এক ৰাজনৈতিক ষ্টাৰ্টআপৰ কাহিনী

আশুতোষৰ বিশেষ প্ৰৱন্ধ

0

সেইদিনা এন.ডি.টি.ভি.ত বিশিষ্ট সাংবাদিক শেখৰ গুপ্তাই আঁত ধৰা 'Walk the Talk' অনুষ্ঠানটো চাইছিলোঁ। মই এই কথা স্বীকাৰ কৰোঁ যে এই অনুষ্ঠানটোৰ মই নিয়মীয়া দৰ্শক নহয়। দুজন কলেজীয়া ছাত্ৰৰ সৈতে মত বিনিময়ৰ সেইদিনাৰ অনুষ্ঠানটো মই আদিৰ পৰা শেষলৈকে চাবলৈ বাধ্য হৈছিলোঁ। সেই ছাত্ৰ দুজন আছিল জনপ্ৰিয় ই-কমাৰ্চ চাইট স্নেপডীলৰ জন্মদাতা কুনাল বেহল আৰু ৰোহিত বনছল। মাত্ৰ ছবছৰৰ ভিতৰত দুই লাখ পয়সত্তৰ হাজাৰ বিক্ৰেতা আৰু ত্ৰিশ মিলিয়ন সামগ্ৰীৰে ভাৰতৰ ছয় হাজাৰ নগৰ-চহৰলৈ ব্যৱসায় প্ৰসাৰিত কৰিছে স্নেপডীলে। ত্ৰিশ বছৰৰ কম বয়সতে ব্যৱসায়িক দক্ষতাৰে এই দুজন তৰুণে উদ্যোগ ক্ষেত্ৰত পৰিচয় গঢ়িবলৈ সক্ষম হৈছে।

শেখৰ গুপ্তাৰ সৈতে বাৰ্তালাপত তেওঁলোকে ব্যৱসায় আৰম্ভ কৰোঁতে সন্মুখীন হোৱা মৃত্যুমুখী অভিজ্ঞতাৰ কথা ব্যক্ত কৰিছিল।তেওঁলোকে বৰ্ণনা কৰিছিল ২০০৭ চনৰ কথা। তেওঁলোকৰ বেংক একাউন্টত মাত্ৰ পঞ্চাশ হাজাৰ টকা জমা আছিল কিন্তু পিছদিনা তেওঁলোকে কৰ্মচাৰীক পাঁচ লাখ টকাৰ দৰমহা আদায় দিব লগীয়া আছিল। সেয়া এনে এক দুৰ্যোগপূৰ্ণ সময় আছিল যে তেওঁলোকে ব্যৱসায়টো বন্ধ কৰি দিব পাৰিলেহেঁতেন। চাকৰি কৰিও তেওঁলোক সফল হ'ব পাৰিলেহেঁতেন। কিন্তু তেনে পৰিস্থিতিটো কুনাল আৰু ৰোহিতে হাৰ নামানিলে। বন্ধু-বৰ্গৰ পৰা টকা ধাৰলৈ লৈ ব্যৱসায় অব্যাহত ৰাখিলে। পুনৰ শেহতীয়াভাৱে ২০১৩ চনত তেওঁলোকৰ একে ধৰণৰ দুৰ্যোগ হৈছিল যেতিয়া বেংকত জমা এক লাখ ডলাৰৰ বিপৰীতে কৰ্মচাৰীক দিবলগীয়া আছিল পাঁচ লাখ ডলাৰৰ দৰমহা। কিন্তু তেওঁলোক দৃঢ় প্ৰতিজ্ঞা আৰু দূৰদৃষ্টিৰে আগবাঢ়ি আজিৰ অৱস্থাত উপনীত হবলৈ সক্ষম হ'ল কুনাল বেহেল আৰু ৰোহিত বানছাল। যেতিয়া তেওঁলোকক প্ৰশ্ন কৰা হৈছিল যে এনে প্ৰত্যাহ্বানমূলক পৰিস্থিতিত কি কথাই তেওঁলোকক আগবাঢ়ি যাবলৈ সাহস দিছিল। উত্তৰত তেওঁলোকে প্ৰত্যয়েৰে কৈছিল যে সেয়া আছিল তেওঁলোকৰ নিজৰ ওপৰত আৰু ব্যৱসায়ৰ ওপৰত থকা বিশ্বাস।

এই কথাষাৰে মোক নষ্টালজিক কৰি পেলাইছিল।মোৰ নিজা কিছুমান অভিজ্ঞতালৈ মনত পৰিছিল।ষ্টাৰ্ট আপৰ এই যুগত, আম আদমী পাৰ্টিও এক ধৰণৰ ৰাজনৈতিক ষ্টাৰ্ট আপ। ইয়াৰ উৎস আছিল আন্না হাজাৰেৰ দুৰ্নীতি বিৰোধী আন্দোলন। কিন্তু এই আন্দোলনো দুটা দিশত বিভক্ত হৈছিল। আন্দোলনৰ আন এজন নেতা অৰবিন্দ কেজৰিৱাল আৰু তেওঁৰ সমৰ্থকে গঢ় দিয়া ৰাজনৈতিক দলক সমৰ্থন কৰা নাছিল আন্নাই। তেওঁৰ নাম দলত ব্যৱহাৰ কৰিবলৈ অনুমতি দিয়া নাছিল। মহাত্মা গান্ধীৰ দৰে আন্না হাজাৰেৰো হাজাৰ হাজাৰ সমৰ্থক আছিল। তেওঁ যি কথা কৈছিল মানুহে বিশ্বাসেৰে লৈছিল। তেওঁৰ অবিহনে এটা আন্দোলন আগবঢ়াই নিয়াৰ কথা ভবাটো অসম্ভৱ আছিল। কিন্তু আন্না নিজৰ সিদ্ধান্তত অটল আছিল। এয়া এক জীৱন মৰণৰ সন্ধিক্ষণ হৈ পৰিছিল। আন্দোলনে নিজৰ স্বকীয়তা হেৰুৱাই পেলাইছিল আৰু ৰাজনীতিৰ বাহিৰে কোনো উপায় নাছিল। কিন্তু আন্নাৰ অবিহনে ৰাজনৈতিক দল সম্ভৱ হ'বনে সেয়াও চিন্তাৰ বিষয় আছিল। এচাম লোকে ধৰি লৈছিল যে আন্নাৰ অবিহনে এটা ৰাজনৈতিক দলৰ ভৱিষ্যতো অৰ্থহীন। এনে সংঘাতপূৰ্ণ সময়ত কেজৰিৱালে আন্নাৰ অবিহনে আগবাঢ়ি যোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে।

প্ৰথম লক্ষ্যস্থান হিচাপে দিল্লীক বিবেচনা কৰা হ'ল। বছৰটোৰ ভিতৰতে নিৰ্বাচন সমাগত আছিল। সকলোকে একগোট কৰি তেওঁলোকক সংগঠিত কৰা আৰু বিজেপি/কংগ্ৰেছৰ একমাত্ৰ বিকল্প বুলি দিল্লীৰ জনতাক পতিয়ন নিওৱাটো যথেষ্ট কঠিন কাম আছিল। এই কথাত দ্বিমত নাই যে দুৰ্নীতি বিৰোধী আন্দোলনৰ কেন্দ্ৰস্থল আছিল দিল্লী। সেয়ে, দিল্লীৰ জনতাৰ মাজত অৰবিন্দ কেজৰিৱালৰ এক ভাৱমূৰ্তি আগৰেপৰাই আছিল। কিন্তু প্ৰতিটো চুকে-কোণে ৰাজনৈতিক নীতি প্ৰসাৰিত কৰি বিজেপি/কংগ্ৰেছক পৰাজিত কৰাৰ প্ৰতিশ্ৰুতিৰে জনতাক বিশ্বাসত অনাটো টান কাম আছিল। প্ৰশ্ন আছিল, আমি পাৰিমনে?

দলটোৰ বিশ্বাস আছিল যে ই পাৰিব আৰু সেয়া কৰি দেখুৱালে। যেতিয়া নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ'ল, ৰাজনৈতিক পণ্ডিত সকল আচৰিত হৈছিল। গতানুগতিক চিন্তা প্ৰবাহত আউল লাগিছিল। আম আদমীক চাৰি খনতকৈ বেছি আসন দিয়া হোৱা নাছিল। কিন্তু সমালোচক সকলে এই দলৰ জয়ক বিপ্লৱ বুলি অভিহিত কৰিছিল। অসম্ভৱ সম্ভৱ হৈ উঠিল আৰু তাতোকৈ আচৰিত কথা আন্না হাজাৰেৰ অবিহনে সম্ভৱ হৈ উঠাটো। কিন্তু এয়া কেনেকৈ হ'ল? আত্ম বিশ্বাস আৰু লক্ষ্য প্ৰাপ্তিৰ দৃঢ়তা। মোৰ কথাবোৰ বাৰু কুনাল বেহেল আৰু ৰোহিত বানছালৰ দৰে লাগিছে নেকি?

দিল্লীত ক্ষমতালৈ অহাৰ পিছত ৪৯ দিনত আপে পদত্যাগ কৰাৰ সিদ্ধান্ত ল'লে। সকলো আচৰিত হৈছিল। ৰাজনৈতিক সমালোচক, বিশেষজ্ঞ সকলে মন্তব্য কৰিছিল যে আপৰ পুনৰ উত্থান সম্ভৱ নহয়। সেই সময়ত চাৰিওফালে মোদী জনপ্ৰিয় হৈ পৰিছিল। ভাৰতে তেওঁৰ মাজত ভৱিষ্যত নেতা এজন দেখা পাইছিল। দিল্লীৰ সংসদীয় নিৰ্বাচনত আপে সকলো আসন হেৰুৱাইছিল। আপ আৰু ইয়াৰ নেতৃবৰ্গক সাধাৰণ জনতাই ঠাট্টা কৰিছিল। মোদীৰ জনপ্ৰিয়তা বাঢ়ি গৈছিল। তেওঁ অকলেই চাৰিখন ৰাজ্যৰ বিধান সভাৰ নিৰ্বাচনত জয়ী হৈছিল। দিল্লী আছিল পঞ্চমখন। এয়া আমাৰ বাবে জীৱন মৰণৰ পৰিস্থিতি হৈ পৰিছিল। আমি হতাশ হৈছিলো কিন্তু হাৰি যোৱা নাছিলো। অৰবিন্দ কেজৰিৱালে পদত্যাগ কৰা কথাটো লৈ মানুহবোৰ ক্ষুব্ধ হৈছিল। আমি নিজকে পুনৰ সংগঠিত কৰিব লগীয়া হৈছিল। আমাৰ বিশ্বাস আছিল যে আমি পুনৰ জয় লাভ কৰিম।

মানুহে আমাক বিশ্বাস কৰিছিল। তেওঁলোকে বুজি পাইছিল যে আমি পৰিপক্ক নহলেও দুৰ্নীতি পৰায়ণ নহয়। আমি পুনৰ মানুহৰ মাজলৈ যোৱাৰ সিদ্ধান্ত ল'লো। আমি পদত্যাগৰ বাবে ক্ষমা খুজিলো। দিল্লীক লৈ কৰা আমাৰ পৰিকল্পনা দেখুৱালো আৰু বিশ্বাস দিলো যে আমি শাসন কৰিবলৈ সমৰ্থবান। কিন্তু আমি এই কথাও বুজি পাইছিলো যে বিগত ত্ৰিশ বছৰৰ আটাইতকৈ শক্তিশালী প্ৰধান মন্ত্ৰী মোদীৰ বিৰুদ্ধে আমি যুদ্ধ কৰিছোঁ। ডেভিদ আৰু গোলিয়াথৰ দৰে আছিল এই যুদ্ধ। তেওঁৰ সম্পদ আৰু টকা-পইচা আছিল। সৰ্বোপৰি তেওঁৰ এটা অলীক বিশ্বাস আছিল যে তেওঁ কেতিয়াও পৰাজিত নহয়।আমাৰ কি আছিল? সম্পদ, টকা-পইচা একো নাছিল। কিন্তু আমাৰ আছিল এটা পৰিকল্পনা যিটোৱে পৰিৱৰ্তন সূচনা কৰিব পাৰে।আমাৰ পৰিকল্পনাক এচাম মানুহে বিশ্বাস কৰিছিল।

এই পৰিকল্পনাটো কি আছিল? বৰ্তমানৰ দুৰ্নীতিগ্ৰস্ত ৰাজনীতি আৰু ৰাজনীতিকে আমাৰ দেশখন লুটি আছে আৰু এই লুন্ঠনৰাজ বন্ধ হবলৈ এটা পৰিৱৰ্তন লাগে। ভাৰতবৰ্ষই উপযুক্ত নেতা এজন বিচাৰে। সাধাৰণ মানুহৰ ক্ষমতাৰেই ক্ষমতাশীল আম আদমী। এই পৰিকল্পনা স্বচ্ছ, নিকা আৰু গ্ৰহণযোগ্য ৰাজনীতিৰ পৰিকল্পনা। এই পৰিকল্পনা চালক, পৰিচালক আৰু অনুঘটকৰ পৰিকল্পনা। আপ হল এখন বাহন। এই পৰিকল্পনাৰ শক্তি আমি জানিছিলো আৰু বিশ্বাস কৰিছিলো যে মানুহে ইয়াক আঁকোৱালি ল'ব। আমি হতাশ হোৱা নাছিলো আৰু ধৈৰ্য ধৰিছিলো। সেয়ে, আমি পুনৰ আজিৰ পৰ্যায়ত উপনীত হৈছোঁ।আমি ৭০ খন আসনৰ ৬৭ খন লাভ কৰিছিলোঁ। এই জয় আছিল ঐতিহাসিক আৰু অকল্পনীয়।

এতিয়া দিল্লীত এনে এখন চৰকাৰ আছে যি শাসনৰ ক্ষেত্ৰত দেশৰ বাবে আদৰ্শ দাঙি ধৰিব পাৰিছে। যি পৰিকল্পনাই দিল্লীত আমাক জয়ী কৰালে সেই একেই পৰিকল্পনাৰ ঢৌৱে পঞ্জাবতো জোকাৰণি তুলিছে। সকলো ঠিকে থাকিলে আমি অহা ২০১৭ চনত পঞ্জাবৰ লগতে আন ৰাজ্যতো একে ফলাফল পাম। যদি কুনাল আৰু ৰোহিতে তেওঁলোকৰ সংগ্ৰামত পৰাজয় স্বীকাৰ কৰিলেহেঁতেন, তেন্তে শেখৰ গুপ্তাই উদ্যোগী তৰুণ হিচাপে তেওঁলোকৰ সাক্ষাৎকাৰ নল'লেহেঁতেন। যদি অৰবিন্দ আৰু তেওঁৰ সমৰ্থকে সেই পৰিকল্পনাক বিশ্বাসত নল'লেহেঁতেন, তেন্তে মই যি লিখি আছোঁ, সেয়া নিলিখিলোহেঁতেন। ষ্টাৰ্ট আপ মানেই হল পৰিকল্পনা, আত্ম বিশ্বাস, প্ৰত্যয় আৰু ধৈৰ্যৰ সমষ্টি। যি এই কথা বুজি পায়, তেওঁলোক জয়ী হয়। ৰোহিত আৰু কুনাল সংগ্ৰামী বিজেতা। তেওঁলোকক শুভকামনা জনাইছোঁ।


মূল: আশুতোষ

অনুবাদ: পূবালী ভাগৱতী

(লেখক এজন প্ৰাক্তন সাংবাদিক আৰু বৰ্তমান আম আদমী  প্ৰকাশিত মতামত লেখকৰ নিজৰ । য়ৰ ষ্টৰীৰ সৈতে ইয়াৰ কোনো সম্পৰ্ক নাই )

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কেতবোৰ কাহিনী

গ্ৰাম্যাঞ্চলত বহুতৰে জীৱন 'মধুময়' কৰিছে লীলা চৰণ দত্তই

অৰ্কিডৰ প্ৰতি থকা দুৰ্বাৰ প্ৰেমে ক্ষণজিৎ গগৈক দিলে আন্তৰ্জাতিক খ্যাতি

সাত পুৰুষ ধৰি এটা কলাক ধৰি ৰখা এটা পৰিয়াল

ছেণ্ড এনিমেশ্বনেৰে দিগন্ত মাধৱ গোস্বামীৰ বিশ্বমুখী যাত্ৰা