ৰাষ্ট্ৰনেতাৰপৰা পপ সাম্ৰাজ্ঞীলৈ: যোগাভ্যাসৰ জয়যাত্ৰা

ৰাষ্ট্ৰনেতাৰপৰা পপ সাম্ৰাজ্ঞীলৈ: যোগাভ্যাসৰ জয়যাত্ৰা

Saturday June 18, 2016,

4 min Read

যোগাভ্যাসে মানুহৰ সৈতে প্ৰকৃতিৰ মিলন ঘটায় । সমগ্ৰ মানবসভ্যতাক একত্ৰিত কৰাৰ ক্ষমতা আছে যোগাভ্যাসৰ । সেইবাবেই ৰাষ্ট্ৰসংঘই ২১ জুন তাৰিখে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালনৰ যোগেদি বিশ্বজুৰি সুস্বাস্থ্য আৰু সুস্থ জীৱনৰ বাণী বিয়পোৱাৰ চেষ্টা চলাই আহিছে । কিয়নো যিকোনো স্বাস্থ্য সচেতন লোকৰ বাবে যোগাভ্যাস এক অতি দৰকাৰী অভ্যাস ।

দৈনিক যোগাভ্যাস কৰা কেইজনমান আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন লোকৰ তালিকাত চকু ফুৰাওঁ আহক ।

নৰেন্দ্ৰ মোডী - ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দৈনিক যোগাভ্যাস কৰে । নিশা মাত্ৰ তিনি চাৰি ঘন্টা শুইও কেৱল যোগাভ্যাসৰ বলতেই দিনটো তজবজীয়া হৈ থাকে মোডী । তেওঁৰ মতে তেওঁৰ অফুৰন্ত প্ৰাণশক্তিৰ উৎস হ'ল আসন আৰু প্ৰাণায়াম । ক্লান্ত অনুভৱ কৰিলেই প্ৰাণায়াম কৰি সতেজ অনুভৱ কৰে মোডীয়ে ।

বাৰাক ওবামা- আমেৰিকাৰ ৰাষ্ট্ৰপতি বাৰাক ওবামা আৰু তেওঁৰ স্ত্রী মিচেল দুয়োজনেই যোগাসনৰ ভক্ত। নরেন্দ্র মোডী শেহতীয়া মার্কিন ভ্ৰমণৰ সময়ত উপবাসত আছিল। তথাপি তেওঁ যথেষ্ট সতেজ হৈ আছিল এই সময়ছোৱাত। এই কথাটোৱে আচৰিত কৰিছিল বাৰাক ওবামাক। ইয়াৰ পাছতে তেৱোঁ হোৱাইট হাউছত যোগাভ্যাসৰ প্ৰথা আৰম্ভ কৰে ।

অপৰা উইনফ্রে- অপৰা উইনফ্রে মার্কিন টেলিভিছনৰ এগৰাকী তাৰকা। তেওঁ ধ্যানৰ সহায়ত ভগৱৎপ্ৰাপ্তিৰ চেষ্টা চলায় ।Huffington Postৰ মতে ডক্টৰ ওজ শ্ব'ত তেওঁ এই কথা কৈছে । ইনাৰ চিটি স্কুল চিষ্টেমত কাম কৰা সময়ত অপৰাই এই চর্চা আৰম্ভ কৰিছিল। তেৱোঁ যোগাভ্যাসৰ একান্ত অনুৰাগী ।

ছাইনা নেহৱাল- দেশৰ অন্যতম বেডমিণ্টন তাৰকা ছাইনা নেহৱালে শেহতীয়া এক সাক্ষাৎকাৰত জনায় যে তেওঁ খেলৰ চাপ কমাবলৈ যোগনিদ্ৰাৰ সহায় লয় । দৈনিক ৪০-৪৫ মিনিট তেওঁ যোগনিদ্ৰাত মগ্ন থাকে । যোগ বিশেষজ্ঞৰ মতে ই মানসিক চাপ কমোৱাৰ এক উৎকৃষ্ট মাধ্যম ।

শচীন তেণ্ডুলকাৰ- শুনা যায় ভাৰতীয় ক্ৰিকেটৰ কিম্বদন্তি শচীনে প্ৰখ্যাত যোগগুৰু স্বৰ্গীয় বি কে এছ আয়েংগাৰৰ ওচৰত যোগৰ প্ৰশিক্ষণ লৈছিল । ক্ৰিকেট কেৰিয়াৰত যোগসনে অত্যন্ত সহায় কৰিছে তেওঁক । খেলৰ আগে আগে নিয়মিত যোগাসন কৰিছিল শচীনে । আঘাতজনিত সমস্যাৰপৰা উপশম পোৱাৰ ক্ষেত্ৰত অনিল কুম্বলে, ৰাহুল দ্ৰাৱিড়, জাহিৰ খান, যুবৰাজ সিং আদি খেলুৱৈসকলকো যথেষ্ট সহায় কৰিছিল আয়েংগাৰে । সমগ্ৰ ক্ৰিকেট দলটোৱেই কিছুসময় যোগাভ্যাস কৰে । 

ৰতন টাটা- বিশিষ্ট উদ্যোগপতি ৰতন টাটাৰ কৰ্মক্ষমতাৰ কথা সকলোৱেই জানে । আঠসত্তৰ বছৰীয়া এই তৰুণজনৰ মতে তেওঁ আজিও শিকিবলৈ বিচাৰে । ষ্টাৰ্টআপ সমূহত বিনিয়োগ আচলতে ব্যৱসায়ক নতুনকৈ চিনাৰ প্ৰচেষ্টা । তেওঁৰ অফুৰন্ত কৰ্মশক্তিৰ বাবে তেওঁ যোগাভ্যাসকে ধন্যবাদ দিয়ে । যোগ প্ৰশিক্ষক ভাৰত ঠাকুৰে তেওঁক প্ৰশিক্ষণ দিছে । ঠাকুৰৰ অন্যান্য শিষ্যসকল হ'ল সুনীল মিট্টল, শ্বেন ৱাৰ্ন, ভ্লাডিনিৰ পুটিন, মাইকেল ডগলাছ আদি । 

ষ্টিভ জবছ- এপলৰ প্ৰতিষ্ঠাতা ষ্টিভ জবছৰ 'make a dent in the universe'ৰ সপোনক বাস্তৱ ৰুপ দিয়াত যোগ শিক্ষাই সহায় কৰিছিল । জবছৰ শেষ সময়ত উপস্থিত থকা প্ৰতিজন লোককে এখন কিতাপ দিয়া হৈছিল । এই কিতাপখন আছিল এজন যোগীৰ আত্মোপলব্ধিৰ কাহিনী । 

মাৰ্ক বেনিঅ'ফ- শুনা যায় যে Oracleত চাকৰি কৰাৰ সময়ত চাপৰ পৰা মুক্তি পাবলৈ salesforce.comৰ মাৰ্ক বেনিঅ'ফে যোগাভ্যাস আৰম্ভ কৰিছিল । ২০০৫ চনৰ ছান ফ্ৰান্সিস্ক' ক্ৰনিকলৰ মতে মাৰ্কে দীৰ্ঘদিন ধৰি ধ্যান কৰি আহিছে । তেওঁ ষ্টিভ জবছৰ অনুৰাগী । Inc. ৰ এটা প্ৰৱন্ধ অনুসৰি তেওঁ ষ্টিভক আধ্যাত্মিক ব্যক্তিৰুপে জানিছিল । ষ্টিভে বিশ্বাস কৰিছিল তেওঁৰ আন্তৰিক অনুভুতি সমূহেই তেওঁৰ প্ৰকৃত সম্পদ । বাহিৰৰ পৃথিৱীখনক জানিবলৈ হ'লে নিজৰ অন্তৰখনক জানিব লাগিব ।

কঙ্গনা ৰানাৱট- বলীউড অভিনেত্ৰী কঙ্গনা ৰানাৱটে কয় যে তেওঁৰ সৌন্দৰ্যৰ চাবিকাঠি হ'ল সুষম আহাৰ আৰু যোগাভ্যাস । ইতিমধ্যে বহুকেইখন ছৱিত দুৰ্দান্ত অভিনয়েৰে নিজৰ বাবে এক সুকীয়া স্থান সৃষ্টি কৰিছে কঙ্গনাই । 

আৰিয়ানা হাফিংটন- দ্য হাফিংটন প'ষ্টৰ সহ-প্ৰতিষ্ঠাতা আৰু মূখ্য সম্পাদক আৰিয়ানা হাফিংটনে তেওঁৰ মাতৃৰপৰা যোগাসনৰ প্ৰশিক্ষণ লৈছিল । তেওঁৰ মাতৃয়ে বিশ্বাস কৰিছিল যে যোগাসনে নিজৰ অন্তৰাত্মাৰ সৈতে যোগযোগৰ বাট দেখুৱায়। এই কথা তেওঁ Yoga Journalক জনায় । তেওঁৰ শেহতীয়া গ্ৰন্থ The Sleep Revolutionত টোপনিৰ ক্ষেত্ৰত যোগসনৰ গুৰুত্বৰ কথা উল্লেখ কৰা হৈছে ।

মেডোনা- পপ সাম্ৰাজ্ঞী মেডোনা চিৰযৌৱনা । ১৯৯৬ চনৰপৰা অষ্টাঙ্গ যোগৰ মাধ্যমেৰে তেওঁ নিজৰ ৰূপ লাৱণ্য অটুট ৰাখিছে। তেওঁৰ ভাষাত যোগাভ্যাস জীৱনৰ ৰূপক । যিকোনো পৰিস্থিতিত মন শান্ত কৰিৰখা অতি দৰকাৰী। আনকি অপমানজনক পৰিস্থিতিতো নিজকে চম্ভালি ৰখাৰ বাবে ই দৰকাৰী । কোনো ধৰণৰ লৰালৰি নকৰি ধিৰে সুস্থিৰে আগবাঢ়ি যোৱাটেৱোই জীৱন । আৰু যোগসনে এই জ্ঞান মানুহক দিয়ে । যোগাসন হ'ল শৰীৰ, মন আৰু আত্মাৰ পৰিচৰ্যা । 

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কেতবোৰ কাহিনী

ভাৰতত সলনি হ'ব আওপুৰণি বতৰ বিজ্ঞান প্ৰযুক্তি

১০০৯ বাৰ বিফল হৈও 'কেএফচি'ৰে বিশ্বজয় কৰিছিল ৬৫ বছৰীয়া কৰ্ণেল ছেণ্ডাৰ্ছে

ফুটৱেৰ ব্ৰেণ্ড কানাবিছৰ মাজত দিল্লীৰ দেৱীকা শ্ৰীমলে বিচাৰি পালে শৈশৱৰ স্বপ্ন

দিল্লীৰ পথৰ দাঁতিত চাহ বিক্ৰী কৰা লক্ষ্মণ ৰাও এজন প্ৰসিদ্ধ সাহিত্যিক