বাঙ্গালুৰুত আৰম্ভ টেকস্পাৰ্কছ ২০১৭ 

0

বাঙ্গালুৰুত ২২ ছেপ্টেম্বৰ শুকুৰবাৰে আৰম্ভ হ'ল টেকস্পাৰ্কছ-২০১৭ ।  কৰ্ণাটকৰ বিজ্ঞান-প্ৰযুক্তি আৰু পৰ্যটন মন্ত্ৰী প্ৰিয়ংক খৰ্গেই এই অনুস্থান মুকলি কৰে । 

য়'ৰ ষ্ট'ৰীৰ বাৰ্ষিক টেকস্পাৰ্কছ মহোৎসৱৰ অষ্টম সংস্কৰণ মুকলি কৰি তেওঁ কয়- "আপোনালোক সকলোৱেই আমাৰ বাবে গুৰুত্বপূৰ্ণ । প্ৰতিটো আইডিয়াই আমাৰ বাবে গুৰুত্বপূৰ্ণ আৰু কৰ্ণাটক চৰকাৰ আপোনালোকৰ প্ৰতি দায়বদ্ধ ।" ষ্টাৰ্টআপ সম্পৰ্কে কৰ্ণাটক চৰকাৰৰ নীতিৰ সুবিধা ল'বলৈ খৰ্গেই সকলোকে আহ্বান জনায় । 

দুদিনীয়া এই সমাৰোহত বিভিন্ন ক্ষেত্ৰৰ ষ্টাৰ্টআপসমূহৰ লগতে বিভিন্ন কাৰিকৰী বিষয়ত আলোচনা-বিলোচনা হ'য় ।

অনুস্থানত উপস্থিত সকলোকে আদৰণি জনাই য়ৰ ষ্টৰীৰ প্ৰতিষ্ঠাপক চিইঅ' শ্ৰদ্ধা শৰ্মাই টেকস্পাৰ্কছৰ থীম 'মেক ইট মেটাৰ' সমপৰ্কত কয় যে ষ্টাৰ্টআপ আৰু উদ্যমীসকলে ইয়াৰ গুৰুত্ব বুজিব লাগিব ।

Related Stories

Stories by Team Asamiya