হিংসা বিয়পোৱা বন্ধ কৰক

হিংসা বিয়পোৱা বন্ধ কৰক

Wednesday February 24, 2016,

5 min Read

১৯৪৮ চনৰ ১১ চেপ্তেম্বৰ তাৰিখে সেইসময়ৰ গৃহমন্ত্ৰী বল্লভ ভাই পেটেলে আৰ এছ এছৰ সঞ্চালক প্ৰধান গুৰুজী গোলৱলকাৰলৈ এখন দীঘলীয়া পত্ৰ লিখিছিল। এই চিঠিখনৰ অন্তৰালত কিছু ঘটনা জড়িত আছিল। মহাত্মা গান্ধীক হত্যা কৰা হৈছিল আৰু ভাৰত চৰকাৰে আৰএছএছক নিষিদ্ধ সংগঠন বুলি ঘোষিত কৰিছিল। এই নিষেধাজ্ঞা উঠাই ল'বলৈ গোলৱলকাৰে পেটেললৈ আহ্বান জনাই চিঠি লিখিছিল। কিন্তু পেটেলে তাৰ উত্তৰত লিখিছিল- 'আৰ এছ এছএ হিন্দু সকলক বহু সেৱা আগবঢ়াইছে, এই কথা লৈ কোনো দ্বিমত নাই।' কিন্তু ইয়াৰ পিছতে তেওঁ এনে এটা কথা উল্লেখ কৰিছে যিটো কথা আৰ এছ এছৰ বাবে অপ্ৰিয়। তেওঁ লিখিছে, ' সমস্যা তেতিয়া হয় যেতিয়া সেই সকল লোকেই মুছলমান সকলৰ প্ৰতি প্ৰতিশোধপৰায়ণ হৈ উঠে, দুখীয়া শ্ৰেণী, আৰ্তজন, মহিলা আৰু শিশুৰ ওপৰত অত্যাচাৰ আৰম্ভ কৰে।' 

এই চিঠিখনত পেটেলে আৰ এছ এছক সমালোচনা কৰিবলৈ শব্দৰ কাৰ্পণ্য কৰা নাই । হিংসা-সন্ত্ৰাসৰ মানসিকতা আৰু উগ্ৰ সাম্পদায়িক ভাষণেৰে দেশত অৰাজক পৰিস্থিতিৰ সৃষ্টি কৰা বুলি পেটেলে আৰএছএছক অভিযুক্ত কৰিছিল। তেওঁ প্ৰশ্ন কৰিছিল যে হিন্দুসকলক ৰক্ষণাবেক্ষণ দিবলৈ হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি কৰাৰ কি প্ৰয়োজন আছে। তেওঁ দুখ প্ৰকাশ কৰিছিল যে এনে হিংসাৰ ফলস্বৰূপে দেশে জাতিৰ পিতাক হেৰুৱালে। মহাত্মা গান্ধীক হত্যা কৰা হ'ল। সেয়ে আৰএছএছক নিষিদ্ধ কৰাটো অতি জৰুৰী। আমোদজনক কথা যে বৰ্তমান সেইজন পেটেলকে মোদী চৰকাৰৰ আৰু আৰএছএছএ তেওঁলোকৰ মতবাদৰ এজন নায়কৰ ৰূপত উপস্থাপন কৰিব বিচাৰিছে । পেটেল আছিল এজন কংগ্ৰেছী । মহাত্মা গান্ধীৰ একনিষ্ঠ সমৰ্থক হোৱাৰ লগতে নেহৰুৰ ব্শ্বস্ত সহযোগী আছিল। আৰ এছ এছএ বৰ্তমান নেহৰুৱে অধিকাৰ কৰি থকা আসনত পেটেলক বহুৱাবলৈ সকলো ধৰণৰ চেষ্টা কৰিছে এই যুক্তিৰে যে জৱাহৰলাল নেহৰুৰ পৰিৱৰ্তে পেটেল প্ৰধান মন্ত্ৰী হোৱা হ'লে দেশৰ পৰিস্থিতি সম্পূৰ্ণ বেলেগ হ'লহেতেন।

image


দেখা গৈছে আজি কেইমাহ মানৰ পৰা পুনৰ নেহৰুক হেয় প্ৰতিপন্ন কৰিবলৈ চেষ্টা কৰাৰ লগতে এনে অভিযোগ উত্থাপিত হৈছে যে আজিৰ দেশৰ পৰিস্থতিৰ বাবে মাত্ৰ নেহৰুৱেই দায়ী। ভাৰতৰ এই দুজন ৰাষ্ট্ৰনেতাক ইতিহাসে নিজৰ ধৰণে বিচাৰ কৰিব। কিন্তু এই কথাও সঁচা যে ইতিহাসে আৰ এছ এছ আৰু ইয়াৰ কৰ্ম কাণ্ডকো কেতিয়াও সমৰ্থন নকৰে।

চৰ্দ্দাৰ বল্লভ ভাই পেটেলে তেওঁৰ চিঠিখনত উল্লেখ কৰা অৰাজক পৰিস্থিতিৰ দৰে পৰিস্থিতি দেশত পুনৰ উদ্ভৱ হৈছে। যোৱা দহ দিন ধৰি ৰাষ্ট্ৰীয়তাবাদৰ নামত পুনৰ এক বিষম পৰিস্থিতি গা কৰি উঠিছে। জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ কেইজনমান ছাত্ৰই ৰাষ্ট্ৰবিৰোধী শ্লোগান দিয়া আৰু জে এন ইউৰ ছাত্ৰ একতা সভাৰ সভাপতি কানহাইয়া কুমাৰক আৰক্ষীয়ে ৰাষ্ট্ৰদ্ৰোহৰ অপৰাধত গ্ৰেপ্তাৰ কৰা বিষয়ক লৈ অপ্ৰীতিকৰ পৰিস্থিতিৰ উদ্ধৱ হৈছে। জে এন ইউ বিতৰ্কক কেন্দ্ৰ কৰি দুই ধৰণৰ মতবাদৰ সৃষ্টি হৈছে- প্ৰথম, জে এন ইউ সন্ত্ৰাসবাদীৰ ঘাটি গতিকে ইয়াক বন্ধ কৰিব লাগে। দ্বিতীয়তে, যিসকলে এই কথা বিশ্বাস বা সমৰ্থন নকৰে তেওঁলোকো ৰাষ্ট্ৰদ্ৰোহী। 

মই নিজে জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি বুজি পাইছিলো যে জে এন ইউ কেৱল ভাৰতৰে নহয় সমগ্ৰ বিশ্বৰ ভিতৰত এখন শ্ৰেষ্ঠ বিশ্ববিদ্যালয়। উদাৰ নীতি আৰু ভাৰতবৰ্ষৰ সংবিধানৰ যিকোনো বিষয় মুকলিকৈ আলোচনা কৰাৰ বাবে এক উৎসাহজনক পৰিবেশ আছে জে এন ইউত। সকলো ধৰণৰ নীতি আদৰ্শক গুৰুত্ব দিয়ে জে এন ইউয়ে। উদাৰ নীতিৰ লগতে উগ্ৰ জাতীয়তাবাদ আৰু চৰম পন্থীক সমানে গুৰুত্ব দিয়ে জে এন ইউয়ে। উত্তৰ-পূবত পৃথক ৰাজ্যৰ দাবী কৰা সকলৰ লগতে কাশ্মিৰী চৰমপন্থী আৰু নাক্সালবাদী সকলো বাস কৰিছিল জে এন ইউত। কিন্তু ইয়াৰ বাবেই জে এন ইউক ৰাষ্ট্ৰবিৰোধী ঘোষণা কৰাৰ অৰ্থ হ'ল ভাৰতীয় সংবিধানক বিৰোধিতা কৰা।

এইখিনিতে প্ৰশ্ন হ'ল জে এন ইউক আঘাত হনাৰ উদ্দেশ্যৰ আঁৰত কি থাকিব পাৰে? মই পঢ়ুবৈ সকলক মনত পেলাই দিব খুজিছোঁ যে গোলৱলকাৰে তেওঁৰ গ্ৰন্থ The Bunch of Thoughts ত লিখিছিল যে ভাৰতবৰ্ষৰ তিনি ধৰণৰ শত্ৰু আছে-মুছলিম, খ্ৰীষ্টান আৰু কমিউনিষ্ট সকল। জে এন ইউ এ সদায় হিন্দুত্ববাদী ধাৰণাক বিৰোধিতা কৰি আহিছে আৰু সেয়ে ইয়াত বামপন্থীৰ প্ৰভাৱ বেছি । এই দুই ধৰণৰ উগ্ৰ আদৰ্শৰ মাজত এক শত্ৰুতা থকাটো স্বাভাৱিক। হিন্দুত্ববাদীসকলৰ মতে তেওঁলোকে বিৰোধিতা কৰা সকলো মতকে জে এন ইউএ সমৰ্থন কৰি আহিছে। বৰ্তমান উদ্ভৱ হোৱা শ্লোগানবোৰে এওঁলোকৰ এই যুক্তিক সবল কৰিছে। কিন্তু তেওঁলোকে ভাবি চোৱা উচিত যে এক উৎকৃষ্ট প্ৰতিষ্ঠান গঢ় দিবলৈ বছৰ বছৰ সময় লাগে কিন্তু ভাঙিবলৈ এক মিনিটো সময় নালাগে। এনেকুৱা বিশ্বমানৰ এক বিশ্ববিদ্যালয় ধ্বংস কৰাটো হ'ব ৰাষ্ট্ৰীয় স্বাৰ্থৰ পৰিপন্থী ।

কিন্তু তাতকৈয়ো ডাঙৰ প্ৰশ্নটো হ'ল জে এন ইউৰ পক্ষত থিয় হোৱা সকলৰ ভাৱমূৰ্তি নষ্ট কৰিবলৈ চেষ্টা কৰাৰ লগতে সংবিধান প্ৰদত্ত বাক স্বাধীনতাত আঘাত হানি ৰাষ্ট্ৰদ্ৰোহী ঘোষণা কৰা কাৰ্য। ৰাষ্ট্ৰদ্ৰোহৰ অপৰাধত কানহায়া কুমাৰক গ্ৰেপ্তাৰ কৰা হৈছে। কিন্তু আৰক্ষীয়ে এতিয়ালৈকে ন্যায়ালয়ৰ আগত কোনো প্ৰমাণ দাঙি ধৰিবলৈ সক্ষম হোৱা নাই। পৰিস্থিতি ইমানেই বিষম হৈ পৰিছে যে তেওঁৰ জীৱনলৈ গুৰুতৰ ভাবুকিৰ দৰে পৰিস্থিতি আহিছে। এনে ক্ষেত্ৰত গণতন্ত্ৰৰ আন অনুষ্ঠান-প্ৰতিষ্ঠানবোৰৰ পদক্ষেপ আৰু ভয়ানক হৈ পৰিছে। যি সময়ত আইন ৰক্ষক সকলে ন্যায়ৰ পক্ষত থিয় দিয়াৰ ভূমিকা গ্ৰহণ কৰিব লাগিছিল, সেই সময়ত সেইসকলেই কোনো প্ৰমাণ আৰু বিচাৰ নোহোৱাকৈ কানহায়া কুমাৰক শাস্তি প্ৰদানৰ কথা কৈছে। তেওঁলোকে আইন হাতত তুলি লৈ তেওঁলোকৰ মতৰ বিৰোধিতা কৰাসকলক প্ৰহাৰ কৰাৰ দৰে গণতন্ত্ৰ বিৰোধী কাৰ্যত লিপ্ত হৈছে। উচ্চতম ন্যায়লয়ৰ নিৰ্দেশ অৱমাননা কৰি এই সকল উদণ্ড অধিবক্তাৰ বিৰুদ্ধে কোনো পদক্ষেপ গ্ৰহণ নকৰি আৰক্ষীয়ে সন্দেহজনক ভাৱে মৌনতা অৱলম্বন কৰিছে।

আনহাতে একাংশ সংবাদ মাধ্যমৰ ভূমিকাও গৰিহণাযোগ্য । ই উদণ্ড অধিবক্তা কেইজনৰ ব্যৱহাৰতকৈ ব্যতিক্ৰম নহয়। সংবাদ মাধ্যমেও তেওঁলোকৰ ভূমিকাৰ দ্বাৰা সৰ্বসাধাৰণ এজন লোকৰ মনত কানহায়া কুমাৰক অপৰাধী বুলি ভাবিবলৈ বাধ্য কৰিছে।এনে সংবাদ মাধ্যম সমূহে ক্ষমা খোজাৰ মানসিকতা ৰখা উচিত আছিল যদিও সেয়া দেখা নগ'ল।গতিকে মোৰ দৰে মানুহে তেওঁলোকক দুৰ্নীতিৰ সমৰ্থক বুলি ভাবিবলৈ বাধ্য।

ভাৰতবৰ্ষ এখন গণতান্ত্ৰিক দেশ। এই দেশৰ কিছুমান নীতি আৰু আইন আছে। গতিকে যিসকলে জে এন ইউৰ বিৰুদ্ধে ৰাষ্ট্ৰবিদ্বেষী শ্ল'গান উত্থাপন কৰিছে, সেইসকল লোকক আইনে শাস্তি প্ৰদান কৰা উচিত। সংবিধানৰ ধাৰা অনুসৰি এনে ব্যক্তি সকলক গ্ৰেপ্তাৰ কৰি শাস্তি প্ৰদান কৰা উচিত। কিন্তু অধিবক্তা সকলে কেতিয়াও নিজে আইন হাতত লব নোৱাৰে। বিধায়ক এজনে সমাজকৰ্মী এজনক কেতিয়াও প্ৰহাৰ কৰিব নোৱাৰে। বিৰোধী ৰাজনৈতিক সংগঠনবোৰৰ কাৰ্যালয় লণ্ডভণ্ড কৰিব নোৱাৰি। আৰক্ষীয়ে উদাসীনতা অৱলম্বন কৰি নিজৰ কৰ্তব্যত গাফিলতি কৰিব নোৱাৰে। উচ্চতম ন্যায়লয়ক অৱমাননা কৰি সংবাদ মাধ্যমে বিদ্বেষ বিয়পাব নোৱাৰে । কিন্তু এনে কাৰ্য কলাপেই যেতিয়া এখন দেশত ঘটি থাকে তেন্তে ভাৰতবৰ্ষৰ গণতন্ত্ৰৰ ভৱিষ্যত কি হ'ব সেয়া সহজেই অনুমেয়।

এয়া সেই পৰিস্থিতিৰ পুনৰাবৃত্তি যি পৰিস্থিতিৰ বিষয়ে উল্লেখ কৰি সেই বিখ্যাত চিঠিখন পেটেলে গোলৱলকাৰলৈ লিখিছিল।হিংসাৰ সৃষ্টি কৰা সহজ কিন্তু সৃষ্টিকাৰী সকলে এই কথা পাহৰিব নালাগে যে এই হিংসা আৰু সেই হিংসাৰ মাজত কোনো পাৰ্থক্য নাই যি হিংসা জাতিৰ পিতাৰ মৃত্যুৰ কাৰণ হৈ পৰিছিল। আৰু এটা এনে ডাঙৰ ক্ষতি আমাৰ বাবে অসহনীয় হ'ব।এনেধৰণৰ হিংসাৰ প্ৰসাৰ বন্ধ হ'ব লাগে। কিয়নো হিংসাই কাৰো মংগল নকৰে।

মূল আশুতোষ ( প্ৰাক্তন সাংবাদিক আৰু IBN7ৰ মেনেজিং এডিটৰ আশুতোষ বৰ্তমান আম আদমী পাৰ্টিৰ মূখপাত্ৰ । প্ৰকাশিত মন্তব্য লেখকৰ নিজা ।)

অনুবাদ পূবালী ভাগৱতী

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কেতবোৰ কাহিনী

এটা ধানৰ পৰা ক’লা ধানৰ বিপ্লৱ অনা গোৱালপাৰাৰ কৃষক উপেন্দ্ৰ ৰাভা

দহ টকাত ব্ৰেণ্ডিঙৰ পাঠ

ৰন্ধনৰ ফিউজন শিল্পী- জ্যোতি দাস

অসমৰ সংগীত ক্ষেত্ৰৰ এটা সম্ভাৱনাময় প্ৰতিভাৰ নাম-তাব্ৰেজা জিনত