এজন উদ্যোগী হোৱাটো কিয় ইমান জটিল?

এজন উদ্যোগী হোৱাটো কিয় ইমান জটিল?

Wednesday May 11, 2016,

3 min Read

প্ৰায় তিনি বছৰতকৈ অধিক সময় হ'ল আমি আমাৰ এটা প্ৰতিষ্ঠান আৰম্ভ কৰিছিলোঁ। কিন্তু পাঁচ বছৰতকৈ অধিক সময় উদ্যোগশীলতাৰ পোকটোৱে আমাক ভালকৈয়ে দংশন কৰিছিল। আই.আই.টি. ৰুড়কীত বি.টেক. সপ্তম ষান্মাসিক পঢ়ি থাকোঁতে আমি এটা প্ৰতিষ্ঠান আৰম্ভ কৰাৰ সপোন দেখিছিলোঁ।

বাহিৰৰ পৰা দেখাত উদ্যোগশীলতা এটা অতি সহজ বিষয়। কিন্তু বাস্তব ক্ষেত্ৰত ই একেবাৰে সহজ নহয়। এই ক্ষেত্ৰখনত নামি পৰিলে এজন ব্যক্তিৰ শাৰীৰিক, মানসিক, আৱেগিক..সকলো শক্তি ক্ষয় হয়। সেই দিনটোৰ পৰা যেন আপুনি নিজকে এটা কথাৰ প্ৰতিশ্ৰুতি দি ল'ব লাগিব-আপোনাৰ আৰাম, আনন্দ, পৰিয়াল, বন্ধুবৰ্গ, আনকি আপোনাৰ মানসিক শান্তিতকৈ আগত স্থান দিব লাগিব আপোনাৰ কৰ্ম অৰ্থাৎ আপোনাৰ ষ্টাৰ্টআপক।

image


এজন উদ্যোগী হোৱাটো কিয় জটিল-ইয়াৰ কেইটামান কাৰণ উল্লেখ কৰিব খুজিছোঁ।

ইয়াত সফলতাৰ কোনো নিশ্চয়তা নাথাকে: আপুনি যিমানেই কষ্ট নকৰক কিয়, উদ্যোগশীলতাৰ এয়া অতি তিক্ত সত্য। আন বিভিন্ন চাকৰিত পৰিশ্ৰমৰ সমান্তৰালভাৱে সফলতা আহে। কিন্তু উদ্যোগশীলতাৰ ক্ষেত্ৰত এনে নহয়। আৰম্ভণিতে আমি এটা দু:চিন্তা আৰু শংকা লৈ পুৱা বিছনাৰ পৰা উঠিছিলোঁ-আজিৰ দিনটোত কি হ'ব? এই ভাৱনাটো বহু বছৰৰ পিছতো মনত ক্ৰিয়া কৰে।

অনিশ্চয়তাক জীৱনৰ লক্ষ হিচাপে আপুনি মানি ল'ব লাগিব: এজন উদ্যোগী হিচাপে এই কথাষাৰ আপোনাৰ ভাল নালাগিব পাৰে। সেই নিৰ্দিষ্ট গ্ৰাহক জনে নথি পত্ৰত চহী কৰিবনে? সেই নিৰ্দিষ্ট কৰ্মচাৰী জনে আপোনাৰ উদ্যোগত যোগদান কৰিবনে? নতুন সামগ্ৰীবিধে গ্ৰাহকৰ সঁহাৰি লাভ কৰিবনে? এনে প্ৰায়বোৰ বিষয়ত আপুনি অনিশ্চয়তাত ভোগিব লাগিব।

আপুনি সকলো কথাই জনা যেন দেখুৱাব লাগিব: এটা সফল প্ৰতিষ্ঠান নিৰ্মাণৰ অৰ্থ এয়া নহয় যে আপুনি কেৱল উৎকৃষ্ট সামগ্ৰী প্ৰস্তুত কৰিব লাগিব, ইয়াৰ লগতে সামগ্ৰীৰ প্ৰদৰ্শনীৰ আৰ্হি তৈয়াৰ কৰা, বিভিন্ন ব্যৱসায়িক আঁচনি তৈয়াৰ কৰা, সহজ ভাষাৰে সামগ্ৰীৰ উৎকৃষ্টতা বৰ্ণনা কৰা, ক'ড লিখা, বিক্ৰী কৰা, আৰু এনেকৈয়ে আগবাঢ়ি যোৱাৰ কথাও ভাবিব লাগিব।

আপোনাৰ ওপৰত কোনো কৰ্তৃপক্ষ নাই: আপুনি ভাবিব পাৰে যে কোনো কৰ্তৃপক্ষৰ নিৰ্দেশত নচলি নিজাববীয়াকৈ কাম কৰাটো বহু সৌভাগ্যৰ কথা। কিন্তু বাস্তবত সেয়া নহয়। কৰ্তৃপক্ষ থাকিলে আপুনি অন্তত: ক'ব পাৰে যে এইটো মোৰ কাম নহয়। কৰ্তৃপক্ষ থাকিলে অনিশ্চয়তাত আপুনি কাম এৰি যাব পাৰে। কৰ্তৃপক্ষ থাকিলে এই কথাৰ নিশ্চয়তা থাকে যে আপুনি যেতিয়া কামৰ বিৰতিত থাকে, আপোনাৰ কাম যিকোনো প্ৰকাৰে চলি থাকিব। কৰ্তৃপক্ষ থাকিলে অফিচৰ কামৰ পিছত আপোনাৰ ব্যক্তিগত জীৱন এটা যাপন কৰাৰ নিশ্চয়তা থাকে। কিন্তু এজন উদ্যোগী হোৱাৰ অৰ্থ হ'ল আপুনি নিজে নিজৰ বছ। আৰু বোধহয় এয়াই পৃথিবীৰ আটাইতকৈ জটিল কাম।

অৱশেষত আপুনি অকলশৰীয়া: আপুনি সঁচাকৈয়ে অকলশৰীয়া। আপোনাৰ বহু কৰ্মচাৰী, সহকৰ্মী, বন্ধু বৰ্গ থাকিব পাৰে। আপুনি তেওঁলোকৰ লগত তৰ্ক-বিতৰ্ক, আনন্দ আদি কৰিব পাৰে। কিন্তু এজন প্ৰতিষ্ঠাতা হিচাপে আপোনাৰ সমস্যা তেওঁলোকে বুজি নাপাব পাৰে। আনকি আপোনাৰ লগত যদি সহ-প্ৰতিষ্ঠাতাও থাকে, এটা নিৰ্দিষ্ট সীমাৰ পিছত তেওঁলোকৰ লগত সমস্যা আলোচনা কৰাটো অৰ্থহীন হৈ পৰে। কিয়নো তেওঁলোকেও একে অনিশ্চয়তা, সন্দেহ আৰু সমস্যাৰ মুখামুখি হৈছে।

এই সকলোবোৰ উদ্বিগ্নতা, অনিশ্চয়তা সত্ত্বেও এজন উদ্যোগী হোৱা কথাই জীৱনক পূৰ্ণতা প্ৰদান কৰে। উদ্যোগশীলতাৰ যাত্ৰাত আপুনি এজন দক্ষ বৃত্তিগত ব্যক্তি হোৱাৰ লগতে আচৰিতভাৱে আপুনি এজন বিজ্ঞ ব্যক্তি হৈ গৈ থাকিব। ই আপোনাক সংগ্ৰাম কৰিবলৈ শিকাব। আপোনাৰ মাজত এনে এক ক্ষমতা আনি দিব যে যিকোনো জটিল পৰিস্থিতিৰ সন্মুখীন হলেও আপুনি সমস্যাৰ সমাধান উলিয়াব পাৰিব। সকলো বিফল হোৱাৰ পিছতো আপুনি নিজৰ ওপৰত বিশ্বাস ৰাখিবলৈ শিকিব। আপুনি এটা বিষয় এৰি দিয়াৰ কথা চিন্তা কৰিও সঠিক দিশত বিষয়টো ধৰি ৰাখিবলৈ শিকিব। অৱশেষত, ই জীৱনৰ এটা সহজ বাস্তবৰ জ্ঞান আপোনাক দিয়ে-সপোন তেতিয়াই বাস্তৱত পৰিণত হয়, যেতিয়া আপুনি হৃদয়ৰ সমগ্ৰতাৰে ইয়াক বিচাৰিব আৰু ইয়াক পাবৰ বাবে চেষ্টা কৰিব।


মূল: শচীন গুপ্তা

অনুবাদ: পূবালী ভাগৱতী

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কেতবোৰ কাহিনী

পৰিবৰ্তনৰ জোৱাৰ আনিছে 'পৰিবৰ্তনে'

চাহৰ কাপত বিপ্লৱ আনিছে সন্দীপ গগৈয়ে

বানে গৰকা বালিময় মাটিত সপোন ৰচিছে মতালেব, কাচেম, শোৰহাব, শোভানহঁতে