নিসঙ্গতা দুৰ কৰিবলৈ স্কুলত পঢ়িবলৈ যায় নেপালৰ ৬৮ বছৰীয়া দুৰ্গা কামি

নিসঙ্গতা দুৰ কৰিবলৈ স্কুলত পঢ়িবলৈ যায় নেপালৰ ৬৮ বছৰীয়া দুৰ্গা কামি

Wednesday June 22, 2016,

2 min Read

নেপালৰ ৬৮ বছৰীয়া দুৰ্গা কামিয়ে ৰাতিপুৱা শুই উঠিয়েই আন বহুতৰ দৰে বাতৰি কাকতখন আৰু চাহ একাপ নিবিচাৰে । তেওঁ শুই উঠিয়েই লৰালৰিকৈ গা-পা ধুই তেওঁ ইউনিফৰ্ম পিন্ধে । বগা চোলা, ধোঁৱা বৰণীয়া পেন্ট আৰু এদাল টাই । এই পোছাকজোৰ পিন্ধি আঠটা সন্তানৰ পিতৃ দুৰ্গা ওলাই যায় ঘৰৰপৰা । প্ৰায় এঘন্টা খোজ কাঢ়ি তেওঁ সকুল পায়গৈ । সৰুতে তেওঁৰ ইচ্ছা আছিল শিক্ষক হোৱাৰ । কিন্তু আৰ্থিক অনাটনৰ বাবে তেওঁ স্কুলীয়া শিক্ষা সমাপ্ত কৰিব নোৱাৰিলে । দুৰ্গাই সংবাদ প্ৰতিস্থান ৰয়টাৰছক জানিবলৈ দিয়া মতে তেওঁ পত্নীৰ মৃত্যুৰ পাছত নিসংগতাৰপৰা মুক্তি পাবলৈ স্কুললৈ যোৱাৰ সিদ্ধান্ত লৈছিল । 

Image- reuters

Image- reuters


'মোৰ পাহৰি থাকিবলৈ মই স্কুললৈ যাওঁ, ' দুৰ্গাই কয় । খুব সম্ভৱ দুৰ্গা হৈছে নেপালৰ জ্যেষ্ঠতম স্কুলীয়া ছাত্ৰ । ২০০ ছাত্ৰ-ছাত্ৰী থকা শ্ৰী কলা ভৈৰৱ হায়াৰ ছেকেণ্ডাৰী স্কুলৰ ছাত্ৰ দুৰ্গা । হফংটন প'ষ্টত প্ৰকাশিত এক বাতৰিত কোৱা হৈছে যে তেওঁ তেওঁৰ ঘৰৰ নিস্তব্ধতাৰপৰা মুক্তি বিচাৰি পায় স্কুলৰ ল'ৰা ছোৱালীৰ কলৰৱত । 

কামিৰ এজন সহপাঠী, ১৪ বছৰীয়া সাগৰ থাপাই কয়, 'মই প্ৰথমে ভাবিছিলো এই বুঢ়া মানুহজন আমাৰ লগত কিয়া পঢ়িবলৈ আহে । কিন্তু সময়ৰ লগে লগে মই তেওঁৰ সঙ্গ ভালপোৱা হৈছো । তেওঁ আমাৰ তুলনাত পঢ়াত কিছু দুৰ্বল কিন্তু আমি তেওঁক সহায় কৰোঁ ।' ঘৰত অকলে থকা কামিয়ে প্ৰথমে কাহাৰায় প্ৰথমিক বিদ্যালয়ত নাম লগাইছিল আৰু তাত সাত আঠ বছৰীয়া ল'ৰা ছোৱালীৰ লগত পঢ়িব আৰু লিখিবলৈ শিকাৰ পাছত ১১ বছৰীয়া ছাত্ৰ ছাত্ৰীৰ সৈতে পঞ্চম শ্ৰেণীৰ শিক্ষা সমাপ্ত কৰি সেই স্কুল ত্যাগ কৰে । 

Image- reuters

Image- reuters


শ্ৰী কলা ভৈৰৱ স্কুলৰ শিক্ষক ডি আৰ কৈৰালাই তেওঁক নিজৰ স্কুললৈ আমন্তৰন জনায় আৰু তেওঁক বহী কিতাপৰ সৈতে ইউনিফৰ্মো দিয়ে । 'মোৰ পিতৃৰ বয়সৰ এজন লোকক শিক্ষা দিয়াৰ এয়া মোৰ প্ৰথম অভিজ্ঞতা আৰু মই এই অভিজ্ঞতা যথেষ্ট উপভোগ কৰিছো ।' কৈৰালাই কয় । অৱশ্যে স্কুলৰপৰা তেওঁক ভোজন দিয়া নহয় । 

দশম শ্ৰেণীৰ সহপাঠীসকলে তেওঁক 'বা' বুলি সম্বোধন কৰে যাৰ অৰ্থ নেপালী ভাষাত পিতা । অবশ্যে তেওঁৰ বয়স স্বত্তেও তেওঁ আন আন সহপাঠীসকলৰ সৈতে ভলীবলকে ধৰি অন্যান্য খেল-ধেমালিত অংশগ্ৰহণ কৰে । 

দুৰ্গা কামিয়ে কয় যে তেওঁ আমৃত্যু পঢ়ি যোৱাত আগ্ৰহী । যদি মোৰ দৰো পকা দঢ়ীয়া বৃদ্ধ এজনক স্কুলত পঢ়া আনে দেখে তেনেহলে হয়তো তেওঁলোকো অনুপ্ৰাণিত হ'ব আৰু বয়সে তেওঁলোকক বাধা দিব নোৱাৰিব । 

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

বৰ্তমান ২০কোটি টকীয়া কোম্পানীৰ গৰাকীৰ এসময়ত দৈনিক উপাৰ্জন আছিল কেৱল ৩৪ টকা

জয়পুৰত মদ্যপানেৰে নহয়, দুগ্ধপানেৰে আদৰণি জনোৱা হয় নতুন বৰ্ষক

প্ৰযুক্তি ক্ষেত্ৰখনত খলকনি তোলা এজন ১২ বছৰীয়া শিশু

পথৰ দাঁতিত ভিক্ষা খোজা এজনী ছোৱালী আজি বাঙ্গালুৰুৰ দ্ৰুততম দৌৰবিদ সকলৰ অন্যতম