নিজৰ ধনেৰে ষ্টেশ্যনত ল’ৰা-ছোৱালীক পঢ়ুওৱা এজন ষ্টেশ্যন মাষ্টৰ

নিজৰ ধনেৰে ষ্টেশ্যনত ল’ৰা-ছোৱালীক পঢ়ুওৱা এজন ষ্টেশ্যন মাষ্টৰ

Monday February 22, 2016,

3 min Read

জীৱনত সন্তুষ্টি আৰু শান্তিৰ পৰিভাষা সকলোৰে বাবে সুকীয়া।কোনোবাই নিজৰ উন্নতি, কোনোবাই পৰিয়ালৰ উন্নতি, কোনোবাই নিজৰ চুবুৰীৰ উন্নতি সাধন কৰি আৰু আন কোনোবাই সমাজ অথবা ৰাষ্ট্ৰ নিৰ্মাণ কৰি মনৰ শান্তি লাভ কৰে।এনেকুৱা এজন ব্যক্তি হৈছে পি বি ৰাণা। নিজৰ সমগ্ৰ জীৱন তেওঁ দেশৰ নতুন প্ৰজন্মৰ ভৱিষ্যত পোহৰ কৰাত পাৰ কৰিলে।যিমান ঘটিলে সকলো শিশুসকলৰ পঢ়া-শুনাত ব্যয় কৰে।

image


বি পি ৰাণা হৈছে পশ্চিমবংগৰ মেদিনীপুৰ জিলাৰ বাসিন্দা।ৰেলৱেত চাকৰি কৰি থকাৰ সময়তে তেওঁ ষ্টেশ্যন মাষ্টৰৰূপে ১৯৭৮ চনত ছত্তিশগঢ়ৰ বালৌদ জিলাৰ লাটাবোৰৰ ষ্টেশ্যনত উপস্থিত হয় আৰু ইয়াতে ৰৈ যায়। য়’ৰ ষ্টৰীৰ আগত বি পি ৰাণাই কয়,

“এবাৰ ষ্টেশ্যনটোত এখন মালগাড়ী আহি ৰৈছিল। ৰেলখনৰ গাৰ্ডে কিছুসময় মোৰ লগত কথা পতাৰ পিছত মোৰ ইংৰাজী শুনি কয় যে আপুনি ইয়াৰ জ্ঞানেৰে গ্ৰামাঞ্চলৰ শিশুসকলক উপকৃত নকৰে কিয়? ইয়াৰ পিছতে মোৰ জীৱনেই একপ্ৰকাৰ সলনি হৈ পৰে আৰু মই প্ৰথমে ৰেল কৰ্মচাৰীসকলৰ সন্তানসকলক পঢ়ুৱাবলৈ লওঁ আৰু পৰৱৰ্তী সময়ত গাঁৱৰ শিশুসকলক গণিত আৰু ইংৰাজী শিকাবলৈ লওঁ।”

ইয়াৰ বাবে তেওঁ এটকাও লোৱা নাছিল বৰং নিজৰ দৰমহাৰ টকাৰে শিশুসকলক স্লেট-পেঞ্চিল, কিতাপ কিনি দিছিল।মাজে মাজে কিবা কিবি খাবলৈও দি থাকিছিল। লাহে লাহে তেওঁৰ ক্লাছৰ শিশুসকলে পৰীক্ষাত ভাল নম্বৰ পাবলৈ লয় আৰু আশে পাশে থকা গাঁৱসমূহৰ শিশুসকলো ‘ৰাণা ছাৰ’ৰ ওচৰত পঢ়িবলৈ আহে। ৰাণাৰ দৰমহাৰ এক বৃহৎ অংশ এই শিশুসকলৰ ওপৰত খৰচ হ’বলৈ ধৰে।

শিশুসকলক পঢ়ুওৱাত তেওঁ ইমান ব্যস্ত হৈ পৰে যে তেওঁ বিয়া-বাৰুৰ পৰাও আজীৱন নিলগত থাকে। অৱসৰ গ্ৰহণ কৰাৰ পিছত তেওঁ নিজৰ ঘৰতে শিশুসকলক পঢ়ুওৱাত লাগি যায়। বৰ্তমান ৰাণাৰ ক্লাছলৈ ৬০টা শিশু আহে আৰু ৰাণাই নিজৰ পেঞ্চনৰ অধিকাংশ ধন এই শিশুসকলৰ ওপৰতে খৰচ কৰে।তেওঁ মুঠ ১৫০০০ টকা পেঞ্চন পায় আৰু ইয়াৰ পৰা তেওঁ জীৱন-যাপনৰ বাবে খোৱা-বোৱাৰ খৰচ নিলগাই ৰাখি বাকীখিনি টকা শিশুসকলৰ শিক্ষাত ব্যয় কৰে। ১৯৯৪ চনত গাঁৱত শিশুসকলৰ বাবে বিদ্যালয় নিৰ্মাণৰ সময়ত টকাৰ অভাৱ হওঁতে তেওঁ নিজৰ বনাছৰ সমগ্ৰ ধন দান কৰি দিছিল।

image


৬২বছৰীয়া ৰাণাই ঘৰৰ সকলো কাম নিজে কৰে।তেওঁৰ এখন পুৰণি চাইকেল আছে আৰু এইখনত উঠিয়ে প্ৰতি দেওবাৰে ১৫কিলোমিটাৰ দূৰৈত অৱস্থিত বালৌদলৈ গৈ দৈনন্দিন প্ৰয়োজনীয় সামগ্ৰী ক্ৰয় কৰে। প্ৰতিদিনে পুৱা তিনিবজাত উঠি তেওঁ যোগাসন কৰে আৰু ঘৰত ঝাড়ু দিয়াৰ পৰা খাদ্য প্ৰস্তুত কৰালৈকে সকলো কাম নিজে কৰে। তেওঁৰ ঘৰত সম্পত্তি বুলিবলৈ আছে কেৱল ইংৰাজী আৰু গণিতৰ কিতাপ। ৰাণাই সমীপৰ এখন গাঁৱৰ এটি শিশু তুলি লৈছিল আৰু বৰ্তমান এই শিশুটি প্ৰাপ্তবয়স্ক হৈ ভাৰতীয় সেনাত কৰ্মৰত।

গাঁৱৰে স্কুল শিক্ষক সীতাৰাম চাহুৰ মতে, “ৰাণাৰ ক্লাছলৈ নিয়মীয়াকৈ অহা শিশুৱে গণিত আৰু ইংৰাজীত ভাল নম্বৰ পোৱাটো খাটাং।”

গাঁৱবাসীৰ মতে,“গাঁৱৰ উন্নতিৰ বাবে ৰাণাই পঢ়া-শুনাৰ পৰা আৰম্ভ কৰি আৰ্থিক সহায় দিয়ালৈকে সকলোতে তৎপৰতা দেখুৱাই আহিছে।”

মূল-ৰবি বাৰ্মা

অনুবাদ-তুলিকা দেৱী

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

গাৱঁৰ মহিলাসকলে সৃষ্টি কৰিলে এটা বেংক, য’ত ঋণ হিচাপে দিয়া হয় কেৱল ঘেঁহু

দিল্লীৰ পথৰ দাঁতিত চাহ বিক্ৰী কৰা লক্ষ্মণ ৰাও এজন প্ৰসিদ্ধ সাহিত্যিক

মুক-বধিৰ কৰ্মচাৰীৰে চলোৱা, মুম্বাইৰ এখন আগশাৰীৰ ৰেষ্টোৰাঁ

ছিলিকন ভেলীৰ ২৫ হাজাৰ ডলাৰৰ লোভনীয় কাম এৰি ভেড়া পালনত ব্যস্ত এজন পেছাদাৰী

    Share on
    close