰা নতুন নতুন প্ৰস্তাৱ আহিবলৈ ধৰিলে । বিভিন্ন কিতাপ আৰু ৱেবছাইটত তেওঁৰ ছবি প্ৰকাশ কৰিবলৈ আগ্ৰহ প্ৰদৰ্শন কৰিলে সকলোৱে । আন্তঃৰাষ্ট্ৰীয় কলা সংস্থা কিছুমানৰপৰাও তেওঁ নিমন্ত্ৰণ লাভ কৰিবলৈ ধৰিলে । স্পেইনৰ বেছ ক্যু ৱাটাৰ কালাৰ ছ'চাইটিৰ সদস্যপদো লাভ কৰিলে তেওঁ । 

নিৰুপমে কয়, 'মই পৃথিৱী ভ্ৰমণ কৰিবলৈ বিচাৰোঁ । দেশে বিদেশে ৱাটাৰ কালাৰ পেইন্টিঙক মই বুজিবলৈ বিচাৰোঁ । ৱাটাৰ কালাৰ পেইন্টিঙক এটা নতুন পৰ্যায়লৈ লৈ যাবলৈ বিচাৰোঁ । এটা ভাৰতীয় পদ্ধতি মই বিশ্বক উপহাৰ দিবলৈ বিচাৰোঁ ।'

কথা প্ৰসঙ্গত নিৰুপমে কয়, মই ভাবোঁ যে শিল্পী হোৱাটো ভগৱানৰ এক উপহাৰ । কিন্তু অনুশীলন অবিহনে ই লোপ পায় । শিল্পী হৈ থাকিবলৈ হলে কষ্ট কৰিব লাগিব ।'

উল্লেখযোগ্য যে যোৱা বছৰ নিৰুপমে তেওঁৰ আদৰ্শ চিত্ৰশিল্পী মিলিণ্ড মলিকক সাক্ষাৎ কৰে । ফেচবুকত তেওঁ মালিকৰ সৈতে যোগাযোগ কৰে আৰু পুণেত তেওঁৰ ষ্টুডিঅ'লৈ গৈ তেওঁক সাক্ষাৎ কৰে । নিৰুপমে কয়, 'এই সাক্ষাৎ মোৰ বাবে আনন্দদায়ক আছিল । মই তেওঁক ক'লো যে তেওঁৰ কিতাপ এখন দেখিয়েই মই ৱাটাৰ কালাৰেৰে ছবি অঁকা আৰম্ভ কৰিছিলো । এই কথা শুনি তেৱোঁ যথেষ্ট আনন্দিত হৈছিল ।' 

অনুবাদ- ঋদ্ধীশ চক্ৰৱৰ্তী 

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কেতবোৰ কাহিনী

১০০৯ বাৰ বিফল হৈও 'কেএফচি'ৰে বিশ্বজয় কৰিছিল ৬৫ বছৰীয়া কৰ্ণেল ছেণ্ডাৰ্ছে

ৰাষ্ট্ৰনেতাৰপৰা পপ সাম্ৰাজ্ঞীলৈ: যোগাভ্যাসৰ জয়যাত্ৰা

ৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন উদ্ভাৱক স্বপ্ননীল তালুকদাৰৰ বাবে এলাহেই আছিল উদ্ভাৱনৰ মূল

'পৰৱৰ্তী আইনষ্টাইন' চব্ৰিনা পেষ্টাৰস্কিয়ে ১৪ বছৰ বয়সতে উৰাইছিল নিজে সজা বিমান