“আল্পনা অংকন কৰিব পৰা গৃহিণীসকলে গ্ৰাফিক্স ডিজাইনো কৰিব পাৰে”-‘আঔ সাথ মা’

“আল্পনা অংকন কৰিব পৰা গৃহিণীসকলে গ্ৰাফিক্স ডিজাইনো কৰিব পাৰে”-‘আঔ সাথ মা’

Tuesday December 29, 2015,

4 min Read

ভাৰতীয় সমাজত বিয়াৰ পিছত অধিকাংশ মহিলাই ঘৰুৱা কামত ইমানেই ব্যস্ত হৈ পৰে যে ইয়াৰ পৰা তেওঁলোক বাহিৰলৈ ওলাব নোৱাৰা হয়।তেওঁলোকে চুব পৰা সফলতাৰ শিখৰৰ বিষয়ে বিয়াৰ পিছত তেওঁলোকে ভাবিবও নোৱাৰা হৈ পৰে।এনেধৰণৰ মহিলাসকলক নিজৰ ভৰিত থিয় কৰোৱা, তেওঁলোকক সাক্ষৰ কৰি তোলা এক অভিযানৰ নামেই হৈছে ‘আঔ সাথ মা’।ৰাজধানী দিল্লীত এই প্ৰচেষ্টা চলাই আছে ‘লক্ষ্য জীৱন জাগৃতি’ নামৰ এক সংস্থাই।ইয়াৰ সংস্থাপক হৈছে ৰাহুল গোস্বামী আৰু সুমেয়া আফৰিন।বিগত পাঁচবছৰৰ পৰা এওঁলোকৰ সংস্থাই বিশেষভাৱে ঘৰুৱা মহিলাসকলৰ সৱলীকৰণৰ বাবে কাম কৰি আছে।এওঁলোকৰ মহান উদ্দেশ্যৰ পৰা এতিয়ালৈকে ৬৩০০ৰো অধিক মহিলা উপকৃত হৈছে।

image


সুমেয়াই প্ৰথমে বিচিএ আৰু তাৰ পিছত মাষ্টাৰ্ছ ইন ছছিয়েল ৱৰ্কছৰ ডিগ্ৰী গ্ৰহণ কৰিছে।পঢ়ি থকা সময়তে তেওঁৰ চিনাকী হয় ‘লক্ষ্য জীৱন জাগৃতি’ৰ সহ সংস্থাপক ৰাহুল গোস্বামীৰ সৈতে। সেই সময়ত ৰাহুলে আইআইএম আহমেদাবাদত সামাজিক কামৰ বিষয়ে কিছু গৱেষণা কৰি আছিল।এই গৱেষণাৰ মাজতে তেওঁ মন কৰিছিল যে এনেধৰণৰ বহু মহিলা আছে যিসকল নিৰক্ষৰ আৰু তেওঁলোকে একো কামো নাজানিছিল।এই কাৰণতে তেওঁলোকৰ জীৱন আগবাঢ়িব পৰা নাছিল।তেতিয়াই দুয়োজনে চিন্তা কৰিলে যে সমাজত এনেধৰণৰ আৰু বহু মহিলা আছে যিসকল নিৰক্ষৰ হোৱাৰ বাবে কঠিন পৰিস্থিতিৰ মুখামুখি হ’বলগীয়া হয়।এই কথালৈ লক্ষ্য কৰিয়ে ২০০৯ চনত ৰাহুল আৰু সুমেয়াই ‘লক্ষ্য জীৱন জাগৃতি’ নামৰ সংস্থাটো প্ৰতিষ্ঠা কৰে।এই সংস্থাৰ মাধ্যমত তেওঁলোকে মহিলাসকলৰ সৱলীকৰণৰ দিশত কাম কৰিবলৈ আৰম্ভ কৰে।

দিল্লীৰ কৰোলবাগ এলেকাত প্ৰথম তেওঁলোকে নিজৰ কাম আৰম্ভ কৰে আৰু ইয়াত তেওঁলোকে এক জৰীপো চলায়।এই জৰীপৰ উদ্দেশ্য আছিল এনেধৰণৰ মহিলাসকলক বিচাৰি উলিওৱা যিসকলে আগলৈ পঢ়িব বিচাৰে অথবা ঘৰুৱা কাম বনৰ বাহিৰেও আন কিবা কৰিব বিচাৰে।

সুমেয়াই ইয়ৰ ষ্ট'ৰীক জনায় যে,

“আমি কমেও ৫০০০ মহিলাৰ মাজত চলোৱা জৰীপৰ পৰা এই কথা জানিব পাৰিছিলো যে বহু মহিলাই পঢ়িবলৈ ইচ্ছা কৰাৰ লগতে আগলৈ কিবা কামো কৰিব বিচাৰে।এই জৰীপ ২১ বছৰ বয়সৰ পৰা ৫০বছৰ বয়স পৰ্যন্তৰ মহিলাসকলৰ মাজত চলোৱা হৈছিল।এই জৰীপৰ পৰা এটা কথা পোহৰলৈ আহিছিল যে অধিকাংশ মহিলাই নিজৰ সপোন পূৰণ কৰিবলৈ, জীৱনত আগুৱাই যাবলৈ প্ৰস্তুত।”

image


অৱশ্যে ঘৰুৱা কামৰ পাকত পৰি বহু মহিলাই নিজৰ পঢ়া-শুনা একপ্ৰকাৰে পাহৰি গৈছিল আৰু ইয়াৰ বাবে তেওঁলোকে পুনৰ পঢ়া-শুনা কৰিবলৈ আগ্ৰহী হৈছিল।ইয়াৰ লগতে বহু মহিলাই ঘৰুৱা কামৰ লগতে আন কাম-বনো কৰিব বিচাৰিছিল।জৰীপত এয়াও জানিব পৰা গৈছিল যে একাংশ মহিলাই নিজৰ ল’ৰা-ছোৱালীক পঢ়ুৱাবৰ বাবে অধ্যয়ন কৰিব বিচাৰিছিল আৰু আন এচাম আগ্ৰহী আছিল কম্পিউটাৰ ক্ষেত্ৰত কাম কৰিবলৈ।

সাহিত্যৰ শ্ৰেণীৰে তেওঁলোকে নিজৰ কাম আৰম্ভ কৰিছিল কিন্তু ঘৰুৱা মহিলাসকলক অধ্যয়ন কেন্দ্ৰলৈকে অনাটোৱেই আছিল সকলোতকৈ ডাঙৰ প্ৰত্যাহ্বান।ঘৰুৱা কাম-বনৰ জঞ্জাল সামৰি সময় উলিওৱাটো মহিলাসকলৰ বাবে ডাঙৰ কথা আছিল আৰু সেইবাবে তেওঁলোকে নিজৰ সময় সুবিধামতে কেন্দ্ৰলৈ আহিব পৰাকৈ মহিলাসকলক ৰেহাই প্ৰদান কৰিছিল।ইয়াৰ বাবে সংস্থাটোৱে ‘আঔ সাথ মা’ নামৰ এক ক্লাৱৰ আৰম্ভনি কৰে।সমাজৰ ভিন্ন প্ৰকৃতিৰ ঘৰুৱা মহিলাৰ বাবে ইয়াত পৃথকে পৃথকে অধ্যয়নৰ ব্যৱস্থা কৰা হৈছিল।যেনে কোনো মহিলা যদি নিৰক্ষৰ তেনেহ’লে তেওঁক হিন্দী, ইংৰাজী আৰু অংকৰ প্ৰাথমিক জ্ঞান প্ৰদান কৰা হৈছিল।সেইদৰে যদি কোনো সাক্ষৰ মহিলা ইয়ালৈ আহে তেনেহ’লে তেওঁৰ ইংৰাজী ভাষাৰ জ্ঞান সুদৃঢ় কৰাৰ লগতে কম্পিউটাৰ শিক্ষাও প্ৰদান কৰা হৈছিল।

image


মহিলাসকলক ইয়াত গ্ৰাফিক্স ডিজাইনিং আৰু ৱেবছাইট ডিজাইনিঙৰ ক'ৰ্চ প্ৰদান কৰা হয়। সুমেয়াৰ মতে,“যদি মহিলাসকলে আল্পনা আঁকিব পাৰে তেনেহ’লে তেওঁলোকে কিয় গ্ৰাফিক্স ডিজাইন কৰিব নোৱাৰিব?”

এই কেন্দ্ৰ পুৱা ৮বজাৰ পৰা নিশা ৮বজালৈকে খোলা থাকে। প্ৰতিগৰাকী মহিলাক ইয়াত ডেৰঘণ্টাকৈ পঢ়ুওৱাৰ লগতে তেওঁলোকক কম্পিউটাৰ প্ৰশিক্ষণ আৰু মনত আত্মবিশ্বাস গঢ়ি উঠাকৈ কাউন্সেলিঙো প্ৰদান কৰা হয়।এই কেন্দ্ৰত অধ্যয়ন কৰা মহিলাই কেৱল বেংক আৰু হাস্পতালত কাম কৰাই নহয় বৰং বহুকেইগৰাকী মহিলাই কম্পিউটাৰৰ সৈতে জড়িত বৃত্তিও চলাই আছে।আন একাংশ মহিলাই আনক পঢ়ুওৱাৰ কামো কৰি আছে।‘লক্ষ্য জীৱন জাগৃতি’ সংস্থাই ঘৰুৱা মহিলাসকলক শিক্ষাৰ জ্ঞান প্ৰদান কৰাৰ লগতে তেওঁলোকক নিজৰ ভৰিত থিয় দিব পৰাকৈ সক্ষম কৰি তুলিছে।সংস্থাটোৱে মহিলাসকলক কৰ্মসংস্থাপন দিওৱাৰ লগতে নিজাকৈ বৃত্তি আৰম্ভ কৰিবলৈ সহায় কৰি আহিছে।

image


এই সফল ব্যৱসায়িক আৰ্হিৰ আধাৰত ২০১৩ বৰ্ষত আইআইএম ইন্দোৰত আয়োজন কৰা এক প্ৰতিযোগিতাত তেওঁলোকে প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হয়।ইয়াৰ পিছত টাটা ছচিয়েল এণ্টাৰপ্ৰাইজৰ নিৰ্বাচিত ২০টা সংস্থাৰ ভিতৰতো তেওঁলোকে স্থান লাভ কৰিবলৈ সক্ষম হয়।সংস্থাটোৰ সামাজিক কামলৈ লক্ষ্য কৰি তেওঁলোকক ৱাশ্বিংটনৰ গ্ল’বেল গুড ফাণ্ডে নিৰ্বাচন কৰে। ইয়াত সমগ্ৰ বিশ্বৰ ১৪শৰো অধিক সংগঠনৰ মাজৰ পৰা নিৰ্বাচিত ১২টা সংস্থাৰ ভিতৰত ৰাহুল আৰু সুমেয়াৰ সংস্থাও আছে।এই সংস্থাৰ পৰা ৬৩০০ৰো অধিক মহিলা উপকৃত হৈছে।লক্ষ্যণীয় যে ইয়ালৈ অহা মহিলাসকল বিভিন্ন স্তৰৰ হয়।আত্মনিৰ্ভৰশীল আৰু শিক্ষিত হ’বলৈ ইয়াত প্ৰতিদিনে ডেৰশ মহিলাৰ আগমন ঘটে।এওঁলোকৰ টীমত সংস্থা চলাবলৈ আছে মুঠ সাতজন লোক।ভৱিষ্যতে মহিলাসকলক আত্মনিৰ্ভৰশীল কৰি তুলিবলৈ আৰু নিজৰ ভৰিত থিয় দিয়াবলৈ স্কুল অব মাদাৰ খোলাটো সুমেয়াৰ স্বপ্ন।

image


মূল-হৰিশ বিষ্ট

অনুবাদ-তুলিকা দেৱী

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

বিমান প্ৰযুক্তিৰ ডিজাইনিঙৰ পৰা অনলাইনত চাহ বিক্ৰী কৰালৈ, অভিজিত মজুমদাৰৰ সাফল্যৰ কাহিনী।

১৫ লাখ টকা লোকচান আৰু এবছৰতে বন্ধ হৈ যোৱা মোৰ প্ৰথম ব্যৱসায়টো

দীপা মালিকঃ শাৰীৰিক বাধাগ্ৰস্ততাক নেওচি অসম্ভৱক সম্ভৱ কৰি তোলা এগৰাকী মহিলা

ডুডল ডুৰ চিত্ৰকলা আৰু উদ্যোগশীল ৰচনা প্ৰভু