সৰ্থেবাৰীৰ ব্যতিক্ৰমী কাঁহ শিল্পী খনিন ডেকা

0

সৰ্থেবাৰীৰ চিনাকী – কাঁহশিল্প। কাঁহৰ বাচন বৰ্তন নিৰ্মাণৰ বাবেই বিখ্যাত অসমৰ বৰপেটা জিলাৰ এখন সৰু ঠাই সৰ্থেবাৰী। কিন্তু সৰ্থেবাৰীয়ে যেন হেৰুৱইছে পূৰ্বৰ গৰিমা। সৰ্থেবাৰীৰ কাঁহ শিল্পীয়ে কাঁহশিল্পক জীয়াই ৰাখিবৰ বাবে চৰকাৰৰ ওচৰত হাত পাতিবলগীয়া হৈছে। ৰাজপথত প্ৰতিবাদত নামিব লগীয়া হৈছে প্ৰাপ্যৰ দাবীৰে। কাৰণ পৰম্পৰাগত ভাবে চলি অহা পদ্ধতিৰে কেৱল কাঁহি বাতি বঁটা নিমাৰ্ণ কৰি পৰিয়াল পোহ পাল দিয়াটো কঠিন হৈ পৰিছে কাঁহ শিল্পী সকলৰ বাবে। কাঁহ শিল্পীৰ এনে দুৰৱস্থাৰ সময়ত সৰ্থেবাৰীৰ কাঁহ শিল্পটোক ব্যতিক্ৰমী ৰূপেৰে জীয়াই ৰখাৰ চেষ্টাত ব্যতি হৈছে সৰ্থেবাৰীৰে এজন কাঁহ শিল্পী। তেঁও কেৱল কাঁহি বাতি বঁটা নিৰ্মাণৰ পৰম্পৰাগত পৰিবৃত্তৰ মাজতে আবদ্ধ নাথাকি কাঁহেৰে বিভিন্ন ধৰণৰ সামগ্ৰী নিৰ্মাণ কৰি কাঁহ শিল্পক জনপ্ৰিয় কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। লগতে শিল্পটোক নতুন ৰূপ দি উলিয়াইছে জীৱিকা নিৰ্বাহৰ পথ।সৰ্থেবাৰীৰ এই জন কাঁহশিল্পী হ’ল খনিন ডেকা। খনিন ডেকাৰ এতিয়া চিনাকী কাঁহেৰে নিখুঁটকৈ বিভিন্ন ধৰণৰ কলাকৃতি নিৰ্মাণ কৰা কাঁহ শিল্পী হিচাপে। খনিন ডেকাই সুনিপুন হাতেৰে কাঁহেৰে সাজি উলিয়াইছে ভগৱানৰ বিভিন্ন ধৰণৰ মূৰ্তি, সুধাকন্ঠ ড০ ভুপেন হাজৰিকাৰ প্ৰতিকৃতিকে ধৰি বহু আকৰ্ষণীয় কলাকৃতি।

সৰ্থেবাৰীৰ এজন পৰম্পৰাগত কাঁহশিল্পী চন্দ্ৰকান্ত ডেকাৰ পুত্ৰ খনিন ডেকা। খনিন ডেকাই সৰুৰে পৰা দেখি আহিছে এজন কাঁহ শিল্পীয়ে কৰি অহা পৰিশ্ৰম। পৰম্পৰাগত পদ্ধতিৰে কমেও পাঁচজন শিল্পীয়ে পুৱতি নিশাৰে পৰা দিনটো কাম কৰিলে ৩০ ৰ পৰা ৩২ কিলোগ্ৰাম পৰিমাণৰ কাহৰ বাচন বৰ্তন প্ৰস্তুত কৰি উলিয়াব পাৰে। দিনটো পাচঁ-ছয় জন শিল্পীৰ কঠিন পৰিশ্ৰমৰ অন্তত যি উপাৰ্জন হয় সেয়া আচলতে কাঁহ শিল্পীৰ জীৱিকা নিৰ্বাহৰ বাবে কিছু কঠিন। ইপিনে পূৰ্বতকৈ কিছু পৰিমাণে চাহিদাও কমিছে কাঁহৰ বাচন বৰ্তনৰ। কাৰণ কম দামতে বজাৰত প্লাষ্টিক, ফাইবাৰ আদিৰ বিভিন্ন ধৰণৰ আটক ধুনীয়া বাচন বৰ্তন পোৱা যায়। এনেবোৰ বিভিন্ন কাৰণত কাঁহ শিল্পী সকলৰ জীৱিকাৰ প্ৰতি ভাবুকিৰ সৃষ্টি হৈছে। পিতৃৰ শিল্প কৰ্মটোক জীয়াই ৰাখিবলৈ কিছু বেলেগ ধৰণেৰে চিন্তা কৰিলে খনিন ডেকাই। সেয়া ১৯৯৮ চনৰ কথা। ইতিমধ্যে আৰ্থিক দুৰবস্থাৰ বাবেই ১৯৯৪ চনত মেট্ৰিক পাছ কৰাৰ পিছত আৰু পঢ়া শুনা কৰিব নোৱাৰিলে খনিন ডেকাই। জীৱিকা নিৰ্বাহৰ বাবে অন্য পথো খোলা নাই সম্মুখত। ইপিনে খনিনে ইতিমধ্যে বাৰুকৈয়ে উপলব্ধি কৰিছে পৰম্পৰাগত ভাবে কাঁহ শিল্পৰ সৈতে জড়িত থকা সকলৰ জীৱিকাৰ প্ৰতি আহি পৰা প্ৰত্যাহ্বান। কাঁহশিল্পটোকে ব্যতিক্ৰমী ভাবে জীয়াই ৰখাৰ প্ৰচেষ্টাৰে পৰম্পৰগত কাঁহি, বাতি, বঁটা নিৰ্মাণ নকৰি খনিনে প্ৰথমে নিৰ্মাণ কৰিলে এটা কাঁহৰ ঘড়ী। যিটো সময়ত কাঁহৰ কাঁহি-বাতিৰ চাহিদা কমি আহিছিল, সেই সময়ত কিন্তু কাঁহৰ ঘড়ীটোৱে পালে বিশেষ সমাদৰ। বিভিন্ন জনৰ প্ৰসংশা পাই অধিক উৎসাহী হৈ পৰিল খনিন। সম্পূৰ্ণ নিজস্ব চিন্তাৰে খনিনে ইটোৰ পিছত সিটোকৈ নিৰ্মাণ কৰি গ’ল কাঁহৰ বিভিন্ন কলাকৃতি। বজাৰত খনিনৰ কাঁহৰ বস্তুৰ চাহিদা বাঢ়িবলৈ ধৰিলে। দুই একে নিজৰ মতে কোনো বিশেষ আৰ্হিৰে কলাকৃতি নিৰ্মাণ কৰি নিলেহি। প্ৰয়োজন অনুসাৰে বিভিন্ন প্ৰতিযোগিতা আদিত পুৰস্কাৰ দিবৰ বাবে নাম আদি খোদিত কৰি দিয়া বঁটা বাহনো নিৰ্মাণ কৰাৰ বাবে অৰ্ডাৰ পালে খনিনে। ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতাৰ সময়ত শুভংকৰ ‘ৰংমন’ও নিৰ্মাণ কৰিছিল খনিন ডেকাই। ১৯৯৮ চনৰে পৰা বৰ্তমানলৈ বহু উত্থান পতনৰ মাজেৰে আগবাঢ়ি গৈ আছে খনিন ডেকা। সৰ্থেবাৰীৰ ঐতিহ্যক ম্লান পৰিবলৈ নিদিয়াই লক্ষ্য খনিন ডেকাৰ। নিজৰ ঘৰতে থকা খনিন ডেকাৰ ‘মেছাৰ্ছ মনালিছা বেল মেটেল ইণ্ডাষ্ট্ৰী’ অঞ্চলটোত এতিয়া এটা পৰিচিত নাম।

সৰ্থেবাৰীৰ বহু যুবকৰ বাবে খনিন ডেকা এতিয়া এক আদৰ্শ। সৰ্থেবাৰীৰ ঐতিহ্য বহন কৰি ব্যতিক্ৰমী প্ৰয়াসেৰে স্বাৱলম্বী হোৱাৰ পথ দেখুৱাইছে খনিন ডেকাই। খনিন ডেকাৰ প্ৰচেষ্টা দেখি অঞ্চলটোৰ আন দুই এক যুৱকো ওলাই আহিছে ব্যতিক্ৰমী ভাবে কাঁহ শিল্পক জীয়াই ৰখাৰ সংকল্পৰে। এয়া নিশ্চয় সৰ্থেবাৰীৰে নহয় সমগ্ৰ অসমৰ বাবেই এক সুখবৰ। কাৰণ সৰ্থেবাৰীৰ কাঁহ শিল্প অসমৰ বাবেই এক গৌৰৱ। 

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কেতবোৰ কাহিনী

ৰঙালীৰ ৰং - ডুখৰীয়া ছৱি

বিভিন্ন গহণা আৰু সাজ-পাৰেৰে ৰঙালী বিহুৰ বাবে কেইগৰাকীমান ডিজাইনাৰৰ প্ৰস্তুতি

জাপিসঁজীয়াৰ নাৰায়ণ কেওঁটৰ ঐকান্তিক প্ৰচেষ্টাত জীয়াই আছে সাতামপুৰুষীয়া ফুলাম শিল্প

মেট্ৰ' চহৰ এৰি ভিতৰুৱা গাঁৱত জীৱন ধাৰণৰ মান উন্নত কৰিছে মনোজ বসুমতাৰীয়ে