বাবা ৰামদেৱৰপৰা শিকিবলগীয়া ব্যৱসায় পৰিচালনাৰ ৯ টা কিটিপ

বাবা ৰামদেৱৰপৰা শিকিবলগীয়া ব্যৱসায় পৰিচালনাৰ ৯ টা কিটিপ

Thursday June 23, 2016,

4 min Read


যোগগুৰু বাবা ৰামদেৱৰ অনুগামীৰ সংখ্যা কোটিৰ ঘৰত । আয়ুৰ্বেদ আৰু যোগাসনক অধিক জনপ্ৰিয় কৰাৰ ক্ষেত্ৰত ৰামদেৱৰ ভূমিকা অনস্বীকাৰ্য । ২০ বছৰ আগেয়ে স্বদেশী শ্লগানেৰে আৰম্ভ হোৱা পতঞ্জলি বৰ্তমান ২০০০ কোটি টকা টাৰ্ণঅভাৰেৰে দেশৰ এক সন্মানীয় ব্ৰেণ্ড।

গতিকে ষ্টাৰ্টআপৰ বাবে বাবা ৰামদেৱৰ প্ৰৱন্ধন অৰ্থাৎ মেনেজমেন্ট নীতি সমূহ মনোযোগ দিবলগীয়া । বিশেষকৈ এটা ব্যৱসায়ক বৃহৎ পৰিষৰলৈ লৈ যোৱাৰ ক্ষেত্ৰত ই গুৰুত্বপূৰ্ণ ।

১. আপুনি ভালকৈ বুজি পোৱা ক্ষেত্ৰ এটা নিৰ্বাচন কৰক 

একেদিনাই অাপুনি সফলতাৰ শিখৰ বগাব নোৱাৰে । গতিকে ষ্টাৰ্টআপ কৰাৰ আগতে এনে এটা ক্ষেত্ৰ নিৰ্বাচন কৰি লওক যিটোত আপোনাৰ দক্ষতা আছে । অৱশ্যে বাবা ৰামদেৱো একেদিনাই সফল হোৱা নাছিল । যোগসন আৰু আয়ুৰ্বেদৰ জ্ঞান লাভ কৰিবলৈ তেওঁ বছৰ বছৰ সাধনা কৰিবলগীয়া হৈছিল । এই দুয়োটা বিষয়ত তেওঁৰ গভীৰ জ্ঞানৰ বলতে আজি তেওঁ এই সফলতা লাভ কৰিবলৈ সক্ষম হৈছে । 

image


২. বজাৰ অধ্যয়ন অতিশয় দৰকাৰী 

যিকোনো ব্যৱসায় আৰম্ভ কৰাৰ আগতে বজাৰ অধ্যয়ন অতিশয় দৰকাৰী । পতঞ্জলি আয়ুৰ্বেদ লিমিটেড এটা ভাৰতীয় এফ এম চি জি কোম্পালী যি হৰিদ্বাৰৰ ঔদ্যোগিক এলেকাত স্থিত । ইয়াত সকলো সময়তে ৩৫ জনকৈ সশস্ত্ৰ চি আই এচ এফ জোৱাল পহৰাত নিয়োজিত হৈ থাকে । এয়া আজি সম্ভৱ হৈছে কাৰণ ৰামদেৱে সঠিক বজাৰ অধ্যয়নেৰে এই প্ৰতিষ্ঠানতো হৰিদ্বাৰত স্থাপন কৰিছিল য'ত ভেষজ সামগ্ৰী ব্যৱহাৰৰ এক পৰম্পৰা আছে । CLSA আৰু HSBC ৰ মতে পতঞ্জলি হৈছে দ্ৰুততম বিকশিত এফ এম চি জি কোম্পানী । কাৰণ ইতিমধ্যে বজাৰত উপলব্ধ ভেষজ সামগ্ৰীসমূত থকা ৰাসায়নিক দ্ৰব্যৰ বাবে সম্পূৰ্ণ শুদ্ধ ভেষজ সামগ্ৰীৰ বজাৰ এখন আছিলেই আৰু সেই বজাৰখন দখল কৰিবলৈ সক্ষম হৈছিল পতঞ্জলি । সেয়েহে বজাৰ সম্পৰ্কে সঠিক জ্ঞানৰ লগতে শুদ্ধ তথ্যসমূহ জনাটো দৰকাৰী ।

৩.ব্ৰেণ্ড এম্বেছেডৰৰ ক্ষেত্ৰত ধন ৰাহি কৰক

বাবা ৰামদেৱে পৰিমানতকৈ মানৰ ওপৰত অধিক গুৰুত্ব দিছিল । বিজ্ঞাপনৰ বাবে তেওঁ অযথা খৰচ কৰা নাছিল । বিশেষকৈ ব্ৰেণঅড এম্বেছেডৰ নিয়োগ কৰি তেওঁ অযথা ধন খৰচ কৰা নাছিল । বৰঞ্চ তেওঁ নিজকে প্ৰ'মট কৰিছিল । এটা ব্ৰেণ্ড প্ৰতিষ্ঠা কৰা সহজ কথা নহয় । 

৪. দক্ষ কৰ্মীদলৰ প্ৰয়োজনীয়তা 

এটা ব্যৱসায় প্ৰতিষ্ঠা কৰিবলৈ দক্ষ কৰ্মীৰ প্ৰয়োজন । বৰ্তমান সময়ত পতঞ্জলিত দুই লাখ কৰ্মী কৰ্মৰত আৰু ইয়াৰে অধিকাংশই দক্ষ গৱেষক । বহুকেইজন ডক্চৰেট ডিগ্ৰীধাৰীও ইয়াৰ মাজত আছে । পতঞ্জলিৰ যোগ প্ৰশিক্ষকসকলো অতি দক্ষ । 

৫.প্ৰত্যক্ষ যোগাযোগ 

সাধাৰণতে এটা কোম্পানীৰ ব্ৰেণ্ড এম্বেছেডৰসকলে নিজে এটা বস্তু প্ৰয়োগ কৰিছে নে নাই সেইটো জনাৰ উপায় নাথাকে । কিন্তু পতঞ্জলিৰ ক্ষেত্ৰত সকলো নিশ্চিত যে বাবা ৰামদেৱে নিজে এই বস্তুসমূহ প্ৰয়োগ কৰে । দৈনিক যোগ শিক্ষণৰ জৰিয়তে তেওঁ মানুহৰ লগত প্ৰত্যক্ষ যোগাযোগ বজাই ৰাখিব পাৰে আৰু ই বিশ্বাস সৃষ্টিত অৰিহণা যোগায় ।

৬.কৌশলী প্ৰচাৰ 

আপোনাৰ প্ৰডাক্টতোৰ বিষয়ে আপোনাতকৈ ভালকৈ আন কোনেও নাজানে । এই কথা মনত ৰাখি আত্মবিশ্বাসেৰে আগবাঢ়ি যাওক আৰু আপোনাৰ নেটৱৰ্ক সুদৃঢ় কৰক । যোগাসনৰ ক্ষেত্ৰত বাবা ৰামদেৱে প্ৰধানমন্ত্ৰী মোডীৰপৰা আৰম্ভ কৰি বহু লোকক সাক্ষাৎ কৰিছিল । তেওঁ পোলপটীয়াকৈ সকলোকে সাক্ষাৎ কৰি নিজৰ বিশ্বাসযোগ্যতা বঢ়াইছিল । উদাহৰণ স্বৰুপে তেওঁ লালু প্ৰসাদ যাদবক লগ ধৰি ক্ৰীম আৰু এনাৰ্জী বাৰৰ বাবে মডেল হ'বলৈ তেওঁক সন্মত কৰাইছিল ।

Image- YouTube

Image- YouTube


৭. দাম কমাই ৰাখিবলৈ যত্ন কৰক 

সফলতাৰ আটাইতকৈ ডাঙৰ মন্ত্ৰ হৈছে কম দামত উচ্চ মানৰ বস্তু উপলব্ধ কৰোৱা । প্ৰতিস্থানটোৰ মতে পতঞ্জলিৰ সকলোবোৰ বস্তুৱেই ভেষজ আৰু আয়ুৰ্বেদিক । লগতে উৎপাদন আৰু বিপণনৰ খৰচ কম হোৱা হেতুকে এইবোৰৰ দাম কম কৰি ৰাখিব পাৰি । বজাৰত সকলোৰে আগত থাকিবলৈ হলে আপুনি সদায় দাম, মান আৰু পৰিমানৰ কথা মনত ৰাখি চলিব লাগিব ।

৮. সহজলভ্যতা  

এটা কোম্পানীৰ বাবে ইয়াৰ বস্তুসমূহ বজাৰত সহজলভ্য হোৱাটো দৰকাৰী । ২০১৬ৰ মেলৈকে পতঞ্জলিয়ে দেশজুৰি ৪৭০০ বিপণন কেন্দ্ৰৰ জৰিয়তে এই সামগ্ৰী সমূহ বিক্ৰী কৰে । আনকি এই সামগ্ৰী সমূহ অনলাইনো বিক্ৰী হয় । লগতে বিমান বন্দৰ আৰু ৰেল ষ্টেচনতো এইবোৰৰ বিক্ৰীকেন্দ্ৰ স্থাপনৰ যো-জা চলাই থকা হৈছে । ইতিমধ্যে পিত্তি গ্ৰুপ আৰু কিশোৰ বিয়ানিৰ ফিউচাৰ গ্ৰুপৰ সৈতে চুক্তিবদ্ধ হয় ২০১৫ন চনত । বৰ্তমান পতঞ্জলিয়ে ৪৫ বিধ প্ৰসাধন সামগ্ৰী আৰু ৩০ বিধ খাদ্য সামগ্ৰীকে ধৰি ৪৪৪ বিধ সামগ্ৰী প্ৰস্তুত কৰে । এই সামগ্ৰীসমূহ অনলাইন অথবা দোকানৰপৰা যি ধৰণেই ক্ৰয় কৰা নহওক কিয় এইবোৰৰ দাম একেই থাকে ।

৯. সময়োপযোগিতা

আপোনাৰ ব্যৱসায়টো আৰম্ভ কৰিবৰ সময়ত আপোনাৰ প্ৰতিদ্বন্দীৰূপে থিয় দিব পৰা আন কোম্পানী সমূহৰ বিষয়ে ভালকৈ জানি লওক । উদাহৰণ স্বৰুপে মেগীক লৈ বিতৰ্ক চলি থকা সময়তে ৰামদেৱে ২০১৫ চনত পতঞ্জলিৰ নুডল মুকলি কৰিছিল । আপুনি আপোনাৰ সামগ্ৰী বজাৰত চাহিদা চাই মুকলি কৰা উচিত ।

বাবা ৰামদেৱক আমি ভালেই পাওঁ বা বেয়াই পাওঁ কিন্তু কোনোপধ্যে আমি অৱজ্ঞা কৰিব নোৱাৰোঁ। 

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

নিসঙ্গতা দুৰ কৰিবলৈ স্কুলত পঢ়িবলৈ যায় নেপালৰ ৬৮ বছৰীয়া দুৰ্গা কামি

কিদৰে আমিৰা শ্বাহে নিজৰ পিতৃৰ সৰু লেবৰেটৰীটোক এটা ২০০০ কোটিটকীয়া কোম্পানীলৈ সলনি কৰি পেলালে।

দিল্লীৰ পথৰ দাঁতিত চাহ বিক্ৰী কৰা লক্ষ্মণ ৰাও এজন প্ৰসিদ্ধ সাহিত্যিক

শোষিত মহিলাক সন্মানৰ জীৱন দিবলৈ যুঁজি যোৱা এগৰাকী যোদ্ধা সুনীতা কৃষ্ণন