ফুটৱেৰ ব্ৰেণ্ড কানাবিছৰ মাজত দিল্লীৰ দেৱীকা শ্ৰীমলে বিচাৰি পালে শৈশৱৰ স্বপ্ন

ফুটৱেৰ ব্ৰেণ্ড কানাবিছৰ মাজত দিল্লীৰ দেৱীকা শ্ৰীমলে বিচাৰি পালে শৈশৱৰ স্বপ্ন

Tuesday December 22, 2015,

5 min Read

শৈশৱৰ পৰাই নিজাকৈ এক ব্যৱসায় আৰম্ভ কৰাৰ স্বপ্ন বুকুত কঢ়িয়াই ফুৰিছিল দেৱীকা শ্ৰীমলে।মাত্ৰ সাত বছৰ বয়সতে শ্ৰেণীকোঠাত লিখা এখন ৰচনাত ‘দেৱীকা এণ্ড স্পেনচাৰ’ নামৰ নিজৰ এক ষ্টৰৰ শৃংখলা খোলাৰ আশা প্ৰকাশ কৰিছিল এইগৰাকী নাৰীয়ে।( মাৰ্কছ এণ্ড স্পেনছাৰৰ অনুৰুপ)

কুৰিৰ দেওনা গৰকাৰ পিছতে তেওঁ ৰাওনা হৈছিল আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৱাৰৱিক বিশ্ববিদ্যালয়লৈ স্নাতক ডিগ্ৰী লাভ কৰিবলৈ।বিদেশত অধ্যয়ন আৰু কাম কৰাৰ অভিজ্ঞতা আহৰণ কৰি তেওঁ যোৱাবছৰ ভাৰতলৈ উভটি আহে।উভটি অাহি ইয়াত তেওঁ চামৰাৰে তৈয়াৰ নকৰা ষ্টাইলিছ জোতা বিচাৰি হাবাথুৰি খাবলগীয়া হয়।আন্তঃৰাষ্ট্ৰীয় ব্ৰেণ্ডসমূহে প্ৰধানকৈ চামৰাৰে নিৰ্মাণ কৰা জোতা বজাৰত মেলি দিয়াৰ বিপৰীতে আন সামগ্ৰীৰে নিৰ্মাণ কৰা জোতা কেতবোৰ নন-ব্ৰেণ্ডেড খুচুৰা বিক্ৰেতাইহে বিক্ৰী কৰি থকাটো তেওঁ লক্ষ্য কৰিছিল।

“মই আমেৰিকাৰ পৰা কেইজোৰমান প্ৰিণ্টেড চকুত লগা কেনভাছ জোতা কিনি আনিছিলো।কিন্তু দিল্লীৰ গৰমত চাৰিওফালৰ পৰা বন্ধ এই জোতা পিন্ধি অস্বস্তি পাইছিলো।চাপৰ হোৱাৰ বাবে মই হিল পিন্ধি সকলোতকৈ ভাল পাইছিলো।এই সকলোবোৰে মোৰ মনত সংমিশ্ৰিত ভাৱৰ সৃষ্টি কৰিছিল।মেটেৰিয়েল হিচাপে মই কেনভাছ ভালপাইছিলো কিন্তু ভাৰতৰ গৰম জলবায়ুলৈ চাই মই ইয়াক সন্মুখ অথবা পিছফালে খোলা ৰাখিব বিচাৰিছিলো।লগতে ইয়াত হিল লগাব খুজিছিলো।”দেৱীকাই পুৰণি কথা মনত পেলাই কয়।

চামৰাৰ ব্যৱহাৰ নকৰাকৈ ফুটৱেৰত সুবিধা আৰু ষ্টাইলৰ সংযোজন ঘটোৱাৰ ধাৰণাৰ পৰাই কালক্ৰমত কানাবিছৰ সৃষ্টি হয়।পূৰণ হয় দেৱীকাৰ উদ্যোগশীলতাৰ স্বপ্ন।২০১৫ চনৰ এপ্ৰিল মাহত আৰম্ভ কৰা কানাবিছ হৈছে জীৱ-জন্তুৰ প্ৰতি সদয়, চামৰাৰ ব্যৱহাৰ নকৰাকৈ মহিলাসকলৰ সুবিধালৈ লক্ষ্য কৰি নিৰ্মাণ কৰা ফেশ্ব’নেবল ফুটৱেৰ ব্ৰেণ্ড।

কেনভাছ জোতাবোৰ সাধাৰণতে কানাবিছ নামৰ উদ্ভিদৰ পৰা নিৰ্মাণ কৰা হয়।(এইজোপা গছৰ পৰাই মাৰিৱানা প্ৰস্তুত কৰা হয়)। এই শব্দৰ পৰাই কোনো বিতৰ্কৰ সূত্ৰপাত নোহোৱাকৈ কৌশলতাপূৰ্ণভাৱে কানাবিছ নামটো লোৱা হৈছে।

নতুন দিল্লীৰ হোটেল অশোকত অনুষ্ঠিত লণ্ডনৰ বজাৰ প্ৰদৰ্শনীত কানাবিছ মুকলি কৰা হৈছিল।বিক্ৰী আৰু বিপণনৰ ক্ষেত্ৰত এইপৰ্যন্ত কেৱল ছছিয়েল মিডিয়া আৰু মৌখিক প্ৰচাৰকে গুৰুত্ব দিয়া হৈছে।ইয়াৰ লগতে কানাবিছে বিভিন্ন প্ৰতিযোগিতাৰ লগতে ‘কানাবিছ শ্বু পাৰ্টিজ’ আদি আমোদজনক অনুষ্ঠানৰ আয়োজন কৰি আহিছে য’ত মহিলাসকলে একলগ হৈ হাঁহি-ফূৰ্তিৰ মাজত কোম্পানীটোৰ নতুন জোতা প্ৰথমবাৰলৈ পিন্ধাৰ আৰু কিনাৰ সুযোগ লাভ কৰে। এই পাৰ্টিসমূহ লাহে লাহে যথেষ্ট জনপ্ৰিয় হ’বলৈ ধৰিছে আৰু দেৱীকাই আগন্তুক কেইবামাহলৈ বিভিন্ন চহৰত এনে অনুষ্ঠানৰ আগতীয়া বুকিং লাভ কৰিছে।

image


বিত্তৰ পৰা ফুটৱেৰ

লণ্ডন আৰু গুৰগাঁৱত প্ৰতিষ্ঠিত কোম্পানীৰ সৈতে কাম কৰা গ্ৰেট ব্ৰিটেইনৰ এগৰাকী চাৰ্টাৰ্ড একাউণ্টটেণ্ট যদি এটা ফুটৱেৰ ব্ৰেণ্ড মুকলি কৰে তেনেহ’লে কেনে হ’ব?

বহু বিচাৰ-খোচাৰ কৰি দেৱীকাই অৱশেষত ফুটৱেৰ ডিজাইনাৰ অনছুল ত্যাগীক লগ পায় আৰু বৰ্তমান তেওঁ কানাবিছৰ ক্ৰিয়েটিভ হেডৰুপে কৰ্মৰত।কানাবিছ আৰম্ভ কৰাৰ পূৰ্বে দেৱীকাই নিজৰ প্ৰতিটো ধাৰণা পুংখানুপুংখভাৱে অনছুল ত্যাগীৰ সৈতে আলোচনা কৰিছিল।এই ব্যৱসায় আৰম্ভ কৰিবলৈ প্ৰথম অৱস্থাত ১৫ লাখ টকাৰ প্ৰয়োজন হৈছিল আৰু এয়া আহিছিল দেৱীকাৰ নিজৰ সঞ্চয় আৰু পৰিয়ালৰ তৰফৰ পৰা।

সামগ্ৰীৰ ডিজাইন প্ৰস্তুত কৰা, নমুনা আহৰণ কৰা আৰু বৃহৎ হাৰত উৎপাদনৰ পৰা বিক্ৰীৰ বাবে মাধ্যম ঠিক কৰা, ৱেৰহাউছিং আৰু লজিষ্টিকছ তৈয়াৰ আদি সকলো কাম গুৰিৰ পৰা কৰিবলগীয়া হৈছিল।এই সামগ্ৰিক দায়িত্বৰ ভাৰ দেৱীকাৰ কান্ধত আহি পৰিছিল।

image


দেৱীকাই স্বীকাৰ কৰে যে উদ্যোগশীলতাৰ এবছৰৰ অভিজ্ঞতা সাতবছৰৰ কৰ্পৰেট খণ্ডত কাম কৰাৰ অভিজ্ঞতাৰ সমান। দেৱীকাই কয় জোতাৰ ডিজাইন প্ৰস্তুত, বিক্ৰীৰ কৌশল নিৰ্ধাৰণ অথবা অনলাইন আৰু অফলাইনত কেনেদৰে সামগ্ৰী অধিক ভালকৈ বিক্ৰী কৰিব পাৰি তাৰ বিবেচনা আদিবোৰে প্ৰতিদিনে এক নতুন শিক্ষা প্ৰদান কৰে।

কানাবিছে ষ্টাইলৰ সমাহাৰ কেনেদৰে ঘটাইছে তাৰ উত্তৰ দেৱীকাই ব্যাখ্যা কৰে এনেদৰে-

image


“আমি আমাৰ ব্ৰেণ্ডত আনন্দ, কেজুৱেল লুক আৰু উন্নত মান আনিবলৈ চেষ্টা কৰাৰ লগতে গ্ৰাহকৰ অভিজ্ঞতাকো সমানে গুৰুত্ব প্ৰদান কৰো।সৰ্বোচ্চ সেৱা আগবঢ়োৱাটোৱে আমাৰ লক্ষ্য।বিক্ৰীৰ পৰা লাভ কৰা প্ৰতিক্ৰিয়া অথবা গ্ৰাহকৰ প্ৰশ্নৰ উত্তৰ দিয়াই হওক আমি একেৰাহে গ্ৰাহকৰ সৈতে সংযুক্ত হৈ থাকিব খোজো।” দেৱীকাৰ ভাষ্য।

মূল্য, মান, ষ্টাইল আৰু অন্যান্য

কানাবিছৰ জোতাৰ মূল্য ১৭০০-২৮০০ টকা পৰ্যন্ত।দেৱীকাই অতি গৰ্বেৰে জনায় যে আন্তঃৰাষ্ট্ৰীয় ব্ৰেণ্ডতকৈ ৩০-৪০ শতাংশ কম মূল্যত কানাবিছে একক আৰু উন্নত মানৰ সামগ্ৰী প্ৰদান কৰে। বৰ্তমান এই পৰিধান দিল্লীৰ কোম্পানীৰ ৱেৰহাউছৰ লগতে মুম্বাই, পুনে, চেন্নাই আৰু জয়পুৰৰ বিভিন্ন মাল্টি-ব্ৰেণ্ড ষ্ট'ৰৰ লগতে তেওঁলোকৰ ৱেবছাইট(www.kanabis.in) ৰ জৰিয়তে উপলব্ধ।

image


দেৱীকাই জনায়, “আমাৰ জোতাসমূহৰ আমি নয়দাৰ ফুটৱেৰ ডিজাইন আৰু ডেভলপমেণ্ট ইন্সষ্টিটিউটত ব্যৱহাৰিক পৰীক্ষা কৰোৱাও। জোতাবোৰৰ গেৰুৱা হৈছে ঘৰ্ষণত এৰাই নোযোৱা, পিচলি নপৰা আৰু নমনীয়।আমাৰ উৎপাদসকলে QC audit সম্পন্ন কৰে আৰু কেতিয়াবা আমি তৃতীয় পক্ষৰ দ্বাৰাও জোতাবোৰৰ পৰীক্ষা কৰাও।আমি জোতাবোৰৰ সকলো দিশ চালি-জাৰী চাই সন্মতি দিলেহে উৎপাদন আৰম্ভ হয়।”

কানাবিছৰ দল

মাত্ৰ সাত মাহৰ ভিতৰত কানাবিছে ১৫০০ ৰো অধিক জোতা বিক্ৰী কৰিছে।অৰ্থাৎ প্ৰতিমাহে গড়ে ২০০ জোতা বিক্ৰীৰ এক সাফল্য।অফলাইন বিক্ৰী আৰু ছছিয়েল মিডিয়াত তেওঁলোকৰ সামগ্ৰীৰ প্ৰতি গ্ৰাহকৰ সহাৰি উৎসাহজনক। প্ৰথমে মাত্ৰ ৫জন লোকেৰে এই ষ্টাৰ্টআপ আৰম্ভ হৈছিল, দেৱীকা আৰু অনছুলৰ বাহিৰে দলত আছিল ব্যৱসায়িক উপদেষ্টা অক্ষয় শ্ৰীমল, ইণ্টাৰ্ন নিহাৰিকা সিংলা আৰু শিল্পা দাংগী।

এতিয়াও বহুদূৰ বাকী, কিন্তু তেওঁ এই যাত্ৰাৰ বাবে প্ৰস্তুত

দেৱীকাৰ বাবে এই যাত্ৰাৰ আৰম্ভণী হৈছেহে।ব্ৰেণ্ডটো ভালদৰে ঠন ধৰি উঠালৈ কিছু অপেক্ষাৰ যে প্ৰয়োজন আছে সেয়া দেৱীকাই অনুধাৱন কৰে।নিশা দেৰীলৈকে কাম কৰা আৰু সপ্তাহৰ অন্ততো কোনো ধৰণৰ ছুটি নোলোৱাটো তেওঁৰ বাবে ডাঙৰ কথা নহয়, (ডিউক বিশ্ববিদ্যালয়ৰ পৰা দেৱীকাই এমবিএ ডিগ্ৰীও গ্ৰহণ কৰি আছে)।দেৱীকাৰ অনুভৱ ব্যৱসায়ত এইপৰ্যন্ত যাত্ৰা সঠিক দিশতে আগবাঢ়িছে আৰু তেওঁৰ বাবে ইয়াৰ অভিজ্ঞতা সুমিষ্ট।গ্ৰাহকৰ পৰা প্ৰতিদিনে পোৱা প্ৰতিক্ৰিয়াই দেৱীকাক আগুৱাই যাবলৈ সাহস দিছে।“প্ৰত্যেক ব্যৱসায়তে উঠা-নমা থাকেই কিন্তু এই সকলোবোৰ অভিজ্ঞতাৰে অংশ।”দেৱীকাই কয়।

ভৱিষ্যতৰ পৰিকল্পনাৰ বিষয়ে সোধাত দেৱীকাই কয়, “বৰ্তমান আমি কেৱল ঘৰুৱা বজাৰতে মনোযোগ কেন্দ্ৰীভূত কৰিছো। কিন্তু আগন্তুক সময়ত আন্তঃৰাষ্ট্ৰীয় বজাৰলৈও সামগ্ৰী পঠিয়াব বিচাৰো। সাত মাহতে আমাৰ বিক্ৰী দুগুণলৈ বঢ়া আমি প্ৰত্যক্ষ কৰিছো। বিক্ৰীৰ বিভিন্ন মাধ্যম ব্যৱহাৰ কৰি আমি সুস্থিৰ গতিত ব্যৱসায়ৰ দ্ৰুত বিকাশ কৰিব বিচাৰো।”

মূল-অপৰাজিতা চৌধুৰী

অনুবাদ-তুলিকা দেৱী

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কেতবোৰ কাহিনী

“পৰৱৰ্তী ডাঙৰ ঢৌ হৈছে ভাৰতৰ স্থানীয় ভাষাত কম্পিউটিং”- ছাহিল কিনি

হলীউডৰ সুন্দৰ শৰীৰৰ পৰা ভাৰতীয় মাতৃলৈকে; ৰেমোনা ব্ৰেগাঞ্জাৰ ফিটনেছ মন্ত্ৰ আটাইৰে বাবে ফলদায়ক

ইৰা ডুবে-বাহ্যিক ৰুপৰ পৰিৱৰ্তে প্ৰতিভাৰ ওপৰত নিৰ্ভৰ কৰক

গুলাবী গেং আৰ্ট প্ৰজেক্টঃ শিল্পৰ জৰিয়তে এক আন্দোলন

শৈক্ষিক পৰিবৰ্তনৰ বাবে বৰ্তমানৰ আটাইতকৈ শক্তিশালী মাধ্যম ডিজিটেল ইণ্ডিয়া আৰু শিক্ষাৰ যুগলবন্দী ঘটালে গীতাঞ্জলী খান্নাই