বিমান প্ৰযুক্তিৰ ডিজাইনিঙৰ পৰা অনলাইনত চাহ বিক্ৰী কৰালৈ, অভিজিত মজুমদাৰৰ সাফল্যৰ কাহিনী।

বিমান প্ৰযুক্তিৰ ডিজাইনিঙৰ পৰা অনলাইনত চাহ বিক্ৰী কৰালৈ, অভিজিত মজুমদাৰৰ সাফল্যৰ কাহিনী।

Thursday December 03, 2015,

4 min Read

F-16-ৰ display systemডিজাইনিঙৰ পৰা অনলাইনত চাহ বিক্ৰী কৰালৈ, অভিজিত মজুমদাৰৰ সাফল্যৰ কাহিনী।

ব্যস্ত চঞ্চল পূৱ দিল্লীৰ এটা শান্ত গলিৰ এখন নিৰীহ দোকান। ২০১২ চনৰ পৰা অভিজিত মজুমদাৰে ইয়াতেই সপ্তাহৰ সাতোটা দিনেই চাহ আৰু চাহৰ ব্লেণ্ডক লৈ কাম কৰি আহিছে। দোকানখন এক তাড়নাৰ ফচল, ১৮ বছৰে ইনষ্ট্ৰুমেন্টেচন আৰু ডিজাইন উদ্যোগত কাম কৰাৰ পিছত আনৰ বাবে কাম কৰিবলৈ অভিজিতৰ আৰু ইচ্ছা নোহোৱা হৈ গৈছিল।

‛মোৰ আৰু বন্ধুৰ মূৰলৈ অহা প্ৰথম চিন্তাটোৱেই আছিল খাদ্য,আৰু মই দিল্লীত পোৱা খাদ্যৰ সন্ধানত এক অভিয়ান আৰম্ভ কৰিলো। দুবছৰ ধৰি, প্ৰতি সপ্তহান্তত, মই আৰু মোৰ বন্ধুৱে দিল্লী তহিলং কৰি নতুন কি হৈছে, kiosk (পথৰ দাঁতিৰ অস্থায়ী বিপণী) বোৰে কি প্ৰস্তুত কৰিছে আৰু কোনে ব্যৱসায় কৰিছে তাৰ খবৰ গোটালো’- স্মৃতি ৰোমন্থন কৰিলে অভিজিতে।

‛সাধাৰণ খাদ্যৰ পৰা বিচিত্ৰ খাদ্যসম্ভাৰ আৰু ফেন্সী কফী শ্বপলৈ আমি সকলো দেখিলো। আমি লগতে চাহৰ দোকানৰ অভাবো অনুভৱ কৰিলো। আমি ভাৰতীয় সকলে চাহ খাই ভালপাওঁ। ঘৰতেই হওক বা পথৰ দাঁতিত থকা চাহৰ দোকানত ঘৰুৱা ধৰণে বনোৱা চাহকাপ খাই আমি ভালপাওঁ। দিল্লীত ফেন্সী কফী শ্বপ থাকিলে, টী লাউঞ্জ কিয় নাথাকিব ? এই চিন্তাটোৱে আমাক টী লাউঞ্জ আৰম্ভ কৰিবলৈ প্ৰেৰণা দিলে’-দোহাৰিলে তেওঁ।

image


চাহৰ 'নিচা '

উপভোক্তা সামগ্ৰী, এয়াৰবাছ,আৰু F-16-ৰ CRT ডিছপ্লেৰ ডিজাইনাৰ ৰূপে ছেমটেলত তেওঁ কাম কৰি থকাৰ সময়তে জাপান আৰু চীনৰ পৰা অহা ব্যৱসায়ীক সংগীসকলে তেওঁক চাহপাত উপহাৰ দিছিল। তেওঁলোকৰ বাবে এয়া আছিল ভ্ৰমণ কৰা ৰাষ্ট্ৰখনলৈ স্বদেশৰ ঐতিহ্য আৰু সংস্কৃতি সৰবৰাহৰ এক পন্থা। অচিৰেই উপহাৰৰ চাহপাতৰ টোপোলাৰে তেওঁৰ এটা আলমাৰি ভৰ্তি হৈ গৈছিল। ‛মোৰ চাহৰ সংগ্ৰহ দেখি সহকৰ্মীসকল সন্মোহিত হৈ পৰিছিল,আৰু সঘনে চাহৰ বাবে আবদাৰ ধৰিছিল। ময়ো আনন্দেৰে তেওঁলোকক চাহ বনাই খুৱাইছিলো। গতিকে টী লাউঞ্জ আৰম্ভ কৰাৰ আগতে স্বাভাৱিকতেই মই এই বিষয়ে অধিক পঢ়াশুনা কৰিবলৈ আৰম্ভ কৰিলো’- জনালে অভিজিতে।

চাহৰ বিষয়ে অধিক জ্ঞান আহৰণঃ

চাহৰ বিষয়ে অধিক জ্ঞান আহৰণ কৰিবলৈ প্ৰথমে তেওঁ চাকৰিটোৰ দায়িত্ব পৰামৰ্শদাতালৈ সংকুচিত কৰিলে। তেওঁ বিভিন্ন ধৰণৰ চাহপাত সংগ্ৰহ কৰি সেইবোৰৰ বিষয়ে গৱেষণা কৰিবলৈ আৰম্ভ কৰিলে। নিউ গ্লেনকোৰ শিৱ ছাৰিয়া আৰু নতুন দিল্লীৰ মিট্টাল টী ৰ বিক্ৰম মিট্টাল আছিল তেওঁৰ পথ প্ৰদৰ্শক। অৱশেষত এদিন অভিজিতে ছেমটেলৰ চাকৰি এৰি নিজাকৈ ব্যৱসায় আৰম্ভ কৰিলে। লাউঞ্জৰ বাবে তেওঁ পূৱ দিল্লীত এডোখৰ ঠাই ঠিক কৰিলে। বন্ধুৰ সহায়ত যোগাৰ হ’ল পুঁজিও।

স্থবিৰতা, পুনৰ গতিলাভঃ

আন্তঃগাথনিৰ বিভিন্ন সমস্যাৰ বাবে অভিজিত আৰু তেওঁৰ বন্ধুজনে নিৰ্ধাৰিত সময়ত ব্যৱসায় আৰম্ভ কৰিব পৰা নাছিল।আৰু কিছুদিন চেষ্টা কৰাৰ পিছত অভিজিতে টী লাউঞ্জৰ চিন্তা বাদ দি চাহ বেচাত মনোনিৱেশ কৰিলে।তেওঁক পথ প্ৰদৰ্শন কৰা মিট্টাল টীৰ বিক্ৰমে তেওঁক সহায় কৰিলে আৰু তেওঁৰ দোকানৰ বাবে চাহপাত যোগান ধৰিবলৈ অনুৰোধ জনালে। আনক সৰহীয়াকৈ চাহপাত যোগান ধৰাৰ উপৰি অভিজিতে নিজৰ দোকানৰ পৰা খুচুৰা বিক্ৰীও আৰম্ভ কৰিলে।তেওঁ এদল বিশ্বস্ত পৃষ্ঠপোষকৰ সন্ধান লাভ কৰিলে। তাৰে কোনোবাই তেওঁলোকৰ ভাগৰ চাহপাত কিনিবলৈ আহে, কোনোবা আকৌ আহে একাপ ভালদৰে বনোৱা উলঙৰ সোৱাদ লৈ অভিজিতৰ সৈতে আড্ডা মাৰিবলৈ।

অভিজিতৰ ডাঙৰ গুণটো হ’ল তেওঁ গ্ৰাহকক এনেদৰে জড়িত কৰাব পাৰে যে তেওঁলোকে অভিজিতৰ ব্যৱসায়ৰ এজন ব্ৰেণ্ড এম্বেছেডৰত পৰিণত হয়। চাহৰ বিভিন্ন প্ৰকাৰ, কেনেকৈ সংৰক্ষণ কৰিব লাগে আৰু কি খাদ্যৰ সৈতে কোনবিধ চাহ খাব লাগে সেই বিষয়ে তেওঁ পৰামৰ্শ দিয়ে। সময়ৰ লগে লগে তেওঁৰ অনুগত গ্ৰাহকৰ গোটটোৰ আয়তন ক্ৰমাৎ বৃদ্ধি পাইছে। 'এটা জাপানী পৰিয়ালে তেওঁলোকৰ মাহিলী প্ৰয়োজন হোৱা চাহপাত কিনিবলৈ নিয়মিত মোৰ তালৈ আহে’- ক’লে অভিজিতে।

পাইকাৰী আৰু খুচুৰা বিক্ৰীৰ উপৰি চাহ বিক্ৰীৰ বাবে অভিজিতে chaiwalah নামৰ এটা প’ৰ্টেলৰ জড়িয়তে চাহপাতৰ অনলাইন বিক্ৰীও আৰম্ভ কৰিছে। আমাজনৰ দৰে প’ৰ্টেলৰ সৈতে সম্পৰ্ক স্থাপনৰ ফলত তেওঁৰ অনলাইন বিক্ৰীও পূৰ্বৰ তুলনাত বৃদ্ধি পাইছে। ইয়াৰ সমান্তৰালকৈঅভিজিতে অহা বছৰ আৰম্ভ কৰিবলগীয়া টী লাউঞ্জৰ স্বপ্নটোৰ সন্দৰ্ভতো নিৰৱে কাম কৰি গৈছে।

সুগন্ধী চাহ বা টিছানে যথেষ্ট পৰিমাণে বিক্ৰী কৰাৰ উপৰি,এই বিষয়ে বহু বেছি পঢ়াশুনা কৰা অভিজিতে কয়,-‛মই বিভিন্ন টিছানেৰ ঔষধী গুণৰ বিষয়ে জানিব পাৰিছিলো। এই বিষয়ে মই অধিক তথ্য আহৰণৰ চেষ্টা কৰিলো আৰু তেতিয়াই সুগন্ধী চাহ প্ৰাকৃতিক দৰৱৰ দৰে বিপণন কৰাৰ চিন্তাটো মোৰ মনলৈ আহিল। বৰ্তমানে মই আন সুগন্ধী চাহৰ লগতে safflower আৰু Borago officianalis ফুলৰ পৰা সুগন্ধী চাহ প্ৰস্তুত কৰাৰ চেষ্টা চলাই আছো। অন্ত্ৰৰ ৰোগৰ বাবে safflower মহৌষধ, ই প্ৰাকৃতিক কোষ্ঠ পৰিস্কাৰক, হজমৰ সহায়ক আৰু গৰ্ভধাৰণৰ পিছত সন্তান আৰু প্ৰসূতিক ভালে ৰাখিবলৈ ইয়াৰ ব্যৱহাৰ পৰামৰ্শ দিয়া হয়। নীলা পাপৰিৰ Borago officianalis প্ৰাকৃতিক এন্টিছেপ̖টিক, কিন্তু ভাৰতত এইবিধ ফুল বিৰল। প্ৰায়ভাগ টেলকম পাউদাৰ আৰু এন্টিছেপটিক ক্ৰীমত বেছৰূপে ব্যৱহাৰ কৰা হয়। তেওঁ এই বিৰল ফুলবিধ সংগ্ৰহ কৰি ইয়াৰ পৰা বিভিন্ন সুগন্ধী চাহ প্ৰস্তুত কৰাৰ চেষ্টা চলাই আছে। মিশ্ৰনবোৰ ক্ৰটিমুক্ত হোৱাতো নিশ্চিত কৰিবলৈ তেওঁৰ পেনেলত কেইবাজনো আয়ুৰ্বেদ বিশেষজ্ঞ অন্তৰ্ভুক্ত কৰিছে।

প্ৰকৃতিৰ প্ৰতি সন্মানঃ

অভিজিতে জনালে,‛আমি মানুহক প্ৰাকৃতিক চাহ খাবলৈ উৎসাহ দিও, আৰু সুগন্ধী মছলাদাৰ আদি বিভিন্ন সোৱাদৰ বিষয়ে শিক্ষিত কৰাৰ চেষ্টা কৰোঁ, প্ৰতিবিধ চাহৰ সোৱাদ সুকীয়া-সুকীয়া। চাহপাত কিনিবলৈ তেওঁ কেইবাটাও চাহ নিলাম কেন্দ্ৰৰ উপৰি সৌৰিনী, নামৰিং,গোপালধাৰা, ডুংমাৰ দৰে কেইবাখনো চাহবাগিচা আৰু ভাৰতৰ লগত বিদেশৰো কেইবাগৰাকীও ব্যক্তিগত যোগানিয়াৰৰ শক্তিশালী নেটৱৰ্কৰ ওপৰত নিৰ্ভৰ কৰে। বিদেশত থকা তেওঁৰ শক্তিশালী নেটৱৰ্কৰ বাবে অভিজিতে মাচ্চা এণ্ড পিউএৰ, ফাৰ্মোছা আৰু ব্লুমিং টী ৰ দৰে বিখ্যাত ব্ৰেণ্ডৰ চাহ তুলনামূলক কম দামত ক্ৰয় কৰিব পাৰে।

মূলঃ ইন্দ্ৰজিত ডি চৌধুৰী

অনুবাদঃ লুইত পাঠক

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কাহিনী

পেইন্টিঙৰ বজাৰত এক নতুন কনচেপ্টেৰে সমাদৰ লাভ কৰিবলৈ সক্ষম হোৱা এক পিতৃ-কন্যা যুটি

ডিজিটেল আক্ৰমণকাৰীৰ বিৰুদ্ধে যুঁজত ৰিয়াজ আহমেদ ৱালিকাৰ

বাঁহৰ চুঙাৰে ধূপকাঠি পেকেজিঙ কৰি ব্যৱসায়ত সৃষ্টিশীলতাৰ নিদৰ্শন দাঙি ধৰিছে অৰ্পণা দাসে

অসমত প্ৰাকৃতিক চাহ উৎপাদনৰ পথপ্ৰদৰ্শক ধীৰেন ফুকন