৪০০ টকীয়া চাকৰিৰ পৰা কুইক হীলৰ প্ৰতিষ্ঠালৈকে কাটকাৰ ভাতৃদ্বয়ৰ চমকপ্ৰদ যাত্ৰা

৪০০ টকীয়া চাকৰিৰ পৰা কুইক হীলৰ প্ৰতিষ্ঠালৈকে কাটকাৰ ভাতৃদ্বয়ৰ চমকপ্ৰদ যাত্ৰা

Sunday February 21, 2016,

4 min Read

image


মহাত্মা গান্ধীয়ে কৈছিল পৃথিৱীখন সলনি কৰিব বিচাৰিলে তাৰ নিমিত্ত হ’ব লাগিব নিজে। গান্ধীৰ এই চিন্তাধাৰাৰ সাৰ্থক ৰূপ দিছে কৈলাশ চাহিবৰাও কাটকাৰ আৰু সঞ্জয় চাহিবৰাও কাটকাৰে। এওঁলোক দুজন হ’ল কুইক হীলৰ প্ৰতিস্থাপক। কাটকাৰ ভাতৃদ্বয় উদ্যমী হোৱাৰ অন্তৰালত ক’ৰবাত নহয় ক’ৰবাত মিল আছে মহাত্মা গান্ধীৰ সেই চিন্তাধাৰাৰ। নিজৰ চিনাকী পৰিবৃত্তৰ বাহিৰ ওলাই কিবা এটা কৰাৰ ইচ্ছাই উদ্যমী হিচাপে গঢ়ি তুলিলে কাটকাৰ ভাতৃদ্বয়ক।

২০১৬ চনৰ ৮ ফেব্ৰুৱাৰী তাৰিখে কাটকাৰ ভাতৃদ্বয়ে কেপিটেল মাৰ্কেটত খোজ পেলালে। আৰু এতিয়া তেওঁলোকৰ আইপিঅ’ লাখৰ ঘৰত। কুইক হীল টেকন’ল’জিয়ে ৩১১ আৰু ৩২১ টকাৰ দুটা প্ৰাইছ বেণ্ডত উলিওৱা আইপিঅ’ ৰ মুঠ মুল্য ২৫০ কোটি টকা। BSE আৰু NSEত কুইক হীলৰ শ্বেয়াৰ অন্তৰ্ভুক্ত কৰা হৈছে।

“আৰম্ভণীতে ছিকায়া কেপিটেলৰ ১০ শতাংশ অংশীদ্বাৰিত্ব আছিল। কিন্তু আইপিঅ’ লঞ্চ কৰাৰ পিছতে এই অংশীদ্বাৰিত্ব ৬ শতাংশলৈ হ্ৰাস পালে।”সঞ্জয় চাহিবৰাও কাটকাৰে আইপিঅ’ সম্দৰ্ভত এনেদৰে ক’লে।


ইয়াৰ ন্যুনতম নিবিদা আছিল ৪৫টা ইকুইটি শ্বেয়াৰ। সঞ্জয়ে কোৱা মতে এই পইছাৰ ৫০ শতাংশ (১১০ কোটি) মাৰ্কেটিঙত খৰচ কৰিব আৰু ১৬-১৭ শতাংশ (৪০ কোটি টকা) পৰীক্ষাগাৰকে ধৰি প্ৰযুক্তিৰ উন্নয়নত খৰচ কৰিব। আনহাতে ২৭ কোটি টকা দেশৰ বিভিন্ন প্ৰান্তৰ লগতে বিদেশতো কাৰ্যালয় স্থাপনত খৰচ কৰা হ’ব। বৰ্তমান কোম্পানীটোৰ গৱেষণা আৰু উন্নয়ন (R&D) বিভাগত ১২০ জনীয়া এটা ভাল টীম আছে। ভাৰতৰ কেপিটেল মাৰ্কেটত প্ৰবেশ কৰা প্ৰথমটো ছফটৱেৰ প্ৰডাক্ট হ’ব কুইক হীল।

কুইক হীলৰ যাত্ৰা আৰম্ভ হৈছিল মহাৰাষ্ট্ৰৰ এখন সৰু গাৱৰ পৰা। আৰু এতিয়া কেৱল ভাৰতৰে নহয় বিশ্বৰ বহু দেশৰ লোকে কুইক হীলৰ মানসম্পন্ন প্ৰডাক্ট সমূহৰ কথা ভালকৈয়ে জানে। মহাৰাষ্ট্ৰৰ ৰহমতপুৰত জন্ম গ্ৰহণ কৰা কৈলাশে অৰ্থ উপাৰ্জনৰ বাবে প্ৰথমে ৰেডিঅ' আৰু কেলকুলেটৰৰ দোকানত মাহে ৪০০ টকা দৰমহাত কাম কৰিছিল। তাৰপিছতে কৈলাশে নিজে হাৰ্ডৱেৰ ৰিপেয়াৰিঙৰ দোকান আৰম্ভ কৰিলে। তাত উপাৰ্জনো ভাললৈ আহিল। এইখন দোকানতে জীৱনৰ পৰিক্ৰমাও সলনি হৈ যাবলৈ ধৰিলে কৈলাশ কাটকাৰৰ। এটা সময়ত কম্পিউটাৰৰ বজাৰ খন দ্ৰুত গতিত প্ৰসাৰ হ’ল। কৈলাশে নিউ ইণ্ডিয়া এছ্যুৰেঞ্চৰ পৰা বছেৰেকীয়া মেইন্টেনেন্স কন্ট্ৰেক্ট ল’লে। সেই সময়ত কৈলাশৰ ভাতৃ সঞ্জয়ে এমচিএ পঢ়ি আছিল। সঞ্জয়ে লক্ষ্য কৰিলে তেওঁলোকৰ তাত ভাল কৰিবলৈ অনা সৰহ সংখ্যক কম্পিউটাৰেই ভাইৰাছৰ সমস্যৰ বাবে বেয়া হোৱা। ইয়াকে দেখি দুই ভাতৃয়ে কম্পিউটাৰ ছিকিউৰিটি ছফটৱেৰ কোম্পানী খোলাৰ কথা ভাবিলে। সেই সময়তে সঞ্জয়ে কম্পিউটাৰৰ ভাইৰাছজনিত সমস্যা দুৰ কৰিবলৈ কিছুমাণ টুলছ বনালে। কৈলাশে সেই টুলছ্ বোৰকে গ্ৰাহকক বিনামুলীয়াকৈ দিবলৈ আৰম্ভ কৰিলে। এই টুলছ সমুহ ব্যৱহাৰ কৰি বহু লোকে সুফল পোৱাত সেই টুলছবোৰকে ব্যৱহাৰ কৰি কৈলাশ আৰু সঞ্জয়ে ১৯৯৫ চনত প্ৰথমবাৰৰ বাবে এটা এন্টি ভাইৰাছ নিৰ্মাণ কৰিলে। কৈলাশে মাৰ্কেটিঙৰ কাম চালে আৰু সঞ্জয়ে প্ৰডাক্টটোৰ নতুন নতুন গৱেষণা কৰি আৰু ভাল কৰাৰ চেষ্টাত ব্ৰতী হ’ল, যাতে গ্ৰাহকে প্ৰডাক্টটো লৈ সম্পূৰ্ণ সন্তুষ্ট হয় আৰু নিজে নিৰ্মাণ কৰি উলিওৱা প্ৰডাক্টটো আৰু আগবাঢ়ি যায়। সেই সময়ত ৭-৮ টা ডাঙৰ ডাঙৰ কোম্পানীয়েও এন্টি ভাইৰাছ নিৰ্মাণৰ কাম কৰিছিল, সেই প্ৰতিযেগিতাত তিস্তি থকাতো ইমান সহজ নাছিল। কুইকহীলে প্ৰতিযোগিতাত তিস্থি থাকিবলৈ যথেষ্ট কষ্ট কৰিলে। প্ৰডাক্টটো ডিজাইন কৰাৰ সময়ত ধ্যান দিলে সৰু সৰু বহু দিশত।

আৰম্ভণীতে ৫টা বছৰ কুইকহিলে কেৱল পুণেত কাম কৰিছিল, কিন্তু কোম্পানীয়ে ভালকৈ সফলতা পোৱা নাছিল বাবে কাটকাৰ ভাতৃদ্বয়ৰ অফিচ চলোৱাই টান হৈ পৰিছিল। আৰ্থিক অনাটনৰ বাবেই ১৯৯৯ চনত তেওঁলোকে অফিচ বন্ধ কৰিবলগীয়াত পৰিল। সেই সময়ত বন্ধুবৰ্গই তেওঁলোকক প্ৰডাক্টটোৰ ভালকৈ মাৰ্কেটিং কৰি মানুহক প্ৰডাক্টৰ বিষয়ে পুংখানুপুংখ ভাবে জনোৱাৰ উপদেশ দিলে। তেতিয়া কৈলাশে প্ৰডাক্টটোৰ টাইমছ অৱ ইণ্ডিয়াত আধা পেজৰ এটা বিজ্ঞাপন দিলে আৰু প্ৰডাক্টটোৰ মাৰ্কেটিঙত গুৰুত্ব দিলে। ২০০২ চনত কাটকাৰ ভাতৃদ্বয়ে অভিজিৎ জোৰৱৰ্কৰক নিজৰ কোম্পানীৰ সৈতে চামিল কৰিলে। অভিজিৎ এতিয়া কোম্পানীৰ কাৰ্যবাহী সঞ্চালক আৰু এছবিপি অৱ ছেলছ্। ২০০৩ চনত কুইকহীলে নাচিকত নিজৰ প্ৰথমটো ব্ৰাঞ্চ খুলিলে আৰু অন্যান্য হাৰ্ডৱেৰ বেণ্ড সমূহক নিজৰ ছফটৱেৰ বিক্ৰীৰ বাবে ৰাজী কৰালে।

সঞ্জয়ে কোৱা মতে ২০২০ চনৰ পৰা ২০১০ চনলৈ কুইকহীলে পুণেকে ধৰি কেইবাখনো ডাঙৰ ডাঙৰ চহৰত প্ৰবেশ কৰিলে। এতিয়া কুইক হীলৰ দেশৰ বিভিন্ন স্থানত ৩৩ টা শাখা কাৰ্যালয় আছে। ৮০ খন দেশত আছে কুইক হীলৰ গ্ৰাহক। ২০১০ চনত কোম্পানীটোৱে ছিকায়া কেপিটেলৰ পৰা ৬০ কোটি টকাৰ বিনিয়োগ লাভ কৰিলে। এই ধন ৰাশিৰে কোম্পানীটোৱে তামিলনাডুত এটা শাখা খোলাৰ লগতে শাখা আৰম্ভ কৰিলে জাপান, আমেৰিকা, আফ্ৰিকা আৰু সংযুক্ত আৰব আমীৰশ্বাহীত। ২০১১ চনত কুইকহীলে এন্টাৰপ্ৰাইজ কাষ্টমাৰৰ কথা মনত ৰাখি ছফটৱেৰ ডেভলপমেন্টৰ কাম আৰম্ভ কৰিলে। ২০১৫ চনত কোম্পানীটোৱে কুইক হীল গেজেটছ ছিকুৰেন্সৰো আৰম্ভ কৰিলে, যিটো এনড্ৰইড ফোন আৰু টেবলেটৰ বাবে ডেভলপ কৰা। লঞ্চিঙৰ পাঁচ মাহৰ ভিতৰতে কোম্পানীটোৱে ডেৰকোটি টকাৰ উপাৰ্জন কৰিবলৈ সক্ষম হ’ল। আজি কুইকহীলে কম্পিউটাৰ আৰু মোবাইলক সকলো ভাইৰাছৰ পৰা সুৰক্ষা দি আছে।

মূলঃ অপৰাজিতা চৌধৰী

অনুবাদঃ মুকুন্দ মাধৱ নেওগ  

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কেতবোৰ কাহিনী

অসমীয়া খাদ্যক বিশ্ব সভালৈ নিয়া চেফ অতুল লহকৰ

অসমলৈ ৰাষ্ট্ৰীয় সন্মান অনা ৰঞ্জিমা দাসে অসুস্থতাৰ বাবে আৰম্ভ কৰিছিল শৰীৰ চৰ্চা

গুৱাহাটীত অনন্য হৈ উঠিছে জয়িতা কৰ চৌধুৰীৰ বেকাৰী এণ্ড কনফেকশ্বনাৰী ‘ডেলিচ’

চিনেমাৱালাৰ ‘তপোবন’ আৰু গুৱাহাটীৰ নাগৰিকক কম দামত পাছলি যোগানৰ প্ৰয়াস