উচ্চাকাংক্ষী হ'লে নিসংগ অনুভৱ কৰিবা: য়শস্বিনী ৰামস্বামী

মূল- বৰ্ষা আডুছুমিল্লি:

1

য়শস্বিনী ৰামস্বামী ১৫ গৰাকী জ্যেষ্ঠ পেছাদাৰক লৈ গঠিত সৎসংগ নামৰ অ-লাভজনক প্ৰয়াসৰ আঁৰৰ মূল মস্তিষ্ক। এই প্ৰয়াসৰ মূল উদ্দেশ্যটো হ’ল সংগ্ৰামৰত উদ্যোগী চিনাক্তকৰন, পৃষ্ঠপোষকতা কৰা আৰু প্ৰয়োজন সাপেক্ষে ৰূগ্ন কোম্পানী এটাৰ পৰিচালনা নিজৰ হাতলৈ আনি কোম্পানীটোৰ স্বাস্থ্য পুনৰুদ্ধাৰ কৰি ওলাই অহা। এই প্ৰয়াসত সফল নহ’লে তেওঁলোকে আনকি উদ্যোগীজনক আন কিবা কৰাৰো পৰামৰ্শ দিয়ে। ২০১২ চনত ফৰচুন -আমেৰিকান বৈদেশিক পৰিক্ৰমা দপ্তৰৰ গ্ন’বেল উইমেনছ মেন্টৰিং পাৰ্টনাৰশ্বিপৰ অধীনত য়শস্বিনীক ভাৰতত নাৰী উদ্যমিতা আৰু নেতৃত্বক উদ্গনি দিবলৈ নিৰ্বাচিত কৰা হয়।

চাৰিবছৰ পূৰ্বে বাংগালুৰুত তেওঁ e2e People Practices নামেৰে নিজৰ কোম্পানীটো আৰম্ভ কৰে।

ইনফ'ছিছ'ৰ BPO ৰ প্ৰাক্তন মেনেজমেন্ট কনছালটেন্ট য়শস্বিনীয়ে মানৱ সম্পদ প্ৰৱন্ধনৰ ক্ষেত্ৰসমূহ যেনে- নীতি নিৰ্ধাৰণ, জনসম্পদ বিতৰণ আৰু গণনা, নেতৃত্বৰ প্ৰশিক্ষণ আৰু হস্তক্ষেপ, মেধা আহৰণ আৰু ব্যৱসায়িক প্ৰদৰ্শন আৰু কৰ্মীসংখ্যা অটুট ৰখাৰ ক্ষেত্ৰত সংস্থাসমূহৰ ROI ৰ গতিবিধি জানিব পৰাকৈ সহায়ক হোৱাকৈ কৰ্মীসকলক অৰ্ন্তগত কৰা আৰু মডেলৰ উন্নয়নৰ ক্ষেত্ৰত বিশেষ দক্ষতা অৰ্জন কৰিছে। তেওঁ দীৰ্ঘদিন ধৰি বিত্তীয়,BPO আৰু তথ্য প্ৰযুক্তি উদ্যোগত জনসম্পদৰ অন্তৰ্ভুক্তিকৰণৰ ক্ষেত্ৰত আমেৰিকা, অষ্ট্ৰেলিয়া আৰু ইংলেন্ডৰ পৰা প্ৰব্ৰজনৰ‘Build Operate Transfer’ মডেলৰ পৰিচালনা কৰি আহিছে। নেতৃত্বৰ বিধান, নিজকে পৰিচালনা কৰা, গতিশীল পৰিবেশত জনসম্পদৰ পৰিচালনা, ব্যক্তিত্বৰ বিকাশ, অচেতনতা আঁচনি আদিৰ ক্ষেত্ৰত তেওঁ ৩,০০০ গৰাকীতকৈ অধিক লোকক প্ৰশিক্ষণ প্ৰদান কৰিছে। বাংগালুৰু IIM-এ তেওঁক দেশৰ সকলো IIM ৰ ছাত্ৰ-ছাত্ৰীসকলৰ লগতে চুড়ান্ত বৰ্ষৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে Accelerator Programme নিৰ্মাণ কৰিবলৈ অন্যতম প্ৰগাম সঞ্চালকৰূপে নিৰ্বাচন কৰিছিল। ‘হাৰ ষ্টোৰী’-ত তেওঁ তেওঁৰ সফলতাৰ ৰহস্যৰ সম্ভেদ দিছে।

স্বাধীন হোৱাৰ শিক্ষাঃ

মোৰ জন্ম ক’ইম্বাটুৰত আৰু ডাঙৰ-দীঘল হৈছিলো দিল্লীত। দেউতা আছিল IAS বিষয়া। গাৱঁলৈ যোৱাৰ পৰা ৰাষ্ট্ৰপতি ভৱনলৈ যোৱাকে ধৰি মই এক চুড়ান্ত ৰাজহুৱা পৰিৱেশত ডাঙৰ দীঘল হৈছিলো। আটাইতকৈ দৰিদ্ৰজনৰ পৰা আটাইতকৈ ধনীজনলৈ মই সকলো ধৰণৰ মানুহ লগ পাইছিলো। মোৰ মাই অৰ্থনীতিত স্বৰ্ণপদক লাভ কৰিছিল। সৰুতেই মা-দেওঁতাই মোক কম্পিউটাৰ শিকাইছিল, মোৰ সৌভাগ্য যে মই প্ৰগতিশীল মা-দেউতাৰ সন্তান আছিলো।

মাঁ-দেউতাৰ পৰা মই লাভ কৰা এটা শিক্ষা আছিল সততাত গুৰুত্ব আৰু নিজৰ মূল্যবোধৰ প্ৰতি সত্যনিষ্ঠ হৈ থকা। মোৰ ককা-আইতা আৰু মা-দেউতাৰ পৰাই মই দেশ প্ৰেমৰ শিক্ষা লাভ কৰিছিলো। মই নম্ৰ, স্বধীন হবলৈ আৰু নিজৰ বাবে যুঁজিবলৈ শিকিছো।

উদ্যোগী কেনেকৈ হ’লো:

বয়স হোৱাত মই সেনাত যোগদান কৰিব বিচাৰিছিলো। টেনিছ খেলুৱৈ হোৱাৰ ইচ্ছাও আছিল। কিন্তু মই উদ্যোগপতিহে হ’লো। আমাৰ পৰিয়ালৰ কোনো পূৰ্ৱে ব্যৱসায়ত জড়িত নাছিল। আমাৰ ঘৰত সৰস্বতীৰহে পূজা হৈছিল, লক্ষীৰ নহয়। প্ৰায় ১৩ বছৰ ইনফ’ছিছ আৰু ৱেলাকানিৰ দৰে সংস্থাৰ সৈতে জড়িত হৈ থকাৰ পিছত মই ভাৱিলো, ইয়াৰ পিছত কি ? মোৰ এজন শুভাকাংক্ষীয়ে নিজাকৈ কিবা এটা কৰাৰ উপদেশ দিলে। মই এই পথটোলৈ অহাৰ মূল কাৰণটো হ’ল কনছাল্টিঙৰ ক্ষেত্ৰখনত মূল্য সংযোযিত কৰা। ভাৰতত উপদেশ বা পৰামৰ্শৰ কোনো মূল্য নাই কাৰণ সৰ্বত্ৰ ই বীনামূল্যে পোৱা যায়। মোৰ কোম্পানীটো আৰম্ভ কৰাৰ চাৰি বছৰৰ ভিতৰত আমি ৫১ গৰাকী গ্ৰাহকৰ সতে কাম কৰিছো। ই চমকপ্ৰদ বুলিয়েই ক’ব লাগিব।

কামৰ বাহিৰত নেটৱৰ্ক:

মই CIIE-ৰ বাবে Women Forum আৰম্ভ কৰিছো। নাৰীৰ বাবে অৰ্থপূৰ্ণ কাম কৰা যিকোনো সংস্থাৰ সৈতে জড়িত হ’বলৈ মই ব্যক্তিগতভাৱে ভাল পাওঁ। জনসংখ্যাৰ ৫০ শতাংশই নাৰী, কিন্তু তেওঁলোকৰ মাতো নাই আৰু ক’বলগীয়াখিনি ক’বলৈ পৰ্যাপ্ত মঞ্চও নাই। আমি নাৰীৰ বাবে অৰ্থপূৰ্ণ কৰ্মশালাৰ আয়োজন কৰিছো। উদাহৰণ স্বৰূপে আমি নাৰীৰ বাবে অসংখ্য বিত্তীয় কৰ্মশালাৰ আয়োজন কৰিছো, কাৰণ আমি সমীক্ষাত দেখিছো যে নাৰীয়ে বিত্তীয় বিষয়সমূহ কাৰ্যতঃ এৰাই চলে। তেওঁলোকে বিত্তীয় বিষয়সমূহ নিজে চোৱা চিতা কৰাৰ সলনি আনৰ ওপৰত সেই দায়িত্ব এৰি দিব বিচাৰে, যিটো সৱলিকৰণৰ বাবে অনুকুল নহয়। আমি সংস্কৃতিৰ বিষয়ে অধ্যয়ন কৰিছো, সকলোৱে কাম কৰিব পৰাকৈ এক কৰ্মস্থলী কিদৰে গঢ়িব পাৰি; আমি সেয়া জানিব খোজো। আমি দেখিছো যে নাৰী সন্মিলন সমূহলৈ আমি কেৱল নাৰীকেই আমন্ত্ৰণ কৰো, কিন্তু নাৰী অন্তৰ্ভূক্তিকৰণৰ এনে শীৰ্ষ সন্মিলনসমূহ পুৰুষৰ বাবেও মুকলি হোৱাটো উচিত। ফৰচুন -আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ৰ Global Women’s Mentoring Partnership-ৰ অধীনত তেওঁলোকৰ খৰছত আমেৰিকা ভ্ৰমণৰ বাবে আমন্ত্ৰণ লাভ কৰe বিশ্বৰ ২৫ গৰাকী মহিলাৰ মাজত ময়ো আছিলো। নিজৰ নিজৰ দেশত তেওঁলোক আটাইৰে ভৱিষ্যত উজ্জ্বল। আমি ৱাশ্বিংটনত বহু সময় কটাইছিলো। কেইবাগৰাকী সাংসদক আমি লগ পাইছিলো। নীতিৰ স্তৰৰ পৰা কি কাম কৰিব পাৰি আমি সেয়া পৰ্যবেক্ষণ কৰিছিলো, হিলাৰী ক্লিণ্টনৰ সৈতে নিশাৰ আহাৰ খাইছিলো।ৰাজনীতিলৈ আহিলে তেওঁ আমাক পৃষ্ঠপোষকতা কৰাৰ প্ৰতিশ্ৰুতি দিছিল। তাৰ পিছত আমাক ছিলিকন ভেলীলৈ নিয়া হ’ল। তাত মোৰ দায়িত্ব লৈছিল Fortune-500 কোম্পানী এটাৰ মূখ্য কাৰ্যবাহী বিষয়া এজনে। ভ্ৰমণৰ অন্তিম সপ্তাহত আমি নিউয়ৰ্কলৈ গৈছিলো, তাত আমি কেইবাগৰাকী বেংকাৰক লগ পাইছিলো আৰু বিত্তীয় বজাৰত কিদৰে কাম হয় সেই বিষয়ে জানিছিলো।

ডাঙৰ সপোন দেখা, বিকশিত হোৱাৰ লক্ষ্য ৰাখোঃ

তোমাৰ যদি উচ্চাকাংক্ষা থাকে তেনেহ’লে তুমি নিসংগ অনুভৱ কৰিবা, এই অনুভূতি তুমি মানি ল’ব লাগিব। তোমাক নিৰুৎসাহ কৰিবলৈ সন্দেহবাদীসকল সদায় থাকিব। মোৰ বাবে সমগ্ৰ আমেৰিকা ভ্ৰমণ মনোবল বৃদ্ধিৰ এক বিশাল কাৰক আছিল। কাৰণ মই বিশ্বৰ বিভিন্ন প্ৰান্তৰ এনে বহু নাৰীক লগ পাইছিলো যি এনে প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে কিন্তু পৃষ্ঠভংগ দিয়া নাই। এতিয়া মোৰ সমগ্ৰ বিশ্বৰে এনে বহু নাৰীৰ সৈতে যোগাযোগ আছে যি ডাঙৰকৈ সপোন দেখে। মই আফগানিস্তান আৰু ইউৰোপৰ ব্যৱসায় কৰা এনে নাৰী দেখিছো যি আমাতকৈ বহু কঠিন প্ৰত্যাহ্বানৰ সন্মুখীন হয়। এইয়া মোৰ বাবে এক বিৰাট শিক্ষণীয় অভিজ্ঞতা আছিল। মই উদ্যোগী CEO সকলৰ বাবে এটা CEO সৎসংগো আৰম্ভ কৰিছো। আমি বিভিন্ন ক্লাছ কৰো, গ্ৰুপ ডিছকাছন কৰো আৰু পৰস্পৰৰ ব্যৱসায়িক পৰিকল্পনাত খুত উলিয়াও। সাধাৰণতে আমি অধিক বিকশিত হোৱাৰ বাবে চাপ দিওঁ।

মোৰ বৃহত্তম লক্ষ্যটো হ’ল মই স্থিতাৱস্থাৰ সৈতে আপোচ কৰিব নোখোজো। মই মোৰ কোম্পানীটো আৰু ডাঙৰ আৰু উন্নত হোৱাটো বিচাৰো, মোৰ কোম্পানীটো এটা গ্ল’বেল কোম্পানী হোৱাটো বিচাৰো। দেশৰ বাবে মই কি কৰিব পাৰো তাৰ অন্বেষণেও আজিকালি মোক প্ৰেৰণা যোগায়। দেশৰ বাহিৰলৈ গৈ বিশালভাৱে সফল হোৱাৰ প্ৰলোভন মোৰ সন্মুখত আছে। কিন্তু মই ইয়াতে থাকি পৰিৱৰ্তনৰ অনুঘটক হ’ব বিচাৰো, লাগিলে সেয়া মোৰ বাবে যিমানেই কঠিন নহওঁক কিয়।

ছাল ডাঠ হ’ব লাগিবঃ

ধনৰ সৈতে আপোনাৰ সম্পৰ্ক যিমান সোনকালে সহজ হ’ব, সিমান সোনকালে আপুনি সম্পদসমূহ উপযুক্তভাৱে ব্যৱহাৰ কৰি সংস্থাটো পৰিচালনা কৰিবলৈ সক্ষম হ’ব। এইয়া এক গুৰুত্বপূৰ্ণ প্ৰাথমিক শিক্ষা। দ্বিতীয় শিক্ষাটো হ’ল নিজৰ ওপৰত বিশ্বাস ৰখা আৰু আনৰ উপদেশ গ্ৰহণ কৰা। কোনো পৰিস্থিতিতে আপোনাৰ সৈতে জড়িত মানুহবোৰৰ লগত যোগাযোগ বিচ্ছিন্ন নোহোৱা। সাফল্যই মূৰত ধৰিবলৈ নিদিয়া।

আপুনি যদি এগৰাকী নাৰী সৰহসংখ্যক মানুহেই ভাবিৱ যে আপুনি আপোনাৰ ব্যৱসায় ডাঙৰ কৰাৰ বাবে উচ্চাকংক্ষী নহয়। তেওঁলোকে ভাৱে যে আপুনি কেৱল পকেট মানীৰ বাবে ব্যৱসায় কৰিছে আৰু আপোনাৰ স্বামীয়ে আপোনাক নিশ্চয় সহায় কৰে। মই নিশ্চিত তেওঁলোকে মোক তেনে প্ৰশ্ন নকৰে। কৰি থকা কামটোত মনোনিৱেশ কৰক, গ্ৰাহকক আবিৰত উন্নত সেৱা যোগান ধৰক, সকলো সলনি হ’ব। ব্যৱসায় কৰিবলৈ হ’লে ছাল ডাঠ হ’ব লাগিব-মই শিকা আটাইতকৈ ডাঙৰ কথা সেইতোৱেই। সময়ৰ লগে লগে মই ছাল ডাঠ কৰিব শিকিছো।

সহায় বিচৰাৰ সময়ত পোন পটীয়া হ’ব। পৃষ্ঠপোষক সকলৰ সহায় অবিহনে মই মোৰ সাফল্যৰ আধাও অৰ্জন কৰিব নোৱাৰিলোহেতেন। আমেৰিকাত তেওঁলোকে এই প্ৰক্ৰিয়াটো আনুষ্ঠানিক কৰি পেলায়। তেওঁলোকৰ মতে যদি আপুনি সফল হ’ব খোঁজে তেনেহলে কম্পেনীৰ দৰেই আপোনাৰো এখন ব্যক্তিগত সঞ্চালক মণ্ডলী থাকিব লাগিব। নাৰীয়ে পুৰুষতকৈ কম সহায় বিচাৰে। আমিও কোনো সংকোচ নকৰাকৈ বাহিৰৰ পৰা/অইনৰ পৰা সহায়ৰ উপদেশ বিচৰা উচিত।মই গভীৰ ধৰ্মনুৰাগীও কাৰণ উদ্যমীৰ এই যাত্ৰা ভীষণ নিসংগ।

আমিয়েই আমাৰ আটাইতকৈ ডাঙৰ শত্ৰুঃ

দুটা উদ্ধৃতি মই সদায় মনত ৰাখোঃ “আমি ব্যৰ্থতাকো সিমান ভয় নকৰো, যিমান ভয় কৰো নিজৰ সাফল্যক” আৰু “কাইলৈৰ দিনটো তোমাৰ জীৱনৰ বাকী সময়ছোৱাৰ প্ৰথমটো দিন”। মোৰ মতে আমি নিজেই আমিৰ আটাইতকৈ ডাঙৰ শত্ৰু। আমি আমাৰ ওপৰত বহু বেছি সীমাবদ্ধতাৰ আৰোপ কৰো। ডাঙৰ হ’বলৈ আমি নিজৰ সৈতে যুঁজাৰ প্ৰয়োজন আছে। তদুপৰি আমাৰ ধাৰণা আমাৰ ভাৰতীয় সমাজত আমি বহু বেছি আবেগৰ বোজা কঢ়িয়াই ফুৰোঁ। ডাঙৰ কামৰ ক্ষেত্ৰত সৰু সৰু কথাবোৰ গৌণ। প্ৰতিটো দিন এনেদৰে বাচি থাকা যেন প্ৰতিদিনেই তুমি তোমাৰ নিয়তি নিৰ্মাণ কৰিছা আৰু প্ৰতিদিনেই গৌৰৱেৰে জীয়াই থাকা।