আজি প্ৰধানমন্ত্ৰী মোডীয়ে শুভাৰম্ভ কৰিব ষ্টাৰ্টআপ ইণ্ডিয়াৰ

আজি প্ৰধানমন্ত্ৰী মোডীয়ে শুভাৰম্ভ কৰিব ষ্টাৰ্টআপ ইণ্ডিয়াৰ

Tuesday January 05, 2016,

3 min Read

ইয়ৰ ষ্ট'ৰী ১৬ জানুৱাৰীত নতুন দিল্লীত উদ্বোধন হ'বলগীয়া ভাৰত চৰকাৰৰ 'ষ্টাৰ্টআপ ইণ্ডিয়া' আন্দোলনৰ অংশীদাৰ হ'বলৈ পাই গৌৰবান্বিত ।

ভাৰতীয় যুৱ সমাজৰ উদ্যোগশীল মনোভাৱক উদগনি যোগোৱাৰ উদ্দেশ্য আগত ৰাখি হাতত লোৱা এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিব সমগ্ৰ দেশৰ প্ৰায় ১৫০০ শীৰ্ষস্থানীয় নতুন উদ্যোগৰ মূখ্য কাৰ্যবাহী বিষয়া আৰু প্ৰতিষ্ঠাপকে । সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰি ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীয়ে আনুষ্ঠানিকভাৱে এই পদক্ষেপৰ শুভাৰম্ভ কৰিব আৰু ষ্টাৰ্টআপ কৰ্ম আঁচনি ঘোষণা কৰিব ।

বিত্ত আৰু ক'ৰ্প'ৰেট মন্ত্ৰী শ্ৰী অৰুণ জেটলীয়ে ১৬ জানুৱাৰীৰ পুৱা ৯.৩০ বজাত বিজ্ঞান ভৱনত এই অনুষ্ঠান উদ্বোধন কৰিব আৰু উদ্যোগ তথা বাণিজ্য দপ্তৰৰ ৰাজ্যমন্ত্ৰী শ্ৰীমতি নিৰ্মলা সীতাৰমণ বিশিষ্ট অতিথিৰূপে উপস্থিত থাকিব ।

image


ষ্টাৰ্টআপ উদ্যোগশীলতা সম্পৰ্কীয় এক দিনজোৰা অবিৰত কৰ্মশালাৰূপে আয়োজিত হ'বলগীয়া এই অনুষ্ঠানত যিবোৰ বিষয়ৰ ওপৰত আলোচনা হ'ব সেইবোৰৰ অন্যতম হৈছে-

  • উদ্যোগশীলতা আৰু উদ্ভাৱনক অবাধ গতি প্ৰদান কৰা : ভাৰতীয় ষ্টাৰ্টআপসমূহৰ বৃদ্ধি আৰু বিকাশৰ বাবে প্ৰয়োজনীয় উপাদানসমূহ কি কি
  • মহিলাসকলৰ সফলতা উদযাপন : উদ্ভাৱনশীল মহিলা উদ্যোগীৰ কাহিনী
  • ডিজিটাইজেছনে ভাৰতৰ ভৱিষ্য কিদৰে সলনি কৰিব
  • ভাৰতীয় স্বাস্থ্যখণ্ডৰ বৈপ্লবিক প্ৰসাৰৰ সূচনা কৰা
  • বিত্তীয় অন্তৰ্ভুক্তিকৰণ হাতৰ মুঠিত

“Show Me the Money: How do we Capitalize Entrepreneurship?” শীৰ্ষক আলোচনাত অধ্যক্ষতা কৰিব বিত্ত বিভাগৰ ৰাজ্যমন্ত্ৰী শ্ৰী জয়ন্ত সিন্হাই । "নীতি নিৰ্দ্ধাৰকসকলৰসৈতে মূখামূখী শীৰ্ষক প্ৰশ্নোত্তৰ অনুষ্ঠানত গুৰুত্বপূৰ্ণ চৰকাৰী মন্ত্ৰালয় আৰু বিভাগসমূহৰ সচিবসকলে ষ্টাৰ্টআপ অনুকূল পৰিবেশ গঢ়াত চৰকাৰৰ ভূমিকা সন্দৰ্ভত বিভিন্ন প্ৰশ্নৰ উত্তৰ দিব ।

এই কাৰ্যসূচীৰ উদ্দেশ্য হৈছে ষ্টাৰ্টআপ অনুকূল এক পৰিবেশ গঢ়াৰ ক্ষেত্ৰত চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ ওপৰত গুৰুদ্ব আৰোপ কৰা । এই আলোচনাৰ 'পেনেল' গঠিত হ'ব ৰাজহ বিভাগ, মানৱ সম্পদ উন্নয়ণ বিভাগ, ক'ৰ্প'ৰেট বিষয় বিভাগ, বিত্তীয় সেৱা বিভাগ, অৰ্থনৈতিক পৰিক্ৰমা বিভাগ, বিজ্ঞান আৰু প্ৰযুক্তি, বায়টেক্নলজী বিভাগ, ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি বিভাগ, অতিশয় ক্ষুদ্ৰ, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ বিভাগ তথা দক্ষতা বৃদ্ধি বিভাগৰ সচিবসকলৰ দ্বাৰা । তদুপৰি ইয়াত ছিকিউৰিটিজ এক্সেঞ্জ ব'ৰ্ড অৱ ইণ্ডিয়া (SEBI) আৰু স্মল ইণ্ডাষ্ট্ৰিজ ডেভেলপমেন্ট বেংক অৱ ইণ্ডিয়া (SIDBI)ৰ প্ৰতিনিধিও উপস্থিত থাকিব ।

image


এই অনুষ্ঠানতে চফ্টবেংকৰ প্ৰতিষ্ঠাতা আৰু মূখ্য কাৰ্যবাহী বিষয়া মাশ্বায়শ্বি চন, উবেৰৰ প্ৰতিষ্ঠাপক ট্ৰেভিছ কালানিক আৰু উইৱৰ্কৰ প্ৰতিষ্ঠাপক আদাম ন্যুমানৰ দৰে আন্তৰাষ্ট্ৰীয় উদ্যোগজগতৰ নেতাসকলৰ উপৰিও ভেন্সাৰ কেপিটেলিষ্টসকলৰ অন্তৰঙ্গ আলাপো অনুষ্ঠিত হ'ব ।

চিলিকন ভেলীৰ প্ৰায় ৪০ গৰাকী শীৰ্ষ চি ই অ', ভেন্সাৰ কেপিটেলিষ্ট আৰু এঞ্জেল ইনভেষ্টৰ বিশেষ অতিথিৰূপে উপস্থিত থকাৰ লগতে প্ৰশ্নোত্তৰ কাৰ্যসূচীতো অংশগ্ৰহণ কৰিব ।

Launchpad Accelerator শীৰ্ষক এক বিশেষ কাৰ্যসূচী পৰিচালনা কৰিব গুগলে । ইয়াত সাম্ভাব্য বিনিয়োগকাৰীৰ সন্মূখত প্ৰাৰম্ভিক স্তৰৰ ষ্টাৰ্টআপসমূহে নিজ নিজ ব্যৱসায়িক ধাৰণাসমূহ প্ৰস্তুত কৰিব পাৰিব । ছফ্টবেংকৰ প্ৰেচিডেন্ট আৰু চি ই অ' নিকেশ অৰোৰাই অংশগ্ৰহণকাৰীসকলৰ সৈতে ষ্টাৰ্টআপৰ বিনিয়োগ সম্পৰ্কে মত বিনিময় কৰিব । দেশৰ লতুত উদ্যোগসমূহে কৰা কেতবোৰ উদ্ভাৱনৰ এক ভাৰ্চুৱেল প্ৰদৰ্শনীও অনুস্থিত হ'ব ।

প্ৰধানমন্ত্ৰী মোডীয়ে 'মন কি বাত' অনুষ্ঠানত ঘোষণা কৰাৰ দৰে ষ্টাৰ্টআপ ইণ্ডিয়াৰ এক সম্পূৰ্ণ কৰ্মসূচী ঘোষণা কৰা হ'ব । ভাৰতত ষ্টাৰ্টআপ অনুকূল পৰিবেশ স্থাপন কৰাৰ বাবে চৰকাৰে লোৱা বিভিন্ন আঁচনিৰ ওপৰত এই কৰ্মসূচীত আলোকপাত কৰা হ'ব ।

এই অনুস্থানৰ গুৰুত্বলৈ লক্ষ্য ৰাখি ইয়াক দেশৰ আই আই টি, আই আই এম, আই আই আই টি আৰু কেন্দ্ৰীয় বিশ্ববিদ্যালয়সমূহৰ উপৰিও ৩৫০ খনতকৈও অধিক জিলাৰ যুৱ গোটসমূহৰ বাবে পোনপটীয়া সম্প্ৰচাৰৰ ব্যৱস্থা কৰা হ'ব ।

ভাৰত চৰকাৰৰ ঔদ্যোগিক নীতি আৰু উদগণি বিভাগে ইনভেষ্ট ইণ্ডিয়া, আই স্পিৰিট, ইয়ৰ ষ্ট'ৰী, নাছকম, শ্বি দ্য পিপল ডট টি ভি (SheThe People.tv), কাইৰছ ছচাইটি তথা FICCI আৰু CIIৰ যুৱ গোটৰ সহযোগত এই অনুস্থানৰ আয়োজন কৰিছে ।