উদ্যোগশীলতা হৈছে এটা যাত্ৰা যি আৰম্ভ হয় এটা ধাৰণাৰে: অৰৱিন্দ লামা, ট্ৰেভেলয়াৰী

উদ্যোগশীলতা হৈছে এটা যাত্ৰা যি আৰম্ভ হয় এটা ধাৰণাৰে: অৰৱিন্দ লামা, ট্ৰেভেলয়াৰী

Friday March 31, 2017,

2 min Read

"উদ্যোগশীলতা হৈছে এটা যাত্ৰা যি আৰম্ভ হয় এটা ধাৰণাৰে ।" তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ সম্পৰ্ক-২০১৭ অনুস্থানত অংশগ্ৰহণ কৰি ট্ৰেভেলয়াৰীৰ প্ৰতিস্থাতা অৰৱিন্দ লামাই এই মন্তব্য কৰে । উদ্যমিতাক উদগণি যোগাবলৈ চৰকাৰে লোৱা বিভিন্ন আঁচনিৰ ওপৰত আলোকপাত কৰি তেওঁ কয় যে কাষৰীয়া দেশ সমূহৰ সৈতে বজাৰ মুকলি হোৱাৰ ফলত স্থানীয় উদ্যমীসকলৰ বাবে বিভিন্ন দুৱাৰ মুকলি হ'ব । উদ্যমী হিচাপে নিজৰ অভিজ্ঞতা স্মৰণ কৰি তেওঁ কয় যে এজন সফল উদ্যমী হ'বলৈ কেইটামান গুণৰ দৰকাৰ । 

image


১. হাতত লোৱা যিকোনো কামৰ প্ৰতি নিচা ।

২. সলনি হৈ থকা বজাৰ আৰু প্ৰতিযোগী সম্পৰ্কে সম্যক জ্ঞান ।

৩. উদ্যমী হিচাপে বুনিয়াদী বিষয় সমূহ যেনে- লাভালাভ, ব্যৱসায় প্ৰসাৰৰ বাবে এটা আৰ্হি আৰু উপযুক্ত প্ৰযুক্তিৰ ওপৰত অনবৰতে চকু ৰখা গুণ ।

উদ্যমিতা আৰম্ভ হয় এটা ধাৰণাৰে । তেওঁ নিজৰ অভিজ্ঞতা সুঁৱৰি কয় যে তেওঁ কোনোদিনে উদ্যমী হোৱাৰ কথা ভবা নাছিল যদিও ব্যৱসায় প্ৰৱন্ধনৰ ছাত্ৰ হৈ থকা অৱস্থাত তেওঁ এই ক্ষেত্ৰত প্ৰবেশ কৰিছিল । তেওঁৰ মতে বেছিভাগ উদ্যমীয়ে মোকাবিলা কৰিব লগীয়া কেইটামান সমস্যাৰ হৈছে- তীব্ৰ প্ৰতিযোগিতা, পুঁজিৰ অভাৱ, পৰিৱৰ্তিত আইন -কানুন, ধৰ্মঘট ইত্যাদি । এনেবোৰ পৰিস্থিতিৰ মোকাবিলা একোজন উদ্যমী আৰু তেওঁৰ দলে কিদৰে কৰিব তাৰ ওপৰতে নিৰ্ভৰ কৰে সফলতা । ইয়াৰ উপৰিও বিভিন্ন ধৰণৰ সমস্যাই দেখা দিব পাৰে গতিকে একোজন উদ্যমীয়ে পুঁজি আৰু চৰকাৰী সহায়ৰ কথা চিন্তা কৰাটো বুদ্ধিমানৰ কাম । 

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী 

এজন উদ্যমীয়ে পুঁজিৰ প্ৰশ্নটো শেষলৈ ৰাখিব লাগে: মনোজ বসুমতাৰী

ভাৰতীয় মহিলাৰ সবলীকৰণৰ বাবে লোভনীয় চাকৰি ত্যাগ কৰা মহিলাগৰাকী

অষ্ট্ৰেলিয়াৰ চৰাইৰে শোণিতপুৰত উদ্যমিতাৰ নিদৰ্শন দাঙি ধৰিছে এক দম্পতীয়ে