উদ্যোগ আৰু ঔদ্যোগিক বিকাশৰ বাবে কৰ্ণাটকে বহুখিনি অৱদান আগবঢ়াব পাৰে-কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্দৰমায়া

উদ্যোগ আৰু ঔদ্যোগিক বিকাশৰ বাবে কৰ্ণাটকে বহুখিনি অৱদান আগবঢ়াব পাৰে-কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্দৰমায়া

Saturday February 06, 2016,

1 min Read

বিশ্বৰ বিনিয়োগকাৰী সকলক এখন মঞ্চলৈ অনাৰ প্ৰয়াস ইনভেষ্ট কৰ্ণাটকাত কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্দৰমায়াই মন্তব্য কৰে যে ৰাজ্যখন দেশৰ ভৱিষ্যত হোৱাৰ পথত অগ্ৰসৰ হৈছে।

ৰাজ্যখনৰ ষ্টাৰ্ট আপ আৰু উদ্যোগীৰ বিষয়ে মুখ্যমন্ত্ৰী জনে মন্তব্য কৰে যে ৰাজ্যখনে উদ্যোগীসকললৈ সম্ভাৱনা কঢ়িয়াই আনিছে।চহৰ খনৰ উদ্যোগিকৰণ বাকীবোৰ চহৰ আৰু ৰাজ্যৰ বাবে উদাহৰণস্বৰূপ হৈ পৰিছে।এটা ব্যৱসায় আৰম্ভ কৰাৰ ক্ষেত্ৰত চৰকাৰৰ সম্পূৰ্ণ সহযোগিতা থাকে।

image


উদ্যোগ ক্ষেত্ৰৰ প্ৰসাৰৰ বাবে ৰাজ্যখনে উদ্যোগীসকলক সহায় কৰিবলৈ ৰাজ্য চৰকাৰে মুকলি নীতি প্ৰয়োগ কৰে বুলি সিদ্দৰমায়াই মন্তব্য কৰে।

বাঙ্গালুৰু চহৰৰ আন্ত:গাঁথনি আৰু ট্ৰেফিক নিয়ন্ত্ৰণৰ বাবে ৰাজ্য চৰকাৰে কেন্দ্ৰৰ সৈতে আলোচনা কৰি অনতিপলমে সমাধানৰ ব্যৱস্থা ল'ব বুলি মুখ্যমন্ত্ৰীজনে মন্তব্য কৰে।আনহাতে, ৰাসায়নিক আৰু সাৰ বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰী অনন্থ কুমাৰে ৰাজ্যখনত তেৰ লাখ মেট্ৰিক টনৰ সাৰ প্ৰকল্প স্থাপন কৰাৰ আশ্বাস দিয়ে।

মুখ্যমন্ত্ৰীয়ে কয়-বাঙ্গালুৰু চহৰখনৰ আই.টি.ছেক্টৰক অধিক গুৰুত্ব দিয়াৰ উপৰি মাঙ্গালুৰু, হুবলী, উডুপী, বেলগাম, মহিশূৰ আৰু আন বাকী চহৰবোৰৰ উন্নয়নতো গুৰুত্ব প্ৰদান কৰা হৈছে।ইনভেষ্ট কৰ্ণাটকা কাৰ্যসূচীৰ জৰিয়তে নিৰ্মাণ আৰু কৃষিভিত্তিক উদ্যোগত অদিক গুৰুত্ব প্ৰদান কৰা হৈছে।'

সকলোৱে আশা কৰিছে যে অনতিপলমে বাঙ্গালুৰুৰ যান-যঁট সমস্যাৰ সমাধানৰে চহৰখনৰ লগতে কৰ্ণাটক ৰাজ্যৰ আন্ত:গাথনি উন্নত হ'ব।


মূল: সিন্ধু কাশ্যপ

অনুবাদ: পূবালী ভাগৱতী


এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক


এইধৰণৰ অন্যান্য কাহিনী


ইনভেষ্ট কৰ্ণাটকা ২০১৬- এক যুগান্তকাৰী পদক্ষেপ

কৰ্ণাটকত ব্যাৱসায় সহজসাধ্য কৰি তোলাৰ প্ৰয়াস

বাঙ্গালুৰুতে সীমাবদ্ধ নহয় কৰ্ণাটকৰ ষ্টাৰ্টআপ

বিনিয়োগৰ অনুকুল পৰিবেশ গঢ়ি তোলাত সফল কৰ্ণাটক