উত্তৰ পূবৰ অৱহেলিত পথ উন্নয়নৰ বাবে বিশেষ আঁচনি

উত্তৰ পূবৰ অৱহেলিত পথ উন্নয়নৰ বাবে বিশেষ আঁচনি

Friday March 31, 2017,

2 min Read

২০১৫-১৬ বিত্তীয় বৰ্ষত উত্তৰ পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয়ে প্ৰয়োজনীয় কিন্তু অৱহেলিত আন্তঃৰাজ্যিক পথ কিছুমানৰ উন্নয়ন তথা তাৰ দুয়োকাষৰ জনবসতিৰ পুনঃসংস্থাপনৰ বাবে ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ আন্তঃগাঁথনি উন্নয়ন পৰিষদে (এন এইচ আই ডি চি এল) কাৰ্যকৰী কৰিবলগীয়াকৈ উত্তৰ পূৰ্বাঞ্চল পথ উন্নয়ন আঁচনি, চমুকৈ এন ই আৰ এছ ডি আঁচনি আৰম্ভ কৰে। এই আঁচনিক ২০১৬ চনত উত্তৰ পূব পৰিষদলৈ হস্তান্তৰ কৰা হয়। তাৰপিছত এন এইচ আই ডি চি এলে এই আঁচনিৰ অধীনৰ চাৰিটা পথৰ উন্নয়নৰ কাম হাতত লৈছেঃ

image


১. অসম আৰু অৰুণাচলৰ দৈমুখৰ পৰা হাৰমতিলৈ থকা পথৰ উন্নয়ন

২. অসমৰ তুৰা-মানকাছাৰ পথৰ উন্নয়ন

৩. অসমৰ ছৈপাহি-বাঘা বজাৰ (১৬.৫ কি.মি.) পথৰ উন্নয়ন আৰু পুনঃসংস্থাপন

৪. নাগালেণ্ড আৰু অসমৰ ৱ’খা-মেৰপানী-গোলাঘাট পথৰ উন্নয়ন আৰু পুনঃসংস্থাপন

অৱশ্যে অসমৰ ছৈপাহি-বাঘা বজাৰ পথৰ উন্নয়ন আৰু পুনঃসংস্থাপনৰ কাম অসম চৰকাৰে এন এইচ আই ডি চি এলকে ধৰি বিভিন্ন উৎসৰ পৰা ধন সংগ্ৰহ কৰি কৰিব বুলি দায়িত্ব লৈছে।

চিনাক্ত কৰা পথসমূহৰ উন্নয়নৰ বাবে এন এইচ আই ডি চি এলক ২২৫.০০ কোটি টকাৰ আবন্টন দিয়া হৈছে।

আজি লোকসভাত শ্ৰী মহ্শ গিৰিয়ে সোধা এটা প্ৰশ্নৰ লিখিত উত্তৰত উত্তৰ পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয়ৰ ৰাজ্য মন্ত্ৰী (স্বাধীন দপ্তৰ), প্ৰধান মন্ত্ৰীৰ কাৰ্যালয়, কৰ্মচাৰী, ৰাজহুৱা অভিযোগ, পেন্সন, আণৱিক শক্তি আৰু মহাকাশ দপ্তৰৰ ৰাজ্য মন্ত্ৰী ড০ জিতেন্দ্ৰ সিঙে এইদৰে কয়।

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কেতবোৰ কাহিনী

পাঁচ লাখ কৃষকে বিনিয়োগ কৰা এখন ছুপাৰহিট ছবি : শ্যাম বেনেগালৰ ‘মন্থন’

হলীউডৰ সুন্দৰ শৰীৰৰ পৰা ভাৰতীয় মাতৃলৈকে; ৰেমোনা ব্ৰেগাঞ্জাৰ ফিটনেছ মন্ত্ৰ আটাইৰে বাবে ফলদায়ক

মনীষা ৰায়সিংহানীঃ প্ৰযুক্তিৰে উচ্চ শিখৰত