অসমীয়া খাদ্যক বিশ্ব সভালৈ নিয়া চেফ অতুল লহকৰ

1

'স্বদেশ স্বজাতিৰ প্ৰতি থকা দায়বদ্ধতাই বাবেই অসমমীয়া আহাৰক বিশ্বদৰবাৰত জিলিকাই তুলিবলৈ সক্ষম হ’লো। ইয়াৰ বাবে ২৪ বছৰৰ আগৰ পৰাই প্ৰচেষ্টা চলাইছিলো, সেয়েহে অসমীয়া আহাৰক ব্যৱসায়িক ক্ষেত্ৰত এক নতুন মাত্ৰা প্ৰদান কৰিবলৈ সক্ষম হ’লো' – এই ভাষ্য চেফ অতুল লহকৰৰ ।

তেজপুৰ ৰেলগেটৰ আইগুদী লহকৰ আৰু নবীন লহকৰৰ পুত্ৰ অতুল লহকৰ । এটা অতি সাধাৰণ পৰিয়ালৰ ল’ৰা হৈয়ো সমাজত নিজকে প্ৰতিষ্ঠা কৰিছে অসাধাৰণ ৰূপে । আজি চেফ অতুল লহকৰ এজন ব্যক্তি নহয় এক সামাজিক প্ৰতিষ্ঠান ।

জীৱনৰ প্ৰত্যাহবান

নিচেই সৰুতে দেউতাক ঢুকোৱাত মাকে অতি কষ্টেৰে তাঁতশালৰ কাপোৰ বৈ শিক্ষা দান কৰাইছিল অতুল লহকৰক । এই ক্ষেত্ৰত বায়েক দীপাঞ্জলী লহকৰেও যথেষ্ট সহায় কৰিছিল । এনেকৈয়ে এদিন দৰং মহাবিদ্যালয়ৰ পৰা কলা শাখাত স্নাতক ডিগ্ৰী লাভ কৰিলে । ইয়াৰ পিছত ৰ্হাডৱেৰ ইঞ্জিনিয়াৰিঙত পাঠ্যক্ৰম গ্ৰহণ কৰে আৰু এই পাঠ্যক্ৰম সফলতাৰে সমাপ্ত কৰে । হোটেল মেনেজমেণ্ট পাঠ্যক্ৰম গ্ৰহণ কৰিবলৈ দুৰ্বাহ হেপাহ থকাৰ সত্বেও আৰ্থিক অভাৱৰ বাবে সেই পাঠ্যক্ৰম গ্ৰহণ কৰিবলৈ সক্ষম নহ’ল। কিন্তু তেওঁ পাছ নুহুহকিল। বনাই ল’লে নিজেই নিজৰ সফলতাৰ জখলা ।

সংগ্ৰামৰ প্ৰথমটো খোজ

স্নাতক নৌহওঁতেই সপোন, আশা, লক্ষ্য ইত্যাদিবোৰক বাস্তব ৰূপ দিবলৈ গুৱাহাটীলৈ আহিছিল । লগত আনিছিল এটা ষ্ট'ভ, ২ কেজি চাউল, ৫ লিটাৰ কেৰাচিন আৰু  মাকে দিয়া এখন ৫০০ শ টকীয়া নোট । সেই সময়ত ঘৰৰ ভাড়া আছিল ৫০০ টকা । কিন্তু সেই ৫০০ টকা দিবলৈ সেইসময়ত অতুল লহকৰৰ সামৰ্থ নাছিল । পকেট খৰচৰ বাবে এখন Wine Shop ৰ দোকানত কাম কৰিছিল, আনকি ঘৰৰ পৰা খুজিবলৈও ঘৰৰ অৱস্থা আছিল তথৈবচ । পিছলৈ লাহে লাহে মিতব্যয়িতাৰে ধন খৰচ কৰিছিল, আৰু যি ধন ৰৈ গৈছিল সেই ধনেৰে অসমৰ বিভিন্ন প্ৰান্তৰ ভ্ৰমণ কৰি শিকি লৈছিল বিভিন্ন থলুৱা ব্যঞ্জন। যাৰ ফলশ্ৰুতিত আজি আমি অসমীয়া থলুৱা ব্যঞ্জনৰ বাণিজ্যিক ৰূপ প্ৰত্যক্ষ কৰিবলৈ সক্ষম হ'লো । 

মানসিক দৃঢ়তাই সপোন গঢ়ে

মই ৰান্ধি ভাল পাইছিলো । ৰন্ধনৰ সহায়ৰ বাবে যে হোটেল মেনেজমেণ্ট কৰিম সেয়া নহ’ল । কিন্তু মই পিছ পৰি নৰ'লো। দুগুণ উৎসাহেৰে ৰন্ধন সমন্বিত বিভিন্ন কিতাপ কিনি আনিলো আৰু ঘৰতে বিভিন্ন প্ৰকাৰৰ ৰন্ধন ৰান্ধিব চেষ্টা কৰিলো। আনকো আপ্যায়িত কৰিছিলো মই ৰন্ধা খাদ্যইদি … সকলোৱে আহাৰ খাই আনন্দিত হৈছিল আৰু উৎসাহ যোগাইছিল, ইয়ে মোৰ জীৱনৰ ৰ্টানিং পইণ্ট । অতুল লহকৰে এনেদৰে ব্যক্ত কৰে ।

সপোনক বাস্তৱ ৰূপ দিব যাওঁতে

মনলৈ এটা নতুন ধাৰণা আহিছিল, থলুৱা জাতি, জনজাতি, জনগোষ্ঠীৰ আহাৰ সমূহক এক গোট কৰি সমুহ বিশ্ববাসীৰ আগত পৰিচয় কৰি দিয়াৰ । তাৰ কাৰণে তেওঁ অসমৰ বিভিন্ন গাৱেঁ-ভুঞে গৈ থলুৱা আহাৰ আৰু ৰন্ধন প্ৰণালী সম্বন্ধে বুজ লোৱাই নহয়, নিজাকৈ শিকিও পেলেইছিল । উদাহৰণ স্বৰূপে আহোম সম্প্ৰদায়ৰ পৰা ৰঙা মতা কুকুৰা, সান্দহ গুৰি, কল পছলা দি ৰন্ধা ব্যঞ্জন, মিচিং জনজাতিৰ পিঠা গুৰিৰ লগত ৰ্মুগীৰ মাংস ইত্যদি ব্যঞ্জনবোৰ এক উদাহৰণহে মাথোঁ । এয়া আছিল ১৯৯৪ চনৰ কথা । তেনেতে ঘৰুৱা এক কাৰণত চেন্নাইত ৬ মাহ থাকিব লগা হয় । এই সময়ছোৱাতে চেন্নাইৰ এখন কুকিং স্কুলত কুকিঙৰ শিক্ষা গ্ৰহণ কৰি বিশেষ ভাবে উপকৃত হৈছিল । চেন্নাইৰ পদপথত এজন বৃদ্ধাই পুৱা ৪ বজাতে বনোৱা বিৰিয়ানী দেখিছিল আৰু তেঁওৰ পৰা বিৰিয়ানী বনোৱা টিপচ লৈছিল । চান্দমাৰি ইউ ৰ্টান ৰেষ্টোৰাঁৰ মেনেজাৰ হিচেপে থাকি সেই ৰেষ্টোৰাঁৰ চেফৰ পৰাও যথেষ্ট শিক্ষা লাভ কৰিছিল । ইয়াৰ পিছত নতুন চিন্তাৰে নতুন ধৰণেৰে মহানগৰীৰ গণেশগুৰিত ডেলিকেচি নামৰ ৰেষ্টোৰাঁ আৰম্ভ কৰে । সেয়াই আৰম্ভণী ।

থলুৱা ব্যঞ্জন সৰ্ম্পকে জানিবলৈ যাওঁতে

'সমুহ জনসাধৰণক আমাৰ অসমীয়া লোক খাদ্য সৰ্ম্পকে আভাস দিবলৈ যাওঁতে বিভিন্ন বাতৰিকাকত ,আলোচনীত আৰু চেনেলৰ সহায় লৈছিলো । বাতৰি কাকত আৰু আলোচনীত নিয়মীয়াকৈ লিখিছিলো আৰু চেনেলতো মোৰ অনুষ্ঠান সম্প্ৰচাৰ কৰিছিলে । এইবোৰৰ উপৰিও Ultimate Kitchen নামৰ এখন কুকিং স্কুলৰ ৩০০ ৰো আধিক লোকক প্ৰশিক্ষণ প্ৰদান কৰি সমাজৰ বিভিন্ন ঠাইত প্ৰতিষ্ঠা কৰাওঁ । বিশেষকৈ মহানগৰীৰ বৰা চাৰ্ভিচ স্থিত “খৰিকা” নামৰ থলুৱা আহাৰৰ ৰেষ্টোৰাঁখনত মই প্ৰশিক্ষণ দিয়া ল'ৰাক নিয়োগ কৰি ৰ্কমসংস্থাপনৰ লগতে স্বাবলম্বিতাৰ বাট মুকলি কৰি দিও । অৱশ্যে ব্যৱসায়িক অসুবিধাৰ বাবে খৰিকাৰ পৰা পৃথক হওঁ আৰু “হেৰিটেজ খৰিকা” নামেৰে শিলপুখুৰীৰ পেট্ৰল পাম্পৰ সমীপত থলুৱা লোক খাদ্যৰ নতুন ৰেষ্টোৰাঁখন ১ মে ২০১৫ চনৰ পৰা আৰম্ভ কৰোঁ আৰু ৰ্বত্তমান হেৰিটেজ খৰিকাৰ পৰা আশাব্যঞ্জন সহাঁৰি লাভ কৰিছো।' অতুল লহকৰে এই দৰে কয় ।

হেৰিটেজ খৰিকাৰ বিশেষত্ব

হেৰিটেজ খৰিকাত অসমীয়া লোকখাদ্য সম্ভাৰৰ সোৱাদ ল’ব পৰা সুবিধা আছে। প্ৰতি সাজ নিৰামিষ আহাৰৰ দাম মাত্ৰ ১০০ টকাৰ পৰা আৰম্ভ । তাৰ উপৰিও ৰান্ধি ভালপোৱা গ্ৰাহকে ৰান্ধি আৰু শিকাৰ সুবিধা হেৰিটেজ খৰিকাত আছে।

ইতিমধ্যে BBCকে ধৰি ৰাষ্ট্ৰীয়, আন্তৰাষ্ট্ৰীয় চেনেলত চেফ অতুল লহকৰৰ অনুষ্ঠান সম্প্ৰচাৰ হৈছে। চৰকাৰী ভাবে পোৱা স্বীকৃতিৰ ভিতৰত ২০১৪ বৰ্ষত অসম টুৰিজিমৰ ফালৰ পৰা অসমীয়া আহাৰৰ ক্ষেত্ৰত আগবঢ়োৱা বৰঙণীৰ বাবে Tourism Promotion Award আৰু ২০১৫ বৰ্ষত Zee Plus ৰ পৰা Food Entrepreneur Award লাভ কৰে ।

অতুল লহকৰৰ অনুভৱ কৰে যে দৃঢ়তা, লক্ষ্যৰ সঠিকতা, একাগ্ৰতা থাকিলে সকলোৱে যি কোনো পৰিস্থিতিত সফল হৈ আগবাঢ়িব পাৰে । তেওঁৰ বিশ্বাস যে এদিন তেওঁ বিশ্ব জয় কৰিবলৈ সক্ষম হব ।

ভবিষ্য পৰিকল্পনাৰ সম্পৰ্কে অতুল লহকৰে জানিবলৈ দিয়ে যে অসমীয়া আহাৰে বিশ্বৰ অইন আহাৰৰ লগত ফেৰ মাৰিব পৰাকৈ সুপৰিকল্পিত ভাবে কাৰ্য্য পন্থা গ্ৰহণ কৰা, আহাৰৰ ক্ষেত্ৰত বৈপ্লৱিক পৰিবৰ্ত্তন অনা, হাজাৰ বছৰীয়া পুৰণি বনশাক সংৰক্ষণ, সজাগতাৰ সম্পৰ্কে এখন উদ্যান স্থাপন কৰা ।

অতুল লহকৰ আৰু হেৰিটেজ খৰিকাই আগন্তুক দিনত অধিক উন্নতিৰ শিখৰত আৰোহন কৰক । য়'ৰ ষ্ট'ৰীৰ ফালৰ পৰাও শুভকামনা থাকিল ।

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কেতবোৰ কাহিনী

গৃহিণীৰ পৰা জাহাজৰ নিৰ্মাতা আৰু ৰেষ্টুৰাঁ ব্যৱসায়ী : অঞ্জলী বৰাৰ কাহিনী

অসমলৈ ৰাষ্ট্ৰীয় সন্মান অনা ৰঞ্জিমা দাসে অসুস্থতাৰ বাবে আৰম্ভ কৰিছিল শৰীৰ চৰ্চা

ব্ৰহ্মপুত্ৰ উপত্যকাত শান্তিৰ কাৰণে ষ্টার্টআপৰ এনে বহু যুদ্ধৰ প্ৰয়োজন...

বহুমুখী প্ৰতিভাৰ অধিকাৰী অনুজা পাঠকে স্বাৱলম্বনৰ পথ হিচাপে বাচি ল'লে হিপন'থেৰাপী


Related Stories