সহজ ভাষাত ষ্টাৰ্টআপ শব্দজাল

সহজ ভাষাত ষ্টাৰ্টআপ শব্দজাল

Tuesday December 29, 2015,

7 min Read

আপুনি ব্যৱসায়ী নেকি? অখবা ব্যৱসায়ত আগ্ৰহ আছে নেকি? তেতিয়াহ’লে আপুনি সততে সন্মুখীন হোৱা অথচ আপুনি সহজে বুজিব নোৱাৰা কেতবোৰ শব্দৰ বিষয়ে আমি সহজকৈ বিষয়টো বুজাই দিবলৈ চেষ্টা কৰিম।পাঠকৰ অনুৰোধত এনেধৰণৰ কিছুমান শব্দ আমি নিৰ্বাচন কৰি উলিয়াইছো।ইয়াত আপোনাক দৰকাৰ হোৱা শব্দও পাব পাৰে।

Acquisition- যেতিয়া কোনো সংস্থাই আন এটা সংস্থাৰ বেছিভাগ অংশ ক্ৰয় কৰি নিজৰ আধিপত্য বিস্তাৰ কৰে আৰু সম্পূৰ্ণ নিয়ন্ত্ৰণৰ ক্ষমতা লাভ কৰে তেতিয়া তাক ইংৰাজীত Acquisition আৰু অসমীয়াত কোৱা হয় অধিগ্ৰহণ।

Agile-ক্ষীপ্ৰতাৰে আগুৱাই যোৱাৰ দৰ্শন।ছফটৱেৰ ডেভলপমেণ্টৰ জগতৰ সৈতে এই শব্দটি জড়িত।পৰিৱৰ্তিত পৰিস্থিতিৰ সৈতে খাপ খুৱাই নিয়া অথবা ক্ৰমাগত উন্নতিক উদগণি যোগোৱাই হৈছে Agile।

Angel Investor-এঞ্জেল মানে হৈছে দেৱদূত।ইনভেষ্টৰ হৈছে বিনিয়োগকাৰী।ব্যৱসায়ৰ আৰম্ভণি অথবা ষ্টাৰ্টআপত বিনিয়োগ কৰাসকল একপ্ৰকাৰ দেৱদূতেই।কাৰণ এই বিনিয়োগৰ পৰিমাণ কম হ’লেও গুৰুত্বপূৰ্ণ।সেইবাবে ষ্টাৰ্টআপত শ্বেয়াৰৰ বিনিময়ত যিসকলে বিনিয়োগ কৰে তেওঁলোকক কোৱা হয় Angel Investor।

B2B-ব্যৱসায়ৰ পৰা ব্যৱসায়লৈ (Business to Business)।আৰু B2C (Business to Consumer)হৈছে ব্যৱসায়ৰ পৰা উপভোক্তালৈ।কোনো সংস্থাই যেতিয়া ক্ৰেতা বাব উপভোক্তাৰ বাবে সামগ্ৰী অথবা উপসেৱা প্ৰদান কৰে তেতিয়া তাক কোৱা হয় বিজনেছ টু কনজিউমাৰ।কিন্তু যেতিয়া কোনো সংস্থাই আন সংস্থাৰ বাবে পৰিসেৱা অথবা সামগ্ৰী যোগান ধৰে তেতিয়া সেই দুই ব্যৱসায়িক গোষ্ঠীৰ মাজত পাৰস্পৰিক আদান-প্ৰদান সংঘটিত হয়।ইয়াক কোৱা হয় বিজনেছ টু বিজনেছ অৰ্থাৎ চমুকৈ B2B।

image


Benchmark-ষ্টাৰ্টআপ বা যিকোনো চালুকীয়া ব্যৱসায়ৰ উন্নয়নৰ স্তৰ পৰিমাপ কৰাৰ ক্ষেত্ৰত বেঞ্চমাৰ্ক শব্দ ব্যৱহাৰ কৰা হয়।উদাহৰণস্বৰূপে যদি কোনো কোম্পানীয়ে দুবছৰত চাৰিকোটি টকাৰ মুনাফা আদায়ৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে তেনেহ’লে সেয়া হৈছে তাৰ বেঞ্চমাৰ্ক।দুটা বছৰৰ পিছত এই লক্ষ্যৰ কিমান অংশ পূৰণ হ’ল সেয়া হিচাপ কৰা হয়।

Board of directors-ষ্টক হল্ডাৰসকলৰ দ্বাৰা নিৰ্বাচিত ব্যক্তিসমূহ।এওঁলোকে কোম্পানীটো চোৱা-চিতা কৰে, বিনিয়োগ কৰে আৰু নীতি নিৰ্ধাৰণ কৰে।অৱশ্যে সকলো ষ্টাৰ্টআপত যে এনে বৰ্ড থাকে সেয়া ধৰা-বন্ধা নহয়।

Bootstrapped-“Pulling oneself up by one’s bootstraps”।এই প্ৰবাদৰ পৰা এই শব্দটো গ্ৰহণ কৰা হৈছে।যেতিয়া কোনো উদ্যোগপতিৰ ব্যক্তিগত আৰ্থিক বিনিয়োগ অথবা কোম্পানীৰ নিজস্ব আয়ৰ দ্বাৰা কোম্পানীটোক আগুৱাই নিয়া হয় তেতিয়া তাক কোৱা হয় Bootstrapped।

Bridge Loan-ডাঙৰ বিনিয়োগ লাভ কৰাৰ আগতে কেতিয়াবা কেতিয়াবা সংস্থা চলাবলৈ ঋণ ল’বলগীয়া হয়।এই অলপ সময়ৰ বাবে লোৱা ঋণক কোৱা হয় Bridge Loan ।

Buyout-কোনো কোম্পানীৰ সিংহভাগ শ্বেয়াৰ কিনা কাৰ্যই হৈছে Buyout।ইয়াৰ দ্বাৰা যিয়ে শ্বেয়াৰ ক্ৰয় কৰে তেওঁ কোম্পানীৰ নিয়ন্ত্ৰণৰ ক্ষমতা লাভ কৰে।

Capital-ব্যৱসায় আৰম্ভ কৰিবলৈ অথবা চলাবলৈ যি আৰ্থিক সম্পদৰ প্ৰয়োজন হয় তাক কোৱা হয় মূলধন বা Capital।সংস্থা এটা প্ৰতিষ্ঠা কৰিবলৈ যিমান মূলধনৰ প্ৰয়োজন সেয়া বাদ দিয় কাম আৰম্ভ কৰিব পৰা নাযায়।

Capital under management-কোনো অপ্ৰাদেশীকৃত কেপিটেল ফাৰ্মে যিমান পৰিমাণৰ অৰ্থ বিনিয়োগ কৰে অথবা পৰিচালনা কৰে তাক কোৱা হয় কেপিটেল আণ্ডাৰ মেনেজমেণ্ট।

Convertible debt-সংস্থাই বিভিন্ন সময়ত লোৱা ঋণ যদি সংস্থাৰ ইকুইটিৰ বিনিময়ত সলনি কৰিব পাৰি তেনেহ’লে তাক কোৱা হয় কনভাৰটিবল ডেবট।

Debt Financing-বিনিয়োগকাৰীৰ ওচৰত বিল অথবা বণ্ড বিক্ৰী কৰি বহুসময়ত কোম্পানীয়ে ঋণ লয়।ইয়াত চৰ্ত থাকে সুদে-মূলে ঋণ ঘূৰাই দিয়াৰ।এনেধৰণৰ অৰ্থ সংগ্ৰহক কোৱা হয় ডেবট ফাইনেনছিং।

Disruption-নতুন প্ৰযুক্তি অথবা আৱিষ্কাৰৰ ফলত কেতিয়াবা কেতিয়াবা বজাৰৰ চৰিত্ৰ সলনি হয়।ইয়াকেই কোৱা হয় Disruption অথবা বিঘটন।ইয়াৰ ফলত পুৰণি প্ৰযুক্তিৰ পৰিৱৰ্তন আৱশ্যাম্ভাৱী হৈ পৰে।সামগ্ৰীৰ মূল্য সলনি হয়।সামগ্ৰীৰ প্ৰতি ক্ৰেতাৰ দৃষ্টিভংগীও সলনি হয়।

Due diligence-সম্ভাব্য বিনিয়োগৰ বাবে যেতিয়া বিনিয়োগকাৰী সংস্থাৰ আৰ্থিক তথ্য,পৰিসংখ্যা গৱেষণা কৰা হয়, বিচাৰ-বিবেচনা কৰি প্ৰয়োজনত কিছু অনুসন্ধানো চলাবলগীয়া হয়।সতৰ্কতাৰ বাবে এই চালি-জাৰী চোৱা কাৰ্যকে কোৱা হয় Due diligence।

Enterprise-কোম্পানী অথবা বাণিজ্যিক সংস্থাক এণ্টাৰপ্ৰাইজ বোলে।

Entrepreneur-যিজনে ব্যৱসায় কৰে অথবা উদ্যোগ আৰম্ভ কৰে তেওঁক কোৱা হয় উদ্যোগী বা Entrepreneur।

Entrepreneur in residence(EIR)-পৰ্টফলিঅ’ কোম্পানী চোৱা-চিতা কৰিবলৈ ভেঞ্চাৰ কেপিটেল ফাৰ্মে বিভিন্ন সময়ত উদ্যোগীক নিয়োগ কৰে।ইয়াকে কোৱা হয় EIR।

Equity financing-শ্বেয়াৰ বিক্ৰী কৰি কোম্পানীয়ে ইয়াৰ মূলধন সংগ্ৰহ কৰে।ইয়াকে কোৱা হয় ইকুইটি ফাইনেনছিং।

Exit-ষ্টাৰ্টআপ জীৱন বৃত্তৰ আটাইতকৈ গুৰুত্বপূৰ্ণ শব্দ।অনেক সময়ত এটা ষ্টাৰ্টআপ খোলা হয় এক উত্তম Exitৰ কথা চিন্তা কৰি।প্ৰতিষ্ঠানটো এনেদৰে বিত্তশালী হৈ উঠে। উন্নতি কৰাৰ সময়ত কোম্পানীটোৱে আইপিঅ’ অথবা বাই আউটৰ পথেৰে গতি কৰে।ইয়াত বজাৰৰ পৰা দ্ৰুত ভাৱে টকা সংগ্ৰহ কৰা হয়।তদুপৰি প্ৰতিষ্ঠাতা অথবা ব্যৱসায়ৰ আৰম্ভণিত যিসকলে বিনিয়োগ কৰে তেওঁলোকেও এক্সিটৰ পথ বিচাৰে।বজাৰৰ পৰা দুগুণ, তিনিগুণ সংগ্ৰহ কৰিবলৈ প্ৰয়োজন এক্সিটৰ ৰণনীতি।ইয়াত এক সুপৰিকল্পনাৰ দৰকাৰ হয়।ভেঞ্চাৰ কেপিটেল সংস্থাসমূহে এই এক্সিটৰ সম্ভাৱনা দেখা নাপালে বিনিয়োগৰ বাবে আগ্ৰহীয়েই নহয়।

Fund of funds-কোনো মিউচুৱেল ফাণ্ডে যেতিয়া আন কোনো মিউচুৱেল ফাণ্ডত বিনিয়োগ কৰে তেতিয়া তাক কোৱা হয় ফাণ্ড অব ফাণ্ডছ।

Ground foor-ষ্টাৰ্টআপৰ প্ৰাথমিক স্তৰ।অৰ্থাৎ সদ্যপ্ৰতিষ্ঠিত কোনো বাণিজ্যিক সংস্থাৰ প্ৰাথমিক স্তৰ।

Incubator-কোনো সদ্য প্ৰতিষ্ঠিত কোম্পানীয়ে কেতিয়াবা আন সংস্থাৰ সহায় ল’বলৈ বাধ্য হয়।ইনকিউবেটৰত যিদৰে নৱজাতক শিশুক পৰিৱেশ, পৰিস্থিতিৰ সৈতে যুঁজিবলৈ শক্তি প্ৰদান কৰা হয় সেইদৰে নতুন সংস্থাইও বজাৰৰ তুমুল প্ৰতিযোগিতাত টিকিবলৈ আন কোনো ডাঙৰ সংস্থাৰ ছত্ৰছায়াত থাকিবলগীয়া হয়।ইয়াকে কোৱা হয় ইনকিউবেশ্যন।পৰিচালনাৰ কৌশল প্ৰস্তুত কৰাৰ পূৰ্বে অথবা কৌশল প্ৰস্তুত কৰাৰ সময়ত ইনকিউবেটৰত থকা কোম্পানীয়ে আন সংস্থাৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়।

IPO-ইনিশ্যিয়েল পাবলিক অফাৰিং।প্ৰাথমিকভাৱে শ্বেয়াৰ এৰি পাবলিক কোম্পানী হৈ উঠা প্ৰাইভেট কোম্পানী।অৰ্থাৎ ষ্টাৰ্টআপৰ পৰ্যায়ৰ পৰা যি কোম্পানী বাহিৰলৈ আহিছে।এয়া ঠিক পলুৰ পৰা পখিলা হোৱাৰ দৰে ক্ৰিয়া।

Lead investor-প্ৰধান বিনিয়োগকাৰী।কোনো ভেঞ্চাৰ কেপিটেল অথবা কোনো ষ্টাৰ্টআপৰ বাবে বিনিয়োগৰ যোগান ধৰাৰ ক্ষেত্ৰত যিজনে নেতৃত্ব দিয়ে অথবা সেই ৰাউণ্ডত সৰ্বাধিক বিনিয়োগ কৰে তেওঁক কোৱা হয় লীড ইনভেষ্টৰ অথবা লিডিং দ্য ৰাউণ্ড।

Leveraged buyout-সংস্থা অধিগ্ৰহণৰ ক্ষেত্ৰত বিনিয়োগকাৰীয়ে যদি সেই সংস্থাৰ বকেয়া ঋণপত্ৰ অথবা তুলনামূলকভাৱে কম পৰিমাণৰ শ্বেয়াৰ ক্ৰয় কৰি কোম্পানী অধিগ্ৰহণ কৰে তেতিয়া তাক কোৱা হয় লেভাৰেজড বাইআউট।বৃহদাকাৰ সংস্থাৰ অধিগ্ৰহণৰ ক্ষেত্ৰত এইধৰণৰ বাইআউট দেখা যায়।ইয়াৰ ফলত বিনিয়োগকাৰীয়ে অত্যাধিক পৰিমাণৰ বিনিয়োগ কৰিবলগীয়া নহয়।

Liquidation-কোনো সংস্থাই যেতিয়া তাৰ সমগ্ৰ অস্থাৱৰ সম্পত্তি বিক্ৰী কৰি ব্যৱসায় স্তব্ধ কৰে তেতিয়া তাক কোৱা হয় Liquidation।

Mezzanine financing-ষ্টাৰ্টআপৰ গণ্ডিৰ পৰা পাব্লিক কোম্পানীলৈ পৰিণত হোৱাৰ মাজৰ স্তৰত কোম্পানীত বিনিয়োগৰ প্ৰয়োজন হয়।এই বিনিয়োগক কোৱা হয় মেজেনাইন ফাইনেনছিং।

NDA-নন ডিছক্ল’জাৰ এগ্ৰিমেণ্ট।বাণিজ্যিক কাৰণত কোম্পানীৰ বিভিন্ন গুৰুত্বপূৰ্ণ চুক্তি অথবা বুজাবুজি প্ৰকাশ কৰা নহয়।ইয়াক কোৱা হয় NDA।

Pivot-বাণিজ্যিক সুবিধাৰ বাবে বহু সময়ত ষ্টাৰ্টআপে পুৰণি কৌশলৰ পৰা আঁতৰি আহিবলগীয়া হয়।ইয়াকে কোৱা হয় পিভট।

Portfolio Company- যি কোম্পানীত ভেঞ্চাৰ কেপিটেল ফাৰ্মে বিনিয়োগ কৰে সেই সংস্থাই ভেঞ্চাৰ কেপিটেল ফাৰ্মৰ বাবে Portfolio Company।

Preferred stock-প্ৰিফাৰ্ড শ্বেয়াৰৰ ক্ষেত্ৰত বৰ্ধিত সুবিধাযুক্ত ডিভিডেণ্ট পোৱা যায়।সাধাৰণ শ্বেয়াৰ হল্ডাৰসকলক ডিভিডেণ্ট প্ৰদান কৰা পূৰ্বে এনেধৰনৰ শ্বেয়াৰ হল্ডাৰক ডিভিডেণ্ট প্ৰদান কৰা হয়।

Proof of concept-যিকোনো ষ্টাৰ্টআপৰ বাবে নতুন আইডিয়াৰ প্ৰয়োজন হয়।এই আইডিয়া বা পৰিকল্পনা কিমানদূৰ বাস্তৱসন্মত তাৰ প্ৰমাণ দিয়া কাৰ্যকে কোৱা হয় প্ৰুফ অব কনচেপ্ট।

Pro rata rights-এই শব্দ আহিছে লেটিন ভাষাৰ পৰা।ইয়াৰ অৰ্থ হৈছে সমানুপাতিক হাৰ।বিনিয়োগৰ পৰিমাণ বৃদ্ধি কৰিবলৈ ভেঞ্চাৰ কেপিটেল ফাৰ্ম অথবা বিনিয়োগকাৰীৰ মালিকীস্বত্ত বৃদ্ধিৰ ফলত যি অধিকাৰ ভোগ কৰা হয় তাকে কোৱা হয় Pro rata rights।

Recapitalization-ইকুইটি অথবা ঋণৰ পৰিমাণ লৰ-চৰ কৰি কোম্পানীয়ে কেতিয়াবা ইয়াৰ গাঁঠনিৰ পৰিৱৰ্তন কৰে।ইয়াকে কোৱা হয় ৰিকেপিটেলাইজেশ্যন।কৰৰ পৰা ৰেহাই পাবলৈ অথবা অধিগ্ৰহণৰ পৰা হাত সাৰিবলৈ বিভিন্ন সময়ত এই পদ্ধতি গ্ৰহণ কৰা হয়।

ROI-কোনো ভেঞ্চাৰ ফাৰ্মত বিনিয়োগৰ বাবদ বিনিয়োগকাৰীয়ে যি অৰ্থ ঘুৰাই পায় তাক কোৱা হয় ৰিটাৰ্ণ অব ইনভেষ্টমেণ্ট।সংক্ষেপে ROI।ধৰা হ’ল ২০% শ্বেয়াৰৰ বিনিময়ত কোনো ভেঞ্চাৰ কেপিটেল ফাৰ্মে এটা কোম্পানীত ২লাখ টকা বিনিয়োগ কৰিছে।যদি ৪০লাখ টকাত সেই কোম্পানী বিক্ৰী হয় তেনেহ’লে ভেঞ্চাৰ কেপিটেল ফাৰ্মখনে পাব ৮লাখ টকা।

Round-ভেঞ্চাৰ কেপিটেল ফাৰ্মৰ পৰা পৰ্যায়ক্ৰমে সংস্থাই বিনিয়োগ আদায় কৰে।ইয়াকে ৰাউণ্ড বুলি কোৱা হয়।এনেধৰণৰ ৰাউণ্ড A ৰ পৰা F পৰ্যন্ত হ’ব পাৰে।

SaaS-ছফটৱেৰ এজ এ ছাৰ্ভিছ।ছফটৱেৰ সেৱা যেতিয়া ইণ্টাৰনেটত উপলব্ধ হয় তেতিয়া তাক কোৱা হয় SaaS।

Seed-বীজৰ পৰা বৃক্ষৰ জন্ম হয়।সেইদৰে সদ্যগঠিত কোনো প্ৰতিষ্ঠানৰ প্ৰয়োজনীয় মূলধনৰ প্ৰথম দফাক কোৱা হয় ছীড।

Secondary public offering-ইনিশ্যিয়েল পাবলিক অফাৰিঙৰ মাজেৰেই প্ৰাইভেট কোম্পানী পাবলিক কোম্পানীলৈ পৰিণত হয়।ইয়াৰ পিছত যদি সেই কোম্পানীয়ে বজাৰৰ পৰা শ্বেয়াৰ সংগ্ৰহ কৰিবলৈ সক্ষম হয় তেনেহ’লে তাক কোৱা হয় ছেকেণ্ডাৰী পাব্লিক অফাৰিং।

Sector-যি বজাৰৰ প্ৰতি দৃষ্টি ৰাখি ষ্টাৰ্টআপে ইয়াৰ সেৱা অথবা সামগ্ৰী প্ৰস্তুত কৰে সেই বজাৰ হৈছে ইয়াৰ ছেক্টৰ।

Series-ভেঞ্চাৰ কেপিটেল ফাৰ্মে ষ্টাৰ্টআপত ঢাপে ঢাপে বিনিয়োগ কৰে।এই এটা এটা ঢাপ হৈছে এটা এটা Series।

Stage- কোনো ষ্টাৰ্টআপ এদিনতে থন ধৰি নুঠে।পৰ্যায়ক্ৰমেহে ইয়াৰ উন্নতি হয়।সঠিকভাৱে এই ঢাপসমূহক চিহ্নিত কৰাটো প্ৰত্যেক সময়ত সম্ভৱ নহয়।গতিকে সাধাৰণভাৱে ইয়াক ছীডষ্টেজ,আৰ্লিষ্টেজ,মিডষ্টেজ, আৰু লেট ষ্টেজত ভাগ কৰা হয়।

Startup-সদ্যগঠিত কোনো কোম্পানীকে ষ্টাৰ্টআপ বুলি কোৱা হয়।ষ্টাৰ্টআপৰ যথাযথ অসমীয়া প্ৰতিশব্দ পোৱা নাযায়।কিন্তু আমি ইয়াক সদ্যোজাত ব্যৱসায় আখ্যা দিব পাৰোঁ।ইয়াৰ আৰম্ভণিয়েই হৈছে বহু সংঘাতৰ মুৰত জয়ৰ দৰে।এনেধৰণৰ সংস্থাৰ নিজস্ব কিছু চাহিদা থাকে লগতে সমস্যাও থাকে।এইসমূহ সমাধান কৰা দৰকাৰ।তদুপৰি কিমান দিনলৈকে এটা কোম্পানীক ষ্টাৰ্টআপ আখ্যা দিব পৰা যায় তাৰো কোনো ধৰা-বন্ধা নিয়ম নাই।যেতিয়ালৈকে এটা কোম্পানীয়ে নিজকে ষ্টাৰ্টআপ বুলি পৰিচয় দিব তেতিয়ালৈকে তাক ষ্টাৰ্টআপ বুলিয়ে অভিহিত কৰা হয়।এইসমূহ জীয়াই থাকিবলৈ এক নিৰ্দিষ্ট ব্যৱসায়িক পৰিৱেশৰ প্ৰয়োজন।শ্বাস ল’বলৈ বিনিয়োগৰ প্ৰয়োজন।এইসমূহ থাকিলেহে সদ্যোজাত ব্যৱসায়ৰ বীজে পোখালি মেলে।এই পৰিৱেশকে কোৱা হয় ষ্টাৰ্টআপ ইক’চিষ্টেম।আমি ইয়াক সদ্যোজাত ব্যৱসায় অনুকূল পৰিৱেশ বুলি ক’ব পাৰো।

Term sheet-আইনী যুক্তিৰ মাজেদিহে বিনিয়োগকাৰীয়ে কোনো কোম্পানীত বিনিয়োগ কৰে।এই যুক্তিৰ আগৰছোৱা পৰ্যায়ত বিনিয়োগৰ ৰূপৰেখা প্ৰস্তুত কৰিবলৈ নন বাইণ্ডিং এগ্ৰিমেণ্ট কৰা হয়।ইয়াৰ নামেই হৈছে টাৰ্মশ্বীট।

Valuation-কোম্পানীৰ আৰ্থিক মূল্যায়ন স্থিৰ কৰাৰ প্ৰক্ৰিয়াই হৈছে Valuation।

Venture capital-কোনো এটা সংস্থা ভৱিষ্যতে সফল হ’ব নে নাই তাক নিৰ্ধাৰণ কৰাটো কঠিন কাম।তৎস্বত্তেও ক্ষুদ্ৰ,মজলীয়া অথবা ষ্টাৰ্টআপ ব্যৱসায়ত কৰা মূলধন বিনিয়োগক ভেঞ্চাৰ কেপিটেল আখ্যা দিয়া হয়।

Venture capitalist-ভেঞ্চাৰ কেপিটেল যিজনে যোগান ধৰে তেওঁক কোৱা হয় ভেঞ্চাৰ কেপিটেলিষ্ট।

Vesting-সফলতাৰ পুৰষ্কাৰ হিচাপে বহুসময়ত কৰ্মীসকলক শ্বেয়াৰ প্ৰদান কৰা হয়।এফালে এয়া বানচো হয় আৰু আনফালে ইয়াৰদ্বাৰা সংস্থাৰ সৈতে কৰ্মীসকলৰ একাত্মতাও বাঢ়ে।কোনো কোম্পানীয়ে যেতিয়া কৰ্মীসকলৰ মাজত শ্বেয়াৰপত্ৰ বিতৰণ কৰে তেতিয়া তাক কোৱা হয় ভেষ্টিং।

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

মাতৃৰ কথামতে চিকিৎসক হোৱা পুত্ৰ আজি কৰ্কট ৰোগীৰ জীৱন দাতা

শিশুক বিপথে নিয়াৰ অভিযোগত কাৰাবাস খটা সন্দীপ কৌৰ আজি বহু অনাথ ছোৱালীৰ মাকৰ দায়িত্বত

মডেল মাতৃৰ পৰা মডেল উদ্যোগীলৈ – তাৰা শৰ্মা চলুজাৰ কাহিনী