বীৰেনৰ তাঁতশালত ভাৰত বিজয়

1

কম মূল্যত পোৱা পাৱাৰ লুমৰ শাৰী বজাৰত উভৈনদী। লগে লগে আছে নকল শাৰীৰ অবাধ বেহা। এনে পৰিস্থিতিৰ মাজতো স্বকীয় হস্ততাঁত শিল্পৰ বাবে অসমৰ নাম সদায় ওপৰত। এটা সময়ত হাতে বোৱা তাঁতৰ কথা পাহৰি পেলাইছিল গ্ৰাহকসকলে। এতিয়া পিছে হস্তশিল্পৰ মূল্য বেছ বাঢ়িছে। বিশেষকৈ পশ্চিম বঙ্গত চলিছে এক নিৰৱ বিপ্লৱ । দেশৰ প্ৰধানমন্ত্ৰী পৰ্যন্ত তাঁতশালত নিৰ্মিত ওৱাল হেংগিং (Wall Hanging) দেখি বেছ অভিভূত। ইয়াৰ নেপথ্যত আছে নদিয়াৰ অন্তৰ্গত ফুলিয়া এলেকাৰ এজন উদ্যোগী। দেশৰ সৰ্বশ্ৰেষ্ঠ বস্ত্ৰশিল্পৰ সন্মানো তেওঁ লাভ কৰিছে। আনকি শাৰীৰ ওপৰত কৃতিবাসী ৰামায়ণ খোদিত কৰি লিমকা বুক অৱ ৱ’ল্ডছ ৰেকৰ্ডছত নিজৰ নাম অন্তৰ্ভুক্ত কৰিছে। সেইবাবেই তেওঁৰ ২০ লাখটকীয়া শাৰীক লৈ দেশজুৰি চাঞ্চল। কিন্তু খ্যাতিৰ পিিছত লাগি ফুৰাতকৈ আৰু অধিক কাম কৰি যোৱাৰ প্ৰৱণতাৰে আগবাঢ়ি গৈছে এই ষাঠী ঊধ্বৰ এই বক্তিগৰাকী।

তেওঁ হ’ল বীৰেন কুমাৰ বসাক। মাত্ৰ আঠ বছৰ বয়সতে তেওঁ নাকেৰে কাৰুকাৰ্য বুজি উঠিছিল। সেই সময়ত কলকাতাৰ ঘৰে ঘৰে গৈ দেউতাক কংকবিহাৰী বসাকৰ লগত শাৰী বিক্ৰী কৰাৰ মাধ্যমেৰেই বীৰেেন বুজি উঠিছিল চহৰীয়া মানুহৰ পালছ। মানুহক যদি সদায় নতুন নতুন ডিজাইনৰ বস্তু দি থাকিব পাৰি, তেনেহ’লে আৰু পিছলৈ ঘূৰি চোৱাৰ প্ৰয়োজন নাই। সেইদৰেই আগবাঢ়িছিল বীৰেন বসাক। শাৰীত নানা ৰকমৰ সূতা ব্যৱহাৰ কৰি কিদৰে নতুন নতুন আৰ্হি প্ৰস্তুত কৰিব পৰা যায়, তাৰ চেষ্টা চলি থাকিল। সেই উদ্দেশে্য বিভিন্ন ঠাইত অনুষ্ঠিত প্ৰদৰ্শনীবিলাকলৈ ঢপলিয়াই যায় বীৰেন বাবু। আৰ্হিবিলাক খুচৰি খুচৰি চায়। আৰু ঘৰলৈ ঘূৰি আহি সেইবিলাক কিদৰে শাৰীত ব্যৱহাৰ কৰিব পাৰি সেই প্ৰচেষ্টাত লাগি যায়। আৰু ইয়েই নতুন বাট মুকলি কৰি দিয়ে। মহাজনৰ অধীনত আৰু শাৰী প্ৰস্তুত কৰাৰ পক্ষপাতী হৈ নাথিকল বীৰেন। বৰঞ্চ নিজেই শাৰী তৈয়াৰ কৰা আৰম্ভ কৰি দিলে। নিজা চিন্তাৰে এইদৰে শাৰী প্ৰস্তুত কৰাৰ আগ্ৰহ তেওঁৰ দিনে দিনে বাঢ়ি গ’ল। আৰু এটা সময়ত কলকাতাৰ গোলপাকত এটা শ্ব’ৰূম খুলি ল’লে।

সাধাৰণ মানুহৰ মনৰ কথাটো বুজি উঠাৰ পিছত বিশেষ বিশেষ নামী দামী লোকেও বীৰেনৰ শাৰী বিচৰা হৈ গ’ল। হেমন্ত মুখ্যোপাধ্যায়, সত্যজিত ৰায়, অৰ্পণা সেন, মৌচুমী চট্টোপাধ্যায় আৰু যে কিমান! বীৰেন বসাকৰ শাৰীৰ গুণমুগ্ধৰ তালিকা বাঢ়ি থাকিল। দেশৰ ভি আই পিসকলেও নতুন ডিজাইনৰ শাৰীৰ বাবে বীৰেনৰ ওচৰ চপা আৰম্ভ কৰি দিলে।

তেওঁ যৌৱনকালতে বুজি উঠিছিল যে গতানুগতিক পদ্ধতিৰে শাৰী নিৰ্মাণ কৰি থাকিলে একে ঠাইতে আবদ্ধ হৈ থাকিব লাগিব। বজাৰত মানুহে যিটো বিচাৰে সেইটো দিব নোৱাৰিলে হাৰি যাব লাগিব। সেয়েহে তেওঁ অন্য কিবা এটা কৰাৰ মানসেৰে ওৱাল হেংগিঙৰ ওপৰত গুৰুত্ব দিলে। কেতিয়াবা যদি এই ওৱাল হেংগিঙত নিৰক্ষৰতা দূৰীকৰণৰ বাৰ্তা খোদিত হৈছে, কেতিয়াবা আকৌ নৌকা চালনাৰ দৃশ্য। আৰু প্ৰায় আঢ়ৈ বছৰ ধৰি তেওঁ জামাদানি কাপোৰৰ ওপৰত কৃতিবাসী ৰামায়ণ খোদিত কৰি নিৰ্মাণ কৰি উলিয়ালে এখন বিশেষ ওৱাল হেংগিং। এই নিষ্ঠাৰে স্বীকৃতিও তেওঁ লাভ কৰিছে। যোৱা বছৰ লিমকা বুক অৱ ৰেকৰ্ডছত তেওঁৰ এই শিল্পকমýই স্থান পাইছে।

কিছুদিন আগতে বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক এখন ওৱাল হেংগিং উপহাৰ দিছিল বীৰেন বাবুয়ে। তাত আছিল নজৰুল ইছলামৰ কবিতাৰ পংক্তিৰ মাজত কন্যাশ্ৰীৰ ছবি। বৰ্তমানে প্ৰধানমন্ত্ৰীৰ বাবেও তেওঁ এখন ওৱাল হেংগিং নিৰ্মাণ কৰি আছে। ইয়াৰ দেখা যাব জনসমুদ্ৰৰ মাজত ভাষণ দি থকা মোদী আৰু মন্ত্ৰমুগ্ধ শ্ৰোতাৰ ছবি। উৎকৃষ্ট মছলিন কাপোৰত নিৰ্মিত হৈছে এই শিল্পকৰ্ম। ইয়াৰ নেপথ্যত আছে অনেক শ্ৰমৰ কাহিনী। এগৰাকী তাঁতশিল্পী প্ৰায় ছমাহ ধৰি এই কামত লাগি আছে। তেওঁৰ মজুৰিৰ নামতে ইতিমধ্যে ৮৫ হাজাৰ টকা খৰচ হৈছে। বীৰেন বসাকৰ ইচ্ছা যে নিজ হাতে তেওঁ প্ৰধানমন্ত্ৰীক এইখন উপহাৰ দিব। কিছুদিন আগতে অৱশ্যে প্ৰধানমন্ত্ৰীৰ পৰাই তেওঁ লাভ কৰিছিল দেশৰ শ্ৰেষ্ঠ বস্ত্ৰশিল্পীৰ পুৰস্কাৰ। মোগল শাসনকালৰ বিশিষ্ট বস্ত্ৰশিল্পী সন্ত কবীৰৰ নামত এই পুৰস্কাৰ প্ৰদান কৰা হয়। সন্ত কবীৰে সেই সময়ত কাপোৰতে পদ্য লিখিছিল। ২০০৯ চনত বস্ত্ৰ বিভাগৰ পৰাও বিশেষ প্ৰশংসাপত্ৰ লাভ কৰিছিল তেওঁ। ইয়াৰ পূৰ্বে ৰবীন্দ্ৰনাথ ঠাকুৰ, সুভাষ চন্দ্ৰ বসু, জৱাহৰলাল নেহৰুৰ প্ৰতিচ্ছবিও ওৱাল হেংগিঙত খোদিত হৈছে।

ইমানবোৰ স্বীকৃতি, সন্মান। তদুপৰি দেশজুৰি চাহিদা। ইয়াৰ মাজতো ৬৫ বছৰীয়া এই তাঁতশালৰ যোদ্ধাগৰাকীয়ে নতুন প্ৰজন্মক এই বিদ্যা শিকাই যোৱাৰ বাবে চেষ্টা কৰি আহিছে। অঞ্চলটোৰ ছোৱালীবিলাকক তেওঁ বিনা বেতনে বিভিন্ন আৰ্হি শিকায়। তেওঁৰ মতে এতিয়াও বহুত কাম বাকী। তেওঁৰ দাদা ধীৰেন বসাক আৰু ল’ৰা অভিনৱো এই কামত ব্ৰতী। আচলতে শান্তিপুৰ, ফুলিয়া আদি ঠাইত যন্ত্ৰচালিত শালৰ সংখ্যা বাঢ়ি গৈ আছে, য’ত খুব কম সময়তে বহুতো শাৰী তৈয়াৰ কৰিব পাৰি। ফলত দামো কম। দালালবিলাকে সেই কম দামৰ শাৰীবিলাক কিনি লৈ বেছি দামত বিক্ৰী কৰে। এইবিলাক উত্থান পতনৰ মাজেৰেই এই হস্ততাঁত শিল্প পুনৰুদ্ধাৰৰ চেষ্টা চলি আছে। বীৰেন বাবুৰ তাঁতশালত ৪০০ টকাৰ পৰা আৰম্ভ কৰি ২০ লাখ টকা মূল্যৰ শাৰী পোৱা যায়। এইবোৰ শাৰী, প্ৰতিখনেই হাতে বোৱা। হস্তশিল্পৰ যি সৌন্দয্য, সুক্ষ্মতা, সেয়া তেওঁৰ গ্ৰাহকে ভালদৰে বুজি পায়। সেই বাবেই তেওঁলোক কিবা এটা নতুনত্ব বিচাৰি বীৰেন বসাকৰ ওচৰ চাপে। ফুলিয়া, হাবিবপুৰ, শান্তিপুৰ, কৰিমপুৰ আদি মিলাই প্ৰায় ৫ হাজাৰ তাঁতশিল্পীয়ে বীৰেন বসাকৰ পৰা শিক্ষা লৈয়েই কৰ্মসংস্থানৰ বাট মুকলি কৰিছে। পৰোক্ষভাৱে এইসকল মানুহো উপকৃত হৈছে।

মূল : তন্ময় মুখাৰ্জী

অনুবাদ : সুৰেশ কুমাৰ