এটা ধানৰ পৰা ক’লা ধানৰ বিপ্লৱ অনা গোৱালপাৰাৰ কৃষক উপেন্দ্ৰ ৰাভা

এটা ধানৰ পৰা ক’লা ধানৰ বিপ্লৱ অনা গোৱালপাৰাৰ কৃষক উপেন্দ্ৰ ৰাভা

Tuesday February 23, 2016,

6 min Read

২০১৬চনৰ ১৬ ৰ পৰা ১৮ ফেব্ৰুৱাৰীলৈ ডুবাইত অনুষ্ঠিত হৈছিল বিশ্ব খাদ্য মেলা। এই বিশ্ব খাদ্য মেলাত প্ৰদৰ্শনৰ বাবে লৈ যোৱা হৈছিল অসমৰ এবিধ বিশেষ চাউল। গোৱালপাৰাৰ দুধনৈৰ মেঘালয়ৰ সীমান্তবৰ্তী অঞ্চল আমগুৰিপাৰাত উৎপাদিত এই ধান বিধৰ বৰণ ক’লা। ধানবিধৰ পৰা ওলোৱা চাউলো ক’লা। ধানবিধৰ নাম ‘উপেন্দ্ৰ ৰাইচ’। গোৱালপাৰা কৃষি বিজ্ঞান কেন্দ্ৰই এই ধানবিধ ‘উপেন্দ্ৰ ৰাইচ’ নামেৰে নামকৰণ কৰিছে কৃষক উপেন্দ্ৰ ৰাভাৰ নামেৰে। উপেন্দ্ৰ ৰাভা; যিজন খেতিয়কে নিৰবে দুধনৈ অঞ্চলত ক’লা ধানৰ উৎপাদনেৰে কৃষক সকলৰ মাজত গঢ়ি তুলিছে ক’লা ধানৰ এক বিপ্লৱ। আমগুৰিপাৰা ক’লা ধান উৎপাদন সমিতি গঠন কৰি এজন দুজন নহয় বৰ্তমানলৈ ক’লা ধানৰ উৎপাদনৰ সৈতে জড়িত কৰিছে অঞ্চলটোৰ ৫০০ জন খেতিয়কক। এই কৃষিকৰ্মৰ পৰা এটা ভাল উপাৰ্জন কৰি উপকৃত হৈছে কৃষকসকল। এই ক’লা চাউল দেশৰ লগতে ইউৰোপৰ বিভিন্ন দেশতো সমাদৃত হৈছে ইয়াৰ সুঘ্ৰাণৰ বাবে, কৃষি বিজ্ঞানী সকলে গৱেষণাৰ দ্বাৰা প্ৰমাণ কৰি দিয়া চাউল বিধৰ ঔষধি গুণৰ বাবে।

image


ক’লা ধান ক’ৰ পৰা আহিল

২০১১ চন। ৰাজস্থানৰ উদয় পুৰত অনুষ্ঠিত হৈছিল এখন কৃষি মেলা। কৃষি মেলাত ভাগ লবলৈ গৈছিল গোৱালপাৰা কৃষি বিজ্ঞান কেন্দ্ৰৰ মুখ্য বিজ্ঞানী ড০ উত্তম কুমাৰ বৰুৱা। কৃষি মেলা খনত প্ৰদৰ্শন হোৱা এবিধ ক’লা ধানৰ ওপৰত চকু পৰিল ড০ বৰুৱাৰ। ১ কিলোগ্ৰাম ক’লাধান ক্ৰয় কৰি আনিলে গোৱালপাৰা কৃষি বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা সেই ক’লা ধানৰ পৰা খেতি কৰাৰ মানসেৰে। ড° বৰুৱাই সেই দ্বায়িত্ব দিলে কৃষি বিজ্ঞান কেন্দ্ৰটোৰ অন্তৰ্গত দুধনৈৰ এজন কৃষক উপেন্দ্ৰ ৰাভাক।

যোগ্যজনেহে পায় কামৰ দ্বায়িত্ব

উপেন্দ্ৰ ৰাভা। গোৱালপাৰা জিলাৰ দুধনৈৰ মেঘালয় সীমান্তবৰ্তী আমগুৰিপাৰাত ঘৰ উপেন্দ্ৰ ৰাভাৰ। পেছাত এজন কৃষক। নিজৰ মাটি কিডৰাত শালিধানৰ খেতি কৰি বছৰটো যেনেতেনে খোৱা বিধৰ খেতিয়ক নহয় উপেন্দ্ৰ ৰাভা। ১৯৮৪ চনৰ পৰাই উপেন্দ্ৰ ৰাভাই গুৰুত্ব সহকাৰে সক্ৰিয় ভাবে কৰি আহিছে কৃষিকৰ্ম। গোৱালপাৰা কৃষি বিজ্ঞান কেন্দ্ৰৰ সৈতে তাহানিৰে পৰাই সঘন যোগাযোগ উপেন্দ্ৰ ৰাভাৰ। কৃষি বিজ্ঞান কেন্দ্ৰটোৰ সহায়ত বিভিন্ন উন্নত জাতৰ ধানৰ খেতি কৰাত সদায়ে আগভাগ লৈ আহিছে ৰাভাই। নিজৰ ১৫ বিঘা দ মাটিত ধানখেতি কৰাৰ লগতে কেইবা বিঘা মাটি লীজত লৈ উপেন্দ্ৰ ৰাভাই আলু, কবিকে ধৰি বিভিন্ন বাম খেতিও কৰে।

আকৌ ক’লা ধানৰ কাহিনী

২০১১ চনত গোৱাল পাৰা কৃষি বিজ্ঞান কেন্দ্ৰৰ মুখ্য বিজ্ঞানী ড০ উত্তম কুমাৰ বৰুৱাই সুদুৰ উদয়পুৰৰ পৰা অনা ১ কিলোগ্ৰাম ক’লা ধান উপেন্দ্ৰ ৰাভাৰ হাতত দিলে সেই ধান সিঁচি চাবৰ বাবে। উপেন্দ্ৰ ৰাভায়ো ১ কিলোগ্ৰাম ধান কঠীয়াৰ বাবে সিঁচি দিলে নিজৰ পথাৰৰ কোনোবা এটা চুকত। দিন গৈ আছে পিছে ধানৰ গঁজালি নোলাইহে নলায়। ১ কিলোগ্ৰাম ধানৰ পৰা অৱশেষত গঁজালি ওলাল এটা। কথাটো জনালে কৃষি বিজ্ঞানী ড° বৰুৱাক। ড০ বৰুৱাই উদয়পুৰৰ কৃষি মেলাত ভাগ লোৱা সকলৰ সৈতে যোগাযোগ কৰি জানিব পাৰিলে যে সেই ধানৰ পৰা আনে উৎপাদন কৰিব নোৱাৰাকৈ কৃষিমেলাত বিক্ৰী কৰা ধান ভাজিহে প্ৰদৰ্শন কৰে তেওঁলোকে।

এতিয়া উপেন্দ্ৰ ৰাভাৰ ক’লা ধানৰ ভবিষ্যত নিৰ্ভৰ কৰিছে হয়তো ভালকৈ ভাজ নোখোৱাৰ বাবে গজালি ওলোৱা এটা ধানৰ ওপৰত। ৰঞ্জিত ধানৰ খেতি এডৰাৰ চুক এটাতে উপেন্দ্ৰ ৰাভাই গুজি থ’লে ক’লা ধানৰ কঠীয়া গোছা। সেই গোছা কঠীয়াৰ পৰা উৎপাদন হ’ল ১৫০ গ্ৰাম ধানৰ। পিছৰ বছৰত সেই ১৫০ গ্ৰাম ধান সিঁচি কঠীয়া ৰুই উপেন্দ্ৰ ৰাভাই পালে ৪৮ কেজি ধান। তাৰে আধা ধানৰ চাউলেই ভাত ৰান্ধি খাই চালে। খাবলৈ পিছে সিমান ভাল নহয়। প্ৰকৃততে তেতিয়ালৈকে উপেন্দ্ৰ ৰাভাই জনা নাছিল আঠাযুক্ত ক’লা চাউল বিধ জলপানৰ বাবেহে অধিক উপযুক্ত।

image


ক’লা ধানৰ জয়যাত্ৰা

২০১৩ চনত উপেন্দ্ৰ ৰাভাই হাতত থকা ২৪ কিলোগ্ৰাম ধানৰ পৰা পাঁচ বিঘা মাটিত ক’লা ধানৰ খেতি কৰিলে। উৎপাদন হ’ল ৪০ মোন অৰ্থাৎ ১৬০০ কিলোগ্ৰাম ধান। উল্লেখযোগ্য যে এই সময়চোৱাত উপেন্দ্ৰ ৰাভাক খেতিৰ বাবে আৰ্থিক সাহাৰ্য আগবঢ়াইছিল গোৱালপাৰা কৃষি বিজ্ঞান কেন্দ্ৰই। সেইবছৰতে গোৱালপাৰা কৃষি বিজ্ঞান কেন্দ্ৰই ধানবিধ ‘উপেন্দ্ৰ ৰাইচ’ নামকৰণেৰে উপেন্দ্ৰ ৰাভাক ভাগ ল’বলৈ পঠিয়ালে গুৱাহাটীৰ খানাপাৰাত অনুষ্ঠিত হোৱা আন্তৰাষ্ট্ৰীয় কৃষি মেলালৈ। ১ কুইন্টল ‘উপেন্দ্ৰ ৰাইচ’ ৰ সৈতে কৃষি মেলাখনত ভাগ ল’লে উপেন্দ্ৰ ৰাভাই। উপেন্দ্ৰ ৰভাই কৃষিমেলা খনত ভাগলৈ খুউব ভাল সহাৰি পালে। উৎসাহ বাঢ়িল অধিক পৰিমাণে ক’লা ধানৰ খেতি কৰাৰ।

ইতিমধ্যে গোৱালপাৰা কৃষি বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত ক’লা ধানৰ চাউলৰ ওপৰত গৱেষণা চলিল। কেইবাটাও পৰীক্ষা-নিৰীক্ষাৰ অন্তত ক’লা চাউলৰ বহুকেইটা ঔষধি গুণৰ কথা পোহৰলৈ আহিল। বিশেষকৈ হৃদযন্ত্ৰ, বৃক্ক-যকৃতৰ ৰোগত চাউলবিধৰ ঔষধি গুণৰ কথা কৃষি বিজ্ঞানীসকলে প্ৰতিবেদন আকাৰে প্ৰকাশ কৰিলে। অধিক আদৰ বাঢ়িল ক’লা ধানৰ।

অধিক ক’লা ধান উৎপাদনৰ লক্ষ্যৰে উপেন্দ্ৰ ৰাভাই ২০১৪ চনত অসম-মেঘালয় সীমান্তৰ আমগুৰিপাৰা, ঘোঁৰাপোতা, চৰকপাৰা, বনগাঁও আৰু খামাৰী অঞ্চলৰ লোক সকলক লৈ ‘আমগুৰিপাৰা ক’লা ধান উৎপাদন সমিতি’ নামেৰে এখন সমিতি গঠন কৰে। এই ৫০ জন কৃষকৰ সমিতিখনে সেইবছৰ গোৱালপাৰা কৃষি বিজ্ঞান কেন্দ্ৰৰ সহযোগত ৯৯ বিঘা মাটিত ক’লা ধানৰ খেতি কৰে। উপেন্দ্ৰ ৰাভাই কোৱা অনুসৰি আন ধানৰ তুলনাত ক’লা ধানৰ উৎপাদন কিছু পৰিমাণে কম যদিও সেইবছৰ ৯৯ বিঘা মাটিত আমগুৰিপাৰা ক’লা ধান উৎপাদন সমিতিয়ে প্ৰায় ৮০০ মোন ধান পায়। সমিতি খনৰ নিয়ম অনুসৰি প্ৰত্যেকজন কৃষকে নিজৰ মাটিত খেতি কৰে। উৎপাদিত ধানৰ এটা অংশ কৃষক জনক দি, বাকী ধান সমিতি খনে কৃষকজনক উচিত মুল্য দি ক্ৰয় কৰি লয়। সমিতিয়ে নিজে মেঘালয়ৰ ধান বনোৱা কলত ধান খুণ্ডাই আনি ক’ত কেনেকৈ বিক্ৰী কৰিব তাৰ সিদ্ধান্ত লয়। ইয়াৰ ফলত সাধাৰণতে ১কুইন্টল ধান বিক্ৰী কৰি ৪০০-৬০০ টকা পোৱা কৃষক জনে ক’লা ধান এক কুইন্টল বিক্ৰী কৰি লাভ কৰে ১২০০ টকা। এনেদৰে আৰ্থিক ভাবে উপকৃত হয় প্ৰতিজন কৃষক। কাৰণ অসমত উপেন্দ্ৰ ৰাইচৰ বজাৰ মূল্য প্ৰতি কিলোত ১০০ টকা। দেশৰ বাহিৰত প্ৰতিকিলোৰ দাম ৫০০-৬০০ টকা পৰ্যন্ত।

২০১৫ চনত আমগুৰিপাৰা ক’লা ধান উৎপাদন সমিতিয়ে কৃষকৰ সংখ্যা বৃদ্ধি কৰি ক’লা ধানৰ উৎপাদনৰ সৈতে জড়িত কৰে ২০০ জন কৃষকক। ২০০ কৃষকে ৫০০ বিঘাত খেতি কৰি উৎপাদন কৰে ৪০০০ মোন ধান। এনেদৰে উপেন্দ্ৰ ৰাভাৰ প্ৰচেষ্টাত বৃদ্ধি পাই গৈ আছে ক’লা ধান অৰ্থাৎ উপেন্দ্ৰ ৰাইচৰ উৎপাদন। একে সময়তে আথিৰ্কভাবে টনকীয়াল হৈ গৈ আছে আমগুৰিপাৰা ক’লা ধান উৎপাদন সমিতি। ট্ৰেক্টৰ, ধানমৰা মেচিন আদি কৃষকৰ প্ৰয়োজনীয় সামগ্ৰী ক্ৰয় কৰি গৈ আছে সমিতিখনে। এই বৰ্ষত উপেন্দ্ৰ ৰাভাৰ ৫০০ কৃষকক উপেন্দ্ৰ ৰাইচ উৎপাদনেৰে সৈতে জড়িত কৰি ৩০০০ বিঘা মাটিত খেতি কৰাৰ লক্ষ্য।

image


“ক’লা ধানৰ উৎপাদনৰ সৈতে মই গোটেই অসমৰ ইচ্ছুক কৃষক সকলক জড়িত কৰিব বিচাৰোঁ। যাতে কৃষক সকলে খেতিৰ পৰা এটা ভাল উপাৰ্জন কৰিব পাৰে। আমাৰ ইয়াত মধ্যভোগীৰ বাবে কৃষক আৰ্থিক দিশত বঞ্চিত হয়। আমগুৰিপাৰা ক’লা ধান উৎপাদন সমিতিত জড়িত হৈ পৰা সকলে সেই অসুবিধা পোৱাৰ সুৰুঙা নাই। এনেদৰে মই কৃষক সকলক সহায় কৰি যাব বিচাৰোঁ।”- উপেন্দ্ৰ ৰাভাই নিজৰ লক্ষ্যৰ কথা ক’লে এনেদৰে। ক’লা ধানৰ খেতি কোনোবাই কৰিব বিচাৰিলে উপেন্দ্ৰ ৰাভা তথা সমিতি খনৰ সৈতে যোগাযোগ কৰিব লাগিব, কাৰণ বৰ্তমানলৈ ধান বেচাৰ কথা ভবা নাই উপেন্দ্ৰ ৰাভাই। সমিতিয়ে বিক্ৰী কৰে কেৱল ক’লা ধানৰ চাউলহে। সেই সুত্ৰেই উপেন্দ্ৰ ৰাভাই প্ৰতিজন কৃষকৰ সৈতে এখন চুক্তিও কৰি থয় যাতে ধানৰ সঁচ সমিতিৰ বাহিৰলৈ ওলায় নাযায়।

আমগুৰিপাৰা ক’লা ধান উৎপাদন সমিতিৰ সৈতে JEEV ANKSH ECO PRODUCTS Pvt. Ltd নামৰ এটা কোম্পানী চুক্তিবদ্ধ হৈ আছে। এই কোম্পানীটোৱেই দেশৰ বিভিন্ন প্ৰান্তৰ লগৰে ইউৰোপৰ নখন দেশলৈ ৰপ্তানী কৰে উপেন্দ্ৰ ৰাইচ। ইয়াৰ বাহিৰেও বজাৰত উপেন্দ্ৰ ৰাইচ বিক্ৰীৰ বাবে অসমৰ দুই এটা কোম্পানীও জড়িত আছে আমগুৰিপাৰা ক’লা ধান উৎপাদন সমিতিৰ সৈতে।

image


উপেন্দ্ৰ ৰাইচৰ জনক উপেন্দ্ৰ ৰাভা এতিয়া আদৰ্শ হৈ পৰিছে বহু কৃষকৰ বাবে। বিভিন্ন দল-সংগঠন কৃষি বিভাগৰ পৰা বহু সম্মান, বঁটাও লাভ কৰিছে উপেন্দ্ৰ ৰাভাই। কিন্তু কৃষক জনৰ নামেৰে নামকৰণ হোৱা ধান বিধৰ উৎপাদন বৃদ্ধি কৰি যোৱাত আজিও প্ৰথম দিনাৰ দৰেই আগ্ৰহেৰে উৎসাহেৰে কাম কৰি গৈছে উপেন্দ্ৰ ৰাভাই।

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কেতবোৰ কাহিনী

দহ টকাত ব্ৰেণ্ডিঙৰ পাঠ

ৰন্ধনৰ ফিউজন শিল্পী- জ্যোতি দাস

অসমৰ সংগীত ক্ষেত্ৰৰ এটা সম্ভাৱনাময় প্ৰতিভাৰ নাম-তাব্ৰেজা জিনত

আপোনাৰ ষ্টাৰ্টআপৰ বাবে ধন আহৰণৰ ১২টা পদক্ষেপ


    Share on
    close