চাহৰ কাপত বিপ্লৱ আনিছে সন্দীপ গগৈয়ে

চাহৰ কাপত বিপ্লৱ আনিছে সন্দীপ গগৈয়ে

Tuesday April 26, 2016,

4 min Read

চাহৰ দেশ অসম । বৃটিছে অসমত চাহখেতিৰ ব্যৱসায়িক আৰম্ভণি কৰিছিল যদিও তাৰ বহু আগৰে অসমত চাহ পানৰ অভ্যাস প্ৰচলিত আছিল জনজাতীয় লোক সকলৰ মাজত । কিন্তু সেইসমূহ আছিল বৰ্তমানৰ মাত্ৰাধিক ৰাসায়নিক দ্ৰব্য প্ৰয়োগেৰে উৎপাদন কৰা চাহৰ বিপৰীতে সম্পূৰ্ণ প্ৰাকৃতিক আৰু পাৰ্শ্বক্ৰিয়াবিহীন । সময়ৰ সোঁতত হেৰাই যোৱাৰ উপক্ৰম হৈছিল এই পৰম্পৰাগত চাহ সমূহ তথা এই সমূহৰ প্ৰস্তুত প্ৰণালী । 

সুখৰ বিষয় কেইগৰাকীমান ব্যক্তিৰ আশাশুধীয়া আৰু নিৰলস প্ৰচেষ্টাত এই সমূহে পুনৰ প্ৰাণ পোৱাই নহয়, বিশ্বৰ বজাৰত প্ৰচুৰ সমাদৃতও হৈছে । প্ৰস্তুত প্ৰণালী ভেদে সোৱাদৰ ভিন্নতা থকা এই চাহ সমূহৰ নামো বিভিন্ন । উদাহৰণ হিচাবে চিংফৌ সকলৰ দ্বাৰা প্ৰস্তুত কৰা চাহক জনা যায় 'ফালাপ' নামেৰে, অসমৰ চীনামূলৰ লোক সকলে প্ৰস্তুত কৰা চাহক জনা যায় 'উলোঙ' নামেৰে । এই সকলৰ মাজৰে এজন উল্লেখযোগ্য ব্যক্তি হ'ল সন্দীপ গগৈ । তেওঁ বিশেষকৈ জড়িত হৈ আছে থলুৱা পদ্ধতিৰে নিৰ্মিত এই চাহ সমূহৰ ব্যৱসায়িক প্ৰসাৰ আৰু প্ৰচাৰৰ কামত ।

image


এহাতে কেমেৰা এহাতে চাহৰ পিয়লা :

সন্দীপ গগৈৰ প্ৰথম পেছা আৰু নিচা আছিল ফট'গ্ৰাফি । অসমৰ আগশাৰীৰ প্ৰকৃতিপ্ৰেমি স্বেচ্ছাসেৱী সংগঠন 'নেৰ্চাছ বেকন' ৰ এজন সক্ৰিয় কৰ্মী তেওঁ । এই দুয়োটা কামৰ বাবে তেওঁ ঘুৰি ফুৰিব লগা হয় সমগ্ৰ উত্তৰ পূৰ্বাঞ্চল । এই যাত্ৰা সমূহত তেওঁৰ লগত লৈ যায় এনে থলুৱা চাহপাত আৰু কেমেৰাটো । কাৰণ এই সমূহৰ যোগেদিয়েই তেওঁ লগ পায় দেশ বিদেশৰ বিভিন্ন পৰ্যটকক, যি সকল তেওঁৰ প্ৰধান গ্ৰাহক ।

সন্দীপ গগৈ চাহপাতৰ প্ৰেমিক বুলি কলেও বোধকৰো অত্যুক্তি কৰা নহব । পৰম্পৰাগত ভাবে প্ৰস্তুত কৰা এনে চাহৰ সম্ভেদ বিচাৰি তেওঁ কেতিয়াবা মাইলৰ পাছত মাইল খোজ কাঢ়ি উপস্থিত হৈছেগৈ দুৰ্গম অঞ্চলত । সন্দীপৰ ভাষাৰে "ক'ৰবাত এনে পৰম্পৰাগত ভাবে প্ৰস্তুত কৰা চাহ আছে বুলি শুনিলে, তাক স্বচক্ষে নেদেখালৈকে মোৰ শোৱন খাৱন নাইকিয়া হয় । মই সেই ঠাইত গৈ যেনে তেনে তাৰ প্ৰস্তুত প্ৰণালী আৰু sample সংগ্ৰহ কৰিবৰ যত্ন কৰোঁ । "

কেমেৰা লৈ ফটোগ্ৰাফিৰ বাবে বিভিন্ন মেলা সমূহত যাওঁতেই সন্দীপ গগৈৰ মগজুত জন্ম লয় এই ব্যৱসায়িক পৰিকল্পনাটো । সেইসমূহত লগপোৱা দেশী বিদেশী পৰ্যটক সকলে প্ৰায়ে তেওঁক অসমৰ চাহৰ কথা সোধে । কিন্তু তেওঁলোকে বজাৰত সহজে উপলব্ধ ৰাসায়নিক দ্ৰব্য প্ৰয়োগ কৰা চাহ সমূহৰ প্ৰতি আগ্ৰহী নহয় । তেওঁলোকক লাগে প্ৰাকৃতিক ভাবে উৎপাদিত চাহ । সন্দীপ গগৈৰ ভাষাৰে " এই লোকসকলৰ মাজৰ বহুতেই জৈৱিক চাহৰ কথা, ফালাপৰ কথা জানে । তেওঁলোক এইবোৰ কিনিবলৈ যথেষ্ট আগ্ৰহী । তেওঁলোকে প্ৰায়ে মোক এইধৰণৰ চাহ যোগাৰ কৰি দিব পাৰিম নেকি বুলি প্ৰশ্ন কৰে । আৰু ইয়েই মোক ব্যৱসায়টো আৰম্ভ কৰিবলৈ অনুপ্ৰেৰণা দিলে । " 

তাৰ পাছৰে পৰা সন্দীপ গগৈয়ে আৰম্ভ কৰে চাহৰ বিষয়ত অধ্যয়ন আৰু সংগ্ৰহৰ কাম । অসমত প্ৰাকৃতিক আৰু জৈৱিক চাহৰ উৎপাদনৰ বাটকটীয়া ধীৰেন ফুকন, সোমেশ্বৰ ফুকন, মণ্টু দেৱশৰ্মা আদিৰ সংস্পৰ্শ লাভ কৰি তেওঁ অধিক উৎসাহিত হয় । এই চাহ সমূহ লৈ ২০১৫ চনত অংশ লয় শ্বিলঙত অনুষ্ঠিত 'টেৰা মাড্ৰে ' নামৰ মহোৎসৱত । এই অভিজ্ঞতাক সাৰথি কৰি তেওঁ চ'চিয়েল মিডিয়াত আৰম্ভ কৰিলে ব্যৱসায়টোৰ প্ৰচাৰৰ কাম । সমান্তৰালকৈ চলাই গ'ল জনজাতি সকলৰ মাজত পৰম্পৰাগত ভাবে প্ৰস্তুত চাহৰ অনুসন্ধান । ফালাপ, টাংচা, গ্ৰীণ টি, অলঙ আদি বিভিন্ন পৰম্পৰাগত চাহৰ তেওঁ নিৰ্ভৰযোগ্য বিক্ৰেতা । তেওঁ বৰ্তমান এনে চাহ ৰপ্তানি কৰিছে বিদেশলৈও । 

প্ৰাকৃতিক ভাবে উৎপাদিত এই চাহ সমূহৰ বৰ্তমান বজাৰত আছে সাংঘাতিক চাহিদা । সন্দীপ গগৈৰ মতে অসমৰ সমস্যাজৰ্জৰ ক্ষুদ্ৰ চাহ খেতিয়ক সকলৰ বাবে ই এক আশাৰ বতৰা । সকলোতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল এইদৰে চাহ প্ৰস্তুত কৰোতে দামী যন্ত্ৰ পাতিৰ প্ৰয়োজন নাই আৰু এই সমূহ ঘৰতে প্ৰস্তুত কৰিব পাৰি । 

"প্ৰয়োজন মাথোঁ কিছু সজাগতাৰ । বজাৰৰ চাহিদা অনুসৰি উৎপাদন তেনেই নগণ্য । বহুল ভিত্তিত উৎপাদিত হলে এই প্ৰাকৃতিক চাহে যোগাত্মক প্ৰভাব পেলাব পাৰে চাহ পৰ্যটন আৰু ৰপ্তানিৰ ক্ষেত্ৰখনত। সলনি হৈ যাব পাৰে অসমৰ অৰ্থনৈতিক মানচিত্ৰ ।" আমাক এনেদৰে জনাই সন্দীপ গগৈয়ে ।

 সন্দীপ গগৈৰ এই আশা সোনকালেই ফলৱৰ্তী হওক তাৰেই শুভেচ্ছা থাকিল ।

অৰুনাচলী  butter tea

অৰুনাচলী  butter tea


এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

আপোনাৰ ষ্টাৰ্ট আপ কাহিনীৰ শিৰোনাম কোনে লেখে?

বানে গৰকা বালিময় মাটিত সপোন ৰচিছে মতালেব, কাচেম, শোৰহাব, শোভানহঁতে

'নিঃশব্দ'ৰে বাংময় যাত্ৰা প্ৰাঞ্জল গগৈৰ

১৬মাহত হেৰুৱাইছিল শ্ৰৱণ আৰু বাক শক্তি, আজি দেশে চিনি পায় এঞ্জেলা লাহনক