মাৰ্চলৈ বিনামূলীয়া সেৱা প্ৰদান কৰিব ৰিলায়েন্স জিঅ'ই

মাৰ্চলৈ বিনামূলীয়া সেৱা প্ৰদান কৰিব ৰিলায়েন্স জিঅ'ই

Monday October 31, 2016,

2 min Read

২০১৭ চনৰ মাৰ্চ পৰ্যন্ত বৃদ্ধি হব ৰিলায়েন্স জিঅ'ৰ বিনামূলীয়া সেৱাৰ ম্যাদ । ডিচেম্বৰৰ ৩ তাৰিখ পৰ্যন্ত এই সুবিধা থাকিব বুলি খবৰ ওলোৱাৰ পাছতেই এই ঘোষণা কৰে ৰিলায়েন্স জিঅ'ই । মুকলি হোৱাৰপৰা জিঅ সেৱা এতিয়ালৈকে বিনামূলীয়া হৈ আছে । বাণিজ্যিকভাৱে মুকলি কৰাৰ আগতে ইয়াক পৰীক্ষণৰ বাবে বিনামূলীয়াকৈ প্ৰদান কৰাৰ কথা ঘোষণা কৰিছিল জিঅ'ই । ৪ ছেপ্টেম্বৰত মুকেশ অম্বানীয়ে ঘোষণা কৰিছিল জিঅ' সম্পৰ্কে তেওঁৰ ৰণ নীতি ।

১ ছেপ্টেম্বৰত এই সেৱা মুকলি কৰি অম্বানীয়ে কৈছিল যে জিঅ'ত ভইচ কল সদায়েই বিনামূলীয়া হ'ব আৰু খুব কম খৰচত ডাটা সেৱা প্ৰদান কৰা হ'ব । ভাৰতী এয়াৰটেল, ভ'ডাফন আদি কোম্পানীয়ে আপত্তি প্ৰদৰ্শন কৰিছিল এইবুলি যে জিঅ'ৰ এই অস্বাভাৱিক হাৰত জিঅ'ৰ গ্ৰাহকৰ কল তেওঁলোকৰ নেটৱৰ্ক সমূহলৈ আহিছে আৰু ইয়াৰ ফলত কল ড্ৰপ হৈছে । লগতে তেওঁলোকে ডিচেম্বৰ পৰ্যন্ত বিনামূলীয়া সেৱা প্ৰদান কৰাৰ ঘোষণা সম্পৰ্কতো আপত্তি প্ৰদৰ্শন কৰিছিল । 

image


জিঅ'ৰ ষ্ট্ৰেটেজি আৰু প্লেনিং বিভাগৰ মূৰব্বীয়ে ইতিমধ্যে মন্তব্য কৰিছে যে জিঅ'ৰ সেৱা সম্পৰ্কে সম্পূৰ্ণ সন্তুষ্ট নোহোৱা পৰ্যন্ত ইয়াৰ বিনিময়ত মাচুল লোৱাটো যুক্তিসংগত নহ'ব । 

আনহাতে ট্ৰাইৰ প্ৰতিবেদন আনুসৰি জিঅ হৈছে ভাৰতৰ আটাইতকৈ লেহেমীয়া ৪ জি সেৱা । 

শেহতীয়াকৈ এটা সাক্ষাৎকাৰত মুকেশ অম্বানীয়ে কৈছিল যে জিঅ' এটা জুৱা নহয় বৰঞ্চ এটা পৰিকল্পিত ব্যৱসায় । আনহাতে ইন্টাৰকানেক্টিভিটি সন্দৰ্ভত ই সন্মূখীন হোৱা সমস্যাক তেওঁ এজন মেধাবী ছাত্ৰ ৰেগিঙৰ মূখামূখী হোৱাৰ সৈতে তুলনা কৰিছিল । উল্লেখযোগ্য যে এই সন্দৰ্ভত ট্ৰায়ে আন টেলিকম অপাৰেটৰ সমূহক ৩,০৫০ কোটি টকাৰ জৰিমনা বিহিছিল । 

মূল- শ্ৰুতি মোহন

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

অচিৰেই সকলো শৈক্ষিক প্ৰমাণপত্ৰ উপলব্ধ হব ডিজিটেল মাধ্যমত

কৰ্মচাৰীক ৪০০ ফ্লেট আৰু ১২৬০ খন গাড়ী দেৱালীৰ বানচ হিচাপে দিয়া এজন ব্যৱসায়ী

ৰোগীৰ মৃত্যুৱে 'ট্ৰেফিক মেন'ত পৰিণত কৰিলে এজন চিকিৎসকক

জীৱনৰ প্ৰতিটো খোজত বিফলতাই গঢ় দিয়া এজন সফল উদ্যমী